সরাসরি প্রধান সামগ্রীতে চলে যান

The Seventh String

আমাৰ ধাৰণাত  গল্প কোৱাৰ শৈলীত "নতুন চিন্তা" অনুভৱৰ সুযোগ দিব আন এখন চিনেমা The Seventh String (দ্যা চেভেন্থ ষ্ট্ৰিং)-ৰ পৰিচালক বাহাৰুল ইছলামে। এই আশাৰ কাৰণ চিনেমা খনৰ লেখক এই প্ৰজন্মৰ। --চিনেমা লেখক হিচাবে খোজ পেলাইছে বৰ্ষা বাহাৰে। বাহাৰুল ইছলামৰ জীয়ৰী বৰ্ষা বাহাৰে। বৰ্ষাই চিনেমাখনৰ  কাহিনী আৰু চিত্ৰনাট্য ৰচনা কৰাৰ লগতে অভিনয়ো কৰিছে । কব পাৰি দুই প্ৰজন্মৰ চিনেচিন্তাৰ ফচল-- The Seventh String (দ্যা চেভেন্থ ষ্ট্ৰিং)। চিনেমা খনৰ অন্যান্য চৰিত্ৰত অভিনয় কৰিছে পূর্ণিমা পাঠক শ‍ইকীয়া , ভাগীৰথী , জিলমিল হাজৰিকা , ডাঃ জয়ন্ত দাস ,  কুনাল শৰ্মা , সিদ্ধার্থ মুখার্জী , ৰাহুল গৌতম শৰ্মা , দিনেশ কাকতি , আচফাক খান , গুণগুণ , বিনোদ লালা দাস , জিয়া বাহাৰ , ৰাজীৱ ক্রু , মেঘালি কলিতা , নেইন ইবটিজাম , দেৱজিত বৰঠাকুৰ , ৰাজকুমাৰ শাহ , মুন ৰাজীৱ , কল্লোল নাথ , প্রশান্ত কলিতা , দ্বীপজ্যোতি মিশ্র , মুনমী গগৈ আদিয়ে৷ দৃশ্যগ্রহণত পাপু ডেকাৰ। সম্পাদনাত কাজুৰ। চিনেমা খনৰ এটা বিশেষ দিশ, সংগীত বাহাৰুল ইছলামৰ। --এই চিনেমা খন চিত্ৰগৃহলৈ আহিব ১১ নবেম্বৰত। যোৱা ২২ ছেপ্টেম্বৰত চিনেমা খনৰ প'ষ্টাৰ মুকলি কৰে ডা° সান্ত্বনা বৰদলৈয়ে। মণিকুন্দল বৰাই ডিজাইন কৰা প'ষ্টাৰ খন সচা অৰ্থত মন চুই যোৱা। সত্যজিত ৰায়, ভূপেন হাজৰিকাৰ চিনেমাৰ প'ষ্টাৰ ডিজাইন শৈলী মনলৈ আনি দিছে। অনুষ্ঠানৰ শেষত কথা প্ৰসংগত মণিকুন্দলে ক'লে --প'ষ্টাৰ খন সম্পূৰ্ণ কৰিছে দুমাহৰ পৰিশ্ৰমত। প'ষ্টাৰে ইংগীত দিয়ে বাহাৰুল ইছলামৰ এই চিনেকৰ্ম চিনেশিল্পলৈ ৰূপান্তৰ হব!
বাহাৰুল ইছলামৰ প্ৰথম পৰিচালনা ‘আছেনে কোনোবা হিয়াত....' আছিল প্রচলিত 'বৃত্ত'ৰ মাজৰ। দ্বিতীয় পৰিচালনা ‘ৰ'দৰ চিঠি'ও 'বৃত্ত'ৰ মাজৰে আছিল। কিন্তু 'বৃত্ত' ভাঙিছিল। এই ‘বৃত্ত’ভঙা চিনেকৰ্মই আমাক আশা দেখুৱাইছিল, চিত্ৰৰসিকক আনন্দৰ সুযোগ দিছিল। সেই আশা, সুযোগৰ বাবেই মূলতঃ আমাৰ আগ্ৰহৰ কাৰণ – বাহাৰুল ইছলামৰ তৃতীয় পৰিচালনাৰ প্ৰতি,The Seventh String প্ৰতি।
#সংযোজন:
" 'দ্য ছেভেন্থ ষ্ট্রং'— অসমীয়া চিনেমা ৷ প্ৰয়োজনত হিন্দী আৰু আন ভাষাৰ সংলাপ ব্যৱহাৰ কৰা হৈছে।" — আমাৰ প্ৰশ্নৰ উত্তৰত বাহাৰুল ইছলামে ক'লে। নাট্যকর্মী, পৰিচালক গৰাকীয়ে আৰু যি ক’লে, তাৰ পৰা আমি অনুভৱ কৰিলো— ‘দ্য ছেভেন্থ ষ্ট্ৰীং’ এই প্ৰজন্মৰ “চিনেচিন্তা”। মূল কাহিনী, সংলাপ বৰ্ষা বাহাৰৰ। বৰ্ষা বাহাৰুল ইছলাম-ভাগীৰথিৰ জীয়ৰী, বাংগালোৰ খ্ৰীষ্ট ইউনিভাৰচিটীৰ ইংৰাজী সাহিত্য, থিয়েটাৰ, মনোবিজ্ঞানৰ ছাত্ৰী।— বৰ্ষাই যেনেদৰে ভাবিছে, তেনেদৰেই চিত্ৰনাট্য ৰচনা কৰিছে, সংলাপত হাত ফুৰাইছে বাহাৰুল ইছলামে। চিনেমাখনৰ কাহিনীলৈ আহিছে ৩১ বছৰীয়া ‘নায়ক’, ১৩ বছৰীয়া নায়িকা'ৰ প্ৰেম। প্ৰেম চিনেমাখনৰ বিষয়বস্তু। সম্ভৱতঃ প্ৰেমৰ বিশ্লেষণ হ'ব, বৰ্ষাৰ 'চিনেচিন্তা’ৰে। বৰ্ষাৰ 'চিন্তা’ৰে পৰিচালকে কেমেৰাৰ ভাষা, সংলাপৰ লগতে চিনেমাখনৰ বিষয়বস্তু, কাহিনীক গতি দিব সংগীতে। তিনিটা গীত ব্যৱহাৰ কৰিব। ‘বিশেষ খবৰ টো হ'ল চিনেমাখনৰ সংগীত বাহাৰুল ইছলামৰ।
 চিনেমাৰ ‘মুড’ পৰিচালকগৰাকীৰ বাহিৰে আন কোনে বুজিব? ‘মোৰ ভাব অনুভৱ কৰি আনে সংগীত কেনেকৈ দিব? সেয়েহে মোৰ পছন্দৰ নহয়। পছন্দ নোহোৱা সংগীত মই মোৰ চিনেমাত কেনেকৈ ব্যৱহাৰ কৰো? সেয়েহে সিদ্ধান্ত ল'লো মোৰ চিনেমাৰ সংগীতৰ কাম ম‍ই নিজেই কৰিম।'— 'ছুপাৰ ফিল্ম মেকাৰ'ৰ সঞ্জয় লীলা ভাঞ্চালীয়ে কৈছিল। 
বাহাৰুল ইছলামৰ কথাটো সেই একেই সুৰ— 'মোৰ চিনেমাই কেনে ধৰণৰ আৱহ সংগীত বিচাৰে, গীত বিচাৰে মইহে ভালদৰে জানিম।...'

আমি আৰু ইমানখিনি অনুভৱ কৰিলো— কেমেৰাৰে 'বাস্তৱৰ ছবিক গতি দিব। পটভূমিৰ কথা মনত ৰাখি সংলাপ ব্যৱহাৰ কৰিব। কাহিনীয়ে যেনেদৰে লৈ গৈছে, তেনেদৰে কেমেৰা ঘূৰাইছে মুম্বাইত, অসমৰ বিভিন্ন লোকেচনত।   
শেষত:
কেৱল 'দ্য ছেভেস্থ ষ্ট্ৰীং' নামেৰে এখন চিনেমাৰে নহয়, এগৰাকী 'চিনেকৰ্মী' নিৰ্মাণৰো কাম চলিছে, নাম বৰ্ষা বাহাৰ।
-------------------------------------------------------------------
পৰিচালনা : বাহাৰুল ইছলাম 
কাহিনী : বৰ্ষা বাহাৰ
চিত্ৰনাট্য : বাহাৰুল ইছলাম, বৰষা বাহাৰ
চিত্রগ্রহণ : পাপু ডেকা
কলা নির্দেশক ঃ নুৰুদ্দিন আহমেদ
সংগীত : বাহাৰুল ইছলাম
অভিনয় : পূর্ণিমা পাঠক শ‍ইকীয়া, বৰষা বাহাৰ, জিলমিল হাজৰিকা, ভাগীৰথী, ডঃ জয়ন্ত দাস, সিদ্ধার্থ মুখার্জী, ৰাহুল গৌতম শৰ্মা, দেৱজিৎ বৰঠাকুৰ, দ্বীপ জ্যোতি মিশ্র... ।
সাজসজ্জা পৰিকল্পনা : ৰ'জী বৰা ।
দৈর্ঘ : ৯০ মিনিট (সম্ভবতঃ)
চিত্ৰগৃহলৈ: ২ ডিচেম্বৰ ২০২২

মন্তব্যসমূহ

Other posts

চিনেবোদ্ধা, চিনেযোদ্ধা আৰু অসমীয়া 'চিনেমা নোচোৱা' সীমান্ত শেখৰ /২

উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? ৰাজ্যৰ লগতে দেশ-বিদেশৰ চিনেমাৰ অনুভৱ থকা এই নাম কেইটা উদাহৰণ মাত্ৰ। 'চিনেমা' জনা ( নিৰ্মাণ, বজাৰ, মহোৎসৱ ইত্যাদিৰ দখল থকা) লোকৰ আকাল অসমত আছে বুলি নাভাবো। এই কথা স্পষ্ট 'অসমীয়া চিনেমা'ৰ 'উন্নয়ন'ৰ বাবে অসমীয়া চিনেমাৰ লগতে 'দেশ-বিদেশৰ চিনেমা' জানিব লগিব। অধ্যয়ণ কৰিব লাগিব অধ্যক্ষ গৰাকীয়ে।  ( যদি অধ্যক্ষ গৰাকীৰ কাম কেৱল চহী কৰা, তেতিয়া হ'লে বেলেগ কথা! তেতিয়া আমি জানিব বিছাৰিম-- অধ্যক্ষ গৰাকীয়ে কাৰ নিৰ্দেশত চহী কৰে?) চৰ্চ হৈছে --অধ্যক্ষৰ আসনত বহুওৱা সীমান্ত শেখৰে কোনোবা ইণ্টাৰভিউত হেনো কৈছিল অসমীয়া চিনেমা নাচাওঁ বুলি! যদি এয়া সত্য, স্বাভাবিকতে কব লাগিব --অসমীয়া চিনেমা নোচোৱা অধ্যক্ষ এগৰাকীৰ নেতৃত্বত অসমীয়া চিনেমাৰ উত...

ভূপেন হাজৰিকা, চিনেমা আৰু চিনেমাৰ জাল /৯

Bhupen Hazarika "এৰা বাটৰ সুৰ"-এ চিনে অভিজ্ঞতা দিলে ভূপেন হাজৰিকাক। চিত্ৰৰসিকে ভাল পালে, চিনেমা আলোচকেও প্ৰশংসা কৰিলে-- সেয়াই আছিল প্ৰথম চিনেকৰ্মৰ সুখ। দুখ-- ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ "সুখ" আশা কৰিছিল, নাপালে। নপোৱাৰ বাবে আছৰিত হৈছিল, চিনেমা খনৰ দৰ্শক হোৱা চিনেমা আলোচক সকলো। কলিকতাৰ আলোচক সকলৰ ওচৰত ভৃপেন হাজৰিকাই নিজৰ মনৰ চিনেসুখ প্ৰকাশ কৰিছিল এনেদৰে-- "ছবি ভাল পোৱা সকলে ভাল পাইছে, আপোনালোকে ভাল পাইছে। আপোনালোকৰ ভাল পোৱাই মোৰ সুখ বঢ়াইছে। আৰু ছবি কৰিবলৈ সাহস দিছে। আৰু ছবি কৰিম। 'এৰা বাটৰ সুৰ'ৰ দৰে নহয়, কিছু বেলেগ। 'এৰা বাটৰ সুৰ'-এ শিকালে, যি শিকালে সেই খিনিৰে বেলেগ কৰিম।" (উৎস: চিত্ৰবাণী, সম্পাদক: গৌৰ চট্টোপধ্যায়) প্ৰথম পৰিচালনাৰ প্ৰায় ৪ বছৰ পাছত হাতত ল'লে দ্বিতীয় খন অসমীয়া চিনেমাৰ কাম। ("মোৰ মগজুত খেলালে, মই এখন অসমীয়া ছবি কৰিম। কিন্তু মই কিন্তু নলওঁ। 'এৰাবাটৰ সুৰখন পৰীক্ষামূলক আছিল, কাহিনী নাছিল। গতিশীল সমূহ এটাই বুটলি লোৱা অভিজ্ঞতাখিনিয়েই 'এৰাবাটৰ সুৰ। এইবাৰ মই ক্লাছিক বস্তু, এটা লোৱাৰ কথা ভাবিলোঁ, যিটো গাঁৱ...

গীতটো আৰু এবাৰ শুনাবানে?

assamese singer by: Utpal Mena মহাশ্বেতাই গাইছিল-- "অস্ত আকাশৰে সপোন ৰহণ সানি ক্লান্ত লুইতৰে হেঙুলীয়া পানী। বৈয়ে যায়, বৈয়ে যায়, বৈয়ে যায়..." মঞ্চলৈ উঠি আহিয়ে স্বনামধন্য ভাৰতীয় সৰোদবাদক তথা শাস্ত্রীয় সঙ্গীতজ্ঞ আমজাদ আলী খানে কৈছিল, মহাশ্বেতা গীতটো আৰু এবাৰ শুনাবানে? শুনাইছিল। তন্ময় হৈ শুনিছিল সংগীত নক্ষত্ৰই। ২৪ ছেপ্টেম্বৰ। নতুন দিল্লীৰ শ্ৰীমন্ত শংকৰদেৱ ভৱনত মোৰ ভূপেন হাজৰিকা প্ৰকল্পৰ দ্বিতীয় খণ্ড "Bhupen Hazarika Volume II"  উন্মোচন কৰিছিল সংগীত নক্ষত্ৰ আমজাদ আলী খানে। এই অনুষ্ঠান মুকলি কৰা হৈছিল মহাশ্বেতাই গোৱা "ভূপেন্দ্ৰ সংগীত"টোৰে।  এই যে গীতটো গাইছিল তাৰ আগলৈকে মহাশ্বেতা নামৰ গায়িকা গৰাকীক আমিয়ো জনা নাছিলোঁ। শুনিছিলো মাত্ৰ। ইউটিউবত। কিন্তু ইমান সুন্দৰ সাংগীতিক অনুভৱ কৰা নাছিলোঁ, মঞ্চত "অস্ত আকাশৰে সপোন..." শুনাৰ আগলৈকে। ১৯৫৮ চনতে সুধাকণ্ঠই শব্দ-সুৰেৰে ৰচনা কৰা এই গীতত আকৌ এবাৰ অনুভৱ কৰিছিলোঁ "লুইতৰ অস্ত ৰবিৰ সৌন্দৰ্য", "দুয়ো পাৰে কত মানুহ, কত যে ইতিহাস", "জীৱনৰে দিগন্ত অপাৰ" ইত্যাদি। পাছত মহাশ্বেতাক সুধিছিলোঁ--...

The Seventh String

" The Seventh String by: Utpal Mena "The Seventh String" (দ্যা চেভেন্থ ষ্ট্ৰিং) --নাট্যকৰ্মী বাহাৰুল ইছলামৰ চিনেকৰ্ম। চিনেমা খনৰ লেখক বৰ্ষা বাহাৰ। নাট্যকৰ্মী বাহাৰুল ইছলামৰ তনয়া বৰ্ষা বাহাৰে ইংৰাজিত লিখা এটা চুটি গল্প চিনেমা খনৰ শিপা। --চিনেমা খনত লেখক বৰ্ষা বাহাৰ এটা "চৰিত্ৰ'লৈ ৰূপান্তৰ হৈছে, যিটো "চৰিত্ৰ" (নিষ্ঠা কাশ্যপ) চিনেমা খনৰ মূল বিন্দু, যিটো বিন্দুৰ সৰল ৰৈখিক গতিয়ে আকাৰ দিছে এটা কাহিনীৰ। "বাস্তৱবাদ"ৰ ওচৰৰ কাহিনী, বাস্তৱ অভিনয় (realistic acting) -ৰে নিৰ্মাণ কৰা ৰূপালী গল্পৰ। শীৰ্ষ বিন্দু (climax)-ৰ পৰা গতি কৰিছে নিষ্ঠা কাশ্যপ বিন্দুটো। নিষ্ঠাই মৃত্যু বিচাৰিছে। হাতৰ শিৰা কাটি চৰম সিদ্ধান্ত লোৱাৰ চেষ্টা নিষ্ঠাৰ। এই প্ৰথম বিন্দুটো পৰিচালকে ঠিয় কৰাইছে কেমেৰাৰ ভাষাৰে। কাট কাট-- কেইটা মান শ্বটেৰে। চিনেমেটিক কাৰবাৰত --উত্তেজনা। দৰ্শকক ভাবিবলৈ সময় দিয়া নাই। উত্তেজনাৰ মাজত সোমাবলৈ বাধ্য-- দৰ্শক। আৰু যেতিয়া দৰ্শক উত্তেজনাৰ পৰা মুক্ত হৈছে কাহিনীয়ে আকাৰ লৈ গতি কৰিছে। কাহিনীয়ে দৰ্শকক বন্দী কৰিছে। --ৰূপালী গল্পটো আৰম্ভ হৈছে মুম্বাইত। লো...