সরাসরি প্রধান সামগ্রীতে চলে যান

Children’s Film Society য়ে চিনেমা খন প্ৰযোজনা কৰিলে কিয়?

The wide shot is a director's best friend' --এই কথা ভালদৰে জানে, নিশ্চয় অনুভৱ কৰে উৎপল বৰপূজাৰীয়ে। কাৰণ পৰিচালক পাছত, আগৰ পৰিচয় চিনেমাৰ দক্ষ সমালোচকহে। দেশ-বিদেশৰ ভালেমান চলচ্চিত্ৰ মহোৎসৱত জুৰীৰ আসনৰ পৰা চিনেমা বিশ্লেষণৰ অভিজ্ঞতাও আছে। এই দক্ষতা, অভিজ্ঞতাৰ বাবেই হয়তো উৎপল বৰপূজাৰীয়ে 'ঈশ্বু'ৰ visual design কৰিছিল লং শ্বট-ৱাড শ্বটক গুৰুত্ব দি। চিনেমা খনৰ ৫০-৬০% শতাংশ লং শ্বটতে (ৱাইড শ্বটক লং শ্বট বা সম্পূৰ্ণ শ্বট বুলি ধৰা হয়।) দেখুৱাইছে। কেমেৰাৰ ভাষাৰে (মেদহীন সংলাপ প্ৰয়োগেৰে) বিষয়বস্তুক কাহিনীৰে বান্ধি গতি দিছে। এনে চিনে সৌন্দৰ্য অসমীয়া চিনেমাত খুব কম দেখা যায়। দেখা নাযায় বুলিলেও অত্যুক্তি নহব।
"ঈশ্বু" চিনেমা খনৰ শিপা মণিকুন্তলা ভট্টাচাৰ্যৰ একে নামৰ উপন্যাস। শিপা বুলি কোৱাৰ কাৰণ, চিনেমা খনৰ চিত্ৰনাট্যকাৰ-পৰিচালক উৎপল বৰপূজাৰীয়ে চিনেকৰ্ম কৰিছে উপন্যাস খনৰ বৃত্তটোৰ পৰা মুক্ত হৈ। গল্প-উপন্যাসক ৰূপালী গল্পলৈ ৰূপান্তৰ কৰিলে সততে 'সাহিত্য'ই 'চিনেমা'ক নিয়ন্ত্ৰন কৰে। আৰু নিয়ন্ত্ৰনে স্বাভাৱিকতে চিনেসৌন্দৰ্য হৃাস কৰে বা কেমেৰত বন্দী নাটকৰ পৰ্যায়তে ৰাখে। এনে দোষৰ পৰা মুক্ত 'ঈশ্বু'। এই যে দোষৰ পৰা মুক্ত, এয়াই চিনেমা খনৰ পৰিচালকৰ প্ৰথম সফলতা। ব্যখ্যাৰ প্ৰয়োজন আছে বুলি নাভাবো, এই সফলতাৰ কাৰণ উপন্যাস খনৰ পৰা মুক্ত হৈ কৰা visual design আৰু  'সাহিত্য'ক 'চিনেমা'ৰ নিয়ন্ত্ৰনলৈ আনিব পৰা (পৰিচালকৰ) দক্ষতা।
--পুৱাৰ পৰিবেশত (ক্ৰেডিট টাইটেলছৰ পাছত) পৰ্দালৈ ঈশ্বু আহে। সৰল মনৰ ঈশ্বু। তাৰ এটা কুকুৰ আছে, ভালু নামৰ কুকুৰ। "সি কিয় বিয়া পাতিব! সি এতিয়া মোৰ সৈতে খেলিবহে। পঢ়া-শুনা কৰি সি ডাঙৰ হ'ব,  ধুনীয়া গৰাল সাজি দিম, তাৰপাছত বিয়া হয় যদি হ'ব।' এনে ধৰণৰ সংলাপৰ মাজেৰে 'সৰল মনৰ ঈশ্বু'ক স্পষ্ট কৰিছে। সৰল মনৰ ঈশ্বুয়ে সকলো কথা সৰল দৃষ্টিৰে চায়। সৰল দৃষ্টি সদায় সত্য। বেজে যেতিয়া ঈশ্বু হতক ডাইনীৰ কথা কয়, সেয়াও সৰল ভাবে চায়, ইজনৰ-সিজনৰ পৰা ডাইনীৰ প্ৰসংগত জানিব খোজে। কিন্তু মানি লব নোখোজে তাৰ অতি মৰমৰ অম্বিকা জেঠীক ডাইনী বুলি কোৱা কথাটো। 'গল্প' আগবাঢ়ে, লাহে লাহে স্পষ্ট হয়-- ঈশ্বুৰ অম্বিকা জেঠীয়ে সেই অঞ্চলৰ মানুহক বন দৰৱ দিয়ে।  বন দৰৱ  ব্যৱহাৰ কৰি গাঁৱৰ লোকসকলৰ বেমাৰ-আজাৰ ভাল হয়। এই যে ভাল হয়, সেই বাবে  বেজে অম্বিকাক নিজৰ প্ৰতিদ্বন্দ্বী বুলি গণ্য কৰিবলৈ লয়। আৰু ঈশ্বুৰ আন এগৰাকী জেঠী ভদ্ৰেশ্বৰীৰ লগ লৈ বেজে অম্বিকাক ডাইনী সজায়। ভদ্ৰেশ্বৰীৰ লক্ষ্য-- অকালতে বিধৱা হোৱা অম্বিকাৰ সা-সম্পত্তি নিজৰ হাতলৈ অনা। অন্ধবিশ্বাসী, অশিক্ষিত গঞাই অম্বিকাৰ ঘৰ জ্বলাই দিয়ে। গঞাৰ অত্যাচাৰৰ বলি অম্বিকাই নদীৰ সিটো পাৰত থকা হাবিত আশ্ৰয় লয়। আৰু শেষত ঈশ্বুৰ সহায়ত পুলিছে হাবিৰ পৰা অম্বিকাক উদ্ধাৰ কৰে। এই খিনিতে আমি উল্লেখ কৰিব পাৰো ডাইনী হত্যাৰ সমস্যা চিনেমা খনৰ প্ৰথম বিষয়বস্তু। কিশোৰ ঈশ্বুৰ দৃষ্টিৰে ডাইনী হত্যাৰ সমস্যাটো চাইছে পৰিচালকে। দ্বিতীয় বিষয়বস্তু অসমৰ হাবিত থকা বনৌষধ। চিনেমা খনৰ শেষত দেখা যায় বনৌষধি বিশেষজ্ঞ ঈশ্বৰ প্ৰসাদ ৰাভা, মানে ঈশ্বুক। বনৌষধি বিশেষজ্ঞ ঈশ্বুই কয়, তেওৰ প্ৰেৰণা আছিল অম্বিকা জেঠী। --এই 'দীঘল গল্প'টো হিচাবি পৰিচালকে 'চুটি ৰূপালী গল্প'লৈ ৰূপান্তৰ কৰিছে কম ফুটেজ ব্যৱহাৰ কৰি। মাত্ৰ এটা শ্বটতে দেখুৱাইছে অসমৰ এখন ভিতৰুৱা জনজাতীয় গাঁৱৰ কিশোৰ ঈশ্বু, তাৰ মাক-দেউতাক, খুড়াক আৰু আইতাকৰ লগতে পোহনীয়া কুকুৰটো। বিষয়বস্তুও আনিছে কম ফুটেজত। কেমেৰ বেছিকৈ ঘুৰিছে ঈশ্বুক কেন্দ্ৰ কৰি। ইশ্বুৰ কৈশোৰ জীৱন-ইশ্বুৰ কৈশোৰ আনন্দৰ পৰিপাটি চিত্ৰায়ণ চিনেমা খনৰ চুই যোৱা সৌন্দৰ্য। এই পৰিপাটি চিত্ৰায়ণে চিনেমা খন চাই থকাৰ সময়ত আমিয়ো নিজৰ "কৈশোৰ" চুই আহিলো। --এয়া পৰিচালকৰ আন এক সফলতা।
চিনেমা খনৰ পটভূমি গোৱালপাৰা জিলাৰ এখন ভিতৰুৱা গাঁৱৰ। পটভূমি পৰিচালকে স্পষ্ট কৰিছে চিনেমা খনত ব্যৱহাৰ কৰা সংলাপৰ ভাষা, সাজ-পাৰ আৰু সংগীতেৰে। সংগীত অনুৰাগ শইকীয়াৰ। চিনেমা খনৰ চিনেমেটিক সৌন্দৰ্য নিৰ্মাণৰ অংশীদাৰ অনুৰাগ শইকীয়াৰ লগতে চিত্ৰগ্ৰহণকাৰী সুমন দুৱৰা আৰু স্বাভাৱিক অভিনয় কৰা (ঈশ্বুৰ চৰিত্ৰত) কপিল গাৰো, অন্যান্য অভিনেতা-অভিনেত্ৰী সকল। পৰিচালকৰ লগতে এই সকলোকো ধন্যবাদ জনালো, 'ঈশ্বু' নামেৰে চিনে আনন্দ দিয়া বাবে।
শেষত:
এই চিনেমা খন অসমৰ বিভিন্ন প্ৰান্তত প্ৰদৰ্শন হোৱা উচিৎ। বিষয়বস্তুৰ কথা মনত ৰাখি কৈছো। কিন্তু চাব ক'ত?  যদি cfsi/nfdc য়ে চিনেমা খন ott ত  release কৰে একাংশ দৰ্শকে নিশ্চয় চোৱাৰ সুযোগ পাব। চিনেমা খন যদি দৰ্শকৰ আঁতৰতে থাকি যায় Children’s Film Society য়ে চিনেমা খন প্ৰযোজনা কৰিলে কিয়?--আমাৰ মনলৈ অহা প্ৰশ্ন।ঈশ্বু by:Utpal Mena

মন্তব্যসমূহ

Other posts

চিনেবোদ্ধা, চিনেযোদ্ধা আৰু অসমীয়া 'চিনেমা নোচোৱা' সীমান্ত শেখৰ /২

উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? ৰাজ্যৰ লগতে দেশ-বিদেশৰ চিনেমাৰ অনুভৱ থকা এই নাম কেইটা উদাহৰণ মাত্ৰ। 'চিনেমা' জনা ( নিৰ্মাণ, বজাৰ, মহোৎসৱ ইত্যাদিৰ দখল থকা) লোকৰ আকাল অসমত আছে বুলি নাভাবো। এই কথা স্পষ্ট 'অসমীয়া চিনেমা'ৰ 'উন্নয়ন'ৰ বাবে অসমীয়া চিনেমাৰ লগতে 'দেশ-বিদেশৰ চিনেমা' জানিব লগিব। অধ্যয়ণ কৰিব লাগিব অধ্যক্ষ গৰাকীয়ে।  ( যদি অধ্যক্ষ গৰাকীৰ কাম কেৱল চহী কৰা, তেতিয়া হ'লে বেলেগ কথা! তেতিয়া আমি জানিব বিছাৰিম-- অধ্যক্ষ গৰাকীয়ে কাৰ নিৰ্দেশত চহী কৰে?) চৰ্চ হৈছে --অধ্যক্ষৰ আসনত বহুওৱা সীমান্ত শেখৰে কোনোবা ইণ্টাৰভিউত হেনো কৈছিল অসমীয়া চিনেমা নাচাওঁ বুলি! যদি এয়া সত্য, স্বাভাবিকতে কব লাগিব --অসমীয়া চিনেমা নোচোৱা অধ্যক্ষ এগৰাকীৰ নেতৃত্বত অসমীয়া চিনেমাৰ উত...

ভূপেন হাজৰিকা, চিনেমা আৰু চিনেমাৰ জাল /৯

Bhupen Hazarika "এৰা বাটৰ সুৰ"-এ চিনে অভিজ্ঞতা দিলে ভূপেন হাজৰিকাক। চিত্ৰৰসিকে ভাল পালে, চিনেমা আলোচকেও প্ৰশংসা কৰিলে-- সেয়াই আছিল প্ৰথম চিনেকৰ্মৰ সুখ। দুখ-- ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ "সুখ" আশা কৰিছিল, নাপালে। নপোৱাৰ বাবে আছৰিত হৈছিল, চিনেমা খনৰ দৰ্শক হোৱা চিনেমা আলোচক সকলো। কলিকতাৰ আলোচক সকলৰ ওচৰত ভৃপেন হাজৰিকাই নিজৰ মনৰ চিনেসুখ প্ৰকাশ কৰিছিল এনেদৰে-- "ছবি ভাল পোৱা সকলে ভাল পাইছে, আপোনালোকে ভাল পাইছে। আপোনালোকৰ ভাল পোৱাই মোৰ সুখ বঢ়াইছে। আৰু ছবি কৰিবলৈ সাহস দিছে। আৰু ছবি কৰিম। 'এৰা বাটৰ সুৰ'ৰ দৰে নহয়, কিছু বেলেগ। 'এৰা বাটৰ সুৰ'-এ শিকালে, যি শিকালে সেই খিনিৰে বেলেগ কৰিম।" (উৎস: চিত্ৰবাণী, সম্পাদক: গৌৰ চট্টোপধ্যায়) প্ৰথম পৰিচালনাৰ প্ৰায় ৪ বছৰ পাছত হাতত ল'লে দ্বিতীয় খন অসমীয়া চিনেমাৰ কাম। ("মোৰ মগজুত খেলালে, মই এখন অসমীয়া ছবি কৰিম। কিন্তু মই কিন্তু নলওঁ। 'এৰাবাটৰ সুৰখন পৰীক্ষামূলক আছিল, কাহিনী নাছিল। গতিশীল সমূহ এটাই বুটলি লোৱা অভিজ্ঞতাখিনিয়েই 'এৰাবাটৰ সুৰ। এইবাৰ মই ক্লাছিক বস্তু, এটা লোৱাৰ কথা ভাবিলোঁ, যিটো গাঁৱ...

গীতটো আৰু এবাৰ শুনাবানে?

assamese singer by: Utpal Mena মহাশ্বেতাই গাইছিল-- "অস্ত আকাশৰে সপোন ৰহণ সানি ক্লান্ত লুইতৰে হেঙুলীয়া পানী। বৈয়ে যায়, বৈয়ে যায়, বৈয়ে যায়..." মঞ্চলৈ উঠি আহিয়ে স্বনামধন্য ভাৰতীয় সৰোদবাদক তথা শাস্ত্রীয় সঙ্গীতজ্ঞ আমজাদ আলী খানে কৈছিল, মহাশ্বেতা গীতটো আৰু এবাৰ শুনাবানে? শুনাইছিল। তন্ময় হৈ শুনিছিল সংগীত নক্ষত্ৰই। ২৪ ছেপ্টেম্বৰ। নতুন দিল্লীৰ শ্ৰীমন্ত শংকৰদেৱ ভৱনত মোৰ ভূপেন হাজৰিকা প্ৰকল্পৰ দ্বিতীয় খণ্ড "Bhupen Hazarika Volume II"  উন্মোচন কৰিছিল সংগীত নক্ষত্ৰ আমজাদ আলী খানে। এই অনুষ্ঠান মুকলি কৰা হৈছিল মহাশ্বেতাই গোৱা "ভূপেন্দ্ৰ সংগীত"টোৰে।  এই যে গীতটো গাইছিল তাৰ আগলৈকে মহাশ্বেতা নামৰ গায়িকা গৰাকীক আমিয়ো জনা নাছিলোঁ। শুনিছিলো মাত্ৰ। ইউটিউবত। কিন্তু ইমান সুন্দৰ সাংগীতিক অনুভৱ কৰা নাছিলোঁ, মঞ্চত "অস্ত আকাশৰে সপোন..." শুনাৰ আগলৈকে। ১৯৫৮ চনতে সুধাকণ্ঠই শব্দ-সুৰেৰে ৰচনা কৰা এই গীতত আকৌ এবাৰ অনুভৱ কৰিছিলোঁ "লুইতৰ অস্ত ৰবিৰ সৌন্দৰ্য", "দুয়ো পাৰে কত মানুহ, কত যে ইতিহাস", "জীৱনৰে দিগন্ত অপাৰ" ইত্যাদি। পাছত মহাশ্বেতাক সুধিছিলোঁ--...

The Seventh String

" The Seventh String by: Utpal Mena "The Seventh String" (দ্যা চেভেন্থ ষ্ট্ৰিং) --নাট্যকৰ্মী বাহাৰুল ইছলামৰ চিনেকৰ্ম। চিনেমা খনৰ লেখক বৰ্ষা বাহাৰ। নাট্যকৰ্মী বাহাৰুল ইছলামৰ তনয়া বৰ্ষা বাহাৰে ইংৰাজিত লিখা এটা চুটি গল্প চিনেমা খনৰ শিপা। --চিনেমা খনত লেখক বৰ্ষা বাহাৰ এটা "চৰিত্ৰ'লৈ ৰূপান্তৰ হৈছে, যিটো "চৰিত্ৰ" (নিষ্ঠা কাশ্যপ) চিনেমা খনৰ মূল বিন্দু, যিটো বিন্দুৰ সৰল ৰৈখিক গতিয়ে আকাৰ দিছে এটা কাহিনীৰ। "বাস্তৱবাদ"ৰ ওচৰৰ কাহিনী, বাস্তৱ অভিনয় (realistic acting) -ৰে নিৰ্মাণ কৰা ৰূপালী গল্পৰ। শীৰ্ষ বিন্দু (climax)-ৰ পৰা গতি কৰিছে নিষ্ঠা কাশ্যপ বিন্দুটো। নিষ্ঠাই মৃত্যু বিচাৰিছে। হাতৰ শিৰা কাটি চৰম সিদ্ধান্ত লোৱাৰ চেষ্টা নিষ্ঠাৰ। এই প্ৰথম বিন্দুটো পৰিচালকে ঠিয় কৰাইছে কেমেৰাৰ ভাষাৰে। কাট কাট-- কেইটা মান শ্বটেৰে। চিনেমেটিক কাৰবাৰত --উত্তেজনা। দৰ্শকক ভাবিবলৈ সময় দিয়া নাই। উত্তেজনাৰ মাজত সোমাবলৈ বাধ্য-- দৰ্শক। আৰু যেতিয়া দৰ্শক উত্তেজনাৰ পৰা মুক্ত হৈছে কাহিনীয়ে আকাৰ লৈ গতি কৰিছে। কাহিনীয়ে দৰ্শকক বন্দী কৰিছে। --ৰূপালী গল্পটো আৰম্ভ হৈছে মুম্বাইত। লো...