cinema by: Utpal Mena
আমি "অনুৰ" চাম। আমি লিফটেৰে ওপৰলৈ গৈ থকা সময়ত তৰালিয়ে (সংগীত শিল্পী তৰালি শৰ্মাই) ক'লে-- "এয়া শ্ৰীলেখা..."। পাছৰ খিনি শুনা নাছিলোঁ। মহিলা গৰাকীৰ ফালে চাই হাঁহিছিলো মাত্ৰ। মহিলা গৰিকীয়েও কিবা এটা কৈছিল। মই শুনা নাছিলোঁ। শুনা নাছিলো বাবেই বুজা নাছিলো। (মোৰ হৈ) তৰালিয়ে কিবা এটা উত্তৰ দিছিল। আমি পিভিআৰ পাইছিলোঁ। নিৰ্দিষ্ট চিনেমা খনলৈ আৰু কিছু সময় অপেক্ষা কৰিব লাগিব! আমি এৰা এৰি হৈছিলোঁ যদিও তৰালিয়ে চিনাকী কৰি দিয়া মহিলা গৰাকী আকৌ আমাৰ ওচৰ পালে! কথা আৰম্ভ কৰিলে। চিনেমাৰ কথা। ক'লে--"আপুনি হয়তো মোক চিনি পোৱা নাই। মই শ্ৰীলেখা মুখাৰ্জী। "লাজ"ত এইৰ (ওচৰতে ঠিয় হৈ থকা "লাজ"ৰ মূল চৰিত্ৰত অভিনয় কৰা জাফ্ৰিনক দেখুৱাই) মাকৰ চৰিত্ৰত অভিনয় কৰিছিলোঁ।"
মই লাজ অনুভৱ কৰিছিলোঁ। শ্ৰীলেখা মুখাৰ্জীৰ দৰে অভিনেত্ৰী গৰাকীক চিনি নোপোৱা বাবে!
--শ্ৰীলেখা মুখাৰ্জী। ভাৰতীয় বাঙালি অভিনেত্রী। নবেন্দু চ্যাটার্জিৰ পৰিচালনাৰে নিৰ্মিত বাংলা চিনেমা "পৰশুৰামেৰ কুঠাৰ" (১৯৮৯)-ত কৰা অভিনয়ৰে ৰাষ্ট্ৰিয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল, শ্ৰেষ্ঠ অভিনেত্ৰীৰ শিতানত। নবেন্দু চ্যাটার্জিৰ "শিল্পী" (১৯৯৪) "দ্য ৰেড ক্যাপ" (চুটি/ ২০১৯) অভিনেত্ৰী গৰাকীৰ আন দুখন চৰ্চিত বাংলা চিনেমা। মণি ছি কাপ্পানৰ দ্বিভাষিক (অসমীয়া, বাংলা ৰোমান্টিক কমেডি) চিনেমা "বৰলাৰ ঘৰ" (২০১২)-তো অভিনয় কৰিছিল।
--স্বাভাৱিকতে মোৰ বাবে লাজৰ কথা, এই গৰাকী অভিনেত্ৰীক চিনি নোপোৱাতো। (ফটোত শ্ৰীলেখা মুখাৰ্জীৰ সৈতে)
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন