বাৰ, তাৰিখ মনত নাই। ২০০৮ চনৰ এটা দিন। মই "অসমীয়া প্ৰতিদিন"ৰ সম্পাদনা বিভগৰ সৈতে জড়িত আছিলো, সেই সময়ত। কাকত খনৰ সাংস্কৃতি পৃষ্ঠাটো সম্পাদনা কৰা-লিখা, বুধবৰীয়া বিশেষ পৃষ্ঠাৰ বাবে লিখা, "সম্ভৰ" সম্পাদনাত সেই সময়ৰ কাকত খনৰ সম্পাদক অজিত কুমাৰ ভূঞাক সহায় কৰা, ইমানেই মোৰ কাম। এদিন কাম সামৰি উভতাৰ বাটত এগৰাকী ব্যক্তিক লগ পাইছিলোঁ। লগ পাইছিলোঁ মানে, ব্যক্তি গৰাকিয়ে আগবাঢ়ি আহি মোৰ সৈতে চিনাকী হৈছিল। ব্যক্তি গৰাকীক অনুৰোধ কৰাত আমাৰ ঘৰলৈ আহিছিল। বহু সময় কথা পাতিছিলোঁ। অসমীয়া চিনেমাৰ বজাৰ কেন্দ্ৰীক কথা পাতিছিলোঁ। কাৰণ দুই-এটা কথা পতাৰ পাছতে অনুভৱ কৰিছিলো, সেই সময়ৰ কেইবাখনো জনপ্ৰিয় ভিডিঅ' ছবিৰ প্ৰযোজক গৰাকীৰ "চিনেমা বজাৰ"ত দখল আছে। প্ৰযোজক এগৰাকীৰ থাকিব লগীয়া জ্ঞান খিনিয়ো আছে। (ভিডিঅ' ছবিৰ বাবে) কাহিনী নিৰ্বচন, চিত্ৰনাট্যকাৰ নিৰ্বাচন আদি নিজে কৰি পৰিচালকৰ হাতত তুলি দিয়ে। সেই দিনায়ে অনুভৱ কৰিছিলো, "অসমীয়া চিনেমা"ই এগৰাকী ভাল প্ৰযোজক পাব। নাম-- নুৰুল চুলতান। (অসমীয়া চিনেমাৰ প্ৰযোজকৰ দায়িত্ব "টকা দিয়া"তেই শেষ। বাজেট-বজাৰ আদিয়ো পৰিচালকেই চিন্তা কৰিব লাগে। দুই-তিনিজন মানহে প্ৰকৃত প্ৰযোজক বিছাৰি পোৱা যাব।)
প্ৰযোজনা দক্ষতা আৰু লেখা-মেলাতো দখল থকা বাবে সেই তেতিয়াৰে পৰা নুৰুল চুলতানৰ সৈতে আমাৰ সম্পৰ্ক। --কেতিয়াবা চিনেমা কেন্দ্ৰীক কথা পাতো, লগ পালে, "ফোন"ত।
--সময় গৈ থাকিল।
এদিন পৰিচালক যদুমণি দত্ত আহিছিল, আমাৰ ঘৰলৈ। কথা প্ৰসংগত কৈছিল, চিনেমা এখনৰ কাম হাতত লৈছে। নুৰুল চুলতানে প্ৰযোজনা কৰিব।
'জেতুকা পাতৰ দৰে' নেকি? ... আইমী বৰুৱাই অভিনয় কৰিব!
"আপুনি কেনেকৈ জানিলে?"
নুৰুল চুলতানে কৈছে। মুনিন বৰুৱাই চিত্ৰনাট্য লিখা নাই জানো!
"হয়।" বুলিছিল যদুমণি দত্তই।
আৰু সময়ত সেই চিনেমা খন সম্পূৰ্ণ হৈছিল, অসমীয়া চিনেমাৰ শিতানত শ্ৰেষ্ঠ চিনেমাৰ ৰাষ্ট্ৰীয় বঁটাও পাইছিল। --এই গৰাকী প্ৰযোজকৰে শেহতীয়া চিনেমা "বেলকনিত ভগৱান" (God on the Balcony)। লেখক, পৰিচালক --বিশ্বজিত বৰা। (চিনেমা খনৰ চৰ্চা যথাস্থানত ...) চিনেমা খন বৰ্তমান চিত্ৰগৃহত।
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন