--চিনেমাৰ বজাৰ প্ৰসংগত কথা পাতিছিলো নয়ন নীলিমৰ সৈতে। ভিডিঅ' "জোনবাই"ৰে তাৰকাৰ শাৰীত বহা নয়নৰ সৈতে। --২০০৬ চনৰ কোনো এটা দিনত লগ পাইছিলো, তাৰ পাছত আৰু লগ পোৱা নাছিলো অভিনেতা গৰাকীক। বয়সৰ দূৰত্ব আছে যদিও ২০০২-২০০৬ ৰ মাজৰ সময় চোৱা নয়ন আছিল আমাৰ ভাল বন্ধু। ভিডিঅ' ছবিত কৰা অভিনয়ৰে মানুহৰ ( দৰ্শকৰ) ওচৰ পোৱা নয়নে এদিন জনাইছিল এখন চিনেমা কৰিব। যিমান দূৰ মনত পৰে চিনেমা খনৰ নাম আছিল-- "জুলি"। (সময়ত "জুলি" আনৰ হাতলৈ গ'ল। সম্পূৰ্ণ নহ'ল।) তাৰ পাছত "কোঁৱৰপুৰৰ কোঁৱৰ"। --ৰাজেশ বৰাৰ পৰিচালনাৰে নিৰ্মিত এই চিনেমা খনৰ মূল চৰিত্ৰটোত অভিনয় কৰিছে নয়নে। আৰু শেহতীয়া ভাবে অভিনয় কৰিছে "বন্ধু"ত। এই চিনেমা খন চিত্ৰগৃহলৈ আহিব অহা ৪ নৱেম্বৰত। --যোৱা২১ ছেপ্টেম্বৰত চিনেমা খনৰ ডিজিটেল পোষ্টাৰ মুকলি কৰে মহানগৰীৰৰ হোটেল লিলিত। সেই অনুষ্ঠানতে অসমীয়া চিনেমাৰ বজাৰ প্ৰসংগত নয়নৰ সৈতে কথা পাতিছিলো। নয়নৰ মতে, অসমীয়া দৰ্শকৰ অসমীয়া চিনেমাৰ প্ৰতি আগ্ৰহ আছে। কিন্তু আজিৰ অসমীয়া দৰ্শকে চিনেমা চিনেমাৰ দৰে চাই। অসমীয়া চিনেমা বুলিয়ে সাধাৰণ মানৰ কাম পছন্দ নকৰে। মেকিং ভাল হব লাগে। প্ৰচাৰ ভাল হব লাগে। অসমৰ চিত্ৰগৃহত অসমীয়া চিনেমা নচলাৰ কোনো কাৰণ নাই। "মই এনেদৰে ক'ম-- মোৰ চিনেমা খন যদি ভাল হৈছে দৰ্শকে চাব। মোৰ চিনেমা খন অসমীয়া চিনেমা বুলি নহয়, চিনেমা বুলি দৰ্শকে চাবলৈ আহক। মই ভাবো হতাশ নহব।" --নয়নে ক'লে। চিনেমা খন পৰিচালনা কৰিছে সতীশ সুৰিয়া আৰু ত্ৰিদিপ লাহনে। আমাৰ ধাৰণাত বন্ধুৰ সম্পৰ্ক কেন্দ্ৰীক এই চিনেমা খনত গল্প কোৱাৰ শৈলীত দৰ্শকে"নতুন চিন্তা" অনুভৱৰ সুযোগ পাব।বন্ধু by: Utpal Mena
জুবিন গাৰ্গ অভিনেতা নাছিল। "অভিনেতা জুবিন" নিৰ্মাণ কৰিছিল বা নিৰ্মাণ কৰাইছিল। "গায়ক ইমেজ"ৰ পৰা "নায়ক ইমেজ"ৰ মাজত বন্দী হব পাৰিছিল "মনযায়"ত। এম মণিৰামৰ পৰিচালনাৰে নিৰ্মান কৰা অসমীয়া চিনেমা "মনযায়"ত মানৱৰ চৰিত্ৰত দৰ্শকে, চিত্ৰৰসিকে গ্ৰহণ কৰিছে। চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ২০০৮ চনত। বিশ্লেষণ কৰিলে স্পষ্ট হয়-- মানৱ কিন্তু "জুবিন"ৰ পৰা মুক্ত নাছিল। মানৱে কথা কৈছিল (সংলাপ প্ৰক্ষেপন কৰিছিল) জুবিনৰ দৰে। চেহেৰা-শৰীৰ ভাষাতো মানৱ "জুবিন"ৰ পৰা মুক্ত নহয়। তথাপি চিত্ৰৰসিকে জুবিনৰ অভিনয় গ্ৰহণ কৰিছে। মুনিন বৰুৱাৰ "দীনবন্ধু" (২০০৪)-ৰ বিপুলকো দৰ্শকে গ্ৰহণ কৰিছে। চৰিত্ৰ দুটাৰ মাজত দূৰত্ব অতি কম। কিন্তু বিপুলতকৈ মানৱ বেছি উজ্বল। "চৰিত্ৰ" দুটাক চিত্ৰৰসিকে ইতিবাচক সহাৰি দিয়াৰ প্ৰাথমিক কাৰণ-- cinematic acting, যাক আমি বাস্তবিক অভিনয় (realistic acting) বুলিব পাৰোঁ। আমাৰ ধাৰণা-- জুবিনে সততে (যদিওবা চিনেমা পৰিচিলকৰ মাধ্যম) "জুবিন"ৰ মাজতে থাকি "চৰিত্ৰ"ক গতি দিয়ে বা পৰিচালকক চৰিত্ৰ নিৰ্মাণত স...
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন