এখন অসমীয়া চিনেমা চালোঁ, আজি (১ ডিচেম্বৰ ২০২২), জ্যোতি চিত্ৰবনৰ প্ৰেক্ষাগৃহত। নাম-- "ঈশ্বৰ"। ৰুবুল দাসৰ পৰিচালনা। পৰিচলক গৰাকীৰ প্ৰথম (Feature film) পৰিচালনা। চিনেমা খনত সকলো আছে--, প্ৰেম, উৎকণ্ঠা, মাৰপিট (কব পাৰি, Action film), গীত ইত্যাদি সকলো আছে। আছে চম্পক শৰ্মা আদি অভিনেতাৰ "নাটকীয় অভিনয়" (dramatic acting)। দক্ষিণ ভাৰতীয় চিনেমাৰ শৈলী প্ৰয়োগৰ চেষ্টাও কৰিছে পৰিচালকে। (এইবোৰ একাংশ দৰ্শকে ভাল পাব পাৰে!) চেষ্টা নকৰিলে, চিনেমা খনৰ গল্পটো পৰিপাটি কৰিবলৈ। চিনেমাৰ ভূগোল, ইতিহাস ইত্যাদিৰ কথা নকলোৱে বা, পৰিচালক গৰাকী "গল্প"ৰ পৰায়ে বহু দূৰত। চিনেমা খনৰ প্ৰসংগত ইমান খিনিয়ে ক'ব পাৰি-- এখন অসমীয়া চিনেমাৰ সংখ্যা বাঢ়িল। --আশা ৰাখিছোঁ, পৰিচালক গৰাাকীয়ে আগলৈ (আৰু যদি চিনেমা পৰিচালনা কৰে) "চিত্ৰনাট্য"ত পৰিশ্ৰম কৰিহে আগবাঢ়িব। (আৰু নিলিখো।)
জুবিন গাৰ্গ অভিনেতা নাছিল। "অভিনেতা জুবিন" নিৰ্মাণ কৰিছিল বা নিৰ্মাণ কৰাইছিল। "গায়ক ইমেজ"ৰ পৰা "নায়ক ইমেজ"ৰ মাজত বন্দী হব পাৰিছিল "মনযায়"ত। এম মণিৰামৰ পৰিচালনাৰে নিৰ্মান কৰা অসমীয়া চিনেমা "মনযায়"ত মানৱৰ চৰিত্ৰত দৰ্শকে, চিত্ৰৰসিকে গ্ৰহণ কৰিছে। চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ২০০৮ চনত। বিশ্লেষণ কৰিলে স্পষ্ট হয়-- মানৱ কিন্তু "জুবিন"ৰ পৰা মুক্ত নাছিল। মানৱে কথা কৈছিল (সংলাপ প্ৰক্ষেপন কৰিছিল) জুবিনৰ দৰে। চেহেৰা-শৰীৰ ভাষাতো মানৱ "জুবিন"ৰ পৰা মুক্ত নহয়। তথাপি চিত্ৰৰসিকে জুবিনৰ অভিনয় গ্ৰহণ কৰিছে। মুনিন বৰুৱাৰ "দীনবন্ধু" (২০০৪)-ৰ বিপুলকো দৰ্শকে গ্ৰহণ কৰিছে। চৰিত্ৰ দুটাৰ মাজত দূৰত্ব অতি কম। কিন্তু বিপুলতকৈ মানৱ বেছি উজ্বল। "চৰিত্ৰ" দুটাক চিত্ৰৰসিকে ইতিবাচক সহাৰি দিয়াৰ প্ৰাথমিক কাৰণ-- cinematic acting, যাক আমি বাস্তবিক অভিনয় (realistic acting) বুলিব পাৰোঁ। আমাৰ ধাৰণা-- জুবিনে সততে (যদিওবা চিনেমা পৰিচিলকৰ মাধ্যম) "জুবিন"ৰ মাজতে থাকি "চৰিত্ৰ"ক গতি দিয়ে বা পৰিচালকক চৰিত্ৰ নিৰ্মাণত স...
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন