সরাসরি প্রধান সামগ্রীতে চলে যান

বীৰঙ্গনা সাধনী

"বীৰঙ্গনা সাধনী" --এখন নতুন অসমীয়া চিনেমা। "দৈনিক অসম"ত লিখিছিলোঁ, যোৱা বছৰৰ শেষৰ ভাগত। যোৱা কেইবা মাহো চিত্ৰনাট্য ইত্যাদিৰ কামত চিনেমা খনৰ লেখক-পৰিচালক বিশ্বজিৎ বৰা ব্যস্ত থকাৰ খবৰ পাই আছিলোঁ। যোৱা ২০ ফেব্ৰুৱাৰীত প্ৰযোজক পক্ষৰ ফালৰ পৰা আমাক জনোৱা হ'ল-- ২৪ ফেব্ৰুৱাৰী তাৰিখে মূল চৰিত্ৰৰ অভিনেতা-অভিনেত্ৰীৰ বাচনি পৰ্ব আৰম্ভ হ'ব, জ্যোতি চিত্ৰবনত।
-------
>> বিচাৰকৰ আসনত আমাৰ সৈতে পৰিচাল বিশ্বজিৎ বৰা, সাংবাদিক অৰুণ লোচন দাস, অভিনেতা অৰুণ হাজৰিকা >>
  "বাচনি পৰ্ব"ত আমিয়ো "বিচাৰক"ৰ আসনত বহিব লাগে। যথা সময়ত বহিলোঁ। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা "প্ৰতিভা"ৰ অভিনয় ক্ষমতা অনুভৱ কৰিলোঁ। বিশেষ চৰিত্ৰ দুটাৰ বাবে অৱশ্যে (মোৰ অনুভৱত) "প্ৰতিভা" অনুভৱ নকৰিলোঁ। এই কথা ঠিক, বাচনি পৰ্বত অংশ লোৱা কেইবা গৰাকীও "প্ৰতিভা"ক লৈ পৰিচালকে চিনেমা খনৰ আন কেইবাটাও চৰিত্ৰ নিৰ্মাণ কৰিব পাৰিব!
 "বাচনি পৰ্ব" স্থলিত লগ পালো যতীন বৰাক। 
 (দক্ষ অভিনেতা গৰাকীয়ে হাতত লোৱা "ৰাঘৱ"ৰ দৃশ্য গ্ৰহণৰ কাম প্ৰায় শেষ হৈছে। এটা গীতৰ চিত্ৰায়ণ হোৱাৰ পাছত চিত্ৰগ্ৰহণ সম্পূৰ্ণ হ'ব। চিনেমা খন চিত্ৰগৃহলৈ আহিব এই বছৰৰ শাৰদীয় বতৰত। "ৰাঘৱ" যতীন বৰাৰ তৃতীয় পৰিচালনা।)
 পূৰ্বেই পৰিচালক বিশ্বজিত বৰাই কৈছিল--, যতীন বৰা আৰু তপন দাসক লৈ দুটা বিশেষ চৰিত্ৰ নিৰ্মাণ কৰিব। "most powerful  Cinematic  characters" দুটা নিৰ্মাণৰ বাবে পৰিচালকে ব্লু-প্ৰিণ সাজু কৰিছে। "এনে দুটা চৰিত্ৰ নিৰ্মাণ কৰিম, যি দুটা চৰিত্ৰৰ মাজত দৰ্শকে আজিলৈকে দেখি অহা অভিনেতা দুগৰাকীক বিছাৰি নাপাব।" --বিশ্বজিতৰ কথাত দৃঢ়তা।
 "বীৰাঙ্গনা সাধনী"ৰ বিষয়বস্তু নামটোতে স্পষ্ট-- বীৰাঙ্গনা সতী সাধনীৰ জীৱন গাঁথা তথা ত্যাগ। শেষৰজন চুতীয়া ৰজা ধৰ্মধ্বজপাল বা ধীৰনাৰায়ণৰ জীয়েক-- সাধনী। ৰাজত্ব: ১৫২২-১৫২৪। জন্ম: আনুমানিক ১৫ শতিকাৰ শেষ ভাগত। --বিষয়বস্তুত চেকা বা আঘাট নলগাকৈ color full চিনেকৰ্ম কৰিব পৰিচালকে। পৰিচালকৰ চিন্তা-- নিকা, নিৰ্মল, দৰ্শকক চুব পৰাকৈ বিষয়বস্তুক ৰূপালী গল্পলৈ ৰূপান্তৰ কৰিব। সদৌ অসম চুতীয়া ছাত্র সন্থা,সদৌ চুতীয়া জাতি সন্মিলন,অসম,চুতীয়া যুৱ সন্মিলন অসম, সদৌ চুতীয়া জাতি মহিলা সন্মিলন,অসম ৰ সমূহীয়া প্রচেষ্টাত নিৰ্মাণ হ'বলগীয়া এই চিনেমা খনৰ বাজেট ১০ কোটি টকা বুলি কোৱা হৈছে। (আৰু আছে)
--------------------------
>>বিচাৰকৰ আসনত পৰিচালক চন্দ্ৰ মুদৈ, সাংবাদিক শিৱাণু বৰা, লেখক-চিনেমা নিৰ্মাতা নুৰুল চুলতান, অভিনেত্ৰী চন্দনা শৰ্মা >>

মন্তব্যসমূহ

Other posts

চিনেবোদ্ধা, চিনেযোদ্ধা আৰু অসমীয়া 'চিনেমা নোচোৱা' সীমান্ত শেখৰ /২

উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? ৰাজ্যৰ লগতে দেশ-বিদেশৰ চিনেমাৰ অনুভৱ থকা এই নাম কেইটা উদাহৰণ মাত্ৰ। 'চিনেমা' জনা ( নিৰ্মাণ, বজাৰ, মহোৎসৱ ইত্যাদিৰ দখল থকা) লোকৰ আকাল অসমত আছে বুলি নাভাবো। এই কথা স্পষ্ট 'অসমীয়া চিনেমা'ৰ 'উন্নয়ন'ৰ বাবে অসমীয়া চিনেমাৰ লগতে 'দেশ-বিদেশৰ চিনেমা' জানিব লগিব। অধ্যয়ণ কৰিব লাগিব অধ্যক্ষ গৰাকীয়ে।  ( যদি অধ্যক্ষ গৰাকীৰ কাম কেৱল চহী কৰা, তেতিয়া হ'লে বেলেগ কথা! তেতিয়া আমি জানিব বিছাৰিম-- অধ্যক্ষ গৰাকীয়ে কাৰ নিৰ্দেশত চহী কৰে?) চৰ্চ হৈছে --অধ্যক্ষৰ আসনত বহুওৱা সীমান্ত শেখৰে কোনোবা ইণ্টাৰভিউত হেনো কৈছিল অসমীয়া চিনেমা নাচাওঁ বুলি! যদি এয়া সত্য, স্বাভাবিকতে কব লাগিব --অসমীয়া চিনেমা নোচোৱা অধ্যক্ষ এগৰাকীৰ নেতৃত্বত অসমীয়া চিনেমাৰ উত...

ভূপেন হাজৰিকা, চিনেমা আৰু চিনেমাৰ জাল /৯

Bhupen Hazarika "এৰা বাটৰ সুৰ"-এ চিনে অভিজ্ঞতা দিলে ভূপেন হাজৰিকাক। চিত্ৰৰসিকে ভাল পালে, চিনেমা আলোচকেও প্ৰশংসা কৰিলে-- সেয়াই আছিল প্ৰথম চিনেকৰ্মৰ সুখ। দুখ-- ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ "সুখ" আশা কৰিছিল, নাপালে। নপোৱাৰ বাবে আছৰিত হৈছিল, চিনেমা খনৰ দৰ্শক হোৱা চিনেমা আলোচক সকলো। কলিকতাৰ আলোচক সকলৰ ওচৰত ভৃপেন হাজৰিকাই নিজৰ মনৰ চিনেসুখ প্ৰকাশ কৰিছিল এনেদৰে-- "ছবি ভাল পোৱা সকলে ভাল পাইছে, আপোনালোকে ভাল পাইছে। আপোনালোকৰ ভাল পোৱাই মোৰ সুখ বঢ়াইছে। আৰু ছবি কৰিবলৈ সাহস দিছে। আৰু ছবি কৰিম। 'এৰা বাটৰ সুৰ'ৰ দৰে নহয়, কিছু বেলেগ। 'এৰা বাটৰ সুৰ'-এ শিকালে, যি শিকালে সেই খিনিৰে বেলেগ কৰিম।" (উৎস: চিত্ৰবাণী, সম্পাদক: গৌৰ চট্টোপধ্যায়) প্ৰথম পৰিচালনাৰ প্ৰায় ৪ বছৰ পাছত হাতত ল'লে দ্বিতীয় খন অসমীয়া চিনেমাৰ কাম। ("মোৰ মগজুত খেলালে, মই এখন অসমীয়া ছবি কৰিম। কিন্তু মই কিন্তু নলওঁ। 'এৰাবাটৰ সুৰখন পৰীক্ষামূলক আছিল, কাহিনী নাছিল। গতিশীল সমূহ এটাই বুটলি লোৱা অভিজ্ঞতাখিনিয়েই 'এৰাবাটৰ সুৰ। এইবাৰ মই ক্লাছিক বস্তু, এটা লোৱাৰ কথা ভাবিলোঁ, যিটো গাঁৱ...

গীতটো আৰু এবাৰ শুনাবানে?

assamese singer by: Utpal Mena মহাশ্বেতাই গাইছিল-- "অস্ত আকাশৰে সপোন ৰহণ সানি ক্লান্ত লুইতৰে হেঙুলীয়া পানী। বৈয়ে যায়, বৈয়ে যায়, বৈয়ে যায়..." মঞ্চলৈ উঠি আহিয়ে স্বনামধন্য ভাৰতীয় সৰোদবাদক তথা শাস্ত্রীয় সঙ্গীতজ্ঞ আমজাদ আলী খানে কৈছিল, মহাশ্বেতা গীতটো আৰু এবাৰ শুনাবানে? শুনাইছিল। তন্ময় হৈ শুনিছিল সংগীত নক্ষত্ৰই। ২৪ ছেপ্টেম্বৰ। নতুন দিল্লীৰ শ্ৰীমন্ত শংকৰদেৱ ভৱনত মোৰ ভূপেন হাজৰিকা প্ৰকল্পৰ দ্বিতীয় খণ্ড "Bhupen Hazarika Volume II"  উন্মোচন কৰিছিল সংগীত নক্ষত্ৰ আমজাদ আলী খানে। এই অনুষ্ঠান মুকলি কৰা হৈছিল মহাশ্বেতাই গোৱা "ভূপেন্দ্ৰ সংগীত"টোৰে।  এই যে গীতটো গাইছিল তাৰ আগলৈকে মহাশ্বেতা নামৰ গায়িকা গৰাকীক আমিয়ো জনা নাছিলোঁ। শুনিছিলো মাত্ৰ। ইউটিউবত। কিন্তু ইমান সুন্দৰ সাংগীতিক অনুভৱ কৰা নাছিলোঁ, মঞ্চত "অস্ত আকাশৰে সপোন..." শুনাৰ আগলৈকে। ১৯৫৮ চনতে সুধাকণ্ঠই শব্দ-সুৰেৰে ৰচনা কৰা এই গীতত আকৌ এবাৰ অনুভৱ কৰিছিলোঁ "লুইতৰ অস্ত ৰবিৰ সৌন্দৰ্য", "দুয়ো পাৰে কত মানুহ, কত যে ইতিহাস", "জীৱনৰে দিগন্ত অপাৰ" ইত্যাদি। পাছত মহাশ্বেতাক সুধিছিলোঁ--...

The Seventh String

" The Seventh String by: Utpal Mena "The Seventh String" (দ্যা চেভেন্থ ষ্ট্ৰিং) --নাট্যকৰ্মী বাহাৰুল ইছলামৰ চিনেকৰ্ম। চিনেমা খনৰ লেখক বৰ্ষা বাহাৰ। নাট্যকৰ্মী বাহাৰুল ইছলামৰ তনয়া বৰ্ষা বাহাৰে ইংৰাজিত লিখা এটা চুটি গল্প চিনেমা খনৰ শিপা। --চিনেমা খনত লেখক বৰ্ষা বাহাৰ এটা "চৰিত্ৰ'লৈ ৰূপান্তৰ হৈছে, যিটো "চৰিত্ৰ" (নিষ্ঠা কাশ্যপ) চিনেমা খনৰ মূল বিন্দু, যিটো বিন্দুৰ সৰল ৰৈখিক গতিয়ে আকাৰ দিছে এটা কাহিনীৰ। "বাস্তৱবাদ"ৰ ওচৰৰ কাহিনী, বাস্তৱ অভিনয় (realistic acting) -ৰে নিৰ্মাণ কৰা ৰূপালী গল্পৰ। শীৰ্ষ বিন্দু (climax)-ৰ পৰা গতি কৰিছে নিষ্ঠা কাশ্যপ বিন্দুটো। নিষ্ঠাই মৃত্যু বিচাৰিছে। হাতৰ শিৰা কাটি চৰম সিদ্ধান্ত লোৱাৰ চেষ্টা নিষ্ঠাৰ। এই প্ৰথম বিন্দুটো পৰিচালকে ঠিয় কৰাইছে কেমেৰাৰ ভাষাৰে। কাট কাট-- কেইটা মান শ্বটেৰে। চিনেমেটিক কাৰবাৰত --উত্তেজনা। দৰ্শকক ভাবিবলৈ সময় দিয়া নাই। উত্তেজনাৰ মাজত সোমাবলৈ বাধ্য-- দৰ্শক। আৰু যেতিয়া দৰ্শক উত্তেজনাৰ পৰা মুক্ত হৈছে কাহিনীয়ে আকাৰ লৈ গতি কৰিছে। কাহিনীয়ে দৰ্শকক বন্দী কৰিছে। --ৰূপালী গল্পটো আৰম্ভ হৈছে মুম্বাইত। লো...