কায়িক অবৰ্তমানতো চলি আছে মুনিন বৰুৱাৰ চিনেমাৰ কাম। --৭জুন ২০২১ ত লিখিছিলোঁ। লিখিছিলোঁ-- মুনিন বৰুৱাৰ কায়িক অবৰ্তমানতো চলি আছে মুনিন বৰুৱাৰ চিনেমাৰ কাম । ' বাৰুদ - ২ ' আৰু ' পথ - উপপথ ' ৰ কাম । কিছু দিন পূৰ্বে ৰিজুক লগ পিইছিলো , মুনিন বৰুৱাৰ পুত্ৰ মানস বৰুৱাক । জ্যোতি চিত্ৰবনত । -- এই জ্যোতি চিত্ৰবনতে এদিন ভাইমনদাই কৈছিল , " ভবেন শইকীয়া ছাৰৰ কাহিনীৰে পাৰিবাৰিক চিনেমা এখন কৰাৰ ইচ্ছা আছিল । সম্ভৱ নহব । ছাৰে মোৰ চিনেমাত যেনেদৰে গীত ব্যৱহাৰ হয় , তেনেদৰে ব্যৱহাৰ কৰিব নিদিয়ে । আৰু দুটামান পৰিকল্পনা আছে । ' বাৰুদ - ২ ' ৰো পৰিকল্পনা আছে ।... ' সেই পৰিকল্পনা এতিয়া আগবঢ়াই নিছে মানস বৰুৱাই । 'সময় ' ৰ কথা মনত ৰাখি মুনিন বৰুৱাই লিখা চিত্ৰনাট্য খন নতুনকৈ লিখাইছে । লিখিছে ভাস্কৰ হাজৰিকাই ('কথানদী ' , ' আমিষ 'ৰ পৰিচালক । চিনেমা দুখনৰ ভেটি -- মজবুট চিত্ৰনাট্য ।) শেহতীয়া খবৰ, 'পথ- উপপথ' ফ্ল'ৰত। মহুৰৎ হৈ যোৱাৰ খবৰ সংবাদ মাধ্যমত পাইছো। অহা ২৮ ডিচেম্বৰৰ পৰা দৃশ্যগ্ৰহণ আৰম্ভ হ'ব হেনো! চিনেমা খন প্ৰযোজনা কৰিব এ এম টেলিভিছনৰ বেনাৰত সঞ্জীৱ নাৰায়ণ আৰু ড° অক্ষতা নাৰায়ণে। অভিনয় কৰিব বাহাৰুল ইছলাম, গুঞ্জন ভৰদ্বাজ, ৰাজেশ ভূঞা, উদয়ন দুৱৰা, ভাস্কৰ তামুলী, অশ্চমণি বৰা, নৱাগতা অংগশ্রী নেওগ আদিয়ে। সংগীত যতীন শৰ্মাৰ। গীতৰ কাম ইতিমধ্যে হৈছে, সিদ্ধার্থ হাজৰিকা, শাশ্বতী ফুকন আৰু কৃষ্ণা বেওৰাৰ কণ্ঠদানেৰে। পথ-উপপথ by: Utpal Mena
উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? ৰাজ্যৰ লগতে দেশ-বিদেশৰ চিনেমাৰ অনুভৱ থকা এই নাম কেইটা উদাহৰণ মাত্ৰ। 'চিনেমা' জনা ( নিৰ্মাণ, বজাৰ, মহোৎসৱ ইত্যাদিৰ দখল থকা) লোকৰ আকাল অসমত আছে বুলি নাভাবো। এই কথা স্পষ্ট 'অসমীয়া চিনেমা'ৰ 'উন্নয়ন'ৰ বাবে অসমীয়া চিনেমাৰ লগতে 'দেশ-বিদেশৰ চিনেমা' জানিব লগিব। অধ্যয়ণ কৰিব লাগিব অধ্যক্ষ গৰাকীয়ে। ( যদি অধ্যক্ষ গৰাকীৰ কাম কেৱল চহী কৰা, তেতিয়া হ'লে বেলেগ কথা! তেতিয়া আমি জানিব বিছাৰিম-- অধ্যক্ষ গৰাকীয়ে কাৰ নিৰ্দেশত চহী কৰে?) চৰ্চ হৈছে --অধ্যক্ষৰ আসনত বহুওৱা সীমান্ত শেখৰে কোনোবা ইণ্টাৰভিউত হেনো কৈছিল অসমীয়া চিনেমা নাচাওঁ বুলি! যদি এয়া সত্য, স্বাভাবিকতে কব লাগিব --অসমীয়া চিনেমা নোচোৱা অধ্যক্ষ এগৰাকীৰ নেতৃত্বত অসমীয়া চিনেমাৰ উত...
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন