সরাসরি প্রধান সামগ্রীতে চলে যান

আৰু সান্নিধ্য ( যতীন বৰা -২)

১৯৯৩ – ১৯৯৭ আছিল গুৱাহাটী দূৰদৰ্শনৰ ধাৰাবাহিকৰ সোণালী সময় । আৰু এই সময় চোৱাতে অভিনয় ক্ষমতাৰে ‘ ধাৰাবাহিকৰ নায়ক ইমেজ ‘ পাইছিল যতীন বৰাই। কথা প্ৰসংগত এদিন লেখক-পৰিচালক মুনিন বৰুৱাই কৈছিল, "যতীনক মই কেইবাখনো ধাৰাবাহিকত লক্ষ্য কৰিছিলোঁ। মনতে ঠিক কৰিছিলোঁ, ৰোমাণ্টিক চিনেমা এখন কৰিম! এদিন কথা প্ৰসংগত বিজু ফুকনে যতীনৰ কথা কৈছিল। প্ৰশংসা কৰিছিল। আৰু যেতিয়া যতীনক  থিয়েটাৰত পাইছিলোঁ, সিন্ধান্ত লৈছিলোঁ, মনতে --মোৰ নতুন চিনেমাৰ নায়ক যতীনেই হব। "হিয়া দিয়া নিয়া"ৰ পাছত "দাগ", "নায়ক", "কন্যাদান" কৰিলোঁ, যতীনক লৈ। এতিয়া দেখিছাই এই খনৰো ("বিধাতা"ৰ চিত্ৰগ্ৰহণ স্থলিত আমি কথা পাতিছিলোঁ। আমাৰ প্ৰশ্নৰ উত্তৰত যি কৈছিল, সেয়া প্ৰকাশ পাইছিল অজিত কুমাৰ ভূঞা সম্পাদিত দৈনিক কাকত "আজি"ত। "বিধাতা" চিত্ৰগৃহলৈ আহিছিল ২০০৩-ত।) নায়ক যতীন। আন এগৰাকী অভিনেতাক লৈ "কন্যাদান"ৰ পৰিকল্পনা কৰিছিলোঁ। চিত্ৰনাট্যৰ কাম শেষ হোৱাৰ পাছত অনুভৱ কৰিলোঁ, মই মনতে ভৱা অভিনেতা গৰাকী যতীনৰ বিকল্প হব নোৱাৰে।"
"অভিনেতা যতীন বৰা" প্ৰসংগত ভাইমনদাই (মুনিন বৰুৱা) কোৱা আৰু কিছু কথাৰ পৰা ধাৰণা কৰিছিলোঁ --চৰিত্ৰ নিৰ্মাণ প্ৰক্ৰিয়া সহজ কৰি (পৰিচালকক) দিয়ে। সহজতে "চৰিত্ৰ"ৰ মাজত সোমাব পৰা ক্ষমতা আছে যতীনৰ। ("হিয়া দিয়া নিয়" চিত্ৰগৃহলৈ অহাৰ পাছত চৰ্চ হৈছিল ৰবি শৰ্মাৰ উত্থান, ৰোমাণ্টিক নায়ক ইমেজত ৰবিয়ে যতীন বৰাক নিস্প্ৰভ কৰিব প্ৰসংগ। "হিয়া দিয়া নিয়া" ৰবিয়ে অভিনয় কৰা প্ৰথম চিনেমা। কিন্তু সময়ত স্পষ্ট হ'ল যতীন বৰাৰ উত্থান। কাৰণ? --যতীনৰ অভিনয় ক্ষমতা, অভিনয়ৰ বাবে পৰিশ্ৰম কৰিব পৰা ক্ষমতা।)
চিনেমাত অভিনয় কৰাৰ মন; কিন্তু যতীনৰ হাতলৈ চিনেমা অহা নাছিল। সৰু পৰ্দাৰ ধাৰাবাহিকত অভিনয় কৰি কিছু উপাৰ্জন অৱশ্যেই কৰিছিল। ( "মোৰ এটা নোটবুক আছিল। চিনেমাৰ অপেক্ষাত আছিলোঁ। চিনেমাত সুবিধা কৰিব নোৱাৰাত টি ভিৰ ধাৰাবাহিকত ব্যস্ত হৈছিলোঁ। একে লগে কেইবাখনো ধাৰাবাহিকত অভিনয়ৰ সুযোগ পাইছিলোঁ। প্ৰতি খনকে নিৰ্দিষ্ট সময় দি সৰু নোটবুকটোত লিখি থৈছিলোঁ। প্ৰতিদিনে তেতিয়া চলিব পৰা জোখাৰে ধাৰাবাহিকৰ পৰা উপাৰ্জন কৰিছিলোঁ। সেই সময়ত বহুতে মোক ভ্ৰাম্যমাণ থিয়েটাৰলৈ যোৱাৰ কথা কৈছিল, যিহেতু মই নাটকৰ মানুহ। সৰুৰে পৰা নাটকত অভিনয় কৰিছিলোঁ। মঞ্চ নাটকত কৰা অভিনয় দেখিয়ে মোক আব্দুল মজিদে "উত্তৰকাল"ত অভিনয়ৰ সুযোগ দিছিল।" --যতীন বৰা, মোৰ প্ৰশ্নৰ উত্তৰত। সম্পূৰ্ণ সাক্ষাৎকাৰটো প্ৰকাশ পাইছিল "আজিৰ সংবাদ" নামৰ দৈনিক কাকত খনত। ১৯৯৪ চনৰ জুন মাহৰ দ্বিতীয় শুকুৰবাৰে, মই সম্পাদনা কৰা "সুন্দৰম" পৃষ্ঠাত।) যিমান দূৰ জানো, আৰ্থিক কাৰণতে ধাৰাবাহিকৰ লগতে ভ্ৰাম্যমাণ থিয়েটাৰতো অভিনয় কৰাৰ সিদ্ধান্ত লৈছিল ১৯৯৪ চনত। ১৯৯৪-৯৫ নাট্যবৰ্ষত চুক্তিবদ্ধ হৈছিল হেঙুল থিয়েটাৰৰ সৈতে। প্ৰযোজক প্ৰশান্ত হাজৰিকাৰ সৈতে। প্ৰশান্ত হাজৰিকাই কৈছিল--"যতীন বৰা অভিনয়ৰ ভাল ছাত্ৰ। সহজতে চৰিত্ৰ আয়ত্ব কৰিব পাৰে। অভিনয়ৰ ছাত্ৰইহে শিকিব পাৰে, অভিনেতাই নোৱাৰে।" ( "সাদিন"/ পবিত্ৰ কুমাৰ ডেকা)
--সেই সময়ত ভ্ৰাম্যমাণ থিয়েটাৰত যতীন বৰাৰ গুৰুত্ব বাঢ়িছিল, কেৱল অভিনয় ক্ষমতাৰ বাবে, দক্ষ নাট্যকৰ্মী প্ৰশান্ত হাজৰিকাই কোৱা "গুণ"টোৰ বাবে।(আমি মঞ্চত যতীন বৰাৰ অভিনয় দেখা নাছিলো, সেই সময়ত, ডিচেম্বৰ ২০০১ লৈকে আমাৰ কৰ্ম স্থান মুম্বাই আছিল বাবে। ভ্ৰাম্যমাণ থিয়েটাৰৰ মঞ্চত যতীন বৰাৰ উত্তৰণ প্ৰসংগত কৈছিল পবিত্ৰদাই (লেখক, সাংবাদিক-সম্পাদক পবিত্ৰ কুমাৰ ডেকাই।)। যতীন বৰাৰ হাতলৈ চিনেমাৰ কাম অহা নাছিল। ৩ নৱেম্বৰ ১৯৯৫ -ত চিত্ৰগৃহলৈ অহা অসমীয়া চিনেমা "আই কিল্ড হিম ছাৰ" ( পৰিচালনা: প্ৰদীপ গগৈ) আৰু ড°ভৱেন্দ্ৰ নাথ শইকীয়াৰ পৰিচালনাৰে নিৰ্মিত হিন্দী চিনেমা "কালসন্ধ্যা" (১৯৯৭) -ত অভিনয়ৰ সুযোগ পাইছিল যদিও চিনেব্যস্ততা নাছিল। আকৌ ব্যস্ত হৈছিল ভ্ৰম্যমাণ থিয়েটাৰত। ১৯৯৫-৯৬ আৰু ১৯৯৬-৯৭ নাট্যবৰ্ষত অভিনয় কৰিছিল আৱাহন থিয়েটাৰৰ মঞ্চত।
(১৯৯৭ চন।  এদিন ” কিংষ্টাৰ ” নামৰ চিনে সাপ্তাহিক খনত দেখিলো আশিষ বিদ্যার্থীৰ সৈতে যতীন বৰাৰ স্থিৰ চিত্ৰ । হিন্দী চিনেমা ” কালসন্ধ্যা “ৰ । কাকত খনৰ পেন’ৰামা শিতানত তিনি কলনত লোৱা ফটো খনৰ তলত ছুটি লেখা । পৰিচালক ভবেন্দ্ৰ নাথ শইকীয়াৰ পৰিচালনা শৈলী আৰু যতীন বৰাৰ প্ৰশংসা । আৰু ২০০০ চনত সেই একেখন কাকততে যতীনৰ ফটো দেখিছিলো , উত্তৰ – পূৱৰ চিনেমাৰ শিতানত । ফটোৰ তলত ” কেপচন ” — মুনিন বৰুৱাৰ “হিয়া দিয়া নিয়া ” ৰ প্ৰথম সপ্তাহৰ কালেকচন এশ শতাংশ ।পাছত গুৱাহাটীলৈ আহি চিনেমা দুখন চাই ” যতীনৰ অভিনয় ” অনুভৱ কৰিছিলো । চিনেমা দুখনত কৰা অভিনয়ৰ কথা মনত ৰাখি “বিস্ময় “ত লিখিছিলো — অসমীয়া চিনেমাৰ পৰিচালকে এজন সম্পূৰ্ণ অভিনেতা পালে।)
আৱাহন থিয়েটাৰৰ আখৰা শিৱিৰতে মুনিন বৰুৱাই "নায়ক যতীন বৰা"  নিৰ্মাণৰ ব্লু-প্ৰিণ্ট আঁকিছিল।আৰু সফলো হৈছিল। পৰৱৰ্তী সময়ত (ক) ” কালসন্ধ্যা ” , (খ) ” হিয়া দিয়া নিয়া “ৰ বাটেৰে আগবাঢ়িছিল যতীন বৰাৰ অভিনয় কেৰিয়াৰ । যতীনৰ অভিনয় ক্ষমতাৰ দিশটো মনত ৰাখি কম — (ক) বাটটো অতি চুটি আছিল । স্বাভিবিকতে কম — এয়া অসমীয়া চিনেমাৰ ক্ষতি। অভিনেতা গৰাকীৰো ক্ষতি ।
চিত্ৰৰসিকক বহুমাত্ৰিক অভিনৰে সন্তুষ্ট কৰিব পৰাৰ ক্ষমতা থকা স্বত্বেও কিয় ব্যৱহাৰ নহ’ল ! আনকি জাহ্নু বৰুৱাৰ ” বন্ধন ” তো কিয় ব্যৱহাৰ নহ’ল ! — নিঃসন্দেহে চিত্ৰৰসিকৰ বাবে চৰ্চাৰ বিষয় । ” বন্ধন “তো ব্যবহাৰ হৈছে ” মুনিন বৰুৱাৰ নায়ক ” গৰাকী বা মুনিন বৰুৱাই নিৰ্মাণ কৰা ” যতীন ইমেজ ” । কিছু ব্যতিক্ৰম সঞ্জীৱ সভাপণ্ডিতৰ পৰিচালনাৰে নিৰ্মিত ” জুয়ে পোৰা সোন ” ৰ যতীন বৰা । আজিও অপেক্ষাত আছো — যতীন বৰাৰ সম্পূৰ্ণ অভিনয় ক্ষমতা ব্যৱহাৰ হোৱা ” শ্ৰেষ্ঠ চৰিত্ৰ ” এটাৰ । ” আই কিল্ড হিম ছাৰ ” – এৰে খোজ দি অসমীয়া চিনেমাৰ ” নায়কৰ ট্ৰেক “ত বিশেষ ইমেজ লৈ আগবাঢ়ে ” হিয়া দিয়া নিয়া “ৰে ।
অভিনয় কৰে — অহংকাৰ , তুমি মোৰ মাথোঁ মোৰ , দাগ , শেষ উপহাৰ ,অন্য এক যাত্ৰা , কইনা মোৰ ধুনীয়া ( ** পৰিচালক সুমন হৰিপ্ৰিয়াই যতীন বৰাক লৈ ” কমেডী হিৰো ” নিৰ্মাণৰ চেষ্টা কৰিছে । সফল হোৱা নাই বুলি কব নোৱাৰি । কিন্তু ” চৰিত্ৰ ” গৈ গৈ মুনিন বৰুৱাই নিৰ্মাণ কৰা ইমেজত বন্দী হয় । ) , এই মৰম তোমাৰ বাবে , নায়ক , প্ৰেম আৰু প্ৰেম , জীৱন নদীৰ দুটি পাৰ , কন্যাদান , প্ৰিয়া অ’ প্ৰিয়া , ত্যাগ , মিঠা মিঠা লগনত , প্ৰেমগীত , অগ্নিসাক্ষী , প্ৰিয়া মিলন , বিধাতা ( * মুনিন বৰুৱাৰ পৰিচালনা । এই চিনেমা খনত পৰিচালকে অভিনেতা গৰাকীক চেহেৰাৰ অভিনয়ৰ সুযোগ দিছিল বা পৰিচালকে যতীনৰ চেহেৰাৰ ভাষা আৰু কেমেৰাৰ ভাষাৰে কেইবাটাও ছিকুৱেঞ্চ ৰচনা কৰিছিল । — কথা প্ৰসংগত যতীনে কৈছিল , ” মই চিনেমাৰ নায়ক হলো , অভিনেতা হব পৰা নাই । ” মই কৈছিলো — আপোনাৰ ধাৰণা শুদ্ধ নহয় । ” কালসন্ধ্যা ” ,”নায়ক “ত অভিনেতা যতীন বৰাক দেখিছো । অৱশ্যে পিছৰ সময় চোৱাত ” নায়ক যতীন বৰাৰ ওচৰত ” অভিনেতা যতীন বৰা ” নিস্প্ৰভ হৈছিল । ) , এয়াই জোনাকবিহীন জীৱন , জুমন সুমন , উজনীৰ দুজনী গাভৰু , হেঁপাহ (* মুনিন বৰুৱাই নিৰ্মাণ কৰা ইমেজৰ পৰা মুক্ত আছিল যতীন বৰাৰ অভিনয় ।পৰিচালক শংকৰ বৰুৱাই যতীনৰ লগতে আন অভিনেতা – অভিনেত্ৰীকো ” বাস্তৱ অভিনয় কৰোৱাইছিল । কথা প্ৰসংগত , “হেঁপাহ “ৰ কাম চলি থাকোতে শংকৰ বৰুৱাই কৈছিল , ” মই মাত্ৰ এখন অসমীয়া চিনেমা চাইছো । জাহ্নু বৰুৱাৰ ‘ হালধীয়া চৰায়ে বাঁও ধান খায় ‘ । … ” — এই যে চোৱা নাছিল , সেই বাবেই হয়তো যতীন বৰাই মুনিন বৰুৱাই নিৰ্মাণ কৰা ইমেজৰ পৰা মুক্ত হৈ অভিনয় কৰাৰ সুযোগ পাইছিল । — এনেদৰে কোৱাৰ বা ভবাৰ যুক্তি ? ২০০৮ চনৰ এটা নিশা । জ্যোতি চিত্ৰবনত চিনেমা এখনৰ চিত্ৰগ্ৰহণ চলি আছে ।শ্বটৰ ফাকে ফাকে আমাৰ সৈতে যতীনৰ আলাপ বা আড্ডা । “নায়িকা ” ই খুব এন জি দিছে । গতিকে ” নায়ক ” কিছু সময়ৰ বাবে মুক্ত ! ইটো – সিটো কথা চলি আছে । হঠাতে চিত্ৰগ্ৰহণ চলি থকা চিনেমা খনৰ পৰিচালক গৰাকী আহি কৈছিল , ” যতীন তুমিযে ‘ নায়ক ‘ত … ওলাই আহিছিলা , এতিয়া যে শ্বটটো লম , ঠিক তেনেকৈ আহিবা ! ” — গতিকে ভবাৰ যুক্তি নিশ্চয় আছে । ) , মা তুমি অনন্যা , হৃদয় কঁপোৱা গান , বাৰুদ , কাদম্বৰী , ৰং . দীনবন্ধু ( অতিথি শিল্গী । ** চিনেমা খনৰ চিত্ৰনাট্যৰ কাম চলি থকা সময়ত চৰ্চা হৈছিল — মূল চৰিত্ৰটোত যতীন বৰাই অভিনয় কৰিব । সেই সময়ত মই এই প্ৰসংগত দৈনিক কাকত ” আজি “ত লিখিছিলো । ভাইমন দা , মানে পৰিচিলক মুনিন বৰুৱাই মিছা বুলি কোৱা নাছিল ।
পিছত চৰ্চা হৈছিল — চৰিত্ৰটোত অভিনয় কৰিবলৈ মান্তি নহ’ল যতীন বৰা ! এই চৰ্চ যদি সঁচা আছিল , কব লাগিব — যতীন বৰাৰ সিদ্ধান্ত শুদ্ধ নাছিল । অভিনয় ক্ষমতা প্ৰদৰ্শনৰ সুযোগ আছিল । — এই প্ৰসংগত মই কেইবাবাৰো লিখিছো । ভাইমন দাই মিছা বুলি কোৱা নাছিল । আজিলৈকে যতীন বৰাই মিছা বুলি কোৱা নাই । ) , চুৰেন চোৰৰ পুতেক , চেনাই মোৰ ঢুলীয়া , অঘৰী আত্মা , অধিনায়ক (* যতীন বৰাৰ প্ৰথম পৰিচালনা । চিত্ৰনাট্য মুনিন বৰুৱাৰ । পৰিচালক যতীনে অভিনেতা যতীনক মুনিন বৰুৱাই নিৰ্মাণ কৰা ইমেজৰ পৰা মুক্ত কৰিব নোৱাৰিলে । ) , দেউতা দিয়া বিদায় , ধুনীয়া তিৰোতাবোৰ , ৰামধেনু , জানমণি (* ৰজেশ ভূঞাৰ পৰিচালনা । যতীনৰ শৰীৰ অভিনয়ৰ সুপ্ৰয়োগ ! ) , হিয়া দিবা কাক , জিলমিল জোনাক , দূৰদৰ্শন…এটি যন্ত্ৰ , বহ্নিমান ( * বিশ্বজিত বৰাৰ পৰিচালনা । বিশ্বজিতে যতীনক লৈ ” এণ্টি হিৰো ” নিৰ্মাণ কৰিছে । সফল হৈছে। যতীনৰ অভিনয় চিনেমা খনৰ — চমক । ) , নিজানৰ গান , ৰত্নাকৰ ( * যতীন বৰাৰ দ্বিতীয় পৰিচালনা । সফল পৰিচালনা । ) ত । "ৰত্নাকৰ"ত মুনিন বৰুৱাই নিৰ্মাণ কৰা ইমেজটোৰ পৰা নিজকে মুক্ত কৰিছিল যতীন বৰাই। ৰোমাণ্টিক-এংৰি ইমেজৰ যতীনক দেখিছিলোঁ। আৰু দেখিছিলোঁ নায়ক সুলভ আছৰণ। হয়তো যতীনৰ তৃতীয় পৰিচালনাত "অন্য এগৰাকী যতীন"ক দেখিম! (আৰু আছে। অহা সংখ্যাত)

মন্তব্যসমূহ

এই ব্লগটি থেকে জনপ্রিয় পোস্টগুলি

চিনেমাৰ জুবিন

জুবিন গাৰ্গ অভিনেতা নাছিল। "অভিনেতা জুবিন" নিৰ্মাণ কৰিছিল বা নিৰ্মাণ কৰাইছিল। "গায়ক ইমেজ"ৰ পৰা "নায়ক ইমেজ"ৰ মাজত বন্দী হব পাৰিছিল "মনযায়"ত। এম মণিৰামৰ পৰিচালনাৰে নিৰ্মান কৰা অসমীয়া চিনেমা "মনযায়"ত মানৱৰ চৰিত্ৰত দৰ্শকে, চিত্ৰৰসিকে গ্ৰহণ কৰিছে। চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ২০০৮ চনত। বিশ্লেষণ কৰিলে স্পষ্ট হয়-- মানৱ কিন্তু "জুবিন"ৰ পৰা মুক্ত নাছিল। মানৱে কথা কৈছিল (সংলাপ প্ৰক্ষেপন কৰিছিল) জুবিনৰ দৰে। চেহেৰা-শৰীৰ ভাষাতো মানৱ "জুবিন"ৰ পৰা মুক্ত নহয়। তথাপি চিত্ৰৰসিকে জুবিনৰ অভিনয় গ্ৰহণ কৰিছে। মুনিন বৰুৱাৰ "দীনবন্ধু" (২০০৪)-ৰ বিপুলকো দৰ্শকে গ্ৰহণ কৰিছে। চৰিত্ৰ দুটাৰ মাজত দূৰত্ব অতি কম। কিন্তু বিপুলতকৈ মানৱ বেছি উজ্বল। "চৰিত্ৰ" দুটাক চিত্ৰৰসিকে ইতিবাচক সহাৰি দিয়াৰ প্ৰাথমিক কাৰণ-- cinematic acting, যাক আমি বাস্তবিক অভিনয় (realistic acting) বুলিব পাৰোঁ। আমাৰ ধাৰণা-- জুবিনে সততে (যদিওবা চিনেমা পৰিচিলকৰ মাধ্যম) "জুবিন"ৰ মাজতে থাকি "চৰিত্ৰ"ক গতি দিয়ে বা পৰিচালকক চৰিত্ৰ নিৰ্মাণত স...

নৈ কথা | চিনেচৰ্চা

‘নৈ কথা’ এখন অসমীয়া চিনেমা। ড° পঙ্কজ বৰাৰ পৰিচালনা। চিনেমা খনৰ কাহিনী ৰেখাৰ মূল বিন্দু এজন মাচুৱৈ। নাম-- তিলেশ্বৰ, তিলো। নৈপৰীয়া তিলোৰ চালিকা শক্তি, সংসাৰ চলোৱাৰ শক্তি নৈ খনত থকা মাছ কেইটা। তিলোৰ বাবে সমস্যা-- নৈ খনত মাছ কমি আহিছে। আৰু দিনটোৰ পৰিশ্ৰমৰ মূৰকত পোৱা মাছ কেইটাত উচিৎ দাম নিদয়ে, গ্ৰাহকে আগ্ৰহ নেদেখুৱাই।  [বিপৰীতে গ্ৰাহকৰ-- চালানী মাছ, ব্ৰইলাৰ মুৰ্গী প্ৰতিহে! পৰিচালকে কেমেৰাৰ ফ্ৰেমত একেলগে তিলোৰ স্থানীয় নৈৰ মাছৰ, চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ "দোকান" তিনিখন ৰাখিছে। দেখুৱাইছে-- চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ নিৰ্দিষ্ট দাম দিবলৈ ক্ৰেতাই আপত্তি নকৰে, বিপৰীতে তিলোৰ সৈতে কিমান যে দৰ-দাম কেন্দ্ৰিক কথা! চিত্ৰায়ণ--  বাস্তৱিক। পৰিপাটি-- কেমেৰাৰ ভাষা প্ৰয়োগ, যিমান প্ৰয়োজন সিমান সাহিত্যৰ ভাষা ব্যৱহাৰ।]  তিলোৰ ঘৰ নচলে! দুই এমা ডিমা সন্তান আৰু পত্নী বাসন্তীক লৈ তিলোৰ সংসাৰ। প্ৰয়োজনীয় দৈনন্দিন সামগ্ৰী আনোতে আনোতে মহাজনৰ দোকানত "বাকী" বাঢ়ি গৈ আছে।  তিলো হ'তৰ  সমস্যা [সমস্যা কেৱল তিলোৰ নহয়, নৈ পৰীয়া মাচুৱৈৰ। এই দিশটো পৰিচালক পৰিপাটিকৈ স্পষ্ট কৰিছে, কাহিনীৰ গতি...

হেৰোৱা ছন্দ | পূৰ্বালোকন

আৰু এখন চিনেমা-- জাহ্নু বৰুৱাৰ। আৰু এটা গীত-- ইবচন লাল বৰুৱাৰ। কথা-সুৰ-সংগীত ইবচন লাল বৰুৱাৰ।  " দামি গহনা পিন্ধি হাঁহিছা  হাঁহিটিয়েই চোন এটি গহনা  গহনা বুলি ধাতু কিনিছা  কিনিব জানো হাঁহি পাৰিবা পাৰা যদি সুৰ তুমি ঢালিবা  ঢালি গভীৰৰ সঁচা তৰঙ্গ  অঙ্গ ভেদি গান কঁপিব  কঁপি উঠিব হেৰোৱা ছন্দ..." চিনেমাৰ গীত।  চিনেমাৰ নাম: হেৰোৱা ছন্দ।  জাহ্নু বৰুৱাৰ চিনেমা। (জাহ্নু বৰুৱাৰ চিনেমা মানেই মনত ৰৈ যোৱা চিনে-চিন্তা, চুই যোৱা চিনে-সৌন্দৰ্য।) জাহ্নু বৰুৱাৰ বাবে ইয়াৰ পূৰ্বে ইবচন লাল বৰুৱাই নিৰ্মাণ কৰিছিল (নিজৰ কথা, সুৰেৰে) -- "বিষুৱ ৰেখা নাপাওঁ দেখা ভৰিৰ তলত দুখন ধৰা এখন আকাশ আকাশ ফালি মেঘৰ বিবাদ… মোৰ ভগা খিৰিকী পোহৰ দিয়া খিৰিকী মোৰ ভগা খিৰিকী দুৱাৰ খোলা খিৰিকী …" (চিনেমা : ভগা খিৰিকী) পূৰ্বৰ গীতটোৰ দৰে "হেৰোৱা ছন্দ"ৰ বাবে নিৰ্মাণ কৰা গীতটোও চিনে-সৌন্দৰ্যৰে ভৰপূৰ, আমাৰ অনুভৱত। আমাৰ ধাৰণাত গীতটোৰ কথা-সুৰ, গায়কীত চিনেমা খনৰ "কাহিনী" আছে, বিষয়-বস্তু আছে। গীতটোত ব্যৱহাৰ কৰিছে ঊষা উত্থুপ আৰু অনিন্দিতা পলৰ কণ্ঠ। সম্ভৱতঃ ৰূপালী গল্পটোৰ মূল ...