আজি জ্যোতি চিত্ৰবনত শুভ মহূৰৎ হয় ‘ৰাঘৱ’ৰ। অভিনেতা-পৰিচালক,বন্ধু যতীন বৰাৰ নতুন চিনেমা। অসমীয়া চিনেমাৰ অভিনেতা-অভিনেত্ৰী, চিত্ৰৰসিকৰ সৈতে আমিয়ো উপস্থিত থাকো, অভিনেতা গৰাকীৰ মৰম ভৰা আমন্ত্ৰণত।
-----------------------------------------
#অধিনায়ক --যতীন বৰাৰ পৰিচালনাৰে নিৰ্মিত চিনেমা। নায়ক যতীনৰ প্ৰথম পৰিচালনা। ২০০৬ চনত চিত্ৰগৃহলৈ আহিছিল। অনুভৱ কৰিছিলোঁ, চিনেমা খন মুনিন বৰুৱাৰ পৰিচালনা শৈলীৰ পৰা মুক্ত নহয়। এই যে মুক্ত নহয় বুলিছো ইয়াৰ কাৰণ হব পাৰে চিনেমা খনৰ লেখক আছিল মুনিন বৰুৱা। গতিকে চিনেমা খনক লৈ বিশেষ উৎসাহ অনুভৱ কৰা নাছিলো।
#ৰত্নাকৰ মৰমৰ নতুন আখ্যান --যতীন বৰাৰ দ্বিতীয় (চিনেমা) পৰিচালনা। চিত্ৰগৃহলৈ আহিছিল ১১ অক্টোবৰ ২০১৯ -ত। অভিজিৎ ভট্টাচাৰ্যই লিখা এই চিনেমা খনত 'পৰিচালক যতীন বৰা'ৰ চিনেমেটিক কাৰবাৰ অনুভৱ কৰিছিলো। চিনেমা খনৰ 'গল্প' মৌলিক নাছিল। এই যে মৌলিক নাছিল, এয়া দৰ্শকৰ বাবে সমস্যা নাছিল। বিশেষকৈ চিনেমাৰ চিনেমেটিক গতি, সংগীত (গীতৰ চিত্ৰায়ন, গীত। 'এটা কথা ...' হৰ্ষিতা ভট্টাচাৰ্যৰ কণ্ঠত জনপ্ৰিয় হৈছিল।) আৰু চৰিত্ৰ নিৰ্মাণে দৰ্শকক চিত্ৰগৃহলৈ টানিছিল।
--এই যে টানিছিল, চিনেমা খনৰ দ্বিতীয় পৰ্যায়ৰ দৰ্শকক।
--প্ৰথম পৰ্যায়ত টানিছিল সু-পৰিকল্পিত প্ৰচাৰ আৰু 'যতীন ইমেজ'-এ। শেষ পৰ্যন্ত চিনেমা খনৰ সৰ্বমুঠ আয় ১০-১২ কোটি টকা বুলি চৰ্চা হৈছে। (আন এক তথ্য: ১.৩ কোটি টকা বাজেটৰ চিনেমা খনৰ আয় ৯.২৩ কোটি টকা।) এয়া অসমীয়া চিনেমাৰ স্থানীয় বজাৰৰ অভিলেখ।
এতিয়া যতীন বৰা ব্যস্ত তৃতীয় চিনেকৰ্মত। নাম ৰাখিছে #ৰাঘৱ । মূল চৰিত্ৰটোত স্বাভাৱিকতে যতীনেই অভিনয় কৰিব। সংগীত জুবিন গাৰ্গৰ। অহা ১৪ অক্তোবৰত শুভ মহুৰৎ। আৰু তাৰ পাছতে যতীনৰ নিৰ্দেশত কেমেৰা ঘুৰাব, ৰাজ্যৰ বাহিৰৰ ভিতৰৰ লোকেশ্বনত।
--স্বাভাৱিকতে আমি আশা কৰিম আৰু এখন "বজাৰ সফল" চিনেমা। 'ৰত্নাকৰ' দৰে, 'ৰত্নাকৰ'ক নিস্প্ৰভ কৰিব পৰা।
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন