সরাসরি প্রধান সামগ্রীতে চলে যান

নুপুৰ জ্যোতি মেধি, বৰষা ৰাভাক "সঙ্গীতশ্ৰী প্ৰভাত শৰ্মা উদগনি বঁটা"

২০১৬, ৭ জুলাইত প্ৰকাশ পাইছিল মই সম্পাদনা কৰা এখন গ্ৰন্থ "সংগীতশ্ৰী প্ৰভাত শৰ্মা"। গ্ৰন্থ খনত লিখিছিল-- ড°বীৰেন্দ্ৰ নাথ দত্ত, গৌৰী বৰ্মন, লোকনাথ গোস্বামী, উৎপল দত্ত আদি গুনি-মানি ব্যক্তিয়ে। উন্মোচন কৰিছিল-- ড°বীৰেন্দ্ৰ নাথ দত্ত আৰু অৰুণ শৰ্মাই। গ্ৰন্থ খন সম্পাদনা কৰি পাৰিশ্ৰামিক লৈছিলোঁ, প্ৰশংসা পাইছিলোঁ, বদনামো অৰ্জন কৰিছিলোঁ--, ইমানতে শেষ হ'ব লাগিছিল, আন বহু কামৰ দৰে। বিশেষকৈ তিতা অভিজ্ঞতাৰ বাবে। কিন্তু শেষ হোৱা নাছিল, শেষ হ'ব দিয়া নাছিল, শিল্পী গৰাকীৰ হৃদয়ৰ পৰা মোৰ হৃদয়লৈ নিৰ্মাণ হোৱা সাকোঁ খনে। সাকোঁ খন নিৰ্মাণ হৈছিল "সংগীতশ্ৰী প্ৰভাত শৰ্মা" (গ্ৰন্থ) প্ৰকল্পটোৰ বাবে কেইবা মাহো কৰা পৰিশ্ৰমৰ সময়ত। 
--এই যে পৰিশ্ৰম কৰিছিলোঁ, সেই পৰিশ্ৰমৰ ফচলৰ নাম ৰাখিছিলোঁ "আত্মকথাৰ ১৬ খিলা"। "সংগীতশ্ৰী প্ৰভাত শৰ্মা" গ্ৰন্থ খনৰ এটা অংশ-- "আত্মকথাৰ ১৬ খিলা" (২মাৰ্চ ২০২১-ত আমাৰ মাজৰ পৰা উভতি নহা বাটেৰে যোৱা শিল্পী গৰাকীৰ আদ্যশ্ৰাদ্ধৰ দিনা এই অংশ সুকীয়াকৈ গ্ৰন্থৰ আকাৰ দি উন্মোচন কৰাইছিলোঁ। উন্মোচন কৰিছিল-- বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া, সত্ৰীয়া-লোক সংগীতৰ সাধক বশিষ্ঠ দেৱ শৰ্মাই।)। গ্ৰন্থ খনত চকু ফুৰাই এগৰাকী উন্মোচক কথাশিল্পী অৰুণ শৰ্মাই কৈছিল-- "তোমাৰ যি কেইটা লেখা ইয়াত আছে, সেই কেইটাৰে সুকীয়া গ্ৰন্থ এখন কৰা। ..."। কথাশিল্পী গৰাকীয়ে নাম এটাও দছিল-- "প্ৰভাতী সুৰ"। প্ৰকাশক? 
--প্ৰকাশকো পালোঁ। মৃণাল শৰ্মাৰ "চিত্ৰাচল"। "প্ৰভাতী সুৰ" সাজু হোৱাৰ পাছত আমি সিদ্ধান্ত লৈছিলোঁ, প্ৰভাত শৰ্মাৰ জন্মৰ দিনটোত প্ৰভাত শৰ্মাৰ ঘৰত গ্ৰন্থ খন উন্মোচন কৰাম, কেক কাটি শিল্পী গৰাকীৰ জন্মদিন পালন কৰিম! নিৰ্দিষ্ট সময়ত আমি নিৰ্দিষ্ট স্থান পাইছিলোঁ। (ঘৰত শিল্পী গৰাকীৰ সু-পুত্ৰী  তৰালি শৰ্মা নাছিল। শিল্পী গৰাকীৰ জোঁৱাই জিণ্টু বৰদলৈৰ সহায়ত...) কেক কটাইছিলোঁ, শিল্পী পুলক গগৈয়ে "প্ৰভাতী সুৰ" উন্মোচন কৰিছিল। আমাৰ "সৰু আয়োজন"ৰ খবৰ সংবাদ মাধ্যমে পাইছিল, সংবাদ মাধ্যমৰো মানুহ আহিছিল। "সৰু আয়োজন"ৰ আয়তন বাঢ়িছিল, দৃশ্য-শ্ৰব্য মাধ্যমত অনুষ্ঠানটো live হৈছিল। 
--অনুষ্ঠান যথা সময়ত শেষ হৈছিল। শিল্পীয়ে সকলোকে বিদায় জনাইছিল, "অহা বছৰ এই দিনটোত আকৌ লগ পাম" বুলি।

"অহা বছৰ এই দিনটোত আকৌ লগ পাম" --মোৰ মনত বাজি আছিল।
"অহা বছৰ, নহয়--, প্ৰতি বছৰে আমি প্ৰভাত শৰ্মাৰ জন্মদিন পালন কৰিম!" --মৃণাল শৰ্মাক কৈছিলোঁ। মৃণালে কৈছিল-- "ঠিক আছে।" 
           *********************************
জীয়াই থাকোতে ” শিল্পীক সন্মান জনোৱা উচিৎ ” — এই উদ্দেশ্যেৰে লোক সংগীতৰ সাধক প্ৰভাত শৰ্মাৰ কায়িক বৰ্তমানত ” সংগীতশ্ৰী প্ৰভাত শৰ্মা উদগনি বঁটা ” দিয়াৰ কথা চিন্তা কৰিছিলোঁ । এই প্ৰসঙ্গত দৈনিক জনমভূমিত মোৰ ”ৰাফকাট" শিতানত লিখিছিলোঁ । লেখাটো পঢ়ি কেইবাগৰাকীয়ো লোক আগবাঢ়ি আহিছিল । এগৰাকী চিনেমা প্ৰযোজকে বঁটাটো ”গ্লেমাৰ আৰ্টিষ্ট“ক দিলে লাখ টকা খৰচ কৰিবলৈ সাজু হৈছিল ! আমাৰ চিন্তাৰ সৈতে আগবাৰি অহা এজনৰো উদ্দেশ্য নিমিলিল । শেষত আমাৰ অনুৰোধত আগবাঢ়ি আহিছিল গ্ৰন্থ প্ৰকাশক মৃণাল শৰ্মা । মৃণালে কৈছিল-- "আপুনি যে প্ৰভাত শৰ্মাৰ জন্মদিন পালনৰ কথা কৈছিল, তাৰেই অংশ হ'ব পাৰে-- এই বঁটা! কথা মতে কাম আগবাঢ়িল।
--আমাৰ যি উদ্দেশ্য , সেই উদ্দেশ্য মনত ৰাখি ২০১৮ চনত ”সংগীতশ্ৰী প্ৰভাত শৰ্মা উদগনি বঁটা প্ৰদান কৰিছিলোঁ-- লোকবাদ্য শিল্পী গিৰেণ কলিতাক। গিৰেণ কলিতাক বঁটা প্ৰদান কৰা অনুষ্ঠানত ২০১৯  বৰ্ষৰ বঁটা ঘোষণা কৰিছিলোঁ; কিন্তু দিব পৰা নাছিলোঁ, কৰ'ণা সমস্যাৰ বাবে। এই বঁটা লোকসংগীতৰ শিল্পী হীৰকজ্যোতি শৰ্মাক প্ৰদান কৰা হৈছিল ২০২১ চনতহে। আৰু আমি ঘোষণা কৰিছিলোঁ ২০২১ (ৰাভা লোকসংগীতৰ উদীয়মান গায়িকা, তেতিয়াৰ তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰী– নাছিকায় , পানচুনা – ডালায় খ্যাত গায়িকা বৰষা ৰাভাক।) আৰু ২০২২ (বৰপেটাৰ উদীয়মান শিল্পী-- খোলবাদন, ভোৰতাল নৃত্য, সত্ৰীয়া নৃত্যৰে অসমীয়া সংস্কৃতিৰ উত্তৰণ আৰু প্ৰচাৰত সহায় কৰা নুপুৰ জ্যোতি মেধিক) বৰ্ষৰ বঁটা। এই দুটা বৰ্ষৰ বঁটা প্ৰদান কৰা হ'ল আজি, বৰপেটা জিলা পুথিভড়াল প্ৰেক্ষাগৃহত। সংযোজন: 
এক সাংগীতিক পৰিবেশত, লোকসংগীতৰ সাধক প্ৰভাত শৰ্মাৰ অবৰ্তমানত প্ৰদান কৰা হ'ল 'সঙ্গীতশ্ৰী প্ৰভাত শৰ্মা উদগনি বঁটা’। ২০২২-ৰ এই বঁটা কালি বৰপেটাৰ জিলা পুথিভড়ালত প্ৰদান কৰে বৰপেটাৰ উদীয়মান খোলবাদন, ভোৰতাল-সত্ৰীয়া নৃত্যশিল্পী  নুপুৰ জ্যোতি মেধিক। বঁটা প্ৰদান কৰে ভালেমান চিৰসেউজ গীতৰ গীতিকাৰ কীৰ্তিকমল ভূঞাই। এই অনুষ্ঠানতে "সঙ্গীতশ্ৰী প্ৰভাত শৰ্মা উদগনি বঁটা-২০২১"ও প্ৰদান কৰা হয়। সংগীতজ্ঞ সত্য কৃষ্ণ মিশ্ৰই এই বঁটা প্ৰদান কৰে বৰষা ৰাভাক। বৰষা ৰাভাই সৰুৰে পৰাই ৰাভা জনজাতিৰ বহু ৰাভা লোক গীত পৰিবেশন কৰি ভূয়সী প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। নাছিকায়, ৰাংখোপ, পানচুনা-ডালায়, ছাকছাং ছাকছাং, ছিঙি খুৰাং, অ আঙি নাছিকায়:, অ ৰিমা আদি বহু কেইটা ৰাভা শ্ৰব্য সঁফুৰাত কন্ঠদান কৰি জনপ্ৰিয়তা লভাৰ উপৰি সুখ্যাতিৰে “সঙ্গীত বিশাৰদ” উত্তীৰ্ণ হৈছে। তাৰোপৰি কেইবাটাও ৰাভা ভাষাৰে বিষ্ণু সঙ্গীতত কন্ঠদান কৰিছে। উল্লেখ্য যে চিনমা সমালোচক উৎপল মেনাৰ পৰিকল্পনাৰে জীৱিত কালতে শিল্পীক যৎকিঞ্চিত সন্মান জনোৱাৰ উদ্দেশ্যে লোক সঙ্গীতৰ আজীৱন সাধক প্ৰভাত শৰ্মাৰ কায়িক বৰ্তমানত প্ৰকাশন গোষ্ঠী চিত্ৰাচলৰ হৈ প্ৰকাশক মৃণাল শৰ্মাই ২০১৮ ইং চনৰে পৰা প্ৰদান কৰি আহিছিল ‘সঙ্গীতশ্ৰী প্ৰভাত শৰ্মা উদগনি বঁটা’। এই বঁটা প্ৰথম বাৰ নিজহাতে প্ৰদান কৰিছিল প্ৰভাত শৰ্মাই , খোলবাদক গিৰেণ কলিতাক। ২ মাৰ্চ ২০২১-ত শিল্পী গৰাকীৰ কায়িক মৃত্যু হয়; আৰু মৃত্যুৰ পাছতো বিশেষকৈ লোক সঙ্গীতৰ সাধনাত ব্ৰতী নৱ প্ৰজন্মক উদগনি দিয়াৰ উদ্দেশ্যেৰে এই বঁটা প্ৰদান কৰি অহা হৈছে।
কৰবী উজীৰে গোৱা বৰগীতেৰে আৰম্ভ হোৱা এই অনুষ্ঠানৰ আঁত ধৰে সাংস্কৃতিক সংগঠক নীৰেণ চন্দ্ৰ বৈশ্য আৰু নাট্যকৰ্মী নিৰ্মল দাসে। অনুষ্ঠানত নাট্যকৰ্মী দাসৰ ৰচনা-পৰিচালনাৰে "মনৰ মৰম" নামৰ নাটক এখনো মঞ্চস্থ হয়। এই অনুস্থানৰ সৌন্দৰ্য বঢ়াই মুখাৰ শিশু শিল্পীৰ খোল বাদন, নুপুৰ জ্যোতি মেধীৰ খোল বাদন, সত্ৰীয়া শিক্ষা কেন্দ্ৰ- বৰপেটাৰ এজাক কিশোৰ-কিশোৰীৰ ভোৰতাল নৃত্য,  ভাস্কৰ শাণ্ডিল্যৰ বাঁহী বাদন আৰু সংগীত শিল্পী তৰালি শৰ্মাৰ গীত-কথা। তৰালি শৰ্মাই সুৰেৰে, কথাৰে বিশ্লেষণ কৰে দেউতাক প্ৰভাত শৰ্মাই নিৰ্মাণ কৰা সুৰৰ সৌন্দৰ্য আৰু বৈশিষ্ট্য। -কালিৰ এই অনুষ্ঠানত বিশিষ্ট সাহিত্যিক অক্ষয় কুমাৰ মিশ্ৰ, 'খবৰ' কাৰ্যবাহী সম্পাদক বিশ্বজিৎ দাস, কন্ঠ শিল্পী হেমেন দাস, কবিন দাস, প্ৰভাত শৰ্মাৰ পত্নী ৰেণু শৰ্মা, বিশিষ্ট শিল্পী গুনীন ওজা, সমাজ কৰ্মী শোভাৰাণী দাস আদিৰ লগতে ভালেমান সংস্কৃতি প্ৰেমী।

মন্তব্যসমূহ

এই ব্লগটি থেকে জনপ্রিয় পোস্টগুলি

চিনেমাৰ জুবিন

জুবিন গাৰ্গ অভিনেতা নাছিল। "অভিনেতা জুবিন" নিৰ্মাণ কৰিছিল বা নিৰ্মাণ কৰাইছিল। "গায়ক ইমেজ"ৰ পৰা "নায়ক ইমেজ"ৰ মাজত বন্দী হব পাৰিছিল "মনযায়"ত। এম মণিৰামৰ পৰিচালনাৰে নিৰ্মান কৰা অসমীয়া চিনেমা "মনযায়"ত মানৱৰ চৰিত্ৰত দৰ্শকে, চিত্ৰৰসিকে গ্ৰহণ কৰিছে। চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ২০০৮ চনত। বিশ্লেষণ কৰিলে স্পষ্ট হয়-- মানৱ কিন্তু "জুবিন"ৰ পৰা মুক্ত নাছিল। মানৱে কথা কৈছিল (সংলাপ প্ৰক্ষেপন কৰিছিল) জুবিনৰ দৰে। চেহেৰা-শৰীৰ ভাষাতো মানৱ "জুবিন"ৰ পৰা মুক্ত নহয়। তথাপি চিত্ৰৰসিকে জুবিনৰ অভিনয় গ্ৰহণ কৰিছে। মুনিন বৰুৱাৰ "দীনবন্ধু" (২০০৪)-ৰ বিপুলকো দৰ্শকে গ্ৰহণ কৰিছে। চৰিত্ৰ দুটাৰ মাজত দূৰত্ব অতি কম। কিন্তু বিপুলতকৈ মানৱ বেছি উজ্বল। "চৰিত্ৰ" দুটাক চিত্ৰৰসিকে ইতিবাচক সহাৰি দিয়াৰ প্ৰাথমিক কাৰণ-- cinematic acting, যাক আমি বাস্তবিক অভিনয় (realistic acting) বুলিব পাৰোঁ। আমাৰ ধাৰণা-- জুবিনে সততে (যদিওবা চিনেমা পৰিচিলকৰ মাধ্যম) "জুবিন"ৰ মাজতে থাকি "চৰিত্ৰ"ক গতি দিয়ে বা পৰিচালকক চৰিত্ৰ নিৰ্মাণত স...

নৈ কথা | চিনেচৰ্চা

‘নৈ কথা’ এখন অসমীয়া চিনেমা। ড° পঙ্কজ বৰাৰ পৰিচালনা। চিনেমা খনৰ কাহিনী ৰেখাৰ মূল বিন্দু এজন মাচুৱৈ। নাম-- তিলেশ্বৰ, তিলো। নৈপৰীয়া তিলোৰ চালিকা শক্তি, সংসাৰ চলোৱাৰ শক্তি নৈ খনত থকা মাছ কেইটা। তিলোৰ বাবে সমস্যা-- নৈ খনত মাছ কমি আহিছে। আৰু দিনটোৰ পৰিশ্ৰমৰ মূৰকত পোৱা মাছ কেইটাত উচিৎ দাম নিদয়ে, গ্ৰাহকে আগ্ৰহ নেদেখুৱাই।  [বিপৰীতে গ্ৰাহকৰ-- চালানী মাছ, ব্ৰইলাৰ মুৰ্গী প্ৰতিহে! পৰিচালকে কেমেৰাৰ ফ্ৰেমত একেলগে তিলোৰ স্থানীয় নৈৰ মাছৰ, চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ "দোকান" তিনিখন ৰাখিছে। দেখুৱাইছে-- চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ নিৰ্দিষ্ট দাম দিবলৈ ক্ৰেতাই আপত্তি নকৰে, বিপৰীতে তিলোৰ সৈতে কিমান যে দৰ-দাম কেন্দ্ৰিক কথা! চিত্ৰায়ণ--  বাস্তৱিক। পৰিপাটি-- কেমেৰাৰ ভাষা প্ৰয়োগ, যিমান প্ৰয়োজন সিমান সাহিত্যৰ ভাষা ব্যৱহাৰ।]  তিলোৰ ঘৰ নচলে! দুই এমা ডিমা সন্তান আৰু পত্নী বাসন্তীক লৈ তিলোৰ সংসাৰ। প্ৰয়োজনীয় দৈনন্দিন সামগ্ৰী আনোতে আনোতে মহাজনৰ দোকানত "বাকী" বাঢ়ি গৈ আছে।  তিলো হ'তৰ  সমস্যা [সমস্যা কেৱল তিলোৰ নহয়, নৈ পৰীয়া মাচুৱৈৰ। এই দিশটো পৰিচালক পৰিপাটিকৈ স্পষ্ট কৰিছে, কাহিনীৰ গতি...

হেৰোৱা ছন্দ | পূৰ্বালোকন

আৰু এখন চিনেমা-- জাহ্নু বৰুৱাৰ। আৰু এটা গীত-- ইবচন লাল বৰুৱাৰ। কথা-সুৰ-সংগীত ইবচন লাল বৰুৱাৰ।  " দামি গহনা পিন্ধি হাঁহিছা  হাঁহিটিয়েই চোন এটি গহনা  গহনা বুলি ধাতু কিনিছা  কিনিব জানো হাঁহি পাৰিবা পাৰা যদি সুৰ তুমি ঢালিবা  ঢালি গভীৰৰ সঁচা তৰঙ্গ  অঙ্গ ভেদি গান কঁপিব  কঁপি উঠিব হেৰোৱা ছন্দ..." চিনেমাৰ গীত।  চিনেমাৰ নাম: হেৰোৱা ছন্দ।  জাহ্নু বৰুৱাৰ চিনেমা। (জাহ্নু বৰুৱাৰ চিনেমা মানেই মনত ৰৈ যোৱা চিনে-চিন্তা, চুই যোৱা চিনে-সৌন্দৰ্য।) জাহ্নু বৰুৱাৰ বাবে ইয়াৰ পূৰ্বে ইবচন লাল বৰুৱাই নিৰ্মাণ কৰিছিল (নিজৰ কথা, সুৰেৰে) -- "বিষুৱ ৰেখা নাপাওঁ দেখা ভৰিৰ তলত দুখন ধৰা এখন আকাশ আকাশ ফালি মেঘৰ বিবাদ… মোৰ ভগা খিৰিকী পোহৰ দিয়া খিৰিকী মোৰ ভগা খিৰিকী দুৱাৰ খোলা খিৰিকী …" (চিনেমা : ভগা খিৰিকী) পূৰ্বৰ গীতটোৰ দৰে "হেৰোৱা ছন্দ"ৰ বাবে নিৰ্মাণ কৰা গীতটোও চিনে-সৌন্দৰ্যৰে ভৰপূৰ, আমাৰ অনুভৱত। আমাৰ ধাৰণাত গীতটোৰ কথা-সুৰ, গায়কীত চিনেমা খনৰ "কাহিনী" আছে, বিষয়-বস্তু আছে। গীতটোত ব্যৱহাৰ কৰিছে ঊষা উত্থুপ আৰু অনিন্দিতা পলৰ কণ্ঠ। সম্ভৱতঃ ৰূপালী গল্পটোৰ মূল ...