সরাসরি প্রধান সামগ্রীতে চলে যান

যতীন বৰাৰ "ৰাঘৱ" ফ্ল'ৰত। চিনেমা খনত হেনো খৰচ কৰিব ২কোটি টকাৰো বেছি। এই যে ২কোটি টকাৰো বেছি খৰচ কৰিব, খৰচ কৰিবলৈ সাহস দিছে "ৰত্নাকৰ"ৰ সফলতাই...

যতীন বৰাৰ "ৰাঘৱ" ফ্ল'ৰত। চিনেমা খনত হেনো খৰচ কৰিব ২কোটি টকাৰো বেছি। এই যে ২কোটি টকাৰো বেছি খৰচ কৰিব, খৰচ কৰিবলৈ সাহস দিছে "ৰত্নাকৰ"ৰ সফলতাই। "ৰত্নাকৰ"-এ ব্যৱসায় কৰা বজাৰ খন অসম চৰকাৰৰ বিশেষ বিভাগে নিৰ্মাণ কৰি দিয়া বজাৰ নহয়, যতীন বৰাৰ ইমেজ আৰু পৰিশ্ৰমেৰে নিৰ্মাণ কৰি লোৱা বজাৰ। চিনেমা খনৰ মান, মৌলিকতা  প্ৰসংগ চিনেমা খন চিত্ৰগৃহলৈ অহাৰ সময়তে চৰ্চা কৰিছো। এই চৰ্চা কেৱল বজাৰ (বক্স অ'ফিচ) কেন্দ্ৰীক। সন্দেহ নাই, পৰিচালক যতীন বৰাৰো চিন্তা আছিল বজাৰ কেন্দ্ৰীক। গতিকে কব পাৰি যতীন ১০০%শতাংশয়ে সফল। বক্স অ'ফিচ গণিত আছিল ১০০%শতাংশয়ে শুদ্ধ। ইয়াৰ পূৰ্বে সফল হৈছিল জুবিন গাৰ্গ। কব পাৰি --পৰিচালক জুবিন গাৰ্গে "মিছন চাইনা" (Wikipedia -ৰ তথ্য: বাজেট ২ কোটি টকা,  কালেকছন ৬ কোটি টকা), "কাঞ্চনজংঘা" (Wikipedia -ৰ তথ্য: বাজেট ১.৫ কোটি টকা, কালেকছন ৭ কোটি টকা) -ৰে মুকলি কৰা বাটটো আৰু বহলাই আগ বাঢ়িছিল পৰিচালক যতীন বৰাই। সন্দেহ নাই নিজৰ ইমেজ, পৰিশ্ৰম আৰু ফেনক্লাৱৰ সহায়ত অসমীয়া চিনেমাৰ সৰু বজাৰ খন বহল কৰিছিল জুবিন গাৰ্গে। --এই খিনিতে আমি উল্লেখ কৰিব পাৰো, বজাৰ চিন্তাৰে চিনেমা পৰিচলানা কৰি সফল হোৱা প্ৰথম গৰাকী পৰিচালক জ্যোতি প্ৰসাদ আগৰৱালা (চিনেমা: ইন্দ্ৰ-মালতী, বাজেট প্ৰায় ১৫,০০০টকা , কালেকছন প্ৰায় ২৭,০০০টকা)। পৰৱৰ্তী সময় চোৱাত ফনী শৰ্মাৰ পৰিচালনাৰে নিৰ্মিত "চিৰাজ", ব্ৰজেন বৰুৱাৰ পৰিচালনাৰে নিৰ্মিত "ডক্তৰ বেজবৰুৱা" বজাৰত সফল হৈছিল, "ছুপাৰ হিট" বুলি কোৱা হৈছিল। সেই তেতিয়াও বজাৰ নিৰ্মাণ কৰি লৈছিল প্ৰযোজক, পৰিচালক সকলে। সেই তেতিয়াৰ পৰা এতিয়ালৈ স্পষ্ট-- বজাৰ নিৰ্মাণ কৰা হয় "চিনেমা"ৰে। "চিনেমা"ৰেহে বজাৰৰ সন্ধান কৰে, নিৰ্মাণ কৰে।
চিনেমাৰ বজাৰ নিৰ্মাণ কৰি চিনেমা হিট কৰোৱা এগৰাকী পৰিচালক হিমাংশু প্ৰসাদ দাস। নিৰ্মাতা-পৰিচালক গৰাকীয়ে "গৰু" (বাজেট: প্ৰায় ২০ লাখ টকা, আয় প্ৰায় ৩০ লাখ টকা) ব্যৱসায়িক দিশত সফল কৰাইছিল বিকল্প বজাৰত। তেনেদৰে নিজে এটা দল লৈ বজাৰ নিৰ্মাণ কৰি সফল হৈছিল পৰৱৰ্তী সময়তো (চিনেমা: বুলু ফিল্ম, বাজট: ৩০ লাখ টকা,কালেকছন ৭০ লাখ টকাৰো বেছি।)
চিত্ৰগৃহত পঞ্চম সপ্তাহ চলি থকা এখন অসমীয়া চিনেমা "বেলকনিত ভগৱান"। এই চিনেমা খনৰ বাবে বজাৰ নিৰ্মাণ কৰি লৈছে চিনেমা খনৰ নিৰ্মাতা নুৰুল চুলতানে। --এয়া মাত্ৰ কেইটামান উদাহৰণ।
আৰু "মহোৎসৱৰ বজাৰতো" সফল হৈছে নিজা পৰিশ্ৰমেৰে। ১৯৮৭ চনতে জাহ্নু বৰুৱাৰ "হালধীয়া চৰায়ে বাওধান খায়"-এ ১কোটি টকা ব্যৱসায় কৰিছিল (তথ্য: উৎপল বৰপূজাৰী/ আউটলুক)। চিনেমা খনৰ বাজেট আছিল ৭ লাখ টকা। তেনেদৰে ৰীমা দাসৰ "ভিলেজ ৰকষ্টাৰ্ছ"ৰ পৰা বিশ্বজিৎ বৰাৰ "বুম্বা ৰাইড"লৈ কেইবাখনো অসমৰ চিনেমাই বাণিজ্যিক সফলতা পোৱাৰ তথ্য পোৱা যায়। (বিপৰীতে টকা খৰচ কৰি চলচ্চিত্ৰ মহোৎহৱ ঘুৰি ফুৰাৰ তথ্যও পোৱা যায়। এয়া অন্য প্ৰসংগ। এই শিতানতে পূৰ্বে চৰ্চা কৰিছোঁ।) গতিকে ব্যাখ্যাৰ প্ৰয়োজন আছে বুলি নাভাবো, অসম ৰাজ্যিক চলচ্চিত্ৰ ( বিত্ত আৰু উন্নয়ন) নিগমৰ বা চৰকাৰৰ সহায়ত যে "বাহিৰৰ বজাৰ"ত অসমীয় চিনেমাই "বজাৰ" পোৱা নাই।
চিনেমা যি শৈলীৰে নহওক কিয়, চিনেমা জনা প্ৰযোজক-পৰিচালকে বজাৰ চিন্তা কৰে। ড°ভৱেন্দ্ৰ নাথ শইকীয়াই কৈছিল --"চিনেমা খনত খৰচ হোৱা টকা আৰু কিছু লাভৰ অংক কৰি লওঁ। তাৰ পাছত বাজেট ঠিক কৰো। ঠিক কৰি লোৱা বাজেটৰ কথা মনত ৰাখি চিত্ৰনাট্যৰ কাম কৰো, আন কাম আগ বঢ়াওঁ।" অৰ্থাৎ পৰিচালক গৰাকীৰ বাজেটৰ অংকটো এনে ধলণৰ, খৰচ+কিছু লাভ=বাজেট। এই কথা স্পষ্ট চিত্ৰনাট্যৰ পূৰ্বে পৰিচালক গৰাকীয়ে বাজেট ঠিক কৰি লৈছিল।
নাট্যকৰ্মী কিশোৰ তহবিলদাৰে চিনেমা এখনৰ কাম শেষ কৰিছে। পৰিচালক গৰাকীয়ে বজাৰ এখন লক্ষ কৰি লৈ প্ৰচাৰ চলাই আছে। পৰিচালক গৰকীয়ে বিদ্যালয়-মহাবিদ্যালয়ত প্ৰচাৰ নচলায়। প্ৰচাৰৰ বাবে "গাওঁ সভা"ক গুৰুত্ব দিব। নিজে চিনেমা লৈ দৰ্শকৰ ওচৰলৈ যাব। পৰিচালক গৰাকীয়ে চিনেমা খনৰ বিষয়বস্তু মনত ৰাখি বজাৰ চিন্তা কৰিছে।
এতিয়া আমাৰ মনলৈ অহা প্ৰশ্নটো হ'ল-- অসম ৰাজ্যিক চলচ্চিত্ৰ ( বিত্ত আৰু উন্নয়ন) নিগমৰ বজাৰ সন্ধানৰ বুনিয়াদ কি? --উত্তৰ কাৰ পৰা আশা কৰিম? --নিশ্চয় সীমান্ত শেখৰৰ পৰা।অসমীয়া চিনেমাৰ বজাৰ/২ by: Utpal Mena

মন্তব্যসমূহ

Other posts

চিনেবোদ্ধা, চিনেযোদ্ধা আৰু অসমীয়া 'চিনেমা নোচোৱা' সীমান্ত শেখৰ /২

উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? ৰাজ্যৰ লগতে দেশ-বিদেশৰ চিনেমাৰ অনুভৱ থকা এই নাম কেইটা উদাহৰণ মাত্ৰ। 'চিনেমা' জনা ( নিৰ্মাণ, বজাৰ, মহোৎসৱ ইত্যাদিৰ দখল থকা) লোকৰ আকাল অসমত আছে বুলি নাভাবো। এই কথা স্পষ্ট 'অসমীয়া চিনেমা'ৰ 'উন্নয়ন'ৰ বাবে অসমীয়া চিনেমাৰ লগতে 'দেশ-বিদেশৰ চিনেমা' জানিব লগিব। অধ্যয়ণ কৰিব লাগিব অধ্যক্ষ গৰাকীয়ে।  ( যদি অধ্যক্ষ গৰাকীৰ কাম কেৱল চহী কৰা, তেতিয়া হ'লে বেলেগ কথা! তেতিয়া আমি জানিব বিছাৰিম-- অধ্যক্ষ গৰাকীয়ে কাৰ নিৰ্দেশত চহী কৰে?) চৰ্চ হৈছে --অধ্যক্ষৰ আসনত বহুওৱা সীমান্ত শেখৰে কোনোবা ইণ্টাৰভিউত হেনো কৈছিল অসমীয়া চিনেমা নাচাওঁ বুলি! যদি এয়া সত্য, স্বাভাবিকতে কব লাগিব --অসমীয়া চিনেমা নোচোৱা অধ্যক্ষ এগৰাকীৰ নেতৃত্বত অসমীয়া চিনেমাৰ উত...

ভূপেন হাজৰিকা, চিনেমা আৰু চিনেমাৰ জাল /৯

Bhupen Hazarika "এৰা বাটৰ সুৰ"-এ চিনে অভিজ্ঞতা দিলে ভূপেন হাজৰিকাক। চিত্ৰৰসিকে ভাল পালে, চিনেমা আলোচকেও প্ৰশংসা কৰিলে-- সেয়াই আছিল প্ৰথম চিনেকৰ্মৰ সুখ। দুখ-- ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ "সুখ" আশা কৰিছিল, নাপালে। নপোৱাৰ বাবে আছৰিত হৈছিল, চিনেমা খনৰ দৰ্শক হোৱা চিনেমা আলোচক সকলো। কলিকতাৰ আলোচক সকলৰ ওচৰত ভৃপেন হাজৰিকাই নিজৰ মনৰ চিনেসুখ প্ৰকাশ কৰিছিল এনেদৰে-- "ছবি ভাল পোৱা সকলে ভাল পাইছে, আপোনালোকে ভাল পাইছে। আপোনালোকৰ ভাল পোৱাই মোৰ সুখ বঢ়াইছে। আৰু ছবি কৰিবলৈ সাহস দিছে। আৰু ছবি কৰিম। 'এৰা বাটৰ সুৰ'ৰ দৰে নহয়, কিছু বেলেগ। 'এৰা বাটৰ সুৰ'-এ শিকালে, যি শিকালে সেই খিনিৰে বেলেগ কৰিম।" (উৎস: চিত্ৰবাণী, সম্পাদক: গৌৰ চট্টোপধ্যায়) প্ৰথম পৰিচালনাৰ প্ৰায় ৪ বছৰ পাছত হাতত ল'লে দ্বিতীয় খন অসমীয়া চিনেমাৰ কাম। ("মোৰ মগজুত খেলালে, মই এখন অসমীয়া ছবি কৰিম। কিন্তু মই কিন্তু নলওঁ। 'এৰাবাটৰ সুৰখন পৰীক্ষামূলক আছিল, কাহিনী নাছিল। গতিশীল সমূহ এটাই বুটলি লোৱা অভিজ্ঞতাখিনিয়েই 'এৰাবাটৰ সুৰ। এইবাৰ মই ক্লাছিক বস্তু, এটা লোৱাৰ কথা ভাবিলোঁ, যিটো গাঁৱ...

গীতটো আৰু এবাৰ শুনাবানে?

assamese singer by: Utpal Mena মহাশ্বেতাই গাইছিল-- "অস্ত আকাশৰে সপোন ৰহণ সানি ক্লান্ত লুইতৰে হেঙুলীয়া পানী। বৈয়ে যায়, বৈয়ে যায়, বৈয়ে যায়..." মঞ্চলৈ উঠি আহিয়ে স্বনামধন্য ভাৰতীয় সৰোদবাদক তথা শাস্ত্রীয় সঙ্গীতজ্ঞ আমজাদ আলী খানে কৈছিল, মহাশ্বেতা গীতটো আৰু এবাৰ শুনাবানে? শুনাইছিল। তন্ময় হৈ শুনিছিল সংগীত নক্ষত্ৰই। ২৪ ছেপ্টেম্বৰ। নতুন দিল্লীৰ শ্ৰীমন্ত শংকৰদেৱ ভৱনত মোৰ ভূপেন হাজৰিকা প্ৰকল্পৰ দ্বিতীয় খণ্ড "Bhupen Hazarika Volume II"  উন্মোচন কৰিছিল সংগীত নক্ষত্ৰ আমজাদ আলী খানে। এই অনুষ্ঠান মুকলি কৰা হৈছিল মহাশ্বেতাই গোৱা "ভূপেন্দ্ৰ সংগীত"টোৰে।  এই যে গীতটো গাইছিল তাৰ আগলৈকে মহাশ্বেতা নামৰ গায়িকা গৰাকীক আমিয়ো জনা নাছিলোঁ। শুনিছিলো মাত্ৰ। ইউটিউবত। কিন্তু ইমান সুন্দৰ সাংগীতিক অনুভৱ কৰা নাছিলোঁ, মঞ্চত "অস্ত আকাশৰে সপোন..." শুনাৰ আগলৈকে। ১৯৫৮ চনতে সুধাকণ্ঠই শব্দ-সুৰেৰে ৰচনা কৰা এই গীতত আকৌ এবাৰ অনুভৱ কৰিছিলোঁ "লুইতৰ অস্ত ৰবিৰ সৌন্দৰ্য", "দুয়ো পাৰে কত মানুহ, কত যে ইতিহাস", "জীৱনৰে দিগন্ত অপাৰ" ইত্যাদি। পাছত মহাশ্বেতাক সুধিছিলোঁ--...

The Seventh String

" The Seventh String by: Utpal Mena "The Seventh String" (দ্যা চেভেন্থ ষ্ট্ৰিং) --নাট্যকৰ্মী বাহাৰুল ইছলামৰ চিনেকৰ্ম। চিনেমা খনৰ লেখক বৰ্ষা বাহাৰ। নাট্যকৰ্মী বাহাৰুল ইছলামৰ তনয়া বৰ্ষা বাহাৰে ইংৰাজিত লিখা এটা চুটি গল্প চিনেমা খনৰ শিপা। --চিনেমা খনত লেখক বৰ্ষা বাহাৰ এটা "চৰিত্ৰ'লৈ ৰূপান্তৰ হৈছে, যিটো "চৰিত্ৰ" (নিষ্ঠা কাশ্যপ) চিনেমা খনৰ মূল বিন্দু, যিটো বিন্দুৰ সৰল ৰৈখিক গতিয়ে আকাৰ দিছে এটা কাহিনীৰ। "বাস্তৱবাদ"ৰ ওচৰৰ কাহিনী, বাস্তৱ অভিনয় (realistic acting) -ৰে নিৰ্মাণ কৰা ৰূপালী গল্পৰ। শীৰ্ষ বিন্দু (climax)-ৰ পৰা গতি কৰিছে নিষ্ঠা কাশ্যপ বিন্দুটো। নিষ্ঠাই মৃত্যু বিচাৰিছে। হাতৰ শিৰা কাটি চৰম সিদ্ধান্ত লোৱাৰ চেষ্টা নিষ্ঠাৰ। এই প্ৰথম বিন্দুটো পৰিচালকে ঠিয় কৰাইছে কেমেৰাৰ ভাষাৰে। কাট কাট-- কেইটা মান শ্বটেৰে। চিনেমেটিক কাৰবাৰত --উত্তেজনা। দৰ্শকক ভাবিবলৈ সময় দিয়া নাই। উত্তেজনাৰ মাজত সোমাবলৈ বাধ্য-- দৰ্শক। আৰু যেতিয়া দৰ্শক উত্তেজনাৰ পৰা মুক্ত হৈছে কাহিনীয়ে আকাৰ লৈ গতি কৰিছে। কাহিনীয়ে দৰ্শকক বন্দী কৰিছে। --ৰূপালী গল্পটো আৰম্ভ হৈছে মুম্বাইত। লো...