সরাসরি প্রধান সামগ্রীতে চলে যান

shadow assassins

চিনেমা খনৰ বাজেট ৩.৫ কোটি টকা। বলিউদৰ চিনেমা। আজিৰ তাৰিখত অতি কম বাজেটৰ চিনেমা। বলিউদৰ কম বাজেটৰ চিনেমা এখনত আজিৰ তাৰিখত ৯-১০ কোটি টকা খৰচ হয় বা কৰে। কিন্তু "shadow assassins" (“শ্বেড' এছাচিনছ”) -ৰ পৰিচালক গৰাকীয়ে কৰা নাই বা কৰিব পৰা নাই। পৰিচালক গৰাকীৰ ধাৰণা, কম খৰচতো ৰূপালী গল্প এটা পৰিপাটিকৈ দৰ্শকৰ ওচৰলৈ নিব পাৰি, বিষয়বস্তুৰে দৰ্শকক চুব পাৰি। পৰিচালক গৰাকীৰ ধাৰণাত, চিনেমা খনৰ বিষয়বস্তুৱে দৰ্শকক স্পৰ্শ কৰিব! আৰু এই ক'লা অধ্যয় এই প্ৰজন্মই জানিব লাগে। 
পৰিচালক- লেখক নীলাঞ্জন ৰীতা দত্তৰ (পুনেৰ ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ প্ৰাক্তন ছাত্ৰ তথা প্ৰাক্তন অধ্যাপক। দুবাৰকৈ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰে পুৰস্কৃত হৈছে ৷) কথাত এয়া স্পষ্ট, অসম আৰ্থিক, শিক্ষা আদি দিশত পাছ পৰি আছে, বা পৰাৰ এটা কাৰণ, গুপ্তহত্যাৰ মন গধুৰ কৰা সেই (অ) সময়। --হয়, চিনেমা খনৰ বিষয়বস্তু অসমৰ সমাজ জীৱন কপাই যোৱা গুপ্তহত্যা। আমাৰ মনত আছে, সেই (অ) সময়। এন্ধাৰ নামিলেই মনত ভয়ৰ বোজা বঢ়া সেই (অ) সময়! বহুতেই তেতিয়া কৈছিল, "ৰাতিটো বোলোতেই হাতীটো"! 
পৰৱৰ্তী সময়ত আমি শুনিছিলোঁ --"সেই সময়ত অসমৰ এজন প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু কেবাজনো প্ৰাক্তন আলফাকে ধৰি উচ্চপদস্থ আৰক্ষী বিষয়াৰ নাম গুপ্ত হত্যাৰ সৈতে জড়িত থকা বুলি অভিযোগ উত্থাপিত হৈছে।" নব্বৈ দশকত অসমত প্ৰায় ৩টা বছৰ ধৰি বিভীষিকাময় পৰিবেশ সৃষ্টি কৰা গুপ্তহত্যাক লৈ পৰৱৰ্তী সময়ত ৰাজনীতি হৈছে,তদন্ত হৈছে, ভিন্ন প্লেটফৰ্মত চৰ্চা হৈছে। কিন্তু বহুতে নজনাকৈয়ে ৰৈ গৈছে বহু কথা, বহু "বাস্তবৰ চৰিত্ৰ"। তেনে "চৰিত্ৰ" হয়তো অনুভৱ কৰিব পাৰে “শ্বেড' এছাচিনছ”ৰ দৰ্শক হোৱাৰ পাছত। ৯ ডিচেম্বৰত চিনেমা খন চিত্ৰগৃহলৈ অহাৰ পাছত। 
পৰিচালকৰ লগতে অভিনেতা মনোজ বৰকটকী আদিয়ে মত বিনিময় কৰিছিল  অসমৰ সংবাদ মাধ্যমৰ সৈতে। জনাইছিল, "মূলতঃ ৯০ দশকৰ সেই ক'লা অধ্যায়ৰ সময়চোৱাত অসমত কিদৰে এটা পৰিয়ালে বিভিন্ন ঘাত- প্ৰতিঘাতৰ মাজত নিজৰ সৰ্বস্ব হেৰুৱাই পেলাইছিল, তাকেই এক কাল্পনিক ৰূপত দেখুওৱা হৈছে চিনেমাখনত। কাহিনী যদিও কাল্পনিক, কিন্তু তাৰ পটভূমি এক নিষ্ঠুৰ বাস্তৱ। কাহিনীৰ মাজত হয়তো বহুতেই নিজৰ পৰিচিত বহু ঘটনা, কাহিনীক দেখিবলৈ পাব বুলি আশা কৰিব পাৰি।" 
এই ৰূপালী অপৰাধ (ক্ৰাইম) গল্পটোত  অভিনয় কৰিছে অনুৰাগ চিহ্না, মিষ্টি চক্ৰৱৰ্তী, হেমন্ত খেৰ, মনোজ বৰকটকী,  মহেশ গিন্নিলাল, পৰীক্ষিত তামুলী, মৃগেন্দ্ৰ নাৰায়ণ কোঁৱৰ, ৰঞ্জীৱ লাল বৰুৱা, স্তুতি চৌধুৰী, ভায়'লেট নাজিৰ তিৱাৰী আদিয়ে।shadow assassins by: Utpal Mena

মন্তব্যসমূহ

Other posts

চিনেবোদ্ধা, চিনেযোদ্ধা আৰু অসমীয়া 'চিনেমা নোচোৱা' সীমান্ত শেখৰ /২

উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? ৰাজ্যৰ লগতে দেশ-বিদেশৰ চিনেমাৰ অনুভৱ থকা এই নাম কেইটা উদাহৰণ মাত্ৰ। 'চিনেমা' জনা ( নিৰ্মাণ, বজাৰ, মহোৎসৱ ইত্যাদিৰ দখল থকা) লোকৰ আকাল অসমত আছে বুলি নাভাবো। এই কথা স্পষ্ট 'অসমীয়া চিনেমা'ৰ 'উন্নয়ন'ৰ বাবে অসমীয়া চিনেমাৰ লগতে 'দেশ-বিদেশৰ চিনেমা' জানিব লগিব। অধ্যয়ণ কৰিব লাগিব অধ্যক্ষ গৰাকীয়ে।  ( যদি অধ্যক্ষ গৰাকীৰ কাম কেৱল চহী কৰা, তেতিয়া হ'লে বেলেগ কথা! তেতিয়া আমি জানিব বিছাৰিম-- অধ্যক্ষ গৰাকীয়ে কাৰ নিৰ্দেশত চহী কৰে?) চৰ্চ হৈছে --অধ্যক্ষৰ আসনত বহুওৱা সীমান্ত শেখৰে কোনোবা ইণ্টাৰভিউত হেনো কৈছিল অসমীয়া চিনেমা নাচাওঁ বুলি! যদি এয়া সত্য, স্বাভাবিকতে কব লাগিব --অসমীয়া চিনেমা নোচোৱা অধ্যক্ষ এগৰাকীৰ নেতৃত্বত অসমীয়া চিনেমাৰ উত...

ভূপেন হাজৰিকা, চিনেমা আৰু চিনেমাৰ জাল /৯

Bhupen Hazarika "এৰা বাটৰ সুৰ"-এ চিনে অভিজ্ঞতা দিলে ভূপেন হাজৰিকাক। চিত্ৰৰসিকে ভাল পালে, চিনেমা আলোচকেও প্ৰশংসা কৰিলে-- সেয়াই আছিল প্ৰথম চিনেকৰ্মৰ সুখ। দুখ-- ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ "সুখ" আশা কৰিছিল, নাপালে। নপোৱাৰ বাবে আছৰিত হৈছিল, চিনেমা খনৰ দৰ্শক হোৱা চিনেমা আলোচক সকলো। কলিকতাৰ আলোচক সকলৰ ওচৰত ভৃপেন হাজৰিকাই নিজৰ মনৰ চিনেসুখ প্ৰকাশ কৰিছিল এনেদৰে-- "ছবি ভাল পোৱা সকলে ভাল পাইছে, আপোনালোকে ভাল পাইছে। আপোনালোকৰ ভাল পোৱাই মোৰ সুখ বঢ়াইছে। আৰু ছবি কৰিবলৈ সাহস দিছে। আৰু ছবি কৰিম। 'এৰা বাটৰ সুৰ'ৰ দৰে নহয়, কিছু বেলেগ। 'এৰা বাটৰ সুৰ'-এ শিকালে, যি শিকালে সেই খিনিৰে বেলেগ কৰিম।" (উৎস: চিত্ৰবাণী, সম্পাদক: গৌৰ চট্টোপধ্যায়) প্ৰথম পৰিচালনাৰ প্ৰায় ৪ বছৰ পাছত হাতত ল'লে দ্বিতীয় খন অসমীয়া চিনেমাৰ কাম। ("মোৰ মগজুত খেলালে, মই এখন অসমীয়া ছবি কৰিম। কিন্তু মই কিন্তু নলওঁ। 'এৰাবাটৰ সুৰখন পৰীক্ষামূলক আছিল, কাহিনী নাছিল। গতিশীল সমূহ এটাই বুটলি লোৱা অভিজ্ঞতাখিনিয়েই 'এৰাবাটৰ সুৰ। এইবাৰ মই ক্লাছিক বস্তু, এটা লোৱাৰ কথা ভাবিলোঁ, যিটো গাঁৱ...

গীতটো আৰু এবাৰ শুনাবানে?

assamese singer by: Utpal Mena মহাশ্বেতাই গাইছিল-- "অস্ত আকাশৰে সপোন ৰহণ সানি ক্লান্ত লুইতৰে হেঙুলীয়া পানী। বৈয়ে যায়, বৈয়ে যায়, বৈয়ে যায়..." মঞ্চলৈ উঠি আহিয়ে স্বনামধন্য ভাৰতীয় সৰোদবাদক তথা শাস্ত্রীয় সঙ্গীতজ্ঞ আমজাদ আলী খানে কৈছিল, মহাশ্বেতা গীতটো আৰু এবাৰ শুনাবানে? শুনাইছিল। তন্ময় হৈ শুনিছিল সংগীত নক্ষত্ৰই। ২৪ ছেপ্টেম্বৰ। নতুন দিল্লীৰ শ্ৰীমন্ত শংকৰদেৱ ভৱনত মোৰ ভূপেন হাজৰিকা প্ৰকল্পৰ দ্বিতীয় খণ্ড "Bhupen Hazarika Volume II"  উন্মোচন কৰিছিল সংগীত নক্ষত্ৰ আমজাদ আলী খানে। এই অনুষ্ঠান মুকলি কৰা হৈছিল মহাশ্বেতাই গোৱা "ভূপেন্দ্ৰ সংগীত"টোৰে।  এই যে গীতটো গাইছিল তাৰ আগলৈকে মহাশ্বেতা নামৰ গায়িকা গৰাকীক আমিয়ো জনা নাছিলোঁ। শুনিছিলো মাত্ৰ। ইউটিউবত। কিন্তু ইমান সুন্দৰ সাংগীতিক অনুভৱ কৰা নাছিলোঁ, মঞ্চত "অস্ত আকাশৰে সপোন..." শুনাৰ আগলৈকে। ১৯৫৮ চনতে সুধাকণ্ঠই শব্দ-সুৰেৰে ৰচনা কৰা এই গীতত আকৌ এবাৰ অনুভৱ কৰিছিলোঁ "লুইতৰ অস্ত ৰবিৰ সৌন্দৰ্য", "দুয়ো পাৰে কত মানুহ, কত যে ইতিহাস", "জীৱনৰে দিগন্ত অপাৰ" ইত্যাদি। পাছত মহাশ্বেতাক সুধিছিলোঁ--...

The Seventh String

" The Seventh String by: Utpal Mena "The Seventh String" (দ্যা চেভেন্থ ষ্ট্ৰিং) --নাট্যকৰ্মী বাহাৰুল ইছলামৰ চিনেকৰ্ম। চিনেমা খনৰ লেখক বৰ্ষা বাহাৰ। নাট্যকৰ্মী বাহাৰুল ইছলামৰ তনয়া বৰ্ষা বাহাৰে ইংৰাজিত লিখা এটা চুটি গল্প চিনেমা খনৰ শিপা। --চিনেমা খনত লেখক বৰ্ষা বাহাৰ এটা "চৰিত্ৰ'লৈ ৰূপান্তৰ হৈছে, যিটো "চৰিত্ৰ" (নিষ্ঠা কাশ্যপ) চিনেমা খনৰ মূল বিন্দু, যিটো বিন্দুৰ সৰল ৰৈখিক গতিয়ে আকাৰ দিছে এটা কাহিনীৰ। "বাস্তৱবাদ"ৰ ওচৰৰ কাহিনী, বাস্তৱ অভিনয় (realistic acting) -ৰে নিৰ্মাণ কৰা ৰূপালী গল্পৰ। শীৰ্ষ বিন্দু (climax)-ৰ পৰা গতি কৰিছে নিষ্ঠা কাশ্যপ বিন্দুটো। নিষ্ঠাই মৃত্যু বিচাৰিছে। হাতৰ শিৰা কাটি চৰম সিদ্ধান্ত লোৱাৰ চেষ্টা নিষ্ঠাৰ। এই প্ৰথম বিন্দুটো পৰিচালকে ঠিয় কৰাইছে কেমেৰাৰ ভাষাৰে। কাট কাট-- কেইটা মান শ্বটেৰে। চিনেমেটিক কাৰবাৰত --উত্তেজনা। দৰ্শকক ভাবিবলৈ সময় দিয়া নাই। উত্তেজনাৰ মাজত সোমাবলৈ বাধ্য-- দৰ্শক। আৰু যেতিয়া দৰ্শক উত্তেজনাৰ পৰা মুক্ত হৈছে কাহিনীয়ে আকাৰ লৈ গতি কৰিছে। কাহিনীয়ে দৰ্শকক বন্দী কৰিছে। --ৰূপালী গল্পটো আৰম্ভ হৈছে মুম্বাইত। লো...