দেওবাৰ। ১৭ জুলাই ২০২২। চেৰাপুঞ্জিত আমাৰ দ্বিতীয়তো দিন। কালি নিশাটো সুখৰ নাছিল। নিশা প্ৰৱল বৃষ্টিপাত হৈছিল, বজ্ৰপাতৰ ভয়লগা শব্দই আমাক চুইছিল, বিজুলী ব্যৱস্থা ব্যহত হৈছিল। --জেনেৰেটৰ বা অন্য ব্যৱস্থা নাছিল। বান থাবাহে টৰ্চ এটা দিছিল। আৰু আমাৰ হাতত থকা মোবাইল কেইটাৰ টৰ্চৰ পোহৰ, ইমানেই।
--- Bynardi inn -ৰ ওপৰ মহলাত আমি মাত্ৰ। তলত কোনোবা কোনোব হয়তো আছে! এই ঠাইত, এনে পৰিবেশত থকাৰ অভিজ্ঞতা নাই। স্বাভাৱিকতে আমাৰ মনলৈ ভয় আহিছিল। বজ্ৰপাত-বৰষুণৰ শব্দত নুশুনা হৈছিলো কাষেৰে বৈ যোৱা নিজৰাৰ কুলু-কুলু...। বেলকনিলৈ ওলাই আহিছিলো। এন্ধাৰ-এন্ধাৰ। এন্ধাৰ খেদা বিজুলীৰ পোহৰ। আৰু! ওচৰতে যেন বজ্ৰপাত পৰিছে।
--ভয়লগা পৰিবেশ, ভয়লগা পৰিবেশৰ মাজত মই।
--চকু জপাব নোৱাৰাকৈ ভয় বাঢ়িছিল। বিছনালৈ উভতি গৈয়ো চকু জপাব নোৱাৰিলো।
--ভয়ৰ ৰাতি পুৱাল। বিছনা এৰি বেলকনি পালো। মেঘ নাই।
--বেলকনিৰ পৰা দেখিলো, সেই পুৱাতেই দূৰ্গৰ নিৰ্দেশত কেমেৰা ঘূৰাইছে, শব্দ গ্ৰহণ কৰাইছে। গৈ দূৰ্গা হতৰ ওচৰ পালো। বহু সময় ঠিয় হৈ কাম চালো। কাম সামৰি দূৰ্গাই ইংগীতেৰে মোক মাতিলে। ওচৰ পোৱাত ক'লে--"ভাগৰ লাগিছে। চাহ একাপৰ প্ৰয়োজন অনুভৱ কৰিছো!"
--তেতিয়া সৰু সৰু দোকান কেইখন খুলিছিল। আমি মেগি আৰু চাহ ললো। পাহাৰীয়া ধনীয়াৰে মেগি। বেয়া নালাগিল। ৰঙা চাহতো দিছে বিশেষ মছলা। এই যে দোকানবোৰ, দোকানবোৰৰ মালিক মহিলা। (চেৰাপুঞ্জি শহৰৰ জনসংখ্যা ১০,০৮৬ জন।পুৰুষ ৪৯% , মহিলা ৫১% শতাংশ । ইয়াৰে ৪৮% শতাংশ মহিলা আত্মনিৰ্ভৰশীল। -- জনসংখ্যাৰ ১৯% শতাংশ ১-৬ বছৰীয়া। এই তথ্য ২০০১ চনৰ।) ৰান্ধনী বা চাহ-মেগি বনোৱা মানুহ "মালিক মহিলা" গৰাকীয়ে। পৰ্যতক কেন্দ্ৰীক ব্যৱসায়! এখন দোকানত দৈনিক (গড়) ৫০০-২৫০০০ টকাৰ খোৱা সামগ্ৰি বিক্ৰী হয়, মে'-অক্তোবৰ সময়চোৱাত।
--দূৰ্গাহতে দুই-তিনি পেকেতকৈ মেগি খালে। খাই-খাই কৈ গ'ল যোৱা নিশাৰ কথা। বুজিলো, মই যেতিয়া ভয়ৰ মাজত আছিলো, দূৰ্গাহত ব্যস্ত আছিল "ভয় লগা" সেই কেমেৰাত বন্দী কৰাত। শব্দ গ্ৰহণ কৰাত। সেই নিশাৰে পৰা পুৱা ৫ বজালৈ কাম কৰিয়ে আছিল। সন্দেহ নাই এনে পৰিশ্ৰমৰ বাবেই দক্ষিণ ভাৰত নতুন চিন্তাৰ, "ভাল চিনেমা"ৰ বাবে বিখ্যাত।
--মেগি-চাহ পৰ্ব শেষ হ'ল। হাতত চিগাৰাট লৈ দৃৰ্গাই সৰু কেমেৰা এটা মোৰ ফালে আগুৱাই দিলে। "ইয়াত খাচী পাহাৰৰ কান্দোন খিনি আছে, আপুনি লেপটপত চাই বিবৰণ লিখিব। যিমান বহলকৈ সম্ভৱ, সিমান।" --দূৰ্গাই ক'লে। (ক্ৰমশ:)
কোন মন্তব্য নেই:
একটি মন্তব্য পোস্ট করুন