"সংকল্প" --এখন অসমীয়া চিনেমা।
"শিল্পীৰ পৃথিৱী" --এখন অসমীয়া আলোচনী।
দুটা মাধ্যমৰ, এই দুটা "কাম"ৰ বাবে জানিছিলোঁ হেম চন্দ্ৰ বৰাক। দুটা পৰিপাটি কাম, মন চুই যোৱা কাম।
হেম চন্দ্ৰ আছিল শিক্ষক। গুৱাহাটী কমাৰ্ছ কলেজত পঢ়ুৱাইছিল। কাৰণ জনা নাযায় (জানিব বিছৰা নাই) , শিক্ষকতা বাদ দিয়ে। আৰু এদিন খোজ দিয়ে চিনেমাৰ ক্ষেত্ৰ খনত। প্ৰযোজনা কৰে চুটি চিনেমা "সন্ধান" (১৯৭৪)। তাৰ পাছত "নিয়তি" (চিত্ৰগৃহলৈ আহে ২৪ মাৰ্চ ১৯৭৮ত) নিৰ্মাণ কৰে ইন্দুকল্প হাজৰিকাৰ পৰিচালনাৰে।
১৯৭৯। দেৱ কুমাৰ বৰুৱাৰ (প্ৰমথেশ বৰুৱাৰ পুত্ৰ) পৰিচালনাৰে নিৰ্মাণ হৈছিল অসমীয়া চিনেমা "নিশাৰ চকুলো"। এই চিনেমা খনেৰে আৰু দুখোজ আগবাঢ়ে-- হেম চন্দ্ৰ বৰাই। পৰিচালনাত সহায় কৰে, মূল চৰিত্ৰ এটাত অভিনয়ো কৰে।
১৯৮৬ চনত আৰু এখোজ। সৱল খোজ। স্বাধীন পৰিচালনা "সংকল্প" চিত্ৰগৃহলৈ আহে।
"সংকল্প"ৰ দৰ্শক হৈছিলোঁ। কিন্তু নাই, চিনেমা খনৰ পৰিচালনা শৈলী মনলৈ আনিব পৰা নাই। আমি আৰ্ট ফিল্ম বুলি কৈছিলোঁ, লিখিছিলোঁ, (পাছত "চিনেমা" অধ্যয়ণ কৰি জানিছিলো "আৰ্ট চিনেমা" চিনেমা চৰ্চাৰ ভূল ধাৰণা।) আমাৰ দুৰ্বল চিনে চিন্তাৰে। বিষয়বস্তু কিন্তু মনত আছে। বিষয়বস্তুৰ কথা মনলৈ আনি, পদুম বৰুৱাৰ লেখাৰ পৰা অনুভৱ কৰি "সৱল খোজ" বুলি কৈছোঁ।
অসম আন্দোলন (১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈকে অবৈধ অনুপ্ৰবেশকাৰীসকলৰ বিৰুদ্ধে কৰা অসমীয়া মানুহৰ আন্দোলন।) -ক কেন্দ্ৰ কৰি, ছুই যোৱা কেইবা খনো অসমীয়া চিনেমা নিৰ্মাণ হৈছে, পৰৱৰ্তী সময়ত। মনলৈ অহা চিনেমা কেইখন হ'ল-- মৃদুল গুপ্তাৰ "সূত্ৰপাত", গৌৰি বৰ্মনৰ "যুগে যুগে সংগ্ৰাম", জাহ্নু বৰুৱাৰ "পাপৰি" আৰু হেম বৰাৰ "সংকল্প"।
আমাৰ ধাৰণাত ইয়াৰে একমাত্ৰ হেম বৰাৰ "সংকল্প"ৰ কাহিনী, চৰিত্ৰ নিৰ্মাণ, গল্প সম্পূৰ্ণভাবে আন্দোলনকেন্দ্ৰীক। চিনেমা খনৰ প্ৰসংগত চিনেকৰ্মী, চিনেমা আলোচক পদুম বৰুৱাই লিখিছিল-- " ... 'সংকল্প'ৰ প্ৰাক-প্ৰদৰ্শনী চাই অসমত সুস্থ চলচ্চিত্ৰ নিৰ্মাণৰ বাবে যে শিল্পৰ মাধ্যমটোৰ স্বকীয় প্ৰকাশ-ভঙ্গী আৰু কাৰিকৰী দিশ সম্পৰ্কীয় প্ৰয়োজনীয় ন্যূন্যতম জ্ঞানৰ উপৰিও এটা প্ৰকৃত সংস্কৃতি পৰায়ণ মানসিকতা আৰু মানৱীয় মূল্যবোধৰ অধিকাৰী হোৱাটো নিত্যান্ত বাঞ্চনীয় সেই কথা আগতকৈ ন-দি ক'ব পৰা হ'লো। 'সংকল্প' নিঃসন্দেহে এখন উল্লেখযোগ্য সাফল্য অৰ্জন কৰা সুস্থ কলাধৰ্মী ছবি। সেই স্তৰত আসমীয়া চলচ্চিত্ৰৰ দুখীয়া ভঁৰাললৈ এটা লেখত ল'বলগীয়া দান। ..." ("অগ্ৰদূত"/ ৯ নৱেম্বৰ ১৯৮৬)
--ইয়াৰ পৰায়ে ধাৰণা কৰিব পাৰি ৰঞ্জিত শৰ্মাৰ কাহিনী আৰু চিত্ৰনাট্যৰে নিৰ্মাণ কৰা চিনেমা খনৰ মান।
"সংকল্প"ৰ পাছত?
"হেৰাই থাকিল" পৰিচালক গৰাকী!
২০ আগষ্ট ২০২২। এটা খবৰ, এখন চুটি চিনেমাৰ। মোৰ w নম্বৰত। মন দিয়া নছিলোঁ।
২৫ ছেপ্টেম্বৰ ২০২২ -ত এটা "পেপাৰ কাটিং"। চকুত পৰিল হেম বৰাৰ নাম। "হেমচন্দ্ৰ বৰাৰ 'হাৰিকেন'লৈ পাঁচটাকৈ বঁটা"।
"হেমচন্দ্ৰ বৰা পৰিচালিত আৰু ড° জয়ন্তী চুতীয়া প্রযোজিত ‘হাৰিকেন’ নামৰ চলচ্চিত্ৰখনে কলকাতাত শেহতীয়াকৈ অনুষ্ঠিত ‘টেগৰ ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেলত পাঁচটাকৈ বঁটা পাবলৈ সক্ষম হৈছে। হেমচন্দ্ৰ বৰালৈ শ্রেষ্ঠ পৰিচালকৰ বঁটা, ড° জয়ন্তী চুতীয়ালৈ শ্ৰেষ্ঠ প্ৰযোজকৰ বঁটা, হেমচন্দ্ৰ বৰালৈ শ্রেষ্ঠ শিশু পাৰিবাৰিক ছবিৰ সন্মান, অনিন্দিতা ৰুদ্ৰাজ আৰু গ্ৰন্থিক বৰালৈ ক্ৰমে শ্ৰেষ্ঠ অভিনেত্ৰী আৰু অভিনেতাৰ বঁটা প্ৰদান কৰা হৈছে। উল্লেখ্য, লগতে বৰাৰ 'দিবাস্বপ্ন' নামৰ চলচ্চিত্ৰখনো ইতিমধ্যে মুম্বাই ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেলত প্ৰদৰ্শনৰ বাবে অন্তৰ্ভুক্ত হৈছে।"
--হেম বৰা চিনেকৰ্মত ব্যস্ত, মইহে খবৰ ৰখা নাছিলোঁ!
মনত খেদ ভাৱ লৈ চিনেকৰ্মী গৰাকীৰ সৈতে যোগাযোগ কৰিলো। ক'লো "হাৰিকেন" চোৱাৰ মন।
যথা সময়ত চালো।
(আৰু আছে 😊)assamese cinema by: Utpal Mena
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন