সরাসরি প্রধান সামগ্রীতে চলে যান

যতীন বৰাৰ "ৰাঘৱ" ফ্ল'ৰত। চিনেমা খনত হেনো খৰচ কৰিব ২কোটি টকাৰো বেছি। এই যে ২কোটি টকাৰো বেছি খৰচ কৰিব, খৰচ কৰিবলৈ সাহস দিছে "ৰত্নাকৰ"ৰ সফলতাই...

যতীন বৰাৰ "ৰাঘৱ" ফ্ল'ৰত। চিনেমা খনত হেনো খৰচ কৰিব ২কোটি টকাৰো বেছি। এই যে ২কোটি টকাৰো বেছি খৰচ কৰিব, খৰচ কৰিবলৈ সাহস দিছে "ৰত্নাকৰ"ৰ সফলতাই। "ৰত্নাকৰ"-এ ব্যৱসায় কৰা বজাৰ খন অসম চৰকাৰৰ বিশেষ বিভাগে নিৰ্মাণ কৰি দিয়া বজাৰ নহয়, যতীন বৰাৰ ইমেজ আৰু পৰিশ্ৰমেৰে নিৰ্মাণ কৰি লোৱা বজাৰ। চিনেমা খনৰ মান, মৌলিকতা  প্ৰসংগ চিনেমা খন চিত্ৰগৃহলৈ অহাৰ সময়তে চৰ্চা কৰিছো। এই চৰ্চা কেৱল বজাৰ (বক্স অ'ফিচ) কেন্দ্ৰীক। সন্দেহ নাই, পৰিচালক যতীন বৰাৰো চিন্তা আছিল বজাৰ কেন্দ্ৰীক। গতিকে কব পাৰি যতীন ১০০%শতাংশয়ে সফল। বক্স অ'ফিচ গণিত আছিল ১০০%শতাংশয়ে শুদ্ধ। ইয়াৰ পূৰ্বে সফল হৈছিল জুবিন গাৰ্গ। কব পাৰি --পৰিচালক জুবিন গাৰ্গে "মিছন চাইনা" (Wikipedia -ৰ তথ্য: বাজেট ২ কোটি টকা,  কালেকছন ৬ কোটি টকা), "কাঞ্চনজংঘা" (Wikipedia -ৰ তথ্য: বাজেট ১.৫ কোটি টকা, কালেকছন ৭ কোটি টকা) -ৰে মুকলি কৰা বাটটো আৰু বহলাই আগ বাঢ়িছিল পৰিচালক যতীন বৰাই। সন্দেহ নাই নিজৰ ইমেজ, পৰিশ্ৰম আৰু ফেনক্লাৱৰ সহায়ত অসমীয়া চিনেমাৰ সৰু বজাৰ খন বহল কৰিছিল জুবিন গাৰ্গে। --এই খিনিতে আমি উল্লেখ কৰিব পাৰো, বজাৰ চিন্তাৰে চিনেমা পৰিচলানা কৰি সফল হোৱা প্ৰথম গৰাকী পৰিচালক জ্যোতি প্ৰসাদ আগৰৱালা (চিনেমা: ইন্দ্ৰ-মালতী, বাজেট প্ৰায় ১৫,০০০টকা , কালেকছন প্ৰায় ২৭,০০০টকা)। পৰৱৰ্তী সময় চোৱাত ফনী শৰ্মাৰ পৰিচালনাৰে নিৰ্মিত "চিৰাজ", ব্ৰজেন বৰুৱাৰ পৰিচালনাৰে নিৰ্মিত "ডক্তৰ বেজবৰুৱা" বজাৰত সফল হৈছিল, "ছুপাৰ হিট" বুলি কোৱা হৈছিল। সেই তেতিয়াও বজাৰ নিৰ্মাণ কৰি লৈছিল প্ৰযোজক, পৰিচালক সকলে। সেই তেতিয়াৰ পৰা এতিয়ালৈ স্পষ্ট-- বজাৰ নিৰ্মাণ কৰা হয় "চিনেমা"ৰে। "চিনেমা"ৰেহে বজাৰৰ সন্ধান কৰে, নিৰ্মাণ কৰে।
চিনেমাৰ বজাৰ নিৰ্মাণ কৰি চিনেমা হিট কৰোৱা এগৰাকী পৰিচালক হিমাংশু প্ৰসাদ দাস। নিৰ্মাতা-পৰিচালক গৰাকীয়ে "গৰু" (বাজেট: প্ৰায় ২০ লাখ টকা, আয় প্ৰায় ৩০ লাখ টকা) ব্যৱসায়িক দিশত সফল কৰাইছিল বিকল্প বজাৰত। তেনেদৰে নিজে এটা দল লৈ বজাৰ নিৰ্মাণ কৰি সফল হৈছিল পৰৱৰ্তী সময়তো (চিনেমা: বুলু ফিল্ম, বাজট: ৩০ লাখ টকা,কালেকছন ৭০ লাখ টকাৰো বেছি।)
চিত্ৰগৃহত পঞ্চম সপ্তাহ চলি থকা এখন অসমীয়া চিনেমা "বেলকনিত ভগৱান"। এই চিনেমা খনৰ বাবে বজাৰ নিৰ্মাণ কৰি লৈছে চিনেমা খনৰ নিৰ্মাতা নুৰুল চুলতানে। --এয়া মাত্ৰ কেইটামান উদাহৰণ।
আৰু "মহোৎসৱৰ বজাৰতো" সফল হৈছে নিজা পৰিশ্ৰমেৰে। ১৯৮৭ চনতে জাহ্নু বৰুৱাৰ "হালধীয়া চৰায়ে বাওধান খায়"-এ ১কোটি টকা ব্যৱসায় কৰিছিল (তথ্য: উৎপল বৰপূজাৰী/ আউটলুক)। চিনেমা খনৰ বাজেট আছিল ৭ লাখ টকা। তেনেদৰে ৰীমা দাসৰ "ভিলেজ ৰকষ্টাৰ্ছ"ৰ পৰা বিশ্বজিৎ বৰাৰ "বুম্বা ৰাইড"লৈ কেইবাখনো অসমৰ চিনেমাই বাণিজ্যিক সফলতা পোৱাৰ তথ্য পোৱা যায়। (বিপৰীতে টকা খৰচ কৰি চলচ্চিত্ৰ মহোৎহৱ ঘুৰি ফুৰাৰ তথ্যও পোৱা যায়। এয়া অন্য প্ৰসংগ। এই শিতানতে পূৰ্বে চৰ্চা কৰিছোঁ।) গতিকে ব্যাখ্যাৰ প্ৰয়োজন আছে বুলি নাভাবো, অসম ৰাজ্যিক চলচ্চিত্ৰ ( বিত্ত আৰু উন্নয়ন) নিগমৰ বা চৰকাৰৰ সহায়ত যে "বাহিৰৰ বজাৰ"ত অসমীয় চিনেমাই "বজাৰ" পোৱা নাই।
চিনেমা যি শৈলীৰে নহওক কিয়, চিনেমা জনা প্ৰযোজক-পৰিচালকে বজাৰ চিন্তা কৰে। ড°ভৱেন্দ্ৰ নাথ শইকীয়াই কৈছিল --"চিনেমা খনত খৰচ হোৱা টকা আৰু কিছু লাভৰ অংক কৰি লওঁ। তাৰ পাছত বাজেট ঠিক কৰো। ঠিক কৰি লোৱা বাজেটৰ কথা মনত ৰাখি চিত্ৰনাট্যৰ কাম কৰো, আন কাম আগ বঢ়াওঁ।" অৰ্থাৎ পৰিচালক গৰাকীৰ বাজেটৰ অংকটো এনে ধলণৰ, খৰচ+কিছু লাভ=বাজেট। এই কথা স্পষ্ট চিত্ৰনাট্যৰ পূৰ্বে পৰিচালক গৰাকীয়ে বাজেট ঠিক কৰি লৈছিল।
নাট্যকৰ্মী কিশোৰ তহবিলদাৰে চিনেমা এখনৰ কাম শেষ কৰিছে। পৰিচালক গৰাকীয়ে বজাৰ এখন লক্ষ কৰি লৈ প্ৰচাৰ চলাই আছে। পৰিচালক গৰকীয়ে বিদ্যালয়-মহাবিদ্যালয়ত প্ৰচাৰ নচলায়। প্ৰচাৰৰ বাবে "গাওঁ সভা"ক গুৰুত্ব দিব। নিজে চিনেমা লৈ দৰ্শকৰ ওচৰলৈ যাব। পৰিচালক গৰাকীয়ে চিনেমা খনৰ বিষয়বস্তু মনত ৰাখি বজাৰ চিন্তা কৰিছে।
এতিয়া আমাৰ মনলৈ অহা প্ৰশ্নটো হ'ল-- অসম ৰাজ্যিক চলচ্চিত্ৰ ( বিত্ত আৰু উন্নয়ন) নিগমৰ বজাৰ সন্ধানৰ বুনিয়াদ কি? --উত্তৰ কাৰ পৰা আশা কৰিম? --নিশ্চয় সীমান্ত শেখৰৰ পৰা।অসমীয়া চিনেমাৰ বজাৰ/২ by: Utpal Mena

মন্তব্যসমূহ

এই ব্লগটি থেকে জনপ্রিয় পোস্টগুলি

চিনেমাৰ জুবিন

জুবিন গাৰ্গ অভিনেতা নাছিল। "অভিনেতা জুবিন" নিৰ্মাণ কৰিছিল বা নিৰ্মাণ কৰাইছিল। "গায়ক ইমেজ"ৰ পৰা "নায়ক ইমেজ"ৰ মাজত বন্দী হব পাৰিছিল "মনযায়"ত। এম মণিৰামৰ পৰিচালনাৰে নিৰ্মান কৰা অসমীয়া চিনেমা "মনযায়"ত মানৱৰ চৰিত্ৰত দৰ্শকে, চিত্ৰৰসিকে গ্ৰহণ কৰিছে। চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ২০০৮ চনত। বিশ্লেষণ কৰিলে স্পষ্ট হয়-- মানৱ কিন্তু "জুবিন"ৰ পৰা মুক্ত নাছিল। মানৱে কথা কৈছিল (সংলাপ প্ৰক্ষেপন কৰিছিল) জুবিনৰ দৰে। চেহেৰা-শৰীৰ ভাষাতো মানৱ "জুবিন"ৰ পৰা মুক্ত নহয়। তথাপি চিত্ৰৰসিকে জুবিনৰ অভিনয় গ্ৰহণ কৰিছে। মুনিন বৰুৱাৰ "দীনবন্ধু" (২০০৪)-ৰ বিপুলকো দৰ্শকে গ্ৰহণ কৰিছে। চৰিত্ৰ দুটাৰ মাজত দূৰত্ব অতি কম। কিন্তু বিপুলতকৈ মানৱ বেছি উজ্বল। "চৰিত্ৰ" দুটাক চিত্ৰৰসিকে ইতিবাচক সহাৰি দিয়াৰ প্ৰাথমিক কাৰণ-- cinematic acting, যাক আমি বাস্তবিক অভিনয় (realistic acting) বুলিব পাৰোঁ। আমাৰ ধাৰণা-- জুবিনে সততে (যদিওবা চিনেমা পৰিচিলকৰ মাধ্যম) "জুবিন"ৰ মাজতে থাকি "চৰিত্ৰ"ক গতি দিয়ে বা পৰিচালকক চৰিত্ৰ নিৰ্মাণত স...

নৈ কথা | চিনেচৰ্চা

‘নৈ কথা’ এখন অসমীয়া চিনেমা। ড° পঙ্কজ বৰাৰ পৰিচালনা। চিনেমা খনৰ কাহিনী ৰেখাৰ মূল বিন্দু এজন মাচুৱৈ। নাম-- তিলেশ্বৰ, তিলো। নৈপৰীয়া তিলোৰ চালিকা শক্তি, সংসাৰ চলোৱাৰ শক্তি নৈ খনত থকা মাছ কেইটা। তিলোৰ বাবে সমস্যা-- নৈ খনত মাছ কমি আহিছে। আৰু দিনটোৰ পৰিশ্ৰমৰ মূৰকত পোৱা মাছ কেইটাত উচিৎ দাম নিদয়ে, গ্ৰাহকে আগ্ৰহ নেদেখুৱাই।  [বিপৰীতে গ্ৰাহকৰ-- চালানী মাছ, ব্ৰইলাৰ মুৰ্গী প্ৰতিহে! পৰিচালকে কেমেৰাৰ ফ্ৰেমত একেলগে তিলোৰ স্থানীয় নৈৰ মাছৰ, চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ "দোকান" তিনিখন ৰাখিছে। দেখুৱাইছে-- চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ নিৰ্দিষ্ট দাম দিবলৈ ক্ৰেতাই আপত্তি নকৰে, বিপৰীতে তিলোৰ সৈতে কিমান যে দৰ-দাম কেন্দ্ৰিক কথা! চিত্ৰায়ণ--  বাস্তৱিক। পৰিপাটি-- কেমেৰাৰ ভাষা প্ৰয়োগ, যিমান প্ৰয়োজন সিমান সাহিত্যৰ ভাষা ব্যৱহাৰ।]  তিলোৰ ঘৰ নচলে! দুই এমা ডিমা সন্তান আৰু পত্নী বাসন্তীক লৈ তিলোৰ সংসাৰ। প্ৰয়োজনীয় দৈনন্দিন সামগ্ৰী আনোতে আনোতে মহাজনৰ দোকানত "বাকী" বাঢ়ি গৈ আছে।  তিলো হ'তৰ  সমস্যা [সমস্যা কেৱল তিলোৰ নহয়, নৈ পৰীয়া মাচুৱৈৰ। এই দিশটো পৰিচালক পৰিপাটিকৈ স্পষ্ট কৰিছে, কাহিনীৰ গতি...

হেৰোৱা ছন্দ | পূৰ্বালোকন

আৰু এখন চিনেমা-- জাহ্নু বৰুৱাৰ। আৰু এটা গীত-- ইবচন লাল বৰুৱাৰ। কথা-সুৰ-সংগীত ইবচন লাল বৰুৱাৰ।  " দামি গহনা পিন্ধি হাঁহিছা  হাঁহিটিয়েই চোন এটি গহনা  গহনা বুলি ধাতু কিনিছা  কিনিব জানো হাঁহি পাৰিবা পাৰা যদি সুৰ তুমি ঢালিবা  ঢালি গভীৰৰ সঁচা তৰঙ্গ  অঙ্গ ভেদি গান কঁপিব  কঁপি উঠিব হেৰোৱা ছন্দ..." চিনেমাৰ গীত।  চিনেমাৰ নাম: হেৰোৱা ছন্দ।  জাহ্নু বৰুৱাৰ চিনেমা। (জাহ্নু বৰুৱাৰ চিনেমা মানেই মনত ৰৈ যোৱা চিনে-চিন্তা, চুই যোৱা চিনে-সৌন্দৰ্য।) জাহ্নু বৰুৱাৰ বাবে ইয়াৰ পূৰ্বে ইবচন লাল বৰুৱাই নিৰ্মাণ কৰিছিল (নিজৰ কথা, সুৰেৰে) -- "বিষুৱ ৰেখা নাপাওঁ দেখা ভৰিৰ তলত দুখন ধৰা এখন আকাশ আকাশ ফালি মেঘৰ বিবাদ… মোৰ ভগা খিৰিকী পোহৰ দিয়া খিৰিকী মোৰ ভগা খিৰিকী দুৱাৰ খোলা খিৰিকী …" (চিনেমা : ভগা খিৰিকী) পূৰ্বৰ গীতটোৰ দৰে "হেৰোৱা ছন্দ"ৰ বাবে নিৰ্মাণ কৰা গীতটোও চিনে-সৌন্দৰ্যৰে ভৰপূৰ, আমাৰ অনুভৱত। আমাৰ ধাৰণাত গীতটোৰ কথা-সুৰ, গায়কীত চিনেমা খনৰ "কাহিনী" আছে, বিষয়-বস্তু আছে। গীতটোত ব্যৱহাৰ কৰিছে ঊষা উত্থুপ আৰু অনিন্দিতা পলৰ কণ্ঠ। সম্ভৱতঃ ৰূপালী গল্পটোৰ মূল ...