তাৰপিছত বেছিকৈ গীত গোৱা নাছিলো স্কুলৰ সময়ত। সেই সময়চোৱাত খুউব পেইন্টিংহে কৰিছিলো কিন্তু গীতৰ বিভিন্ন প্রতিযোগিতাসমূহত অংশগ্রহণ কৰা নাছিলো। মাত্র এতিয়া মনত পৰাকৈ এবাৰ নে দুবাৰহে ঘৰৰ ওচৰতে হোৱা বৰগীতৰ প্রতিযোগিতাত অংশ লৈছিলো আৰু পুৰস্কাৰো পাইছিলো। অৱশ্যে স্কুলীয়া দিনত আন এক ধৰণেও মোৰ সংগীত চর্চা চলি আছিল। হলী ছাইল্ড স্কুলত পঢ়ি থকাৰ সময়ত মই একধৰণে স্কুলৰ ‘চুপাৰষ্টাৰ’ এ আছিলো। সকলোৰে প্রিয় পাত্র আছিলো। তাৰ কাৰণ এইটোৱে যে-বিদ্যালয়ত বছৰি যিমান অনুষ্ঠান হ’লেও এটা অনুষ্ঠানত যদি বাৰটা ‘আইটেম’ থাকে, তেন্তে তাৰ দহটাতে মঞ্চত মইয়েই থাকো বেলেগ বেলেগ ধৰণে। ক্লাছ এইটৰ ছাত্র-ছাত্রীক যদি মই কোৰাছ শিকাইছো, তেন্তে তেওঁলোকৰ লগত মঞ্চত হাৰমনিয়াম বজাইছো বা ক্লাছ নাইনৰ কাৰোবাক যদি বেলেগ গান শিকাইছো, তেন্তে তেওঁলোকৰ লগত মই কংগো বজাইছো। ক্লাছ ছিক্সৰ কোনোবাই যদি নাচিছে, তেন্তে গীতটো মইয়ে গাই দিছো। এই সকলোখিনিৰ উপৰি স্কুলত আমাৰ এটা বেণ্ড আছিল ‘এভাৰগ্রীণ’ নামেৰে। বেণ্ডটোত ৰুমণি শইকীয়া বুলি এগৰাকীয়ে মেণ্ডোলিন বজাইছিল, সঞ্চয়িতা শর্মাই কংগো বজাইছিল আৰু সেই বেণ্ডতে বর্তমানৰ চলচ্চিত্র পৰিচালক হিচাপে খ্যাত প্রেৰণা বৰবৰাই হাৱাইন গীটাৰ বজাইছিল। আৰু এগৰাকী আছিল লয়না (বর্তমানৰ উপাধি আৰোৰা) য়ো হাৱাইন গীটাৰ বজাইছিল। দলটোৰ দলপতি হিচাপে মই কেতিয়াবা পিয়ানোখন বজাও যদিও বেছিভাগ সময়ত কংগো বজাইছিলো আৰু সংগীত কম্প’জ কৰিছিলো। আমাৰ বেণ্ডটোৰ এটা কষ্টিউমো আছিল- ৰঙা-বগা-ক’লা তথা চকলেট ৰঙী ষ্ট্রাইপ থকা স্পেনিছ স্কার্ট, বগা চার্ট আৰু ব’ এডাল। স্কুলত যিকোনো অনুষ্ঠান থাকিলে আমাৰ বেণ্ডটোৰ এটা অনুষ্ঠান থকাতো অৱধাৰিত কথা হৈ গৈছিল সকলোৰে বাবে। আনকি আমি স্কুলৰ বাহিৰতো বেণ্ডৰ বেনাৰতে বহু অনুষ্ঠান কৰিছিলো।
সেই সোণালী সময় পাৰ কৰি সন্দিকৈ মহাবিদ্যালয়ত যেতিয়া নামভর্তি কৰিছিলো, প্রথম বর্ষৰে পৰা কিয় জানো মোৰ মনত সোমাই গৈছিল- মহাবিদ্যালয়ৰ শ্রেষ্ঠ গায়িকা হোৱাৰ সপোন এটি। অৱশ্যে স্কুলত থাকোতেই মোৰ লগৰ ছোৱালী নয়নশিখাই কথাই কথাই বায়েকেৰ কলেজত ‘বেষ্ট ছিংগাৰ’ৰ কথা এটা কৈছিল, তেতিয়া সেই ‘বেষ্ট ছিংগাৰ’ শব্দযুৰিৰ প্রতি এক আগ্রহ তথা আকর্ষণ হৈছিল। সেইটোৱেই হয়তো মনত সোমাই ৰৈছিল- ক’ব নোৱাৰাকৈ। সন্দিকৈৰ প্রথম বছৰটোত গানৰ দুখন প্রতিযোগিতা হৈছিল যদিও দেউতাৰ কাৰণে গোৱা নহ’ল। দেউতাই জইন কৰিব নালাগে বুলি কৈছিল আৰু দেউতাৰ কথা অমান্য কৰা নাছিলো কাহানিও। কিন্তু উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বর্ষত মায়ে বহুত সহায় কৰিছিল। এই বিষয়ে পাছত ক’ম বাৰু ভালকৈ। সেই বছৰ ‘শ্রেষ্ঠ গায়িকা’ৰ সন্মান পাইছিলো আৰু তাৰ পিছৰ বছৰো। ইয়াৰ পিছত গুৱাহাটী বিশ্ববিদ্যালয়লৈ গৈ তাতো ‘শ্রেষ্ঠ গায়িকা’ হোৱাৰ সৌভাগ্য হ’ল। সেই তেতিয়াৰ পৰাই আচলতে লাহে-লাহে মানুহে জানিবলৈ ধৰিছিল- তৰালি শর্মা বুলি গায়িকা এগৰাকী আছে, বৰ ভাল গায়। মই য’তেই প্রতিযোগিতাত অংশ ল’বলৈ গৈছিলো- এক ধৰণৰ ভিৰ এটা হৈছিল- কোননো ছোৱালীজনী তাকে চাবলৈ-গান শুনিবলৈ। তেনেকুৱা পৰিৱেশ এটা কিবাকৈ গুৱাহাটীত সৃষ্টি হৈছিল মোৰ বাবে- ভাৱিলে আজিও কৃতজ্ঞ হৈ পৰো সময়ৰ ওচৰত।
সেই সময়ছোৱাত ষ্টুডিঅ’ত কাম কৰিবলৈ মাতে মোক। আচলতে কাম মানে গীত বিলাকৰ মাজে মাজে থকা কোৰাছ গাবলৈ। মোৰ ওপৰত আস্থা ৰাখি ৰিস্ক ল’বলৈ সেই বিশ্বাসৰ অভাৱৰ আছিল বহুতৰ, কাৰণ প্রায় সকলেই তৰালি বুলি নতুন ছোৱালী এজনী আছে, সন্দিকৈত পঢ়ে আৰু ভাল গীত গাই বুলিহে জানিছিল। গতিকে ইমান ইমান ৰিস্ক কিয় ল’ব? সংগীত পৰিচালক সকলে মোৰ গীত শুনাই নাই তেতিয়ালৈ। অন্যহাতে প্রভাত শর্মাৰ ছোৱালী বুলিও বহুতেই নাজানিছিল। সেয়ে মোক কোৰাছ গাবলৈ মাতিছিল তেতিয়াৰ প্রতিষ্ঠিত মালবিকা বৰা, শান্তা উজীৰ, কল্পনা পাটোৱাৰী আদি সকলৰ গীতত। গতিকে বৃত্তিগত সংগীতৰ এই ক্ষেত্রখনত প্রথম এগৰাকী কোৰাছ শিল্পী হিচাপেহে মই সোমাইছিলো। মোৰ লগত তেতিয়া আৰু দুগৰাকী আছিল জে পি দাসৰ কন্যা জিন্টী আৰু জনছ মহলীয়াৰ কন্যা জিনি। তিনিও জনীকে কোৰাছ গাবলৈ মাতে আৰু আনকি তিনিওজনীকে ‘হামিং বার্ডছ’ বুলিও কৈছিল বহুতে।
সেই সময়ত মই পূৱ গুৱাহাটী সংগীত বিদ্যালয়ত ভাটখাণ্ডেৰ সংগীতৰ শিক্ষা লৈ আছিলোঁ। মোৰ গুৰু আছিল অনিতা বুঢ়াগোঁহাই। গুৰু অনিতা বুঢ়াগোঁহাইৰ বিহু গোৱাৰ ক্ষেত্রত এটা বিশেষ নাম আছিল। তেখেতৰ বিহু এলবামসমূহ যথেষ্ট হিট হৈছিল তেতিয়া। তেখেতৰ এটি বিহুগীতৰ এলবামত এবাৰ মোক বিহু গাবলৈ মাতিছিল সহ: কণ্ঠশিল্পী হিচাপে। তেখেত যিহেতু মোৰ গুৰু আছিল, মোৰ গান শুনিছে আৰু সেয়ে মই পাৰিম বুলি এটা বিশ্বাস হৈছিল। কিন্তু ৰেকর্ডিঙৰ দিনা মই ভালকৈ গাব পৰা নাছিলো। শাৰীৰিক ভাৱে অসুস্থ হৈ থকাৰ লগতে সেইদিনা ‘ফেৰেনজাইটিছ’ৰ বাবে ভাগি থকা মাতটিয়েও মোক সহযোগ কৰিব পৰা নাছিল। সেইদিনা একপ্রকাৰ অপমানিত কৰিয়েই পঠোৱাৰ নিচিনা । মোৰ ওপৰত বিশ্বাস কাৰো নাছিল আনকি এই ছোৱালীজনীৰ ভৱিষ্যৎ নাই বুলিয়েই মোক ষ্টুডিঅ’ৰ পৰা পঠাই দিয়া হৈছিল। মোৰ ওপৰত বিশ্বাস ৰাখি গাবলৈ মতা অনিতা বাইদেউৰ কথা ভাবি মোৰ বেয়া লাগিছিল। এইটো এটা বেলেগ কাহিনী-কেতিয়াবা বিস্তৰকৈ ক’ম-লিখিম।
বিহু গাবলৈ লওতেই প্রথমেই ব্যর্থতা পালো যদিও আকৌ বিহুগীত গাবলৈ ল’লো। ইটো-সিটোকৈ বহু কেইজনে মাতা হ’ল বিহু গাবলৈ। নিতুল শইকীয়া দাৰ প্রযোজিত তথা পল্লৱী এন্টাৰপ্রাইজৰ এটা বিহু এলবামত মুখ্য কণ্ঠশিল্পী হিচাপেই বিহু গালো। সেই সময়ত পল্লৱী এন্টাৰপ্রাইজৰ ‘লীনা’ বুলি এটা আধুনিক গীতৰ এলবাম ওলাইছিল। সেইটো আকৌ নিতুল দাৰ প্রথমটো আধুনিক গীতৰ এলবাম। নিতুল দাই তাত গাবলৈ ভাল কোনোবা গায়িকা আছে নেকি বুলি মোক সুধিছিলে-মই মেৰী মজুমদাৰ নামৰ মোৰ বান্ধৱী এগৰাকীৰ নাম কৈছিলো। মেৰী গ’ল আৰু গালে। কিবা কাৰণত তেওঁলোকৰ পছন্দ নহ’ল। তেওঁলোকে এবাৰ মোক ক’লে- তুমি এবাৰ ‘ট্রাই’ কৰি চোৱাচোন। তেনেকৈ সেই ‘লীনা’ এলবামটিত তিনিটা গীত গাইছিলো। সেয়া আছিল আধুনিক গীতৰ এলবামত মোৰ প্রথম একক গীত। সেই সময়ত ‘বৃকোদৰ বৰুৱাৰ বিয়া’ বুলি এখন ধাৰাবাহিক আছিল। ‘বৃকোদৰ বৰুৱা বিয়া’ৰ বাবে এটি গীত গাইছিলো- “তুমি হ’বা”। গীতটোৰ পুৰুষ সংস্কৰণটিত কণ্ঠদান কৰিছিল ভূপেন হাজৰিকাই আৰু মহিলাৰ সংস্কৰণটি মোক গোৱাইছিল ৰাজেন ৰাজখোৱাই। সংগীত প্রভাত শর্মাৰে আছিল যদিও ৰাজেন ৰাজখোৱাৰ তৎপৰতাতহে মোক গাবলৈ মতা হৈছিল। ধাৰাবাহিকৰ দুই মিনিটৰ গীতটো গোৱাৰ পাছত দুশ টকা মাননি পাইছিলো। গীতটোৰ লগতো ভাল লগা কাহিনী আছে, পিছত ক’ম।
মই গোৱা প্রথমটি গীত মই অনিল দাসৰ এটি ভক্তিমূলক গীতৰ এলবামৰ বাবে গাইছিলো। “মনোহৰ মধুমিঠা” বুলি অনুপ্রাস ছন্দৰ গীত আছিল সেইটি। গীতটি প্রায় ৫ মিনিট মানৰ আছিল। গীতটোৰ বাবে তেতিয়াৰ দিনতে মই দুহেজাৰ টকা পাইছিলো। এলবামটিত মুঠ চাৰিগৰাকী কণ্ঠশিল্পীৰ গীত আছিল-ৰামেশ্বৰ পাঠক, সন্ধ্যা মেনন, অনিল দাস আৰু মই। অনিল দাসৰ দৃষ্টিভংগীৰে কথাটি ক’বলৈ হ’লে- নিজক বাদ দি তেওঁ দুগৰাকী প্রতিষ্ঠিত শিল্পী আৰু এগৰাকী নতুন গায়িকা বিচাৰি এলবামটি কৰাৰ সিদ্ধান্ত লৈছিল। তেওঁ মোৰ গীত শুনিছিল। কাৰণ তেখেতৰ ৰিহার্চেল আমাৰ ঘৰতে হৈছিল। তেওঁলোক অহাৰ আগতে মই ৰেৱাজ কৰি থাকো। মোৰ গীত শুনি দেউতাক নতুন গায়িকাগৰাকী হিচাপে মোকেই গোৱাবৰ বাবে কৈছিল। দেউতাই প্রথমতে ৰাজী হোৱা নাছিল-তাই শিকিহে আছে বুলি কাৰণ দর্শাইছিল। দেউতাই ৰামেশ্বৰ পাঠকৰ জীয়ৰী মূর্চ্চনা পাঠকক গোৱাবলৈ কৈছিল। কিন্তু অনিল দাসে নেৰানেপেৰাকৈ ধৰাত শেষত মইয়ে গোৱাৰ সুযোগ পাইছিলোঁ।
মাইলষ্ট’ন বুলিলে যিটো গীতৰ বাবে মোক মানুহে জানিছিল বুলি মই ভাৱো, সংযোগপূর্ণ তথা আচৰিত ধৰণে গীতটো আছিল মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ বিৰচিত বৰগীত “পাৱে পৰি হৰি”। “সাঁচিপাতৰ পুথি” বুলি এখন চিৰিয়েলত গাইছিলো। সংগীত দেউতাৰে আছিল যদিও সেইটো গীতত সহায় কৰিছিল ৰূপম তালুকদাৰে। সেই গীতটোৰ সম্প্রচাৰৰ পাছতহে বোধ কৰো আচলতে তৰালি শর্মা নামটো যিসকলে গান শুনে তেওঁলোকৰ মাজলৈ আহিছিল। সেইটো আছিল একপ্রকাৰ মোৰ বাবে টার্ণিং পইন্ট। মোৰ সংগীতৰ জীৱনত গুৰু দুজনাৰ বহুত প্রভাৱ আছে বুলি সেয়ে অনুভৱ কৰোঁ আজিও। তাৰপিছত প্রকৃততে বেলেগ বেলেগ মিউজিকেল বেনাৰ যেনে- ৱেভ, সৰস্বতী, পল্লৱী, আৰ এম চি আদিৰ একক এলবামৰ বহুতো অফাৰ মোলৈ আহিছিল। মই অৱশ্যে ভালকৈ চালি-জাৰি বহু সময় চাইছিলো-কিন্তু কাৰো লগত গোৱা নাছিলো, চুক্তি স্বাক্ষৰ কৰা নাছিলো। অৱশেষত সৰস্বতী কমিউনিকেছনৰ লগতে চাইন আপ হ’ল। সৰস্বতী কমিউনিকেছনছ্ ৰ আঁৰত থকা দুগৰাকী মূল ব্যক্তি-‘বিস্ময়’ৰ সম্পাদক শশী ফুকনৰ ভাতৃ গুঞ্জন ফুকন আৰু প্রমোদ কলিতা। সৰস্বতী কমিউনিকেছনৰ সৈতে মোক যোগসুত্র স্থাপন কৰাত মিলনদূত আছিল আলোকচিত্র শিল্পী জীৱন ডাউকা। জীৱন ডাউকাই গুঞ্জন ফুকনক এদিন আমাৰ ঘৰলৈ লৈ আনিছিল আৰু এটি এলবামৰ অফাৰ দিছিল। সেই অফাৰটো মোৰ ভাল লাগিল লগতে তেওঁলোকৰ চিন্তাবোৰ। এনেকৈয়ে সৰস্বতী কমিউনিকেছনছৰ লগত মোৰ সংগীতৰ অধ্যায়টি আৰম্ভ হৈছিল। তেওঁলোকৰ লগত বহু কেইখন এলবাম কৰিছিলো। সৰস্বতী কমিউনিকেছনছ্ ৰ বেনাৰত মোৰ প্রথমটো একক এলবাম মুক্তি পাইছিল ১৯৯৯ চনত। নামটো আছিল ‘অভিমান’। মুক্তিৰ তাৰিখটোও মনত আছে মোৰ। ১৪ ফেব্রুৱাৰী মানে ‘ভেলেন্টাইন ডে’ত। এটা কথা ভাৱি আজিও ভাল লাগে- ‘অভিমান’ এলবামখনৰ এক অভিলেখকাৰী বিক্রী হৈছিল। তেতিয়াৰ দিনত পুৰুষ কণ্ঠশিল্পীৰ এটা এলবাম আশী হাজাৰ-এক লাখ (কেতিয়াবা দুই লাখ) পর্যন্ত কপি বিক্রী হয়। সেই এলবামটি তেতিয়া চুপাৰহিট বুলি গণ্য কৰা হৈছিল। তাৰ তুলনাত এককভাৱে মহিলা কণ্ঠশিল্পীৰ তিনি বা পাঁচ হাজাৰ কপি বিক্রী হ’লেই হিট বুলি ধৰা হৈছিল। কাৰণ কি আছিল সেয়া বিচাৰ কৰিবলৈ নাযাও বাৰু এতিয়া। যিকি নহওক, তেনে প্রেক্ষাপটতো মোৰ এলবামটো প্রথম পর্যায়তে ওঠৰ হাজাৰ বিক্রীৰ মুখ দেখিবলৈ সক্ষম হৈছিল। তাক লৈ এক চর্চাও হৈছিল- আজিও মনত আছে মোৰ।
চলচ্চিত্র জগতত মোৰ প্রথম হিচাপে ক’বলৈ গ’লে ৰাজেন ৰাজখোৱাৰ চিনেমা ‘সপোন’ত গোৱা ‘জানিও নজনা’ বুলি গীতটো। সংগীত পৰিচালনা আছিল জয়ন্ত পাঠক আৰু মই গোৱা গীতটো লিখিছিল প্রশান্ত বৰদলৈয়ে। ‘সপোন’ চিনেমাখনত মোৰ একক গীতৰ লগতে দ্বৈত গীতো আছিল। সেয়া আছিল ১৯৯৬ চনৰ কথা। গতিকে মোৰ একক এলবাম ওলোৱাৰ আগতেই আচলতে মই ছবিৰ বাবে গীত গাইছিলো।
সংগীত পৰিচালক হিচাপে মোৰ প্রথমখন চিনেমা আছিল মঞ্জু বৰাৰ ‘আকাশীতৰাৰ কথাৰে’। প্রযোজক আছিল সংগীতা তামূলী। সংযোগৰ কথা এয়ে যে, আগতে উল্লেখ কৰিছোৱে মোৰ সংগীত জীৱনত মহাপুৰুয দুজনাৰ অৱদান আছে। এই চিনেমাখনত মহাপুৰুষ মাধৱদেৱ বিৰচিত এটি কাকুতি ঘোষাৰ বাবে মোৰ জীৱনলৈ বেলেগ এটা টার্নিং পইন্ট বা বেলেগ এটা মাইলষ্ট’নৰ দৰে সেই বিশেষ পুৰস্কাৰটি আহিছিলে। তাৰ পাছৰ পর্যায়ৰ কথাখিনি কম-বেছি পৰিমাণে সকলোৱে জানেই.." (ক্ৰমশ:)
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন