সরাসরি প্রধান সামগ্রীতে চলে যান

আৰু সান্নিধ্য: যতীন বৰা /৩

যতীন বৰাৰ অভিনয় যাত্ৰা আৰম্ভ হৈছিল মঞ্চত। কিন্তু ভ্ৰাম্যমাণ থিয়েটাৰৰ মঞ্চত অভিনয় কৰিম সেই সময়ত নিশ্চয় ভবা নাছিল, যি সময়ত "নায়ক হোৱাৰ সপোন" দেখিছিল--, এয়া মোৰ ধাৰণা।
--"ধাৰণা"ৰ যুক্তি আছে।   চুক্তিবদ্ধ হোৱাৰ আগলৈকৈ এদিনো আভিনেতা গৰাকীৰ মুখত ভ্ৰাম্যমাণ থিয়েটাৰ প্ৰসংগ শুনা নাছিলো।  সম্ভৱতঃ হাতলৈ চিনেমা নহাত, টি ভি ধাৰাবাহিকে আৰ্থিক প্ৰয়োজন পূৰাব নোৱাৰাত ১৯৯৪-৯৫ নাট্যবৰ্ষত হেঙুল থিয়েটাৰৰ প্ৰযোজক প্ৰশান্ত হাজৰিকাৰ সৈতে চুক্তিবদ্ধ হৈছিল। আৰু পৰৱৰ্তী নাট্যবৰ্ষত (১৯৯৫-৯৬ আৰু ১৯৯৬-৯৭) আৱাহন থিয়েটাৰৰ মঞ্চত অভিনয় কৰি অভিনয় ক্ষমতা দেখুৱাইছিল। কেইবা খনো কাকত, আলোচনীত যতীনৰ "অভিনয়" চৰ্চা হৈছিল। এই খিনিতে কথা এটা মনলৈ আহিছে--, কথাশিল্পী মহেন্দ্ৰ বৰঠাকুৰক, আন এগৰাকী কথাশিল্পী ড°ভৱেন্দ্ৰ নাথ শইকীয়াই প্ৰসংগক্ৰমে কোৱা কথা। দৈনিক কাকত "আজি"ৰ হৈ লোৱা সাক্ষাৎকাৰৰ পাছত আমাৰ মাজত চৰ্চা হৈছিল "অসমৰ চিনেমাৰ অভিনেতা" কেন্দ্ৰীক। আমি কেইবা গৰাকীয়ো অভিনেতাৰ অভিনয় চৰ্চা কৰিছিলোঁ। প্ৰশংসা লগা চৰ্চা। শইকীয়া ছাৰে মহেন্দ্ৰ বৰঠাকুৰক কৈছিল--, আপুনি কোৱা, উৎপল মেনাই কোৱা অভিনেতা কেইগৰাকীয়ে ভাল অভিনয় নকৰা নহয়, কৰে। ভাল অভিনয় কৰা অভিনেত গৰাকী, কেইগৰাকী কিমান ভাল অভিনেতা সেই কথা চিনেমা খনৰ, কেইখনৰ পৰিচালক গৰাকীহে জানে। "তেনেহ'লে আপুনি এন এগৰাকী তৰুণ অভিনেতাৰ নাম আমাক কওক, যি গৰাকীক দৰ্শকে ভাল অভিনেতা বুলি জানে। আৰু আপোনাৰ মতে ভাল অভিনেতা।" --মহেন্দ্ৰ বৰঠাকুৰৰ প্ৰশ্ন।
"যতীন বৰা।" --ড°ভৱেন্দ্ৰ নাথ শইকীয়াৰ উত্তৰ। ( উৎস: "ভাল অভিনেতা", উৎপল মেনা/ অজিত কুমাৰ ভূঞা সম্পাদিত "নতুন সময়" ১৭জুন, ২০০৩।) --মনত আছে, শইকীয়া ছাৰে কৈছিল, নাটকৰ আখৰাত চিনিব পৰি অভিনেতা। চিনেমাৰ দৃশ্যগ্ৰহণৰ সময়ত অনুভৱ কৰিব পাৰি অভিনেতা, অভিনেত্ৰিৰ অভিনয় ক্ষমতা।
কেতিয়া?
--যেতিয়া অভিনেতা, অভিনেত্ৰীক পৰিচালকে চৰিত্ৰৰ সৈতে বান্ধিবলৈ পৰিশ্ৰম কৰে। ভাল অভিনেতা, অভিনেত্ৰীয়ে পৰিচালৰ পৰিশ্ৰম লাঘব কৰে। কথাটো এনে দৰেও কব পাৰি, ছাত্ৰ এগৰাকীক কোৱা হ'ল, অংকটো অমুক ফৰ্মুলাত কৰা, কৰি দিলে। আন এগৰাকীক কোৱা হ'ল, নোৱাৰিলে, বুজাব লগীয়া হ'ল। বুজাব নলগা গৰাকী ভাল ছাত্ৰ। যতীন বৰাক ফৰ্মুলা কোৱাৰ পাছত আৰু অংক বুজাব নলগা ছাত্ৰ গৰাকী বুলি কব পাৰি। ("নতুন সময়"ত ছপা হোৱা লেখাটোত শইকীয়া ছাৰে যেনেদৰ কৈছিল ঠিক তেনেদৰে লিখা নাছিলোঁ।) --ছাৰে কোৱা এই কথা মিছা বোলাৰ যুক্তি আমাৰ আয়ত্বত নাই।
কৰ্মস্থান মুম্বাই আছিল বাবে যতীন বৰাৰ অভিনয় ভ্ৰাম্যমাণ থিয়েটাৰত প্ৰথমবাৰ দেখিছিলোঁ ২০০৪-০৫ নাট্যবৰ্ষত, আশীৰ্বাদ থিয়েটাৰৰ মঞ্চত। নিঃসন্দেহে নাটক-চৰিত্ৰই বিছৰা ধৰণে অভিনয় কৰিছিল; কিন্তু "দৰা হ'বা কাৰ?" নাটক খনে আমাক সস্তুষ্ট কৰিব পৰা নাছিল। সুভাষ ঘাইৰ হিন্দী চিনেমা "পৰদেশ"ৰ নাট্যৰূপ আছিল (অৱশ্যে নাট্যকাৰ আৰু প্ৰযোজকে এই কথা দৰ্শকক জনোৱা নাছিল, বা জনাব বিছৰা নাছিল।  বৰঞ্চ কৈছিল, মৌলিক নাটক এখনক কেন্দ্ৰকৰি মিছা চৰ্চা আৰম্ভ কৰিছোঁ। --এয়া অৱশ্যে অন্য প্ৰসংগ; কিন্তু চৰ্চালৈ অনাৰ যুক্তি আছে। এই নাটক খনৰ ব্যৱসায়িক সফলতাই যতীন বৰাৰ "অভিনয় ক্ষমতা" ঢাকি দিলে "গ্লেমাৰ"-এৰে। "যতীন গ্লেমাৰ"ৰ দাম বাঢ়িল, "যতীন গ্লেমাৰ"ৰ সহায়ত নিৰ্মাণ হ'ল বলিউদ-দক্ষিণ ভাৰতীয় জনপ্ৰিয় শৈলীৰে নাটক লিখা "জনপ্ৰিয় নাট্যকাৰ"। যতীন বৰাৰ মনত আছে নে নাই নাজানো, ২০০৪-০৫ নাট্যবৰ্ষ শেষ হোৱাৰ পাছত এদিন কৈছিল, "ভ্ৰাম্যমাণ থিয়েটাৰত আৰু নাথাকো। বহুত কষ্ট হয়। চিনেমাৰ সংখ্যাও কমি যায়। চিনেমাৰ পৰিচালক-প্ৰযোজক সকলৰ ধাৰণা, থিয়েটাৰত থাকিলে মূল চৰিত্ৰৰ বাবে অভিনেতা-অভিনেত্ৰীক ল'লে সমস্যা হয়।..." ( যতীন বৰাই যে এনেদৰে কৈছিল, মনত নাছিল, বিশেষ কাৰণত অজিত কুমাৰ ভূঞা সম্পাদিত "আজি" ফাইলটো চাওতে চকুত পৰিল।...) ২০০৫-২০০৭ নাট্যবৰ্ষৰ বাবে আশিৰ্বাদ থিয়েটাৰৰ প্ৰযোজক গৰাকীয়ে যতীন বৰাক আকৌ বিচাৰিছিল। হয়তো মান্তি কৰাব পৰা নাছিল! প্ৰযোজক গৰাকীয়ে আহি মোৰ সহায় বিচাৰিছিল। "সেয়া আপোনাৰ আৰু যতীন বৰাৰ বিষয়" বুলি প্ৰযোজক গৰাকীক নিৰাশ কৰিছিলোঁ। সেই দিনা প্ৰযোজক গৰাকীৰ কথাত অনুভৱ কৰিছিলোঁ ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰযোজক আৰু "তাৰকা অভিনেতা-আভিনেত্ৰী" মাজত মধ্যভোগী থাকে! মই মধ্যভোগী হব বিছৰা নাছিলোঁ। আৰু অনুভৱ কৰিছিলোঁ-- যতীন বৰাৰ গুৰুত্ব ( star value) বাঢ়িছে, আৰু বাঢ়িব। আৰু যতীন বৰাৰ গুৰুত্বই বঢ়াইছিল সৰু-ডাঙৰ পৰ্দাৰ আন "তাৰকা" আৰু অভিনেতা-অভিনেত্ৰীৰ গুৰুত্ব। সৰল অৰ্থত "পৰ্দাৰ গ্লেমাৰ"ৰ দাম বাঢ়িছিল (ভ্ৰাম্যমাণ থিয়েটাৰক পাগল ঘোড়াৰ পিঠিত উঠাইছিল! --এই সময়তে।)। প্ৰযোজক সকলে যতীন বৰাৰ বিকল্পৰ সন্ধানত ব্যস্ত হৈছিল; কিন্তু কোনো "পৰ্দাৰ গ্লেমাৰ"ই সন্তুষ্ট কৰিব পৰা নাছিল। আশীৰ্বাদৰ প্ৰযোজক গৰাকীয়ে, আন প্ৰযোজকেও কৈছিল-- যতীন বৰা অভিনয় শক্তি (acting pawar) আৰু জনপ্ৰিয়তাৰ "পেকেজ"। এই "পেকেজ" অসমত এটায়ে আছে।
--অভিনয় শক্তি, অনুভৱ কৰিছিলোঁ তেতিয়াই। কিন্ত জনপ্ৰিয়তা!
--হয়, যতীন বৰা সচাকৈয়ে জনপ্ৰিয়। "জনপ্ৰিয়তা" অনুভৱ কৰিছিলোঁ, সেই নিশা। সময় ১ বাজি গৈছিল। হঠাতে আমি যোৱা গাড়ী খনৰ চকা ফুটিছিল। আৰু সেই মাজনিশা ৰঙিয়া-বাইহাটা চাৰি আলিৰ মাজ ভাগৰ সেই ঠাই খিনিত "অভিনেতা যতীন বৰা"ক চাবলৈ ভিৰ কৰিছিল।
কথাটো অলপ আগৰ পৰা আৰম্ভ কৰোঁ। ভাগ্যদেৱী থিয়েটাৰৰ প্ৰযোজকক এগৰাকী সাংবাদকৰ্মীয়ে কথা দিছিল, সেই নাট্যবৰ্ষৰ মঞ্চ মুকলি কৰিবলৈ যতীন বৰাক নিব। সংবাদকৰ্মী গৰাকীয়ে কিয় নাজনো, মোক খাটনি ধৰিছিল, নিৰ্দিষ্ট দিনটোত ভাগ্যদেৱীৰ নাট্যবৰ্ষ আৰম্ভ কৰিবলৈ নিব লাগে। লৈ গৈছিলোঁ। উভতি আহাৰ বাটত-- চকা ফুটা বিৰম্বনা।
--সেই যে ভাগ্যদেৱী থিয়েটাৰলৈ গৈছিলোঁ, সেই নিশা যতীন বৰাৰ "মহানুভৱতা" অনুভৱ কৰিছিলোঁ। নাটক শেষ হোৱাৰ পাছত নাট্যদলটোৰ সেই বৰ্ষৰ তাৰকা ভৱেশ বৰুৱাৰ সৈতে যতীন বৰাক চিনাকী কৰি দিছিলোঁ।
--ভৱেশদা, যতীন বৰা।
"মই জানো! নাজানিম নে! সকলোৱে জানে! ভাল অভিনেতা! জনপ্ৰিয় অভিনেতা।" --ভৱেশ বৰুৱাই যতীন বৰাৰ কান্ধত হাত ৰাখি কৈছিল।
"জনপ্ৰিয় অভিনেতা মই এতিয়াও হব পৰা নাই ভৱেশদা! আপোনাৰ পৰা শিকিব লগীয়া বহুত আছে। এই যে আপুনি অলপ আগতে অভিনয় কৰিলে, আপুনি সংলাপ কোৱাৰ পাছত জাউৰিয়ে জাউৰিয়ে হাতচাপৰি বাজিল, সেয়াহে জনপ্ৰিয়তা। মই দৰ্শকৰ পৰা এনে মৰম এতিয়াও পোৱা নাই। কেনেকৈনো পোৱা যায় টিপছটো আপোনাৰ পৰা শিকিব লাগিব!" --যতীন বৰাই কৈছিল।
--এই য "শিকিব লাগিব" কৈছিল, এই গুণটোৰ লগতে "কৃতজ্ঞা বোধে"ৰ বাবেই যতীন বৰা আজিৰ "তাৰকা যতীন বৰা"।
--এই গৰাকী "তাৰকা যতীন বৰা"ই পৰৱৰ্তী নাট্যবৰ্ষত (২০১১-১২, ২০১২-১৩) থিয়েটাৰ ভাগ্যদেৱীৰ মঞ্চত অভিনয়ো কৰিছিল। অভিনয় কৰিছিল-- (২০০৭-০৮, ২০০৯-১০) কহিনুৰ থিয়েটাৰ, (২০১৩-১৪ ) ইতিহাস ভ্ৰাম্যমাণ থিয়েটাৰ, (২০১৬-১৭) থিয়েটাৰ সূৰ্য্য আৰু পূণৰ (২০০৪-০৫) আশীৰ্বাদ থিয়েটাৰত। আমাৰ মনত দুখ থাকি যাব,তাৰকা শক্তিৰে যতীন বৰাই প্ৰযোজকক টকা আনি দিলে, অভিজিৎ ভট্টাচাৰ্যৰ দৰে "জনপ্ৰিয় নাট্যকাৰ" নিৰ্মাণত সহায় কৰিলে, কিন্তু অভিনয় শক্তি প্ৰয়োগৰ এখনো নাটকত অভিনয়ৰ সুযোগ নাপালে।যতীন বৰা by: Utpal Mena

মন্তব্যসমূহ

এই ব্লগটি থেকে জনপ্রিয় পোস্টগুলি

চিনেমাৰ জুবিন

জুবিন গাৰ্গ অভিনেতা নাছিল। "অভিনেতা জুবিন" নিৰ্মাণ কৰিছিল বা নিৰ্মাণ কৰাইছিল। "গায়ক ইমেজ"ৰ পৰা "নায়ক ইমেজ"ৰ মাজত বন্দী হব পাৰিছিল "মনযায়"ত। এম মণিৰামৰ পৰিচালনাৰে নিৰ্মান কৰা অসমীয়া চিনেমা "মনযায়"ত মানৱৰ চৰিত্ৰত দৰ্শকে, চিত্ৰৰসিকে গ্ৰহণ কৰিছে। চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ২০০৮ চনত। বিশ্লেষণ কৰিলে স্পষ্ট হয়-- মানৱ কিন্তু "জুবিন"ৰ পৰা মুক্ত নাছিল। মানৱে কথা কৈছিল (সংলাপ প্ৰক্ষেপন কৰিছিল) জুবিনৰ দৰে। চেহেৰা-শৰীৰ ভাষাতো মানৱ "জুবিন"ৰ পৰা মুক্ত নহয়। তথাপি চিত্ৰৰসিকে জুবিনৰ অভিনয় গ্ৰহণ কৰিছে। মুনিন বৰুৱাৰ "দীনবন্ধু" (২০০৪)-ৰ বিপুলকো দৰ্শকে গ্ৰহণ কৰিছে। চৰিত্ৰ দুটাৰ মাজত দূৰত্ব অতি কম। কিন্তু বিপুলতকৈ মানৱ বেছি উজ্বল। "চৰিত্ৰ" দুটাক চিত্ৰৰসিকে ইতিবাচক সহাৰি দিয়াৰ প্ৰাথমিক কাৰণ-- cinematic acting, যাক আমি বাস্তবিক অভিনয় (realistic acting) বুলিব পাৰোঁ। আমাৰ ধাৰণা-- জুবিনে সততে (যদিওবা চিনেমা পৰিচিলকৰ মাধ্যম) "জুবিন"ৰ মাজতে থাকি "চৰিত্ৰ"ক গতি দিয়ে বা পৰিচালকক চৰিত্ৰ নিৰ্মাণত স...

নৈ কথা | চিনেচৰ্চা

‘নৈ কথা’ এখন অসমীয়া চিনেমা। ড° পঙ্কজ বৰাৰ পৰিচালনা। চিনেমা খনৰ কাহিনী ৰেখাৰ মূল বিন্দু এজন মাচুৱৈ। নাম-- তিলেশ্বৰ, তিলো। নৈপৰীয়া তিলোৰ চালিকা শক্তি, সংসাৰ চলোৱাৰ শক্তি নৈ খনত থকা মাছ কেইটা। তিলোৰ বাবে সমস্যা-- নৈ খনত মাছ কমি আহিছে। আৰু দিনটোৰ পৰিশ্ৰমৰ মূৰকত পোৱা মাছ কেইটাত উচিৎ দাম নিদয়ে, গ্ৰাহকে আগ্ৰহ নেদেখুৱাই।  [বিপৰীতে গ্ৰাহকৰ-- চালানী মাছ, ব্ৰইলাৰ মুৰ্গী প্ৰতিহে! পৰিচালকে কেমেৰাৰ ফ্ৰেমত একেলগে তিলোৰ স্থানীয় নৈৰ মাছৰ, চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ "দোকান" তিনিখন ৰাখিছে। দেখুৱাইছে-- চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ নিৰ্দিষ্ট দাম দিবলৈ ক্ৰেতাই আপত্তি নকৰে, বিপৰীতে তিলোৰ সৈতে কিমান যে দৰ-দাম কেন্দ্ৰিক কথা! চিত্ৰায়ণ--  বাস্তৱিক। পৰিপাটি-- কেমেৰাৰ ভাষা প্ৰয়োগ, যিমান প্ৰয়োজন সিমান সাহিত্যৰ ভাষা ব্যৱহাৰ।]  তিলোৰ ঘৰ নচলে! দুই এমা ডিমা সন্তান আৰু পত্নী বাসন্তীক লৈ তিলোৰ সংসাৰ। প্ৰয়োজনীয় দৈনন্দিন সামগ্ৰী আনোতে আনোতে মহাজনৰ দোকানত "বাকী" বাঢ়ি গৈ আছে।  তিলো হ'তৰ  সমস্যা [সমস্যা কেৱল তিলোৰ নহয়, নৈ পৰীয়া মাচুৱৈৰ। এই দিশটো পৰিচালক পৰিপাটিকৈ স্পষ্ট কৰিছে, কাহিনীৰ গতি...

হেৰোৱা ছন্দ | পূৰ্বালোকন

আৰু এখন চিনেমা-- জাহ্নু বৰুৱাৰ। আৰু এটা গীত-- ইবচন লাল বৰুৱাৰ। কথা-সুৰ-সংগীত ইবচন লাল বৰুৱাৰ।  " দামি গহনা পিন্ধি হাঁহিছা  হাঁহিটিয়েই চোন এটি গহনা  গহনা বুলি ধাতু কিনিছা  কিনিব জানো হাঁহি পাৰিবা পাৰা যদি সুৰ তুমি ঢালিবা  ঢালি গভীৰৰ সঁচা তৰঙ্গ  অঙ্গ ভেদি গান কঁপিব  কঁপি উঠিব হেৰোৱা ছন্দ..." চিনেমাৰ গীত।  চিনেমাৰ নাম: হেৰোৱা ছন্দ।  জাহ্নু বৰুৱাৰ চিনেমা। (জাহ্নু বৰুৱাৰ চিনেমা মানেই মনত ৰৈ যোৱা চিনে-চিন্তা, চুই যোৱা চিনে-সৌন্দৰ্য।) জাহ্নু বৰুৱাৰ বাবে ইয়াৰ পূৰ্বে ইবচন লাল বৰুৱাই নিৰ্মাণ কৰিছিল (নিজৰ কথা, সুৰেৰে) -- "বিষুৱ ৰেখা নাপাওঁ দেখা ভৰিৰ তলত দুখন ধৰা এখন আকাশ আকাশ ফালি মেঘৰ বিবাদ… মোৰ ভগা খিৰিকী পোহৰ দিয়া খিৰিকী মোৰ ভগা খিৰিকী দুৱাৰ খোলা খিৰিকী …" (চিনেমা : ভগা খিৰিকী) পূৰ্বৰ গীতটোৰ দৰে "হেৰোৱা ছন্দ"ৰ বাবে নিৰ্মাণ কৰা গীতটোও চিনে-সৌন্দৰ্যৰে ভৰপূৰ, আমাৰ অনুভৱত। আমাৰ ধাৰণাত গীতটোৰ কথা-সুৰ, গায়কীত চিনেমা খনৰ "কাহিনী" আছে, বিষয়-বস্তু আছে। গীতটোত ব্যৱহাৰ কৰিছে ঊষা উত্থুপ আৰু অনিন্দিতা পলৰ কণ্ঠ। সম্ভৱতঃ ৰূপালী গল্পটোৰ মূল ...