ভাৰতৰ চিনেমাৰ বজাৰত "বাদশ্বাহ" হৈ থাকিবলৈ শ্বাহৰুখ খানৰ বাবে প্ৰয়োজন হাজাৰ কোটি টকা কালেকচল কৰিব পৰা চিনেমা এখনৰ।
indian cinema by: Utpal Mena
"পাঠান" হয়তো চলিব!
চলাব!
ফৰ্মুলা নতুন নহয়, সেই একেই, বছৰৰ পাছত বছৰ ধৰি চলাই অহা।
প্ৰচাৰত অভিনেতাৰ পৰা ৰাজনৈতিক নেতালৈ "সহায়" কৰিছে যেতিয়া নচলাৰ কাৰণ নাই-- এয়া আমাৰ ধাৰণা। বলিউড বজাৰ বৰ্তমান চলাই আছে দক্ষিণ ভাৰতৰ চিনেমাই। শ্বাহৰুখ খানৰো "বজাৰ" ভাল নহয়। ৭৫ খোটি টকা বাজেটৰ "চেন্নাই এক্সপ্রেছ", ১০০ কোটিৰো বেছি বাজেটৰ "হ্যাপি নিউ ইয়াৰ", ১০০ কোটি টকা বাজেটৰ "দিলৱালে", ১২০ কোটি টকা বাজেটৰ "ৰইছ"ৰ বক্স অ'ফিচ কালেকচনে বলিউডৰ বাটত খোপনি ৰখাত সহায় কৰিব পৰা নাছিল তাৰকা গৰাকীক। --এনে সময়ত ("আৰ আৰ আৰ"-এ ১,২০০–১,২৫৮ কোটি টকা ব্যৱসায় কৰা এই সময়ত) ভাৰতৰ চিনেমাৰ বজাৰত "বাদশ্বাহ" হৈ থাকিবলৈ শ্বাহৰুখ খানৰ বাবে প্ৰয়োজন হাজাৰ কোটি টকা কালেকচল কৰিব পৰা চিনেমা এখনৰ। আজিৰ তাৰিখত "বক্স অ'ফিচ টপ২০" তালিকাত শ্বাহৰুখ খান অভিনীত চিনেমা এখনো নাই। বিপৰীতে দুই খান আমিৰৰ ৩ খন ("ডংগল", "পিকে", ধুম-৩), ছলমানৰ ৩ খন ("টাইগাৰ জিণ্ডা হেয়", "বজৰংগী ভাইজান". "চুলতান") চিনেমা আছে এই তালিকাত। তালিকা খন ক্ৰমে এনেধৰণৰ-- "বাহুবলী-২", "কে জি এফ", "আৰ আৰ আৰ", "বাহুবলী", "2.O", "Avatar: The Way of Water", "ডংগল", "Avengers End Game", "সঞ্জু", "পিকে", "টাইগাৰ জিণ্ডা হেয়", "বজৰংগী ভাইজান", "ৱাৰ","ছাহু", "কান্তাৰা",
"পদ্মাৱত", "চুলতান", "ধুম-৩", "টানাহজী", "কৱিৰ সিং"।
--এই তালিকাত সৰহ সংখ্যকেই দক্ষিণ ভাৰতৰ আঞ্চলিক ভাষাৰ চিনেমা।
২৯ জানুৱাৰীৰ সংযোজন:
দেশৰ বজাৰত "পাঠান"ৰ বক্স অ'ফিচ কালেকচন ৭০ কোটি টকা (৮৫০০ স্ক্ৰীণত দিনে চাৰিটাকৈ শ্ব'ত)। বিদেশৰ বজাৰক ধৰি ১০৪.৮ কোটি টকা। নাই, নোৱাৰিলে। "আৰ আৰ আৰ" (RRR has grossed over ₹120.19 crore on Day1), "বাহুবলী-২" (grossed over ₹121 crore on Day1) আদিৰ ৰেকৰ্ড পাৰ হব নোৱাৰিলে "পাঠান"-এ।
আৰু বাকী?
সময়ত স্পষ্ট হ'ব।
(আৰু আছে😊)
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন