সরাসরি প্রধান সামগ্রীতে চলে যান

আৰু অভিজিৎ ভট্টাচাৰ্য, লভিতা ... /৩

"সাদিন", "অসমীয়া প্ৰতিদিন" কাকত দুখনৰ প্ৰতিষ্ঠাপক সম্পাদক অজিত কুমাৰ ভূঞা। ভিতৰৰ কথা নাজানো, কাকত দুখনৰ পৰা কিয় আঁতৰি গৈছিল? --আঁতৰি গৈ কিয় "আজি" (দৈনিক), "নতুন সময়" (সাপ্তাহিক) প্ৰকাশ কৰিছিল, সম্পাদকৰ দায়িত্ব লৈছিল? আজিলৈকে জানিব বিছৰা নাই বাবেই নাজানো।
--নাজানো, পৰৱৰ্তী সময়ত আকৌ কিয় "অসমীয়া প্ৰতিদিন"ৰ সম্পাদকৰ আসনত বহিছিল। এই যে বহিছিল, সেই সময়তে মোক কাকত খনৰ সম্পাদনা বিভাগত কাম কৰিবলৈ মাতি নিছিল। 
--মোৰ সম্পাদনাত প্ৰকাশ পোৱা কাকত খনৰ সাংস্কৃতিক পৃষ্ঠাটো প্ৰথমবাৰ প্ৰকাশ পোৱাৰ দিনাই স্বত্বাধিকাৰ জয়ন্তু বৰুৱাই মাতি নি  কৈছিল, মই হেনো "সানন্দা" নামৰ বাংলা আলোচনী খনত প্ৰকাশ হোৱা খবৰ অনুবাদ কৰি লগাইছো। মই "মিছা" বুলি কোৱাত স্পষ্ট কৰি দিছিল স্বত্বাধিকাৰ গৰাকীয়ে, কাকত খনৰে এজনে কৈছিল। কৈছিল বাবেই মোক সুধিছিল। স্বত্বাধিকাৰ গৰাকীয়ে হয়তো বুজা নাছিল, মই বুজিছিলো, ভ্ৰাম্যমাণ থিয়েটাৰৰ বিজ্ঞাপন ধৰ্মী লেখা কেইটামান 'খবৰ'ৰ আকাৰ দি পৃষ্ঠাটোত লগোৱাৰ "অপৰাধ" কৰিছিলো! কাকত খনত জড়িত সাংবাদিক এগৰাকীয়ে ভ্ৰম্যমাণ থিয়েটাৰৰ প্ৰযোজকক কথা দিছিল বিজ্ঞাপন ধৰ্মী লেখা উলিয়াই দিম বুলি। বিজ্ঞাপন ধৰ্মী লেখা কেইটা যে নোলাল, এই কথাটো স্বত্বাধিকাৰ গৰাকীক কব নোৱাৰে, নোৱাৰে বাবেই 'সানন্দা'ৰ কথা কৈছিল। --হয়, বিজ্ঞাপন ধৰ্মী লেখা কেইটা আছিল অভিজিৎ ভট্টাচাৰ্যৰ নাটকৰ। সকলো কথা মুকলিকৈ সম্পাদক অজিত কুমাৰ ভূঞাক কৈছিলো। "তুমি যেনেদৰে ভাৱা কৰি যোৱা। মই আছো।" --অজিত কুমাৰ ভূঞাই কৈছিল। কৰি গৈছিলোঁ।
আৰু অথন্তৰ! 
মাহ-তাৰিখ মনত নাই। মই গৈ "অসমীয়া প্ৰতিদিন"ৰ কাৰ্যালয় পোৱা মাত্ৰকে অচ্যুৎ কুমাৰ পাটোৱাৰীয়ে কৈছিল, কিছু সময়ৰ আগতে কাকত খনৰ স্বত্বাধিকাৰলৈ এটা "ফোন" আহিছিল। "ফোন" কৰোতাৰ অভিযোগ, মই হেনো  ভ্ৰাম্যমাণ নাট্যদল ৰাজশ্ৰীৰ প্ৰযোজকৰ ওচৰলৈ গৈছিলো টকা বিছাৰি। "ফোন" অহাৰ সময়ত  অচ্যুৎ কুমাৰ পাটোৱাৰীয়ো আছিল। অচ্যুৎ কুমাৰ পাটোৱাৰীয়ে  মূহুৰ্ততে নাট্যদলটোৰ সেই নাট্যবৰ্ষৰ অভিনেতা চম্পক শৰ্মাৰ সৈতে যোগাযোগ কৰিছিল, "ফোন"ত চম্পক শৰ্মাই যি কৈছিল স্বত্বাধিকাৰ জয়ন্ত বৰুৱাক প্ৰত্যক্ষ ভাবে শুনাইছিল। চম্পক শৰ্মাই কৈছিল-- "উৎপল মেনা ইয়ালৈ অহা নাই। ৫-৬ বছৰ মান দেখায়ে নাই। কেইদিন মান আগতে ফোন কৰিছিল। 'অগ্নিস্নান'ৰ কথা পাতিছিল।..." --সেইদিনা অচ্যুত পাটোৱাৰীয়ে মই ৰাজশ্ৰী থিয়েটাৰলৈ নোযোৱা কথাটো প্ৰমাণ নকৰিলে এটা "কলংকৰ বোজা"ৰ সৈতে মোক হয়তো "অসমীয়া প্ৰতিদিন"ৰ পৰা বাহিৰলৈ যোৱাৰ বাট দেখুৱালে হেতেন! 
--সেই "ফোন"টো কৰাৰ কাৰণ? 
--চম্পক শৰ্মাই 'অগ্নিস্নান'ৰ কথা পাতিছিল বুলিছিল যে! 'অগ্নিস্নান'ৰ কথা পাতিছিলো প্ৰতিবেদন এখন যুগুত কৰিবলৈ। ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ একে নামৰ চিনেমাৰ আধাৰত চম্পক শৰ্মাই লিখিছিল, পৰিচালনা কৰিছিল "অগ্নিস্নান", সেই নাট্যবৰ্ষত ৰাজশ্ৰী থিয়েটাৰৰ বাবে। "অগ্নিস্নান"ৰ বিশেষ প্ৰতিবেদন যুগুত কৰি প্ৰকাশ কৰিছিলোঁ; কিন্তু অভিজিৎ ভট্টাচাৰ্যৰ নাটক কেন্দ্ৰীক বিজ্ঞাপন ধৰ্মী লেখা তিনিটা ... (ব্যখ্যাৰ প্ৰয়োজন আছে জানো!) --এই যে মোৰ "ব্যক্তিগত কথা" যেন লগা কথা বোৰ লিখিছো! --কিয় লিখিছো পৰৱৰ্তী চৰ্চাত স্পষ্ট হ'ব।
------------------------------------------
আৰু আছে wait

মন্তব্যসমূহ

এই ব্লগটি থেকে জনপ্রিয় পোস্টগুলি

চিনেমাৰ জুবিন

জুবিন গাৰ্গ অভিনেতা নাছিল। "অভিনেতা জুবিন" নিৰ্মাণ কৰিছিল বা নিৰ্মাণ কৰাইছিল। "গায়ক ইমেজ"ৰ পৰা "নায়ক ইমেজ"ৰ মাজত বন্দী হব পাৰিছিল "মনযায়"ত। এম মণিৰামৰ পৰিচালনাৰে নিৰ্মান কৰা অসমীয়া চিনেমা "মনযায়"ত মানৱৰ চৰিত্ৰত দৰ্শকে, চিত্ৰৰসিকে গ্ৰহণ কৰিছে। চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ২০০৮ চনত। বিশ্লেষণ কৰিলে স্পষ্ট হয়-- মানৱ কিন্তু "জুবিন"ৰ পৰা মুক্ত নাছিল। মানৱে কথা কৈছিল (সংলাপ প্ৰক্ষেপন কৰিছিল) জুবিনৰ দৰে। চেহেৰা-শৰীৰ ভাষাতো মানৱ "জুবিন"ৰ পৰা মুক্ত নহয়। তথাপি চিত্ৰৰসিকে জুবিনৰ অভিনয় গ্ৰহণ কৰিছে। মুনিন বৰুৱাৰ "দীনবন্ধু" (২০০৪)-ৰ বিপুলকো দৰ্শকে গ্ৰহণ কৰিছে। চৰিত্ৰ দুটাৰ মাজত দূৰত্ব অতি কম। কিন্তু বিপুলতকৈ মানৱ বেছি উজ্বল। "চৰিত্ৰ" দুটাক চিত্ৰৰসিকে ইতিবাচক সহাৰি দিয়াৰ প্ৰাথমিক কাৰণ-- cinematic acting, যাক আমি বাস্তবিক অভিনয় (realistic acting) বুলিব পাৰোঁ। আমাৰ ধাৰণা-- জুবিনে সততে (যদিওবা চিনেমা পৰিচিলকৰ মাধ্যম) "জুবিন"ৰ মাজতে থাকি "চৰিত্ৰ"ক গতি দিয়ে বা পৰিচালকক চৰিত্ৰ নিৰ্মাণত স...

নৈ কথা | চিনেচৰ্চা

‘নৈ কথা’ এখন অসমীয়া চিনেমা। ড° পঙ্কজ বৰাৰ পৰিচালনা। চিনেমা খনৰ কাহিনী ৰেখাৰ মূল বিন্দু এজন মাচুৱৈ। নাম-- তিলেশ্বৰ, তিলো। নৈপৰীয়া তিলোৰ চালিকা শক্তি, সংসাৰ চলোৱাৰ শক্তি নৈ খনত থকা মাছ কেইটা। তিলোৰ বাবে সমস্যা-- নৈ খনত মাছ কমি আহিছে। আৰু দিনটোৰ পৰিশ্ৰমৰ মূৰকত পোৱা মাছ কেইটাত উচিৎ দাম নিদয়ে, গ্ৰাহকে আগ্ৰহ নেদেখুৱাই।  [বিপৰীতে গ্ৰাহকৰ-- চালানী মাছ, ব্ৰইলাৰ মুৰ্গী প্ৰতিহে! পৰিচালকে কেমেৰাৰ ফ্ৰেমত একেলগে তিলোৰ স্থানীয় নৈৰ মাছৰ, চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ "দোকান" তিনিখন ৰাখিছে। দেখুৱাইছে-- চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ নিৰ্দিষ্ট দাম দিবলৈ ক্ৰেতাই আপত্তি নকৰে, বিপৰীতে তিলোৰ সৈতে কিমান যে দৰ-দাম কেন্দ্ৰিক কথা! চিত্ৰায়ণ--  বাস্তৱিক। পৰিপাটি-- কেমেৰাৰ ভাষা প্ৰয়োগ, যিমান প্ৰয়োজন সিমান সাহিত্যৰ ভাষা ব্যৱহাৰ।]  তিলোৰ ঘৰ নচলে! দুই এমা ডিমা সন্তান আৰু পত্নী বাসন্তীক লৈ তিলোৰ সংসাৰ। প্ৰয়োজনীয় দৈনন্দিন সামগ্ৰী আনোতে আনোতে মহাজনৰ দোকানত "বাকী" বাঢ়ি গৈ আছে।  তিলো হ'তৰ  সমস্যা [সমস্যা কেৱল তিলোৰ নহয়, নৈ পৰীয়া মাচুৱৈৰ। এই দিশটো পৰিচালক পৰিপাটিকৈ স্পষ্ট কৰিছে, কাহিনীৰ গতি...

হেৰোৱা ছন্দ | পূৰ্বালোকন

আৰু এখন চিনেমা-- জাহ্নু বৰুৱাৰ। আৰু এটা গীত-- ইবচন লাল বৰুৱাৰ। কথা-সুৰ-সংগীত ইবচন লাল বৰুৱাৰ।  " দামি গহনা পিন্ধি হাঁহিছা  হাঁহিটিয়েই চোন এটি গহনা  গহনা বুলি ধাতু কিনিছা  কিনিব জানো হাঁহি পাৰিবা পাৰা যদি সুৰ তুমি ঢালিবা  ঢালি গভীৰৰ সঁচা তৰঙ্গ  অঙ্গ ভেদি গান কঁপিব  কঁপি উঠিব হেৰোৱা ছন্দ..." চিনেমাৰ গীত।  চিনেমাৰ নাম: হেৰোৱা ছন্দ।  জাহ্নু বৰুৱাৰ চিনেমা। (জাহ্নু বৰুৱাৰ চিনেমা মানেই মনত ৰৈ যোৱা চিনে-চিন্তা, চুই যোৱা চিনে-সৌন্দৰ্য।) জাহ্নু বৰুৱাৰ বাবে ইয়াৰ পূৰ্বে ইবচন লাল বৰুৱাই নিৰ্মাণ কৰিছিল (নিজৰ কথা, সুৰেৰে) -- "বিষুৱ ৰেখা নাপাওঁ দেখা ভৰিৰ তলত দুখন ধৰা এখন আকাশ আকাশ ফালি মেঘৰ বিবাদ… মোৰ ভগা খিৰিকী পোহৰ দিয়া খিৰিকী মোৰ ভগা খিৰিকী দুৱাৰ খোলা খিৰিকী …" (চিনেমা : ভগা খিৰিকী) পূৰ্বৰ গীতটোৰ দৰে "হেৰোৱা ছন্দ"ৰ বাবে নিৰ্মাণ কৰা গীতটোও চিনে-সৌন্দৰ্যৰে ভৰপূৰ, আমাৰ অনুভৱত। আমাৰ ধাৰণাত গীতটোৰ কথা-সুৰ, গায়কীত চিনেমা খনৰ "কাহিনী" আছে, বিষয়-বস্তু আছে। গীতটোত ব্যৱহাৰ কৰিছে ঊষা উত্থুপ আৰু অনিন্দিতা পলৰ কণ্ঠ। সম্ভৱতঃ ৰূপালী গল্পটোৰ মূল ...