সরাসরি প্রধান সামগ্রীতে চলে যান

shadow assassins

চিনেমা খনৰ বাজেট ৩.৫ কোটি টকা। বলিউদৰ চিনেমা। আজিৰ তাৰিখত অতি কম বাজেটৰ চিনেমা। বলিউদৰ কম বাজেটৰ চিনেমা এখনত আজিৰ তাৰিখত ৯-১০ কোটি টকা খৰচ হয় বা কৰে। কিন্তু "shadow assassins" (“শ্বেড' এছাচিনছ”) -ৰ পৰিচালক গৰাকীয়ে কৰা নাই বা কৰিব পৰা নাই। পৰিচালক গৰাকীৰ ধাৰণা, কম খৰচতো ৰূপালী গল্প এটা পৰিপাটিকৈ দৰ্শকৰ ওচৰলৈ নিব পাৰি, বিষয়বস্তুৰে দৰ্শকক চুব পাৰি। পৰিচালক গৰাকীৰ ধাৰণাত, চিনেমা খনৰ বিষয়বস্তুৱে দৰ্শকক স্পৰ্শ কৰিব! আৰু এই ক'লা অধ্যয় এই প্ৰজন্মই জানিব লাগে। 
পৰিচালক- লেখক নীলাঞ্জন ৰীতা দত্তৰ (পুনেৰ ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ প্ৰাক্তন ছাত্ৰ তথা প্ৰাক্তন অধ্যাপক। দুবাৰকৈ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰে পুৰস্কৃত হৈছে ৷) কথাত এয়া স্পষ্ট, অসম আৰ্থিক, শিক্ষা আদি দিশত পাছ পৰি আছে, বা পৰাৰ এটা কাৰণ, গুপ্তহত্যাৰ মন গধুৰ কৰা সেই (অ) সময়। --হয়, চিনেমা খনৰ বিষয়বস্তু অসমৰ সমাজ জীৱন কপাই যোৱা গুপ্তহত্যা। আমাৰ মনত আছে, সেই (অ) সময়। এন্ধাৰ নামিলেই মনত ভয়ৰ বোজা বঢ়া সেই (অ) সময়! বহুতেই তেতিয়া কৈছিল, "ৰাতিটো বোলোতেই হাতীটো"! 
পৰৱৰ্তী সময়ত আমি শুনিছিলোঁ --"সেই সময়ত অসমৰ এজন প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু কেবাজনো প্ৰাক্তন আলফাকে ধৰি উচ্চপদস্থ আৰক্ষী বিষয়াৰ নাম গুপ্ত হত্যাৰ সৈতে জড়িত থকা বুলি অভিযোগ উত্থাপিত হৈছে।" নব্বৈ দশকত অসমত প্ৰায় ৩টা বছৰ ধৰি বিভীষিকাময় পৰিবেশ সৃষ্টি কৰা গুপ্তহত্যাক লৈ পৰৱৰ্তী সময়ত ৰাজনীতি হৈছে,তদন্ত হৈছে, ভিন্ন প্লেটফৰ্মত চৰ্চা হৈছে। কিন্তু বহুতে নজনাকৈয়ে ৰৈ গৈছে বহু কথা, বহু "বাস্তবৰ চৰিত্ৰ"। তেনে "চৰিত্ৰ" হয়তো অনুভৱ কৰিব পাৰে “শ্বেড' এছাচিনছ”ৰ দৰ্শক হোৱাৰ পাছত। ৯ ডিচেম্বৰত চিনেমা খন চিত্ৰগৃহলৈ অহাৰ পাছত। 
পৰিচালকৰ লগতে অভিনেতা মনোজ বৰকটকী আদিয়ে মত বিনিময় কৰিছিল  অসমৰ সংবাদ মাধ্যমৰ সৈতে। জনাইছিল, "মূলতঃ ৯০ দশকৰ সেই ক'লা অধ্যায়ৰ সময়চোৱাত অসমত কিদৰে এটা পৰিয়ালে বিভিন্ন ঘাত- প্ৰতিঘাতৰ মাজত নিজৰ সৰ্বস্ব হেৰুৱাই পেলাইছিল, তাকেই এক কাল্পনিক ৰূপত দেখুওৱা হৈছে চিনেমাখনত। কাহিনী যদিও কাল্পনিক, কিন্তু তাৰ পটভূমি এক নিষ্ঠুৰ বাস্তৱ। কাহিনীৰ মাজত হয়তো বহুতেই নিজৰ পৰিচিত বহু ঘটনা, কাহিনীক দেখিবলৈ পাব বুলি আশা কৰিব পাৰি।" 
এই ৰূপালী অপৰাধ (ক্ৰাইম) গল্পটোত  অভিনয় কৰিছে অনুৰাগ চিহ্না, মিষ্টি চক্ৰৱৰ্তী, হেমন্ত খেৰ, মনোজ বৰকটকী,  মহেশ গিন্নিলাল, পৰীক্ষিত তামুলী, মৃগেন্দ্ৰ নাৰায়ণ কোঁৱৰ, ৰঞ্জীৱ লাল বৰুৱা, স্তুতি চৌধুৰী, ভায়'লেট নাজিৰ তিৱাৰী আদিয়ে।shadow assassins by: Utpal Mena

মন্তব্যসমূহ

এই ব্লগটি থেকে জনপ্রিয় পোস্টগুলি

চিনেমাৰ জুবিন

জুবিন গাৰ্গ অভিনেতা নাছিল। "অভিনেতা জুবিন" নিৰ্মাণ কৰিছিল বা নিৰ্মাণ কৰাইছিল। "গায়ক ইমেজ"ৰ পৰা "নায়ক ইমেজ"ৰ মাজত বন্দী হব পাৰিছিল "মনযায়"ত। এম মণিৰামৰ পৰিচালনাৰে নিৰ্মান কৰা অসমীয়া চিনেমা "মনযায়"ত মানৱৰ চৰিত্ৰত দৰ্শকে, চিত্ৰৰসিকে গ্ৰহণ কৰিছে। চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ২০০৮ চনত। বিশ্লেষণ কৰিলে স্পষ্ট হয়-- মানৱ কিন্তু "জুবিন"ৰ পৰা মুক্ত নাছিল। মানৱে কথা কৈছিল (সংলাপ প্ৰক্ষেপন কৰিছিল) জুবিনৰ দৰে। চেহেৰা-শৰীৰ ভাষাতো মানৱ "জুবিন"ৰ পৰা মুক্ত নহয়। তথাপি চিত্ৰৰসিকে জুবিনৰ অভিনয় গ্ৰহণ কৰিছে। মুনিন বৰুৱাৰ "দীনবন্ধু" (২০০৪)-ৰ বিপুলকো দৰ্শকে গ্ৰহণ কৰিছে। চৰিত্ৰ দুটাৰ মাজত দূৰত্ব অতি কম। কিন্তু বিপুলতকৈ মানৱ বেছি উজ্বল। "চৰিত্ৰ" দুটাক চিত্ৰৰসিকে ইতিবাচক সহাৰি দিয়াৰ প্ৰাথমিক কাৰণ-- cinematic acting, যাক আমি বাস্তবিক অভিনয় (realistic acting) বুলিব পাৰোঁ। আমাৰ ধাৰণা-- জুবিনে সততে (যদিওবা চিনেমা পৰিচিলকৰ মাধ্যম) "জুবিন"ৰ মাজতে থাকি "চৰিত্ৰ"ক গতি দিয়ে বা পৰিচালকক চৰিত্ৰ নিৰ্মাণত স...

নৈ কথা | চিনেচৰ্চা

‘নৈ কথা’ এখন অসমীয়া চিনেমা। ড° পঙ্কজ বৰাৰ পৰিচালনা। চিনেমা খনৰ কাহিনী ৰেখাৰ মূল বিন্দু এজন মাচুৱৈ। নাম-- তিলেশ্বৰ, তিলো। নৈপৰীয়া তিলোৰ চালিকা শক্তি, সংসাৰ চলোৱাৰ শক্তি নৈ খনত থকা মাছ কেইটা। তিলোৰ বাবে সমস্যা-- নৈ খনত মাছ কমি আহিছে। আৰু দিনটোৰ পৰিশ্ৰমৰ মূৰকত পোৱা মাছ কেইটাত উচিৎ দাম নিদয়ে, গ্ৰাহকে আগ্ৰহ নেদেখুৱাই।  [বিপৰীতে গ্ৰাহকৰ-- চালানী মাছ, ব্ৰইলাৰ মুৰ্গী প্ৰতিহে! পৰিচালকে কেমেৰাৰ ফ্ৰেমত একেলগে তিলোৰ স্থানীয় নৈৰ মাছৰ, চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ "দোকান" তিনিখন ৰাখিছে। দেখুৱাইছে-- চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ নিৰ্দিষ্ট দাম দিবলৈ ক্ৰেতাই আপত্তি নকৰে, বিপৰীতে তিলোৰ সৈতে কিমান যে দৰ-দাম কেন্দ্ৰিক কথা! চিত্ৰায়ণ--  বাস্তৱিক। পৰিপাটি-- কেমেৰাৰ ভাষা প্ৰয়োগ, যিমান প্ৰয়োজন সিমান সাহিত্যৰ ভাষা ব্যৱহাৰ।]  তিলোৰ ঘৰ নচলে! দুই এমা ডিমা সন্তান আৰু পত্নী বাসন্তীক লৈ তিলোৰ সংসাৰ। প্ৰয়োজনীয় দৈনন্দিন সামগ্ৰী আনোতে আনোতে মহাজনৰ দোকানত "বাকী" বাঢ়ি গৈ আছে।  তিলো হ'তৰ  সমস্যা [সমস্যা কেৱল তিলোৰ নহয়, নৈ পৰীয়া মাচুৱৈৰ। এই দিশটো পৰিচালক পৰিপাটিকৈ স্পষ্ট কৰিছে, কাহিনীৰ গতি...

হেৰোৱা ছন্দ | পূৰ্বালোকন

আৰু এখন চিনেমা-- জাহ্নু বৰুৱাৰ। আৰু এটা গীত-- ইবচন লাল বৰুৱাৰ। কথা-সুৰ-সংগীত ইবচন লাল বৰুৱাৰ।  " দামি গহনা পিন্ধি হাঁহিছা  হাঁহিটিয়েই চোন এটি গহনা  গহনা বুলি ধাতু কিনিছা  কিনিব জানো হাঁহি পাৰিবা পাৰা যদি সুৰ তুমি ঢালিবা  ঢালি গভীৰৰ সঁচা তৰঙ্গ  অঙ্গ ভেদি গান কঁপিব  কঁপি উঠিব হেৰোৱা ছন্দ..." চিনেমাৰ গীত।  চিনেমাৰ নাম: হেৰোৱা ছন্দ।  জাহ্নু বৰুৱাৰ চিনেমা। (জাহ্নু বৰুৱাৰ চিনেমা মানেই মনত ৰৈ যোৱা চিনে-চিন্তা, চুই যোৱা চিনে-সৌন্দৰ্য।) জাহ্নু বৰুৱাৰ বাবে ইয়াৰ পূৰ্বে ইবচন লাল বৰুৱাই নিৰ্মাণ কৰিছিল (নিজৰ কথা, সুৰেৰে) -- "বিষুৱ ৰেখা নাপাওঁ দেখা ভৰিৰ তলত দুখন ধৰা এখন আকাশ আকাশ ফালি মেঘৰ বিবাদ… মোৰ ভগা খিৰিকী পোহৰ দিয়া খিৰিকী মোৰ ভগা খিৰিকী দুৱাৰ খোলা খিৰিকী …" (চিনেমা : ভগা খিৰিকী) পূৰ্বৰ গীতটোৰ দৰে "হেৰোৱা ছন্দ"ৰ বাবে নিৰ্মাণ কৰা গীতটোও চিনে-সৌন্দৰ্যৰে ভৰপূৰ, আমাৰ অনুভৱত। আমাৰ ধাৰণাত গীতটোৰ কথা-সুৰ, গায়কীত চিনেমা খনৰ "কাহিনী" আছে, বিষয়-বস্তু আছে। গীতটোত ব্যৱহাৰ কৰিছে ঊষা উত্থুপ আৰু অনিন্দিতা পলৰ কণ্ঠ। সম্ভৱতঃ ৰূপালী গল্পটোৰ মূল ...