বৃহস্পতিবার, ১৫ ডিসেম্বর, ২০২২

"শ্ৰেষ্ঠ অসমীয়া চিনেমা" নিৰ্বাচন প্ৰক্ৰিয়ালৈয়ো "ৰাজনীতি" আহে নেকি?


ভাল নলগা হৈছে, মুঠেই ভাল নলগা হৈছে! ৰাজনীতিয়ে ঘেৰি ধৰিছে ক্ষেত্ৰ-- ৰাজনৈতিক, সাংস্কৃতিকো। অলপতে মোৰ শ্ৰদ্ধাৰ চিনেমা সমালোচক এগৰাকীয়ে ক'লে, জাহ্নু বৰুৱা অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিত (ASFFDC) -ৰ অধ্যক্ষৰ আসনত বহিব নোৱাৰে। --কিয়? দুটা কাৰণ ক'লে চিনেমা সমালোচক গৰাকীয়ে, (১) "আসন" খন ৰাজনৈতিক। কেৱল শাসনত থকা দলটোৰ "কৰ্মী"ৰ হে বহাৰ অধিকাৰ আছে, (২) জাহ্নু বৰুৱা আন এটা ৰাজনৈতিক দলৰ মানুহ। [চিনেমা সমালোচক গৰাকীয়ে এই কথা কৈছিল "চিনেবোদ্ধা, চিনেযোদ্ধা আৰু অসমীয়া 'চিনেমা নোচোৱা সীমান্ত শেখৰ /২"- পঢ়ি। লিখিছিলোঁ, উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? --এই কথাও লিখিছিলোঁ, দেখি-শুনি বুজিছো 'অধ্যক্ষ'ৰ আসনত বহিবলৈ শাসনত থকা ৰাজনৈতিক দলটোৰ সৈতে ওচৰ সম্পৰ্ক থাকিব লাগে। এয়া লিখিত নে অলিখিত নিয়ম আমি জানিব খোজা নাই, জনাৰ ইচ্ছা নাই। এই 'নিয়ম' কৰ্মশক্তিক গুৰুত্ব দিয়া মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নিশ্চয় ভাঙিব পাৰিলে হেতেন! বৰ্তমান শাসনত থকা (বিজেপি-অগপৰ ) দলৰ মাজতো 'চিনেকৰ্ম'ৰ, চিনেমা নিৰ্মাণ, চিনেমাৰ বজাৰ ইত্যাদিৰ অভিজ্ঞতা থকা লোক নথকা নহয়। মনলৈ অহা কেইটামান নাম: বিজেপিৰ বিধায়ক সুমন হৰিপ্ৰিয়া,ৰূপক শৰ্মা, সদস্য আঙুৰলতা ডেকা ,যতীন বৰা, মিত্ৰজোঁট অগপৰ সদস্য প্ৰযোজক নুৰুল চুলতান...] আমি আৰু এখোজ আগুৱাইছো, এই যে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ চিনেমা নিৰ্বাচনৰ বাবে অসমৰ পৰা (আন ৰাজ্যৰ প্ৰসংগ এই চৰ্চাৰ বিষয় নহয়।) "জুৰী" যায় বা পঠোৱা হয়, "জুৰী" গৰাকীয়ো "ৰাজনৈতিক" নেকি? 
 আৰু শেষত গৈ "শ্ৰেষ্ঠ অসমীয়া চিনেমা" নিৰ্বাচন প্ৰক্ৰিয়ালৈয়ো "ৰাজনীতি" আহে নেকি? (আৰু আছে)

কোন মন্তব্য নেই:

একটি মন্তব্য পোস্ট করুন