--চিনেমাৰ বজাৰ প্ৰসংগত কথা পাতিছিলো নয়ন নীলিমৰ সৈতে। ভিডিঅ' "জোনবাই"ৰে তাৰকাৰ শাৰীত বহা নয়নৰ সৈতে। --২০০৬ চনৰ কোনো এটা দিনত লগ পাইছিলো, তাৰ পাছত আৰু লগ পোৱা নাছিলো অভিনেতা গৰাকীক। বয়সৰ দূৰত্ব আছে যদিও ২০০২-২০০৬ ৰ মাজৰ সময় চোৱা নয়ন আছিল আমাৰ ভাল বন্ধু। ভিডিঅ' ছবিত কৰা অভিনয়ৰে মানুহৰ ( দৰ্শকৰ) ওচৰ পোৱা নয়নে এদিন জনাইছিল এখন চিনেমা কৰিব। যিমান দূৰ মনত পৰে চিনেমা খনৰ নাম আছিল-- "জুলি"। (সময়ত "জুলি" আনৰ হাতলৈ গ'ল। সম্পূৰ্ণ নহ'ল।) তাৰ পাছত "কোঁৱৰপুৰৰ কোঁৱৰ"। --ৰাজেশ বৰাৰ পৰিচালনাৰে নিৰ্মিত এই চিনেমা খনৰ মূল চৰিত্ৰটোত অভিনয় কৰিছে নয়নে। আৰু শেহতীয়া ভাবে অভিনয় কৰিছে "বন্ধু"ত। এই চিনেমা খন চিত্ৰগৃহলৈ আহিব অহা ৪ নৱেম্বৰত। --যোৱা২১ ছেপ্টেম্বৰত চিনেমা খনৰ ডিজিটেল পোষ্টাৰ মুকলি কৰে মহানগৰীৰৰ হোটেল লিলিত। সেই অনুষ্ঠানতে অসমীয়া চিনেমাৰ বজাৰ প্ৰসংগত নয়নৰ সৈতে কথা পাতিছিলো। নয়নৰ মতে, অসমীয়া দৰ্শকৰ অসমীয়া চিনেমাৰ প্ৰতি আগ্ৰহ আছে। কিন্তু আজিৰ অসমীয়া দৰ্শকে চিনেমা চিনেমাৰ দৰে চাই। অসমীয়া চিনেমা বুলিয়ে সাধাৰণ মানৰ কাম পছন্দ নকৰে। মেকিং ভাল হব লাগে। প্ৰচাৰ ভাল হব লাগে। অসমৰ চিত্ৰগৃহত অসমীয়া চিনেমা নচলাৰ কোনো কাৰণ নাই। "মই এনেদৰে ক'ম-- মোৰ চিনেমা খন যদি ভাল হৈছে দৰ্শকে চাব। মোৰ চিনেমা খন অসমীয়া চিনেমা বুলি নহয়, চিনেমা বুলি দৰ্শকে চাবলৈ আহক। মই ভাবো হতাশ নহব।" --নয়নে ক'লে। চিনেমা খন পৰিচালনা কৰিছে সতীশ সুৰিয়া আৰু ত্ৰিদিপ লাহনে। আমাৰ ধাৰণাত বন্ধুৰ সম্পৰ্ক কেন্দ্ৰীক এই চিনেমা খনত গল্প কোৱাৰ শৈলীত দৰ্শকে"নতুন চিন্তা" অনুভৱৰ সুযোগ পাব।বন্ধু by: Utpal Mena
উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? ৰাজ্যৰ লগতে দেশ-বিদেশৰ চিনেমাৰ অনুভৱ থকা এই নাম কেইটা উদাহৰণ মাত্ৰ। 'চিনেমা' জনা ( নিৰ্মাণ, বজাৰ, মহোৎসৱ ইত্যাদিৰ দখল থকা) লোকৰ আকাল অসমত আছে বুলি নাভাবো। এই কথা স্পষ্ট 'অসমীয়া চিনেমা'ৰ 'উন্নয়ন'ৰ বাবে অসমীয়া চিনেমাৰ লগতে 'দেশ-বিদেশৰ চিনেমা' জানিব লগিব। অধ্যয়ণ কৰিব লাগিব অধ্যক্ষ গৰাকীয়ে। ( যদি অধ্যক্ষ গৰাকীৰ কাম কেৱল চহী কৰা, তেতিয়া হ'লে বেলেগ কথা! তেতিয়া আমি জানিব বিছাৰিম-- অধ্যক্ষ গৰাকীয়ে কাৰ নিৰ্দেশত চহী কৰে?) চৰ্চ হৈছে --অধ্যক্ষৰ আসনত বহুওৱা সীমান্ত শেখৰে কোনোবা ইণ্টাৰভিউত হেনো কৈছিল অসমীয়া চিনেমা নাচাওঁ বুলি! যদি এয়া সত্য, স্বাভাবিকতে কব লাগিব --অসমীয়া চিনেমা নোচোৱা অধ্যক্ষ এগৰাকীৰ নেতৃত্বত অসমীয়া চিনেমাৰ উত...
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন