সরাসরি প্রধান সামগ্রীতে চলে যান

নিপন গোস্বামী— অসমীয়া চিনেমাৰ এটা যুগ। অসমীয়া চিনেমাৰ “নায়কৰ এটা ইমেজ’

ৰূপালী পৰ্দাৰ ককাদেউতা by: Utpal Mena
 (এক)
২৮ অক্টোবৰ। জ্যোতি চিত্ৰবনত শেষ শ্ৰদ্বা জনাইছিলোঁ শৰীৰৰটোক, হৃদস্পন্দন নথকা নিপন গোস্বামীৰ শৰীটোক। পুৱা ৯-৩০ বজাত শৰীৰটো জ্যোতি চিত্ৰবন ফিল্ম ষ্টুডিঅ'ৰ পৰা লৈ গৈছিল। --নাহে, এই বাটে লাইট-কেমেৰা-একশ্বনৰ মাজলৈ আৰু উভতি নাহে।
২৭ অক্টোবৰত চিৰদিনৰ বাবে জিৰণি লৈছিল, আৰু এনিশা জ্যোতি চিত্ৰবনত থাকি বাট লৈছিল স্থায়ী ঠিকনা নৱগ্ৰহলৈ।
শেষবাৰ নিপনদাক লগ পাইছিলো "অনুৰ"ৰ পোষ্টাৰ মুকলি অনুষ্ঠানত। আন আন কথাৰ মাজতে কৈছিল-- "তুমি মই পৰিচালনা কৰা 'ডক্তৰ বেজবৰুৱা'ৰ খবৰ পোৱা নে নাই! কাম শেষ কৰিলোঁ। ভাল চিনেমা হব। খবৰ দিম, এদিন চিনেমা খন একেলগে চাম। আহিবা!" --আমি নিশ্চয় চাম "ডক্তৰ বেজবৰুৱা-২"। কিন্তু একেলগে চোৱা নহ'ল।

   (দুই)
নিপন গোস্বামী— অসমীয়া চিনেমাৰ এটা যুগ। অসমীয়া চিনেমাৰ “নায়কৰ এটা ইমেজ"। অসমীয়া চিনেমাত ফনী শৰ্মৰ দৰে অভিনেতাই অভিনয় কৰিছিল, বিজয় শংকৰৰ লগতে আৰু কেইবা গৰাকীয়ো অভিনেতাই অভিনয় কৰিছিল, নিপন গোস্বামীয়ে "নায়ক"ৰ চৰিত্ৰত অভিনয় কৰাৰ পূৰ্বে; কিন্তু “নায়কৰ ইমেজ" নিৰ্মাণ হোৱা নাছিল বা অভিনয়ৰে “নায়কৰ ইমেজ"ত নিজকে বন্দী কৰিব পৰা নাছিল। "নায়ক নিপন" বিন্দুটো স্পষ্ট হৈছিল "ডক্তৰ বেজবৰুৱা"ত। আৰু এই বিন্দুটো "জীৱন সুৰভি" লৈ আগবাঢ়িছিল। পাছৰ সময় চোৱাত ভিন্ন "ইমেজ"ত দেখা যায়। --আমাৰ ধাৰণাত, "আজলী নবৌ", "ককাদেউতা নাতি আৰু হাতী"ৰ সফলতাৰ পাছত "নায়ক নিপন" "অভিনেত নিপন"লৈ ৰূপান্তৰ হয় আৰু চিনেমা পৰিচালকে অভিনেতা গৰাকীক লৈ ভিন্ন চৰিত্ৰ নিৰ্মাণত আগ্ৰহী হয়। বিশেষকৈ "ককাদেউতা নাতি আৰু হাতী"ৰ সফলতাই নিস্প্ৰভ কৰে "নায়ক ইমেজ"। এই খিনিতে উল্লেখ কৰিব পাৰি "ককাদেউতা নাতি আৰু হাতী", "ককাদেউতাৰ ঘৰজোঁৱাই" আৰু "কাদম্বৰী” চিনেমা তিনিখনে অভিনেতাগৰাকীক দিছিল আন এক ইমেজ-- ককাদেউতা। ক'ব পাৰি এই ইমেজত অভিনেতাগৰাকীয়ে বেছি জনপ্রিয়তা পাইছিল।
--আমি মন কৰিছোঁ, ভালেমান কম ফুটেজৰ চৰিত্ৰটো অভিনয় কৰিছিল নিপন গোস্বীয়ে। আন সময়ৰ কথা বাদ দিলো, যি সময়ত জনপ্ৰিয়তাৰ শীৰ্ষত, সেই সময়তো কম ফুটেজৰ চৰিত্ৰত অভিনয় কৰিছিল। উদহৰণ-- "অপৰূপা" (১৯৮২)। সেই সময় চোৱাত অসমীয়া চিনেমাৰ "নায়কৰ যুদ্ধ" এখন এনেদৰে ধাৰণা কৰি লোৱা হৈছিল-- বিজু ফুকন বনাম নিপন গোস্বামী। গতিকে আমাৰ মনলৈ প্ৰশ্ন আহিছিল, যি খন চিনেমাৰ নায়ক বিজু ফুকন, সেই খন চিনেমাত নিপন গোস্বামীয়ে অতি কম ফুটেজৰ চৰিত্ৰত অভিনয় কৰিলে কিয়? প্ৰশ্নটো মনতে ৰাখি নথৈ যেতিয়া ১৯৯৪ চনত সাক্ষাৎকাৰ লবলৈ গৈছিলোঁ, তেতিয়া অভিনেতা গৰাকীৰ সন্মুখত মুকলি কৰি দিছিলোঁ। অভিনেতা গৰাকীয়ে হাঁহিছিল, আৰু কৈছিল-- "আমাৰ অসমীয়া ছবিৰ জগত খন সৰু, ঘৰুৱা। কামবোৰ ঘৰৰ দৰে হয়। জাহ্নু বৰুৱাই ছবি পৰিচালনাৰ শিক্ষা লৈ আহিছে। এখন ছবি কৰিব। চৰিত্ৰ এটাত অভিনয় কৰি মই সহায় কৰিব লাগে। মই মোৰ চৰিত্ৰটো শুনিছিলোঁ। ভাল লাগিছিল। সৰু, মজাৰ চৰিত্ৰ। গতিকে কৰিছিলোঁ। মূল চৰিত্ৰ এটাত বিজু ফুকনে অভিনয় কৰিব বুলি জাহ্নু বৰুৱাই মোক জনাইছিল। মই ভাল পাইছিলো। বিজু ফুকন মোৰ ভাল বন্ধু। আমাৰ বন্ধুত্বৰো কাহিনী এটা আছে। মোৰ বাবে ডাঙৰ ত্যাগ কৰিছিল বিজু ফুকনে। "ডক্তৰ বেজবৰুৱা"ৰ নায়কৰ চৰিত্ৰটোৰ বাবে প্ৰথমে বিজু ফুকনৰ কথা ভাবিছিল পৰিচালকে। পাছত চৰিত্ৰটোত যে মই অভিনয় কৰিলো, সহজতে মানি লৈছিল বিজু ফুকনে। খং নকৰি চকুত নপৰা চৰিত্ৰত অভিনয়ো কৰিছিল। "ডক্তৰ বেজবৰুৱা"ৰ চৰিত্ৰটোত অভিনয় কৰিমেই বুলি বিজু ফুকনে জেদ কৰিলে মই চৰিত্ৰটোত অভিনয়ৰ বাবে নিজকে ৰাজি কৰাব নোৱাৰিলো হেতেন! --সেই তেতিয়াৰে পৰা আমি ভাল বন্ধু। মোৰ সফলতাই বিজু ফুকনক আনন্দ দিয়ে, বিজু ফুকনৰ সফলতাই মোক আনন্দ দিয়ে।"
   (তিনি)
    কহিনুৰ থিয়েটাৰৰ মঞ্চত "অসীমত যাৰ হেৰাল সীমা"। কাঞ্চন বৰুৱাৰ একে নামৰ উপন্যাসৰ নাট্যৰূপ। নাট্যকাৰ প্ৰফুল্ল বৰা। ৮০-৮১ নাট্যবৰ্ষ। --এই নাটক খনৰ চন্দনৰ (নাটক খনৰ মূল চৰিত্ৰ) চৰিত্ৰৰ অভিনয় কৰিছিল নিপন গোস্বামীয়ে। তেতিয়ালৈকে আমাৰ মনত নিপন গোস্বামী কেন্দ্ৰীক কোনোধৰণৰ "ইমেজ" নাছিল। চিনেমাৰ নায়ক বুলি জানিছিলোঁ, ইমানেই। (আমাৰ গাৱঁত সেই সময়তো চিত্ৰগৃহ নাছিল, আজিও নাই।) নাটক চোৱাৰ পাছদিনা আমাৰ গাৱঁৰ নাট্যকৰ্মী ভৈৰৱ বৰ্মণ, সূৰ্য মজুমদাৰ, উগ্ৰ মেনা, ভোগী বৰ্মণ আদিয়ে নিপন গোস্বামীক মাজত বহুৱাই বেলশৰ মিলন শিল্পী সংঘৰ পুথিভড়ালত কথা পাতি আছিল, আমি খিৰিকীৰে জুমি চাইছিলোঁ। আৰু চকুৱে চকুৱে পৰাত খুড়া উগ্ৰ মেনাই মাতি নি নিপন গোস্বামীক একেবাৰে ওচৰৰ পৰা চোৱাৰ সুযোগ দিছিল। সেয়াই আছিল আমাৰ প্ৰথম "নিপন গোস্বামী দৰ্শন" (--হয়, আগদিনা নাটকত নিপন গোস্বামীক দেখিছিলোঁ; কিন্তু গেলাৰীৰ পৰা ভালদৰে দেখা নাছিলো।) আৰু দ্বিতীয়বাৰ? ১৯৯৪ চনত। "আজিৰ সংবাদ" নামৰ দৈনিক কাকত এখনত এখন সংবাদকৰ্ম আৰম্ভ কৰাৰ পাছত সাক্ষাৎকাৰ লৈছিলোঁ। আৰু পৰৱৰ্তী সময়ত কিমান বাৰ যে লগ পাইছো, কথা পাতিছো। নিপনদাক লগ পোৱা সেই সময় সদায় মনৰ মাজত সেউজ হৈ থাকিব।

(চাৰি)

"অভিনয়ক বাদ দি মোৰ পক্ষে জীয়াই থকা সম্ভৱ নহয়। সম্ভৱ নহয় বাবেই ম‍ই অভিনয় যিকোনো মাধ্যমতে কৰি গৈছোঁ।" —এয়া অভিনেতাগৰাকীৰ উত্তৰ। উত্তৰ দিছিল আমাৰ প্ৰশ্নৰ। অসমীয়া চিনেমাৰ কাম কমি গৈছিল। বিপৰীতে ভিডিঅ' চিনেমাৰ বজাৰ এখন গঢ়ি উঠিছিল। চিনেমাৰ দৰে ভিডিঅ' চিনেমাতো ব্যস্ত হৈছিল নিপন গোস্বামী। অসমীয়া চিনেমাৰ তাৰকা গৰাকীয়ে ভিডিঅ' চিনেমাত অভিনয় কৰাটো আমি সহজ ভাবে লব পৰা নাছিলো। এই প্ৰসংগতে আছিল আমাৰ প্ৰশ্ন। "জীৱন বাটৰ লগৰী"ৰ লোকেশ্বনত।
"জীৱন বাটৰ লগৰী" নামৰ অসমীয়া চিনেমাৰ শ্বুটিং চলিছিল কাৰ্বি আংলঙৰ লোকেচনত। চিনেমাখনৰ মূল চৰিত্ৰটোত অভিনয় কৰিছিল নিপন গোস্বামীয়ে। আমি আছিলোঁ চিনেমাখনৰ প্রযোজক-পৰিচালকৰ আলহী।  শ্বট দিয়াৰ মাজে মাজে আমাৰ সৈতে মত বিনিময় কৰিছিল অভিনেতাগৰাকীয়ে। ইটো-সিটো কথাৰ পৰা অনুভৱ কৰিছিলোঁ, গ্লেমাৰাৰ বাবে নহয়, "অভিনয়"ৰ বাবেহে অভিনয় কৰিবলৈ অহা বাবেই হয়তো সত্তৰৰ দশকৰ পৰা অভিনয় কৰি আছে। দৰ্শকৰ মন-মগজু অভিনয়েৰে স্পৰ্শ কৰি আছে। অভিনেতা গৰাকী চৰিত্ৰৰ সন্ধানত আছে, এনে চৰিত্ৰ, যিটো চৰিত্ৰত সম্পূৰ্ণ অভিনয় ক্ষমতা প্ৰয়োগ কৰিব পাৰে। "অভিনয়ৰ পাঠশালাৰ পৰা অভিনয় শিকিলো, অভিনয় কৰি গৈ থাকোতে অভিনয় শিকিলো, যি শিকিলো, সেয়া নিজৰ মাজতে আছে। প্ৰয়োগৰ বাবে চৰিত্ৰ নাপালোঁ। আগতে নায়কৰ চৰিত্ৰত অভিনয় কৰিছিলোঁ, এতিয়া নায়ক-নায়িকাৰ দেউতাক, ককাক, খুড়াকৰ চৰিত্ৰত অভিনয় কৰিছোঁ। কৰিবলৈ বিশেষ একো নাথাকে। পৰিচালকে বিছৰা ধৰণে অভিনয় কৰো। মনতে ভাবি থাকো-- মোৰ বয়সৰ কথা মনত ৰাখি, মোৰ বাবে বেলেগ ধৰণৰ চৰিত্ৰ ৰচনা হব নোৱাৰে নে!" (৫ এপ্ৰিল ২০১৪)

(পাঁচ)
ব্ৰজেন বৰুৱাৰ"ডক্তৰ বেজবৰুৱা"ই অসমীয়া চিনেমাৰ বজাৰলৈ সোণালী সুদিন আনিছিল।  "নায়ক"ৰ চৰিত্ৰত অভিনয় কৰিছিল নিপন গোস্বামীয়ে। এই চিনেমাখনেই আছিল নায়ক গৰাকীৰ প্ৰথম সফলতা।
—এইখন কিন্তু নায়ক গৰাকীৰ প্রথমখন অসমীয়া চিনেমা নহয়। প্রথম অভিনয় কৰা  চিনেমাখন হ'ল অমন পাঠকৰ পৰিচালনাৰে নিৰ্মিত "সংগ্রাম" (শিশু চৰিত্ৰত অভিনয় কৰিছিল "পিয়লি ফুকন"ত)। পুনে ফিল্ম ইনস্টিটিউটত অভিনয়ৰ শিক্ষা গ্ৰহণ কৰি থকা সময়তে ‘শ্বট' দিয়ে। আমাৰ সৈতে হোৱা আলাপত অভিনেতাগৰাকীয়ে কৈছিল— “তুমি জানা মোৰ জন্ম তেজপুৰত । এতিয়াও তেজপুৰত নাট্যচর্চা-সংগীত চৰ্চাৰ সুন্দৰ পৰিৱেশ আছে। আমি যেতিয়া স্থূল কলেজৰ ছাত্ৰ আছিলোঁ, তেতিয়া আৰু বেছি সুন্দৰ আছিল। আমাৰ ঘৰখনতো আছিল 'সাংস্কৃতিক চর্চা'ৰ সুন্দৰ পৰিৱেশ। দেউতা চন্দ্ৰধৰ গোস্বামী, আমাৰ সেই অঞ্চলৰে নহয়, সেই সময়ত অসমৰ নাম থকা অভিনেতা। ১৯৫৭ চনত চিত্রগৃহলৈ অহা "পিয়লি ফুকন"ত অভিনয় কৰিছিল। ময়ো অলপ সময়ৰ বাবে অভিনয় কৰিছিলোঁ। তেতিয়াই মোৰ মনলৈ আহিছিল— চিনেমাতে অভিনয় কৰিম যেতিয়া অভিনয় শিকাৰ প্ৰয়োজন আছে। সেয়েহে ১৯৬৫ চনত মই পুনে ফিল্ম ইনষ্টিটিউট লৈ গৈছিলোঁ। অভিনয় শিকিবলৈ। 'চিনেমাৰ অভিনয়' জানিবলৈ। তাৰ পৰা উভতি আহিয়ে সুযোগ পাইছিলোঁ 'ডক্তৰ বেজবৰুৱা'ত অভিনয় কৰাৰ।"—এই চিনেমাখনে অভিনেতাগৰাকীক 'ৰোমাণ্টিক নায়কৰ 'ইমেজ' দিছিল। এই 'ইমেজ' -এৰে অভিনয় কৰিছিল 'বৰুৱাৰ সংসাৰ', 'অভিযান', 'অনুতাপ', 'আশ্রয়', 'মেঘমুক্তি', 'দূৰণিৰ ৰং, ঘৰ-সংসাৰ', 'নয়নমণি' আদি চিনেমাত।
--নিপন গোস্বামীয়ে 'দো আনজানে', 'বিৰোধ' আৰু 'নৌকা' নামৰ হিন্দী চিনেমাতো অভিনয় কৰিছিল। সাধাৰণ চৰিত্ৰত, কম ফুটেজৰ চৰিত্ৰত। অভিনয় কৰিছিল দুখন বাংলা চিনেমা 'তৃষাৰ তীৰ্থ', 'দেৱগুলি আৰু মৌচুমী 'তো। এই “চৰিত্ৰবোৰ অৱশ্যেই নিষ্প্রভ অভিনেতাগৰাকীয়ে অসমীয়া চিনেমা, নাটক, টিভি ধাৰাবাহিক, ভিডিঅ' চিনেমাত কৰা "চৰিত্ৰ"বোৰৰ ওচৰত।
"পর্দা"ৰ অভিনয়ৰ লগতে মঞ্চতো অভিনয় কৰি গৈছিল নিপন গোস্বামীয়ে। বিশেষভাৱে উল্লেখ কৰিব পাৰি মহেন্দ্ৰ বৰঠাকুৰৰ নাটক "সৰাপাতত বসন্ত", কহিনুৰ থিয়েটাৰৰ প্রযোজনা "অসীমত যাৰ হেৰাল সীমা", 'হেঙুল থিয়েটাৰৰ প্রযোজনা "পগলা চাহাব"ৰ হৃদয়স্পর্শী অভিনয়।

মন্তব্যসমূহ

Other posts

চিনেবোদ্ধা, চিনেযোদ্ধা আৰু অসমীয়া 'চিনেমা নোচোৱা' সীমান্ত শেখৰ /২

উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? ৰাজ্যৰ লগতে দেশ-বিদেশৰ চিনেমাৰ অনুভৱ থকা এই নাম কেইটা উদাহৰণ মাত্ৰ। 'চিনেমা' জনা ( নিৰ্মাণ, বজাৰ, মহোৎসৱ ইত্যাদিৰ দখল থকা) লোকৰ আকাল অসমত আছে বুলি নাভাবো। এই কথা স্পষ্ট 'অসমীয়া চিনেমা'ৰ 'উন্নয়ন'ৰ বাবে অসমীয়া চিনেমাৰ লগতে 'দেশ-বিদেশৰ চিনেমা' জানিব লগিব। অধ্যয়ণ কৰিব লাগিব অধ্যক্ষ গৰাকীয়ে।  ( যদি অধ্যক্ষ গৰাকীৰ কাম কেৱল চহী কৰা, তেতিয়া হ'লে বেলেগ কথা! তেতিয়া আমি জানিব বিছাৰিম-- অধ্যক্ষ গৰাকীয়ে কাৰ নিৰ্দেশত চহী কৰে?) চৰ্চ হৈছে --অধ্যক্ষৰ আসনত বহুওৱা সীমান্ত শেখৰে কোনোবা ইণ্টাৰভিউত হেনো কৈছিল অসমীয়া চিনেমা নাচাওঁ বুলি! যদি এয়া সত্য, স্বাভাবিকতে কব লাগিব --অসমীয়া চিনেমা নোচোৱা অধ্যক্ষ এগৰাকীৰ নেতৃত্বত অসমীয়া চিনেমাৰ উত...

ভূপেন হাজৰিকা, চিনেমা আৰু চিনেমাৰ জাল /৯

Bhupen Hazarika "এৰা বাটৰ সুৰ"-এ চিনে অভিজ্ঞতা দিলে ভূপেন হাজৰিকাক। চিত্ৰৰসিকে ভাল পালে, চিনেমা আলোচকেও প্ৰশংসা কৰিলে-- সেয়াই আছিল প্ৰথম চিনেকৰ্মৰ সুখ। দুখ-- ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ "সুখ" আশা কৰিছিল, নাপালে। নপোৱাৰ বাবে আছৰিত হৈছিল, চিনেমা খনৰ দৰ্শক হোৱা চিনেমা আলোচক সকলো। কলিকতাৰ আলোচক সকলৰ ওচৰত ভৃপেন হাজৰিকাই নিজৰ মনৰ চিনেসুখ প্ৰকাশ কৰিছিল এনেদৰে-- "ছবি ভাল পোৱা সকলে ভাল পাইছে, আপোনালোকে ভাল পাইছে। আপোনালোকৰ ভাল পোৱাই মোৰ সুখ বঢ়াইছে। আৰু ছবি কৰিবলৈ সাহস দিছে। আৰু ছবি কৰিম। 'এৰা বাটৰ সুৰ'ৰ দৰে নহয়, কিছু বেলেগ। 'এৰা বাটৰ সুৰ'-এ শিকালে, যি শিকালে সেই খিনিৰে বেলেগ কৰিম।" (উৎস: চিত্ৰবাণী, সম্পাদক: গৌৰ চট্টোপধ্যায়) প্ৰথম পৰিচালনাৰ প্ৰায় ৪ বছৰ পাছত হাতত ল'লে দ্বিতীয় খন অসমীয়া চিনেমাৰ কাম। ("মোৰ মগজুত খেলালে, মই এখন অসমীয়া ছবি কৰিম। কিন্তু মই কিন্তু নলওঁ। 'এৰাবাটৰ সুৰখন পৰীক্ষামূলক আছিল, কাহিনী নাছিল। গতিশীল সমূহ এটাই বুটলি লোৱা অভিজ্ঞতাখিনিয়েই 'এৰাবাটৰ সুৰ। এইবাৰ মই ক্লাছিক বস্তু, এটা লোৱাৰ কথা ভাবিলোঁ, যিটো গাঁৱ...

গীতটো আৰু এবাৰ শুনাবানে?

assamese singer by: Utpal Mena মহাশ্বেতাই গাইছিল-- "অস্ত আকাশৰে সপোন ৰহণ সানি ক্লান্ত লুইতৰে হেঙুলীয়া পানী। বৈয়ে যায়, বৈয়ে যায়, বৈয়ে যায়..." মঞ্চলৈ উঠি আহিয়ে স্বনামধন্য ভাৰতীয় সৰোদবাদক তথা শাস্ত্রীয় সঙ্গীতজ্ঞ আমজাদ আলী খানে কৈছিল, মহাশ্বেতা গীতটো আৰু এবাৰ শুনাবানে? শুনাইছিল। তন্ময় হৈ শুনিছিল সংগীত নক্ষত্ৰই। ২৪ ছেপ্টেম্বৰ। নতুন দিল্লীৰ শ্ৰীমন্ত শংকৰদেৱ ভৱনত মোৰ ভূপেন হাজৰিকা প্ৰকল্পৰ দ্বিতীয় খণ্ড "Bhupen Hazarika Volume II"  উন্মোচন কৰিছিল সংগীত নক্ষত্ৰ আমজাদ আলী খানে। এই অনুষ্ঠান মুকলি কৰা হৈছিল মহাশ্বেতাই গোৱা "ভূপেন্দ্ৰ সংগীত"টোৰে।  এই যে গীতটো গাইছিল তাৰ আগলৈকে মহাশ্বেতা নামৰ গায়িকা গৰাকীক আমিয়ো জনা নাছিলোঁ। শুনিছিলো মাত্ৰ। ইউটিউবত। কিন্তু ইমান সুন্দৰ সাংগীতিক অনুভৱ কৰা নাছিলোঁ, মঞ্চত "অস্ত আকাশৰে সপোন..." শুনাৰ আগলৈকে। ১৯৫৮ চনতে সুধাকণ্ঠই শব্দ-সুৰেৰে ৰচনা কৰা এই গীতত আকৌ এবাৰ অনুভৱ কৰিছিলোঁ "লুইতৰ অস্ত ৰবিৰ সৌন্দৰ্য", "দুয়ো পাৰে কত মানুহ, কত যে ইতিহাস", "জীৱনৰে দিগন্ত অপাৰ" ইত্যাদি। পাছত মহাশ্বেতাক সুধিছিলোঁ--...

The Seventh String

" The Seventh String by: Utpal Mena "The Seventh String" (দ্যা চেভেন্থ ষ্ট্ৰিং) --নাট্যকৰ্মী বাহাৰুল ইছলামৰ চিনেকৰ্ম। চিনেমা খনৰ লেখক বৰ্ষা বাহাৰ। নাট্যকৰ্মী বাহাৰুল ইছলামৰ তনয়া বৰ্ষা বাহাৰে ইংৰাজিত লিখা এটা চুটি গল্প চিনেমা খনৰ শিপা। --চিনেমা খনত লেখক বৰ্ষা বাহাৰ এটা "চৰিত্ৰ'লৈ ৰূপান্তৰ হৈছে, যিটো "চৰিত্ৰ" (নিষ্ঠা কাশ্যপ) চিনেমা খনৰ মূল বিন্দু, যিটো বিন্দুৰ সৰল ৰৈখিক গতিয়ে আকাৰ দিছে এটা কাহিনীৰ। "বাস্তৱবাদ"ৰ ওচৰৰ কাহিনী, বাস্তৱ অভিনয় (realistic acting) -ৰে নিৰ্মাণ কৰা ৰূপালী গল্পৰ। শীৰ্ষ বিন্দু (climax)-ৰ পৰা গতি কৰিছে নিষ্ঠা কাশ্যপ বিন্দুটো। নিষ্ঠাই মৃত্যু বিচাৰিছে। হাতৰ শিৰা কাটি চৰম সিদ্ধান্ত লোৱাৰ চেষ্টা নিষ্ঠাৰ। এই প্ৰথম বিন্দুটো পৰিচালকে ঠিয় কৰাইছে কেমেৰাৰ ভাষাৰে। কাট কাট-- কেইটা মান শ্বটেৰে। চিনেমেটিক কাৰবাৰত --উত্তেজনা। দৰ্শকক ভাবিবলৈ সময় দিয়া নাই। উত্তেজনাৰ মাজত সোমাবলৈ বাধ্য-- দৰ্শক। আৰু যেতিয়া দৰ্শক উত্তেজনাৰ পৰা মুক্ত হৈছে কাহিনীয়ে আকাৰ লৈ গতি কৰিছে। কাহিনীয়ে দৰ্শকক বন্দী কৰিছে। --ৰূপালী গল্পটো আৰম্ভ হৈছে মুম্বাইত। লো...