সরাসরি প্রধান সামগ্রীতে চলে যান

নুপুৰ জ্যোতি মেধি, বৰষা ৰাভাক "সঙ্গীতশ্ৰী প্ৰভাত শৰ্মা উদগনি বঁটা"

২০১৬, ৭ জুলাইত প্ৰকাশ পাইছিল মই সম্পাদনা কৰা এখন গ্ৰন্থ "সংগীতশ্ৰী প্ৰভাত শৰ্মা"। গ্ৰন্থ খনত লিখিছিল-- ড°বীৰেন্দ্ৰ নাথ দত্ত, গৌৰী বৰ্মন, লোকনাথ গোস্বামী, উৎপল দত্ত আদি গুনি-মানি ব্যক্তিয়ে। উন্মোচন কৰিছিল-- ড°বীৰেন্দ্ৰ নাথ দত্ত আৰু অৰুণ শৰ্মাই। গ্ৰন্থ খন সম্পাদনা কৰি পাৰিশ্ৰামিক লৈছিলোঁ, প্ৰশংসা পাইছিলোঁ, বদনামো অৰ্জন কৰিছিলোঁ--, ইমানতে শেষ হ'ব লাগিছিল, আন বহু কামৰ দৰে। বিশেষকৈ তিতা অভিজ্ঞতাৰ বাবে। কিন্তু শেষ হোৱা নাছিল, শেষ হ'ব দিয়া নাছিল, শিল্পী গৰাকীৰ হৃদয়ৰ পৰা মোৰ হৃদয়লৈ নিৰ্মাণ হোৱা সাকোঁ খনে। সাকোঁ খন নিৰ্মাণ হৈছিল "সংগীতশ্ৰী প্ৰভাত শৰ্মা" (গ্ৰন্থ) প্ৰকল্পটোৰ বাবে কেইবা মাহো কৰা পৰিশ্ৰমৰ সময়ত। 
--এই যে পৰিশ্ৰম কৰিছিলোঁ, সেই পৰিশ্ৰমৰ ফচলৰ নাম ৰাখিছিলোঁ "আত্মকথাৰ ১৬ খিলা"। "সংগীতশ্ৰী প্ৰভাত শৰ্মা" গ্ৰন্থ খনৰ এটা অংশ-- "আত্মকথাৰ ১৬ খিলা" (২মাৰ্চ ২০২১-ত আমাৰ মাজৰ পৰা উভতি নহা বাটেৰে যোৱা শিল্পী গৰাকীৰ আদ্যশ্ৰাদ্ধৰ দিনা এই অংশ সুকীয়াকৈ গ্ৰন্থৰ আকাৰ দি উন্মোচন কৰাইছিলোঁ। উন্মোচন কৰিছিল-- বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া, সত্ৰীয়া-লোক সংগীতৰ সাধক বশিষ্ঠ দেৱ শৰ্মাই।)। গ্ৰন্থ খনত চকু ফুৰাই এগৰাকী উন্মোচক কথাশিল্পী অৰুণ শৰ্মাই কৈছিল-- "তোমাৰ যি কেইটা লেখা ইয়াত আছে, সেই কেইটাৰে সুকীয়া গ্ৰন্থ এখন কৰা। ..."। কথাশিল্পী গৰাকীয়ে নাম এটাও দছিল-- "প্ৰভাতী সুৰ"। প্ৰকাশক? 
--প্ৰকাশকো পালোঁ। মৃণাল শৰ্মাৰ "চিত্ৰাচল"। "প্ৰভাতী সুৰ" সাজু হোৱাৰ পাছত আমি সিদ্ধান্ত লৈছিলোঁ, প্ৰভাত শৰ্মাৰ জন্মৰ দিনটোত প্ৰভাত শৰ্মাৰ ঘৰত গ্ৰন্থ খন উন্মোচন কৰাম, কেক কাটি শিল্পী গৰাকীৰ জন্মদিন পালন কৰিম! নিৰ্দিষ্ট সময়ত আমি নিৰ্দিষ্ট স্থান পাইছিলোঁ। (ঘৰত শিল্পী গৰাকীৰ সু-পুত্ৰী  তৰালি শৰ্মা নাছিল। শিল্পী গৰাকীৰ জোঁৱাই জিণ্টু বৰদলৈৰ সহায়ত...) কেক কটাইছিলোঁ, শিল্পী পুলক গগৈয়ে "প্ৰভাতী সুৰ" উন্মোচন কৰিছিল। আমাৰ "সৰু আয়োজন"ৰ খবৰ সংবাদ মাধ্যমে পাইছিল, সংবাদ মাধ্যমৰো মানুহ আহিছিল। "সৰু আয়োজন"ৰ আয়তন বাঢ়িছিল, দৃশ্য-শ্ৰব্য মাধ্যমত অনুষ্ঠানটো live হৈছিল। 
--অনুষ্ঠান যথা সময়ত শেষ হৈছিল। শিল্পীয়ে সকলোকে বিদায় জনাইছিল, "অহা বছৰ এই দিনটোত আকৌ লগ পাম" বুলি।

"অহা বছৰ এই দিনটোত আকৌ লগ পাম" --মোৰ মনত বাজি আছিল।
"অহা বছৰ, নহয়--, প্ৰতি বছৰে আমি প্ৰভাত শৰ্মাৰ জন্মদিন পালন কৰিম!" --মৃণাল শৰ্মাক কৈছিলোঁ। মৃণালে কৈছিল-- "ঠিক আছে।" 
           *********************************
জীয়াই থাকোতে ” শিল্পীক সন্মান জনোৱা উচিৎ ” — এই উদ্দেশ্যেৰে লোক সংগীতৰ সাধক প্ৰভাত শৰ্মাৰ কায়িক বৰ্তমানত ” সংগীতশ্ৰী প্ৰভাত শৰ্মা উদগনি বঁটা ” দিয়াৰ কথা চিন্তা কৰিছিলোঁ । এই প্ৰসঙ্গত দৈনিক জনমভূমিত মোৰ ”ৰাফকাট" শিতানত লিখিছিলোঁ । লেখাটো পঢ়ি কেইবাগৰাকীয়ো লোক আগবাঢ়ি আহিছিল । এগৰাকী চিনেমা প্ৰযোজকে বঁটাটো ”গ্লেমাৰ আৰ্টিষ্ট“ক দিলে লাখ টকা খৰচ কৰিবলৈ সাজু হৈছিল ! আমাৰ চিন্তাৰ সৈতে আগবাৰি অহা এজনৰো উদ্দেশ্য নিমিলিল । শেষত আমাৰ অনুৰোধত আগবাঢ়ি আহিছিল গ্ৰন্থ প্ৰকাশক মৃণাল শৰ্মা । মৃণালে কৈছিল-- "আপুনি যে প্ৰভাত শৰ্মাৰ জন্মদিন পালনৰ কথা কৈছিল, তাৰেই অংশ হ'ব পাৰে-- এই বঁটা! কথা মতে কাম আগবাঢ়িল।
--আমাৰ যি উদ্দেশ্য , সেই উদ্দেশ্য মনত ৰাখি ২০১৮ চনত ”সংগীতশ্ৰী প্ৰভাত শৰ্মা উদগনি বঁটা প্ৰদান কৰিছিলোঁ-- লোকবাদ্য শিল্পী গিৰেণ কলিতাক। গিৰেণ কলিতাক বঁটা প্ৰদান কৰা অনুষ্ঠানত ২০১৯  বৰ্ষৰ বঁটা ঘোষণা কৰিছিলোঁ; কিন্তু দিব পৰা নাছিলোঁ, কৰ'ণা সমস্যাৰ বাবে। এই বঁটা লোকসংগীতৰ শিল্পী হীৰকজ্যোতি শৰ্মাক প্ৰদান কৰা হৈছিল ২০২১ চনতহে। আৰু আমি ঘোষণা কৰিছিলোঁ ২০২১ (ৰাভা লোকসংগীতৰ উদীয়মান গায়িকা, তেতিয়াৰ তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰী– নাছিকায় , পানচুনা – ডালায় খ্যাত গায়িকা বৰষা ৰাভাক।) আৰু ২০২২ (বৰপেটাৰ উদীয়মান শিল্পী-- খোলবাদন, ভোৰতাল নৃত্য, সত্ৰীয়া নৃত্যৰে অসমীয়া সংস্কৃতিৰ উত্তৰণ আৰু প্ৰচাৰত সহায় কৰা নুপুৰ জ্যোতি মেধিক) বৰ্ষৰ বঁটা। এই দুটা বৰ্ষৰ বঁটা প্ৰদান কৰা হ'ল আজি, বৰপেটা জিলা পুথিভড়াল প্ৰেক্ষাগৃহত। সংযোজন: 
এক সাংগীতিক পৰিবেশত, লোকসংগীতৰ সাধক প্ৰভাত শৰ্মাৰ অবৰ্তমানত প্ৰদান কৰা হ'ল 'সঙ্গীতশ্ৰী প্ৰভাত শৰ্মা উদগনি বঁটা’। ২০২২-ৰ এই বঁটা কালি বৰপেটাৰ জিলা পুথিভড়ালত প্ৰদান কৰে বৰপেটাৰ উদীয়মান খোলবাদন, ভোৰতাল-সত্ৰীয়া নৃত্যশিল্পী  নুপুৰ জ্যোতি মেধিক। বঁটা প্ৰদান কৰে ভালেমান চিৰসেউজ গীতৰ গীতিকাৰ কীৰ্তিকমল ভূঞাই। এই অনুষ্ঠানতে "সঙ্গীতশ্ৰী প্ৰভাত শৰ্মা উদগনি বঁটা-২০২১"ও প্ৰদান কৰা হয়। সংগীতজ্ঞ সত্য কৃষ্ণ মিশ্ৰই এই বঁটা প্ৰদান কৰে বৰষা ৰাভাক। বৰষা ৰাভাই সৰুৰে পৰাই ৰাভা জনজাতিৰ বহু ৰাভা লোক গীত পৰিবেশন কৰি ভূয়সী প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। নাছিকায়, ৰাংখোপ, পানচুনা-ডালায়, ছাকছাং ছাকছাং, ছিঙি খুৰাং, অ আঙি নাছিকায়:, অ ৰিমা আদি বহু কেইটা ৰাভা শ্ৰব্য সঁফুৰাত কন্ঠদান কৰি জনপ্ৰিয়তা লভাৰ উপৰি সুখ্যাতিৰে “সঙ্গীত বিশাৰদ” উত্তীৰ্ণ হৈছে। তাৰোপৰি কেইবাটাও ৰাভা ভাষাৰে বিষ্ণু সঙ্গীতত কন্ঠদান কৰিছে। উল্লেখ্য যে চিনমা সমালোচক উৎপল মেনাৰ পৰিকল্পনাৰে জীৱিত কালতে শিল্পীক যৎকিঞ্চিত সন্মান জনোৱাৰ উদ্দেশ্যে লোক সঙ্গীতৰ আজীৱন সাধক প্ৰভাত শৰ্মাৰ কায়িক বৰ্তমানত প্ৰকাশন গোষ্ঠী চিত্ৰাচলৰ হৈ প্ৰকাশক মৃণাল শৰ্মাই ২০১৮ ইং চনৰে পৰা প্ৰদান কৰি আহিছিল ‘সঙ্গীতশ্ৰী প্ৰভাত শৰ্মা উদগনি বঁটা’। এই বঁটা প্ৰথম বাৰ নিজহাতে প্ৰদান কৰিছিল প্ৰভাত শৰ্মাই , খোলবাদক গিৰেণ কলিতাক। ২ মাৰ্চ ২০২১-ত শিল্পী গৰাকীৰ কায়িক মৃত্যু হয়; আৰু মৃত্যুৰ পাছতো বিশেষকৈ লোক সঙ্গীতৰ সাধনাত ব্ৰতী নৱ প্ৰজন্মক উদগনি দিয়াৰ উদ্দেশ্যেৰে এই বঁটা প্ৰদান কৰি অহা হৈছে।
কৰবী উজীৰে গোৱা বৰগীতেৰে আৰম্ভ হোৱা এই অনুষ্ঠানৰ আঁত ধৰে সাংস্কৃতিক সংগঠক নীৰেণ চন্দ্ৰ বৈশ্য আৰু নাট্যকৰ্মী নিৰ্মল দাসে। অনুষ্ঠানত নাট্যকৰ্মী দাসৰ ৰচনা-পৰিচালনাৰে "মনৰ মৰম" নামৰ নাটক এখনো মঞ্চস্থ হয়। এই অনুস্থানৰ সৌন্দৰ্য বঢ়াই মুখাৰ শিশু শিল্পীৰ খোল বাদন, নুপুৰ জ্যোতি মেধীৰ খোল বাদন, সত্ৰীয়া শিক্ষা কেন্দ্ৰ- বৰপেটাৰ এজাক কিশোৰ-কিশোৰীৰ ভোৰতাল নৃত্য,  ভাস্কৰ শাণ্ডিল্যৰ বাঁহী বাদন আৰু সংগীত শিল্পী তৰালি শৰ্মাৰ গীত-কথা। তৰালি শৰ্মাই সুৰেৰে, কথাৰে বিশ্লেষণ কৰে দেউতাক প্ৰভাত শৰ্মাই নিৰ্মাণ কৰা সুৰৰ সৌন্দৰ্য আৰু বৈশিষ্ট্য। -কালিৰ এই অনুষ্ঠানত বিশিষ্ট সাহিত্যিক অক্ষয় কুমাৰ মিশ্ৰ, 'খবৰ' কাৰ্যবাহী সম্পাদক বিশ্বজিৎ দাস, কন্ঠ শিল্পী হেমেন দাস, কবিন দাস, প্ৰভাত শৰ্মাৰ পত্নী ৰেণু শৰ্মা, বিশিষ্ট শিল্পী গুনীন ওজা, সমাজ কৰ্মী শোভাৰাণী দাস আদিৰ লগতে ভালেমান সংস্কৃতি প্ৰেমী।

মন্তব্যসমূহ

Other posts

চিনেবোদ্ধা, চিনেযোদ্ধা আৰু অসমীয়া 'চিনেমা নোচোৱা' সীমান্ত শেখৰ /২

উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? ৰাজ্যৰ লগতে দেশ-বিদেশৰ চিনেমাৰ অনুভৱ থকা এই নাম কেইটা উদাহৰণ মাত্ৰ। 'চিনেমা' জনা ( নিৰ্মাণ, বজাৰ, মহোৎসৱ ইত্যাদিৰ দখল থকা) লোকৰ আকাল অসমত আছে বুলি নাভাবো। এই কথা স্পষ্ট 'অসমীয়া চিনেমা'ৰ 'উন্নয়ন'ৰ বাবে অসমীয়া চিনেমাৰ লগতে 'দেশ-বিদেশৰ চিনেমা' জানিব লগিব। অধ্যয়ণ কৰিব লাগিব অধ্যক্ষ গৰাকীয়ে।  ( যদি অধ্যক্ষ গৰাকীৰ কাম কেৱল চহী কৰা, তেতিয়া হ'লে বেলেগ কথা! তেতিয়া আমি জানিব বিছাৰিম-- অধ্যক্ষ গৰাকীয়ে কাৰ নিৰ্দেশত চহী কৰে?) চৰ্চ হৈছে --অধ্যক্ষৰ আসনত বহুওৱা সীমান্ত শেখৰে কোনোবা ইণ্টাৰভিউত হেনো কৈছিল অসমীয়া চিনেমা নাচাওঁ বুলি! যদি এয়া সত্য, স্বাভাবিকতে কব লাগিব --অসমীয়া চিনেমা নোচোৱা অধ্যক্ষ এগৰাকীৰ নেতৃত্বত অসমীয়া চিনেমাৰ উত...

ভূপেন হাজৰিকা, চিনেমা আৰু চিনেমাৰ জাল /৯

Bhupen Hazarika "এৰা বাটৰ সুৰ"-এ চিনে অভিজ্ঞতা দিলে ভূপেন হাজৰিকাক। চিত্ৰৰসিকে ভাল পালে, চিনেমা আলোচকেও প্ৰশংসা কৰিলে-- সেয়াই আছিল প্ৰথম চিনেকৰ্মৰ সুখ। দুখ-- ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ "সুখ" আশা কৰিছিল, নাপালে। নপোৱাৰ বাবে আছৰিত হৈছিল, চিনেমা খনৰ দৰ্শক হোৱা চিনেমা আলোচক সকলো। কলিকতাৰ আলোচক সকলৰ ওচৰত ভৃপেন হাজৰিকাই নিজৰ মনৰ চিনেসুখ প্ৰকাশ কৰিছিল এনেদৰে-- "ছবি ভাল পোৱা সকলে ভাল পাইছে, আপোনালোকে ভাল পাইছে। আপোনালোকৰ ভাল পোৱাই মোৰ সুখ বঢ়াইছে। আৰু ছবি কৰিবলৈ সাহস দিছে। আৰু ছবি কৰিম। 'এৰা বাটৰ সুৰ'ৰ দৰে নহয়, কিছু বেলেগ। 'এৰা বাটৰ সুৰ'-এ শিকালে, যি শিকালে সেই খিনিৰে বেলেগ কৰিম।" (উৎস: চিত্ৰবাণী, সম্পাদক: গৌৰ চট্টোপধ্যায়) প্ৰথম পৰিচালনাৰ প্ৰায় ৪ বছৰ পাছত হাতত ল'লে দ্বিতীয় খন অসমীয়া চিনেমাৰ কাম। ("মোৰ মগজুত খেলালে, মই এখন অসমীয়া ছবি কৰিম। কিন্তু মই কিন্তু নলওঁ। 'এৰাবাটৰ সুৰখন পৰীক্ষামূলক আছিল, কাহিনী নাছিল। গতিশীল সমূহ এটাই বুটলি লোৱা অভিজ্ঞতাখিনিয়েই 'এৰাবাটৰ সুৰ। এইবাৰ মই ক্লাছিক বস্তু, এটা লোৱাৰ কথা ভাবিলোঁ, যিটো গাঁৱ...

গীতটো আৰু এবাৰ শুনাবানে?

assamese singer by: Utpal Mena মহাশ্বেতাই গাইছিল-- "অস্ত আকাশৰে সপোন ৰহণ সানি ক্লান্ত লুইতৰে হেঙুলীয়া পানী। বৈয়ে যায়, বৈয়ে যায়, বৈয়ে যায়..." মঞ্চলৈ উঠি আহিয়ে স্বনামধন্য ভাৰতীয় সৰোদবাদক তথা শাস্ত্রীয় সঙ্গীতজ্ঞ আমজাদ আলী খানে কৈছিল, মহাশ্বেতা গীতটো আৰু এবাৰ শুনাবানে? শুনাইছিল। তন্ময় হৈ শুনিছিল সংগীত নক্ষত্ৰই। ২৪ ছেপ্টেম্বৰ। নতুন দিল্লীৰ শ্ৰীমন্ত শংকৰদেৱ ভৱনত মোৰ ভূপেন হাজৰিকা প্ৰকল্পৰ দ্বিতীয় খণ্ড "Bhupen Hazarika Volume II"  উন্মোচন কৰিছিল সংগীত নক্ষত্ৰ আমজাদ আলী খানে। এই অনুষ্ঠান মুকলি কৰা হৈছিল মহাশ্বেতাই গোৱা "ভূপেন্দ্ৰ সংগীত"টোৰে।  এই যে গীতটো গাইছিল তাৰ আগলৈকে মহাশ্বেতা নামৰ গায়িকা গৰাকীক আমিয়ো জনা নাছিলোঁ। শুনিছিলো মাত্ৰ। ইউটিউবত। কিন্তু ইমান সুন্দৰ সাংগীতিক অনুভৱ কৰা নাছিলোঁ, মঞ্চত "অস্ত আকাশৰে সপোন..." শুনাৰ আগলৈকে। ১৯৫৮ চনতে সুধাকণ্ঠই শব্দ-সুৰেৰে ৰচনা কৰা এই গীতত আকৌ এবাৰ অনুভৱ কৰিছিলোঁ "লুইতৰ অস্ত ৰবিৰ সৌন্দৰ্য", "দুয়ো পাৰে কত মানুহ, কত যে ইতিহাস", "জীৱনৰে দিগন্ত অপাৰ" ইত্যাদি। পাছত মহাশ্বেতাক সুধিছিলোঁ--...

The Seventh String

" The Seventh String by: Utpal Mena "The Seventh String" (দ্যা চেভেন্থ ষ্ট্ৰিং) --নাট্যকৰ্মী বাহাৰুল ইছলামৰ চিনেকৰ্ম। চিনেমা খনৰ লেখক বৰ্ষা বাহাৰ। নাট্যকৰ্মী বাহাৰুল ইছলামৰ তনয়া বৰ্ষা বাহাৰে ইংৰাজিত লিখা এটা চুটি গল্প চিনেমা খনৰ শিপা। --চিনেমা খনত লেখক বৰ্ষা বাহাৰ এটা "চৰিত্ৰ'লৈ ৰূপান্তৰ হৈছে, যিটো "চৰিত্ৰ" (নিষ্ঠা কাশ্যপ) চিনেমা খনৰ মূল বিন্দু, যিটো বিন্দুৰ সৰল ৰৈখিক গতিয়ে আকাৰ দিছে এটা কাহিনীৰ। "বাস্তৱবাদ"ৰ ওচৰৰ কাহিনী, বাস্তৱ অভিনয় (realistic acting) -ৰে নিৰ্মাণ কৰা ৰূপালী গল্পৰ। শীৰ্ষ বিন্দু (climax)-ৰ পৰা গতি কৰিছে নিষ্ঠা কাশ্যপ বিন্দুটো। নিষ্ঠাই মৃত্যু বিচাৰিছে। হাতৰ শিৰা কাটি চৰম সিদ্ধান্ত লোৱাৰ চেষ্টা নিষ্ঠাৰ। এই প্ৰথম বিন্দুটো পৰিচালকে ঠিয় কৰাইছে কেমেৰাৰ ভাষাৰে। কাট কাট-- কেইটা মান শ্বটেৰে। চিনেমেটিক কাৰবাৰত --উত্তেজনা। দৰ্শকক ভাবিবলৈ সময় দিয়া নাই। উত্তেজনাৰ মাজত সোমাবলৈ বাধ্য-- দৰ্শক। আৰু যেতিয়া দৰ্শক উত্তেজনাৰ পৰা মুক্ত হৈছে কাহিনীয়ে আকাৰ লৈ গতি কৰিছে। কাহিনীয়ে দৰ্শকক বন্দী কৰিছে। --ৰূপালী গল্পটো আৰম্ভ হৈছে মুম্বাইত। লো...