সঞ্জীৱ-গীতাৱলীয়ে অভিনয় কৰা চৰিত্ৰ দুটাক লৈ নিৰ্মাণ কৰা ৰোমাণ্টক চিকুৱেঞ্চ কেইটা canned theatre-ৰ উৰ্ধত। চিনে সৌন্দৰ্যৰে মন স্পৰ্শ কৰিব পৰা। পৰিপাটি। --এই পৰিপাটি চিকুৱেঞ্চ কেইটাৰ লগতে চিনেমা খনৰ আমাক আকৰ্ষণ কৰা দিশ কেইটা হ'ল, তপন দাস-সঞ্জিৱ হাজৰিকাৰ অভিনয় আৰু পৰিচালকৰ "চৰিত্ৰ নিয়ন্ত্ৰন"। প্ৰতিটো চৰিত্ৰ কম ফুটেজতে ঠিয় কৰাইছে, স্পষ্ট কৰি দিছে আৰু কোনো এটা চৰিত্ৰয়ে কাহিনীৰ গতিৰ বাহিৰত ৰৈ যোৱা নাই। আৰু প্ৰশংসা কৰিব পৰা দিশ? --আছে। গল্প কোৱাৰ কৌশল।
সোমবার, ২৬ ডিসেম্বর, ২০২২
ৰাজনীতি
ৰেনে ক্লেয়াৰৰ ৰচনাত যে পোৱা যায়-- canned theatre, তেনেস্তৰৰে চিনেকৰ্ম "ৰাজনীতি"। মনজিৎ শৰ্মাৰ পৰিচালনাৰে নিৰ্মিত অসমীয়া চিনেমা "ৰাজনীতি"। চিনেমা খনৰ বিষয়বস্তু যদি বৰ্তমানৰ ৰাজনীতি বুলি ধাৰণা কৰি লোৱা হয়, তেনেহ'লে কব লাগিব, কাহিনীৰ ভৰত বিষয়বস্তু চেপেটা খাই থাকিল। --কাহিনী এটা নহয়, কেইবাটাও। কাহিনীৰ প্ৰথমটো বিন্দু-- অপহৰণ। দ্বিতীয়টো বিন্দু-- এটা দৃশ্য-শ্ৰব্য সংবাদ মাধ্যমৰ দুই সংবাদকৰ্মীৰ কৰ্মজীৱন, প্ৰেমকথা। তৃতীয়টো বিন্দু-- বন্ধুত্ব। বিন্দুৰ গতিৰ অন্তত স্পষ্ট হয়-- তৃতীয় বিন্দুটো চিনেমা খনৰ মূল বিন্দু। চৰিত্ৰ দুটা নিৰ্মাণ কৰিছে তপন দাস (নিউজ চেনেল এটাৰ মুখ্য সম্পাদক), সঞ্জীৱ শৰ্মা (মুখ্যমন্ত্ৰী) -ক লৈ। বিন্দুটোৰ কাহিনীৰ বিন্যাস-- ফ্লেছবেক (flashback)-ত। দুই বন্ধুৰ কৰ্মৰ শিপা সতত। এগৰাকীয়ে সততাত খামোচ মাৰি ধৰি থাকি, ছপা মাধ্যমত কেইবা বছৰো সংবাদকৰ্ম কৰি নিউজ চেনেলৰ মুখ্য সম্পাদকৰ চকীত বহে। আন গৰাকী সততা বিসর্জন দি এদিন মুখ্যমন্ত্ৰীৰ আসনত বহে। --তপন দাস আৰু সঞ্জীৱ শৰ্মাই অভিনয় কৰা চৰিত্ৰ দুটাৰ বিপৰীতে পৰিচলকে নিৰ্মাণ কৰে "নায়িকা চৰিত্ৰ", গীতাৱলী ৰাজকুমাৰীক লৈ। এটা ৰোমাণ্টিক কাহিনী নিৰ্মাণ কৰে; আৰু এই ৰোমাণ্টিক কাহিনীটোৱে চিনেমা খনৰ চিনেমেটিক সৌন্দৰ্য। মুখ্যমন্ত্ৰীৰ প্ৰেমিকা আছিল, প্ৰেমিক আঁতৰি যায়, ৰাজনৈতিক কেৰিয়াৰৰ স্বাৰ্থত প্ৰেমিকাক এৰি প্ৰভাৱশালী ৰাজনৈতিক নেতা এগৰাকীৰ জোৱাই হয়। আৰু প্ৰেমিকাক ৰাজনৈতিক নেতা গৰাকীৰ শৈশৱ-যৌৱনৰ প্ৰিয় বন্ধুৱে পত্নীৰ মৰ্যদা দিয়ে।
এতে সদস্যতা:
মন্তব্যগুলি পোস্ট করুন (Atom)
কোন মন্তব্য নেই:
একটি মন্তব্য পোস্ট করুন