সরাসরি প্রধান সামগ্রীতে চলে যান

আৰু অভিজিৎ ভট্টাচাৰ্য, লভিতা ... /২

"প্ৰচাৰ মাধ্যম" বাঢ়িল। 
--সামাজিক মাধ্যম।
সামাজিক মাধ্যমত ভ্ৰাম্যমাণ থিয়েটাৰৰো প্ৰচাৰ দেখিলোঁ। "গোট" নিৰ্মাণ কৰা দেখিলোঁ। সৰহ সংখ্যক গোটতে (ভ্ৰাম্যমাণ থিয়েটাৰ কেন্দ্ৰিক) দেখিলোঁ-- অভিজিত ভট্টাচাৰ্যৰ নাটকৰ প্ৰচাৰ। সন্দেহ নৰখাকৈ কব পাৰি, সামাজিক মাধ্যমত হোৱা (প্ৰচাৰ) চৰ্চাই "জনপ্ৰিয়" নাট্যকাৰ অভিজিৎ  ভট্টাচাৰ্যৰ জনপ্ৰিয়তা আৰু বঢ়াইছিল। 
বিশেষকৈ facebook -ত কম দিনৰ ভিতৰতে ভ্ৰাম্যমাণ থিয়েটাৰ কেন্দ্ৰীক গোটৰ সংখ্যা বাঢ়িল। দুটা মান গোটত দেখিলো অভিজিত ভট্টাচাৰ্যৰ নাটক কেন্দ্ৰীক তেনেধৰণৰ চৰ্চা, যেনেধৰণৰ চৰ্চা আমি (মই আৰু ৰাকেশ প্ৰকাশে) "দৰা হ'ব কোন" -ৰে আৰম্ভ কৰিছিলোঁ। ভাল লাগিল। কিন্তু পৰৱৰ্তী সময়ত অনুভৱ কৰিলোঁ, গোটটোৰ উদ্দেশ্য --অভিজিত ভট্টাচৰ্যক "যেনে তেনে ভ্ৰাম্যমাণ থিয়েটাৰৰ পৰা আঁতৰাব লাগে।" (" "-ৰ ভিতৰত এই কাৰণে লিখিছো, মই অনুভৱ কৰা কথা খিনিয়ে এদিন কথা প্ৰসংগত "গোট"টোৰ এগৰাকীয়ে কৈছিল।), আৰু আন এগৰাকীক "ভ্ৰাম্যমাণ থিয়েটাৰৰ জনপ্ৰিয় নাট্যকাৰ"ৰ আসনত বহুৱাব লাগে। (সেই বিশেষ নাট্যকাৰ গৰাকীয়ে কথাশিল্পী মহেন্দ্ৰ বৰঠাকুৰে অভিযোজনা কৰা নাটক এখন ইফাল-সিফাল কৰি, সেই সময়ত ভ্ৰাম্যমাণ থিয়েটাৰত "নাট্যকাৰ" হিচাবে খোজ দিছিল। অভিজিত ভট্টাচৰ্যৰ "মিলন-মালা পৰ্ব"ত এই গৰাকী নাট্যকাৰ আৰু নাট্যকাৰ গৰাকী কোন ইত্যাদি স্পষ্ট কৰিম। এই গোটটোৰ দুই-একে আমাক লক্ষ্য কৰিও লিখিছিল, সেই বিশেষ নাট্যকাৰ গৰাকীৰ নাটকৰ্ম পছন্দ নকৰা বাবে, আন এগৰাকী নাট্যকৰ্মী মৃদুল চুতীয়াৰ নাট্যকৰ্ম পছন্দ কৰা বাবে। --এই প্ৰসংগ আগলৈ ৰাখিলো।)
--সামাজিক মাধ্যমৰ গুৰুত্ব বঢ়াৰ পাছত পূৰ্বে সংবাদ মাধ্যমৰ একাংশৰ সহায়ত "প্ৰচাৰৰ পিঠিত" (বিজ্ঞাপন ধৰ্মী লেখাৰে) উঠি নাট্যযাত্ৰাত গুৰুত্ব দিয়া অভিজিত ভটাচাৰ্যৰ (বলিউডী শৈলীৰ নাট্যকৰ্মৰ) "নাট্যযাত্ৰা" আৰু দ্ৰুত হ'ল। "নাট্য সম্ৰাট"ৰ দৰে নানা উপাধিৰে সন্মানো দিয়া হ'ল। মুঠৰ ওপৰত, মূলতঃ সামাজিক মাধ্যমৰ সহায়ত এনে ধাৰণা নিৰ্মাণ কৰা হ'ল --অভিজিত ভট্টাচাৰ্যৰ নাটকক বাদ দি ভ্ৰাম্যমাণ থিয়েটাৰৰ "বজাৰ" সফলতা অসম্ভৱ। এই ধাৰণা যে ১০০% শতাংশয়ে অশুদ্ধ, তেনেও নহয়। এয়াও সত্য-- হঠাতে অভিজিত ভট্টাচাৰ্যই ভ্ৰাম্যমাণ থিয়েটাৰৰ বাবে নাটক নিলিখা হ'লে কেইবাটাও নাট্যদলে সমস্যাত পৰিব। (এই খিনিতে মনলৈ আহিছে "নতুন সময়"ত কথাশিল্পী মহেন্দ্ৰ বৰঠাকুৰ প্ৰসংগ ক্ৰমে লিখা "নাটক লিখা সহজ নহয়, ভ্ৰাম্যমাণ থিয়েটাৰৰ বাবে নাটক লিখা কামটো তাতকৈয়ো কঠিন।" কথষাৰ।) চলিত নাট্যবৰ্ষত কেইবাটাও ভ্ৰাম্যমাণ নাট্যদলত অভিজিৎ ভট্টাচাৰ্যৰ নাটক নাই। তেনেদৰে পৰ্যায়ক্ৰমে অভিজিত ভট্টাচাৰ্যৰ নাটক নোলোৱাকৈ "বজাৰ" সফলতা পালে অভিজিত ভট্টাচাৰ্যই ভ্ৰাম্যমাণ থিয়েটাৰৰ বাবে নাটক নিলিখা হ'লেও নাট্যদলৰ বাবে "সমস্যা" নহব পাৰে! (এই খিনিতে উল্লেখ কৰাৰ প্ৰয়োজন আছে-- যি সকল নতুন বা আন নাট্যকাৰক লৈ একাংশ "অভিজিত ভট্টাচাৰ্য বিৰোধি" নাট্য পণ্ডিত উৎসাহিত হৈছে, সেই সকলৰ সৰহ ভাগেই "অভিজিত ভট্টাচাৰ্যৰ বাটে"ৰে আগবাঢ়িছে। এয়া "উৎসাহ"ৰ খবৰ নহয়। উদ্দেশ্য অভিজিৎ ভট্টাচাৰ্য নহয়, অভিজিৎ ভট্টাচাৰ্যই আমদানি কৰি "জনপ্ৰিয়" কৰা বলিউদ-দক্ষিণ ভাৰতীয় চিনেমাৰ শৈলী আঁতৰোৱাহে হোৱা উচিৎ, নহয় নে?) 
------------------------------------------
#সেই সময়ত মই "অসমীয়া প্ৰতিদিন"। --কোনে কাকত খনৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱাক ফোন কৰিছিল, মই ৰাজশ্ৰী থিয়েটাৰৰ প্ৰযোজকৰ ওচৰলৈ গৈ টকা বিচাৰিছো বুলি অভিযোগ দি? অচ্যুত কুমাৰ পাটোৱাৰীয়ে কি প্ৰমাণ কৰিছিল?

#সেই সময়ত মই "আজিৰ দৈনিক বাতৰি"ত। প্ৰতি শুকুৰবাৰে এগৰাকী "চিত্ৰসাংবাদিকে" কিয় কাকত খনৰ স্বত্বাধিকাৰী অঞ্জন দত্তক ফোন কৰিছিল?
#এগৰাকী চিনেমাৰ অভিনেত্ৰীয়ে "নিয়মীয়া বাৰ্তা"ৰ সেই সময়ৰ সম্পাদক শংকৰ লস্কৰক মোৰ বিৰূদ্ধে কি, কিয় কৈছিল?  অভিজিত ভট্টাচাৰ্যৰ নাটকৰ "বেয়া"কৈ লিখিলে মোক কি কৰাৰ ভাবুকি দিছিল ? 
#চিৰসেউজ অসমীয়া নাটক সংৰক্ষণৰ বাবে বিশেষ আইনৰ কথা কিয় চিন্তা কৰিব লাগে? এই ক্ষেত্ৰত অসম চৰকাৰৰ "সাংস্কৃতিক মন্ত্ৰী" গৰাকীয়ে আগভাগ কিয় লব লাগে।
...লিখি আছো। 
------------------------------------------
(আৰু আছে)  wait

মন্তব্যসমূহ

এই ব্লগটি থেকে জনপ্রিয় পোস্টগুলি

চিনেমাৰ জুবিন

জুবিন গাৰ্গ অভিনেতা নাছিল। "অভিনেতা জুবিন" নিৰ্মাণ কৰিছিল বা নিৰ্মাণ কৰাইছিল। "গায়ক ইমেজ"ৰ পৰা "নায়ক ইমেজ"ৰ মাজত বন্দী হব পাৰিছিল "মনযায়"ত। এম মণিৰামৰ পৰিচালনাৰে নিৰ্মান কৰা অসমীয়া চিনেমা "মনযায়"ত মানৱৰ চৰিত্ৰত দৰ্শকে, চিত্ৰৰসিকে গ্ৰহণ কৰিছে। চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ২০০৮ চনত। বিশ্লেষণ কৰিলে স্পষ্ট হয়-- মানৱ কিন্তু "জুবিন"ৰ পৰা মুক্ত নাছিল। মানৱে কথা কৈছিল (সংলাপ প্ৰক্ষেপন কৰিছিল) জুবিনৰ দৰে। চেহেৰা-শৰীৰ ভাষাতো মানৱ "জুবিন"ৰ পৰা মুক্ত নহয়। তথাপি চিত্ৰৰসিকে জুবিনৰ অভিনয় গ্ৰহণ কৰিছে। মুনিন বৰুৱাৰ "দীনবন্ধু" (২০০৪)-ৰ বিপুলকো দৰ্শকে গ্ৰহণ কৰিছে। চৰিত্ৰ দুটাৰ মাজত দূৰত্ব অতি কম। কিন্তু বিপুলতকৈ মানৱ বেছি উজ্বল। "চৰিত্ৰ" দুটাক চিত্ৰৰসিকে ইতিবাচক সহাৰি দিয়াৰ প্ৰাথমিক কাৰণ-- cinematic acting, যাক আমি বাস্তবিক অভিনয় (realistic acting) বুলিব পাৰোঁ। আমাৰ ধাৰণা-- জুবিনে সততে (যদিওবা চিনেমা পৰিচিলকৰ মাধ্যম) "জুবিন"ৰ মাজতে থাকি "চৰিত্ৰ"ক গতি দিয়ে বা পৰিচালকক চৰিত্ৰ নিৰ্মাণত স...

নৈ কথা | চিনেচৰ্চা

‘নৈ কথা’ এখন অসমীয়া চিনেমা। ড° পঙ্কজ বৰাৰ পৰিচালনা। চিনেমা খনৰ কাহিনী ৰেখাৰ মূল বিন্দু এজন মাচুৱৈ। নাম-- তিলেশ্বৰ, তিলো। নৈপৰীয়া তিলোৰ চালিকা শক্তি, সংসাৰ চলোৱাৰ শক্তি নৈ খনত থকা মাছ কেইটা। তিলোৰ বাবে সমস্যা-- নৈ খনত মাছ কমি আহিছে। আৰু দিনটোৰ পৰিশ্ৰমৰ মূৰকত পোৱা মাছ কেইটাত উচিৎ দাম নিদয়ে, গ্ৰাহকে আগ্ৰহ নেদেখুৱাই।  [বিপৰীতে গ্ৰাহকৰ-- চালানী মাছ, ব্ৰইলাৰ মুৰ্গী প্ৰতিহে! পৰিচালকে কেমেৰাৰ ফ্ৰেমত একেলগে তিলোৰ স্থানীয় নৈৰ মাছৰ, চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ "দোকান" তিনিখন ৰাখিছে। দেখুৱাইছে-- চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ নিৰ্দিষ্ট দাম দিবলৈ ক্ৰেতাই আপত্তি নকৰে, বিপৰীতে তিলোৰ সৈতে কিমান যে দৰ-দাম কেন্দ্ৰিক কথা! চিত্ৰায়ণ--  বাস্তৱিক। পৰিপাটি-- কেমেৰাৰ ভাষা প্ৰয়োগ, যিমান প্ৰয়োজন সিমান সাহিত্যৰ ভাষা ব্যৱহাৰ।]  তিলোৰ ঘৰ নচলে! দুই এমা ডিমা সন্তান আৰু পত্নী বাসন্তীক লৈ তিলোৰ সংসাৰ। প্ৰয়োজনীয় দৈনন্দিন সামগ্ৰী আনোতে আনোতে মহাজনৰ দোকানত "বাকী" বাঢ়ি গৈ আছে।  তিলো হ'তৰ  সমস্যা [সমস্যা কেৱল তিলোৰ নহয়, নৈ পৰীয়া মাচুৱৈৰ। এই দিশটো পৰিচালক পৰিপাটিকৈ স্পষ্ট কৰিছে, কাহিনীৰ গতি...

হেৰোৱা ছন্দ | পূৰ্বালোকন

আৰু এখন চিনেমা-- জাহ্নু বৰুৱাৰ। আৰু এটা গীত-- ইবচন লাল বৰুৱাৰ। কথা-সুৰ-সংগীত ইবচন লাল বৰুৱাৰ।  " দামি গহনা পিন্ধি হাঁহিছা  হাঁহিটিয়েই চোন এটি গহনা  গহনা বুলি ধাতু কিনিছা  কিনিব জানো হাঁহি পাৰিবা পাৰা যদি সুৰ তুমি ঢালিবা  ঢালি গভীৰৰ সঁচা তৰঙ্গ  অঙ্গ ভেদি গান কঁপিব  কঁপি উঠিব হেৰোৱা ছন্দ..." চিনেমাৰ গীত।  চিনেমাৰ নাম: হেৰোৱা ছন্দ।  জাহ্নু বৰুৱাৰ চিনেমা। (জাহ্নু বৰুৱাৰ চিনেমা মানেই মনত ৰৈ যোৱা চিনে-চিন্তা, চুই যোৱা চিনে-সৌন্দৰ্য।) জাহ্নু বৰুৱাৰ বাবে ইয়াৰ পূৰ্বে ইবচন লাল বৰুৱাই নিৰ্মাণ কৰিছিল (নিজৰ কথা, সুৰেৰে) -- "বিষুৱ ৰেখা নাপাওঁ দেখা ভৰিৰ তলত দুখন ধৰা এখন আকাশ আকাশ ফালি মেঘৰ বিবাদ… মোৰ ভগা খিৰিকী পোহৰ দিয়া খিৰিকী মোৰ ভগা খিৰিকী দুৱাৰ খোলা খিৰিকী …" (চিনেমা : ভগা খিৰিকী) পূৰ্বৰ গীতটোৰ দৰে "হেৰোৱা ছন্দ"ৰ বাবে নিৰ্মাণ কৰা গীতটোও চিনে-সৌন্দৰ্যৰে ভৰপূৰ, আমাৰ অনুভৱত। আমাৰ ধাৰণাত গীতটোৰ কথা-সুৰ, গায়কীত চিনেমা খনৰ "কাহিনী" আছে, বিষয়-বস্তু আছে। গীতটোত ব্যৱহাৰ কৰিছে ঊষা উত্থুপ আৰু অনিন্দিতা পলৰ কণ্ঠ। সম্ভৱতঃ ৰূপালী গল্পটোৰ মূল ...