সরাসরি প্রধান সামগ্রীতে চলে যান

আৰু অভিজিৎ ভট্টাচাৰ্য, লভিতা ... /১

সামাজিক মাধ্যমত "লভিতা" চৰ্চা। নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্য কেন্দ্ৰীক চৰ্চা। এই চৰ্চাৰ যুক্তি আছে, প্ৰয়োজন আছে। জ্যোতি প্ৰসাদ আগৰৱালাৰ সেউজ নাট্যকৰ্মক বিকৃত কৰাৰ অধিকাৰ কাৰো নাই। অভিজিৎ ভট্টাচাৰ্যৰো নাই। আৰু সম্পাদনা কৰি (দুই-তিনিটা দৃশ্য বাদ দি) মঞ্চস্থ কৰা নাট্যকৰ্মী সকলৰো নাই। 
বহুতৰে প্ৰশ্ন, অভিজিৎ ভট্টাচাৰ্য কেন্দ্ৰীক "লভিতা" চৰ্চা আমি কিয় কৰা নাই। 
আৱাহন থিয়েটাৰত মঞ্চস্থ নাটক খন  চোৱা, সেই বাবে লিখা নাই। --আমাৰ উত্তৰ।
কেতিয়া চাব? ...কেতিয়া লিখিব?
এসময়ত চাইছিলো, লিখিছিলো। এতিয়া মই ভ্ৰাম্যমাণ থিয়েটাৰৰ নাটক নাচাও। নিলিখো। --আমাৰ উত্তৰ।
কাৰণ নিশ্চয় আছে।
হয়, আছে। অভিজিৎ ভট্টাচাৰ্য কেন্দ্ৰীক চৰ্চা কৰি-কৰি ভাগৰ লাগিছে। "দৰা হ'ব কোন?" ৰ পৰা...। মোৰ লগত আছিল মাত্ৰ এগৰাকী, হাজোৰ ৰাকেশ প্ৰকাশ। সেই সময়ত অভিজিৎ ভট্টাচাৰ্যৰ নাটকে ভ্ৰাম্যমাণ থিয়েটাৰক অবাটে নিব বুলি লিখাৰ 'অপৰাধ'তে মই অকলশৰীয়া হৈছিলো।( অ', অকলশৰীয়া নহয়, মোৰ সৈতে আছিল ৰাকেশ।) --সেই সময়ত থিয়েটাৰ দেখুৱাবলৈ প্ৰতিখন দৈনিক কাকতৰে সাংস্কৃতিক পৃষ্ঠাৰ দায়িত্বত থকা 'সাংবাদিক' গৰাকীক আমন্ত্ৰণ কৰি নিছিল। আমাক বাদ দি। আমন্ত্ৰিত সকল গৈ অভিজিৎ ভট্টাচাৰ্যৰ নাটক চাইছিল, বলিউড শৈলীৰ নাটক লিখিবলৈ উৎসাহ দিছিল। ইমানতে শেষ নহয়, দুই-এক 'সাংবাদিকে' আমাক অভিজিৎ ভট্টাচাৰ্যৰ নাটকক প্ৰশংসা নকৰাৰ 'অপৰাধত'  তাচ্ছিল্য কৰি লিখিছিল।
 --সেই যে মোক তাচ্ছিল্য কৰি লিখিছিল, সেই সকলৰে এগৰাকীয়ে  এতিয়া অভিজিৎ ভট্টাচাৰ্য কেন্দ্ৰীক "লভিতা" চৰ্চাত আগভাগ লৈছে। ভাল কথা। "দৰা হ'ব কোন?" ৰ সময়ত, তাৰ পাছৰ সময় চোৱাত এই গৰাকী সাংবাদিকে ৰাকেশ আৰু মোক সমৰ্থন কৰিলে অভিজিৎ ভট্টাচাৰ্য কেন্দ্ৰীক "লভিতা" চৰ্চা আজি আঁতৰতে থাকিল হেতেন!
এই খিনিতে আমাৰ মত স্পষ্ট, সেই সকলো সমানেই দোষি, যি সকলে "নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্য" নিৰ্মণ কৰিছিল, বলিউডৰ চিনেমাৰ পৰা, দক্ষিণ ভাৰতৰ চিনেমাৰ পৰা কাটকুট কৰি "চিত্ৰহাৰ মাৰ্কা" নাটক লিখা কাৰ্যত উৎসাহ দিছিল। --সেই সময়ত আমি মন কৰিছিলো, অসমীয়া কাকত-আলোচনী "অভিজিত বন্দনা"ৰে ভৰি পৰিছিল। আনৰ কথা বাদেই দিলো, ভবেশ বৰুৱাৰ দৰে অভিনেতাৰ মুখতো শুনিছিলো, "অভিজিত ভট্টাচায্যৰ দৰে নাটক বুজা, অভিনেতাক বুজা নাট্যকাৰ মই ভ্ৰাম্যমাণত পোৱা নাছিলো।" আছৰিত হৈছিলো, মোৰ প্ৰিয় নেতা গৰাকীৰ মুখত এই কথা শুনি। আছৰিত হোৱাৰ কাৰণ, এই গৰাকী অভিনেতায়ে ভ্ৰাম্যমাণ থিয়েটাৰলৈ ভৱেন্দ্ৰ নাথ শইকীয়া, মহেন্দ্ৰ বৰঠাকুৰৰ নাটক আনিছিল।
-------------------------------------------------------------------
১৯৯৪ চনৰ পৰা ২০০২ চনলৈ ভ্ৰাম্যমাণ থিয়েটাৰৰ খবৰ ৰখা নাছিলো, আমাৰ কৰ্মস্থান (মুম্বাই) সলনি হোৱা বাবে। এই সময় চোৱাত ভ্ৰাম্যমাণ থিয়েটাৰৰ ভালেমান পৰিৱৰ্তন হৈছিল। পৰিৱৰ্তনৰ এটা-- আন্তৰিকতাৰে নিজৰ পকেটৰ টকা খৰচ কৰি ভ্ৰাম্যমাণ থিয়েটাৰৰ 'খবৰ' লিখা অলিখিত নিয়মটোৰ সলনি 'পেইড নিউজ ষ্টাইল' আৰম্ভ হৈছে। এই যে 'পেইড নিউজ ষ্টাইল' আৰম্ভ হৈছিল, তেতিয়াৰে পৰা প্ৰযোজক পক্ষৰ নিয়ন্ত্ৰনলৈ গৈছিল কোন খন নাটকৰ বিষয়ে কেনেদৰে লিখিব ইত্যাদি কথা। প্ৰযোজক পক্ষৰ পৰা "ৰেডিমেট নিউজ" আহিছিল; আৰু সেইবোৰ কাকতৰ নাটক-চিনেমাৰ পৃষ্ঠাত লগোৱাতো অলিখিত নিয়ম আছিল, সৰহ সংখ্যক কাকতৰ বিভাগীয় সম্পাদকৰ। এই অলিখিত নিয়মৰ বিপৰীতে যোৱা বাবে আমি কেনেধৰণ সমস্যাৰ মাজত পৰি হাহাকাৰ অনুভৱ কৰিছিলো, এই প্ৰসংগ পাছলৈ ৰাখিছো।
-------------------------------------------------------------------
#wait (আৰু আছে।)

মন্তব্যসমূহ

Other posts

চিনেবোদ্ধা, চিনেযোদ্ধা আৰু অসমীয়া 'চিনেমা নোচোৱা' সীমান্ত শেখৰ /২

উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? ৰাজ্যৰ লগতে দেশ-বিদেশৰ চিনেমাৰ অনুভৱ থকা এই নাম কেইটা উদাহৰণ মাত্ৰ। 'চিনেমা' জনা ( নিৰ্মাণ, বজাৰ, মহোৎসৱ ইত্যাদিৰ দখল থকা) লোকৰ আকাল অসমত আছে বুলি নাভাবো। এই কথা স্পষ্ট 'অসমীয়া চিনেমা'ৰ 'উন্নয়ন'ৰ বাবে অসমীয়া চিনেমাৰ লগতে 'দেশ-বিদেশৰ চিনেমা' জানিব লগিব। অধ্যয়ণ কৰিব লাগিব অধ্যক্ষ গৰাকীয়ে।  ( যদি অধ্যক্ষ গৰাকীৰ কাম কেৱল চহী কৰা, তেতিয়া হ'লে বেলেগ কথা! তেতিয়া আমি জানিব বিছাৰিম-- অধ্যক্ষ গৰাকীয়ে কাৰ নিৰ্দেশত চহী কৰে?) চৰ্চ হৈছে --অধ্যক্ষৰ আসনত বহুওৱা সীমান্ত শেখৰে কোনোবা ইণ্টাৰভিউত হেনো কৈছিল অসমীয়া চিনেমা নাচাওঁ বুলি! যদি এয়া সত্য, স্বাভাবিকতে কব লাগিব --অসমীয়া চিনেমা নোচোৱা অধ্যক্ষ এগৰাকীৰ নেতৃত্বত অসমীয়া চিনেমাৰ উত...

ভূপেন হাজৰিকা, চিনেমা আৰু চিনেমাৰ জাল /৯

Bhupen Hazarika "এৰা বাটৰ সুৰ"-এ চিনে অভিজ্ঞতা দিলে ভূপেন হাজৰিকাক। চিত্ৰৰসিকে ভাল পালে, চিনেমা আলোচকেও প্ৰশংসা কৰিলে-- সেয়াই আছিল প্ৰথম চিনেকৰ্মৰ সুখ। দুখ-- ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ "সুখ" আশা কৰিছিল, নাপালে। নপোৱাৰ বাবে আছৰিত হৈছিল, চিনেমা খনৰ দৰ্শক হোৱা চিনেমা আলোচক সকলো। কলিকতাৰ আলোচক সকলৰ ওচৰত ভৃপেন হাজৰিকাই নিজৰ মনৰ চিনেসুখ প্ৰকাশ কৰিছিল এনেদৰে-- "ছবি ভাল পোৱা সকলে ভাল পাইছে, আপোনালোকে ভাল পাইছে। আপোনালোকৰ ভাল পোৱাই মোৰ সুখ বঢ়াইছে। আৰু ছবি কৰিবলৈ সাহস দিছে। আৰু ছবি কৰিম। 'এৰা বাটৰ সুৰ'ৰ দৰে নহয়, কিছু বেলেগ। 'এৰা বাটৰ সুৰ'-এ শিকালে, যি শিকালে সেই খিনিৰে বেলেগ কৰিম।" (উৎস: চিত্ৰবাণী, সম্পাদক: গৌৰ চট্টোপধ্যায়) প্ৰথম পৰিচালনাৰ প্ৰায় ৪ বছৰ পাছত হাতত ল'লে দ্বিতীয় খন অসমীয়া চিনেমাৰ কাম। ("মোৰ মগজুত খেলালে, মই এখন অসমীয়া ছবি কৰিম। কিন্তু মই কিন্তু নলওঁ। 'এৰাবাটৰ সুৰখন পৰীক্ষামূলক আছিল, কাহিনী নাছিল। গতিশীল সমূহ এটাই বুটলি লোৱা অভিজ্ঞতাখিনিয়েই 'এৰাবাটৰ সুৰ। এইবাৰ মই ক্লাছিক বস্তু, এটা লোৱাৰ কথা ভাবিলোঁ, যিটো গাঁৱ...

গীতটো আৰু এবাৰ শুনাবানে?

assamese singer by: Utpal Mena মহাশ্বেতাই গাইছিল-- "অস্ত আকাশৰে সপোন ৰহণ সানি ক্লান্ত লুইতৰে হেঙুলীয়া পানী। বৈয়ে যায়, বৈয়ে যায়, বৈয়ে যায়..." মঞ্চলৈ উঠি আহিয়ে স্বনামধন্য ভাৰতীয় সৰোদবাদক তথা শাস্ত্রীয় সঙ্গীতজ্ঞ আমজাদ আলী খানে কৈছিল, মহাশ্বেতা গীতটো আৰু এবাৰ শুনাবানে? শুনাইছিল। তন্ময় হৈ শুনিছিল সংগীত নক্ষত্ৰই। ২৪ ছেপ্টেম্বৰ। নতুন দিল্লীৰ শ্ৰীমন্ত শংকৰদেৱ ভৱনত মোৰ ভূপেন হাজৰিকা প্ৰকল্পৰ দ্বিতীয় খণ্ড "Bhupen Hazarika Volume II"  উন্মোচন কৰিছিল সংগীত নক্ষত্ৰ আমজাদ আলী খানে। এই অনুষ্ঠান মুকলি কৰা হৈছিল মহাশ্বেতাই গোৱা "ভূপেন্দ্ৰ সংগীত"টোৰে।  এই যে গীতটো গাইছিল তাৰ আগলৈকে মহাশ্বেতা নামৰ গায়িকা গৰাকীক আমিয়ো জনা নাছিলোঁ। শুনিছিলো মাত্ৰ। ইউটিউবত। কিন্তু ইমান সুন্দৰ সাংগীতিক অনুভৱ কৰা নাছিলোঁ, মঞ্চত "অস্ত আকাশৰে সপোন..." শুনাৰ আগলৈকে। ১৯৫৮ চনতে সুধাকণ্ঠই শব্দ-সুৰেৰে ৰচনা কৰা এই গীতত আকৌ এবাৰ অনুভৱ কৰিছিলোঁ "লুইতৰ অস্ত ৰবিৰ সৌন্দৰ্য", "দুয়ো পাৰে কত মানুহ, কত যে ইতিহাস", "জীৱনৰে দিগন্ত অপাৰ" ইত্যাদি। পাছত মহাশ্বেতাক সুধিছিলোঁ--...

The Seventh String

" The Seventh String by: Utpal Mena "The Seventh String" (দ্যা চেভেন্থ ষ্ট্ৰিং) --নাট্যকৰ্মী বাহাৰুল ইছলামৰ চিনেকৰ্ম। চিনেমা খনৰ লেখক বৰ্ষা বাহাৰ। নাট্যকৰ্মী বাহাৰুল ইছলামৰ তনয়া বৰ্ষা বাহাৰে ইংৰাজিত লিখা এটা চুটি গল্প চিনেমা খনৰ শিপা। --চিনেমা খনত লেখক বৰ্ষা বাহাৰ এটা "চৰিত্ৰ'লৈ ৰূপান্তৰ হৈছে, যিটো "চৰিত্ৰ" (নিষ্ঠা কাশ্যপ) চিনেমা খনৰ মূল বিন্দু, যিটো বিন্দুৰ সৰল ৰৈখিক গতিয়ে আকাৰ দিছে এটা কাহিনীৰ। "বাস্তৱবাদ"ৰ ওচৰৰ কাহিনী, বাস্তৱ অভিনয় (realistic acting) -ৰে নিৰ্মাণ কৰা ৰূপালী গল্পৰ। শীৰ্ষ বিন্দু (climax)-ৰ পৰা গতি কৰিছে নিষ্ঠা কাশ্যপ বিন্দুটো। নিষ্ঠাই মৃত্যু বিচাৰিছে। হাতৰ শিৰা কাটি চৰম সিদ্ধান্ত লোৱাৰ চেষ্টা নিষ্ঠাৰ। এই প্ৰথম বিন্দুটো পৰিচালকে ঠিয় কৰাইছে কেমেৰাৰ ভাষাৰে। কাট কাট-- কেইটা মান শ্বটেৰে। চিনেমেটিক কাৰবাৰত --উত্তেজনা। দৰ্শকক ভাবিবলৈ সময় দিয়া নাই। উত্তেজনাৰ মাজত সোমাবলৈ বাধ্য-- দৰ্শক। আৰু যেতিয়া দৰ্শক উত্তেজনাৰ পৰা মুক্ত হৈছে কাহিনীয়ে আকাৰ লৈ গতি কৰিছে। কাহিনীয়ে দৰ্শকক বন্দী কৰিছে। --ৰূপালী গল্পটো আৰম্ভ হৈছে মুম্বাইত। লো...