বঁটা, জুৰী প্ৰসংগত বিভিন্ন চৰ্চা শুনি আছিলোঁ। পঢ়িছিলোঁ, বিশেষকৈ সামাজিক মাধ্যমত। বঁটা ক্ৰয়-বিক্ৰয়ৰ কথাও শুনিছিলোঁ, পঢ়িছোঁ। পঢ়িছোঁ, ঋষি কাপুৰে ১৯৭৩ চনত বঁটা ক্ৰয়ৰ কথা, যিটো বঁটা দৰাচলতে অমিতাভ বচ্চনে পাব লাগিছিল। এই বঁটা ক্ৰয়ৰ কথা কোনে লিখিছিল বা প্ৰকাশ কৰিছিল? --ঋষি কাপুৰে, নিজে, তেওঁৰ biography "Khullam Khulla" -ত।
"মই ভাবো যে অমিতাভে হুমুনিয়াহ কাঢ়িছিল, কাৰণ মই "ববি"ৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰিছিলোঁ, যিটো সেই যুগৰ আগশাৰীৰ চিনেমা আলোচনীয়ে দিয়া বঁটা। মই নিশ্চিত যে তেওঁ অনুভৱ কৰিছিল-- সেই বঁটাটো একে বছৰতে মুক্তি পোৱা "জঞ্জীৰ"ৰ বাবে সঠিকভাৱে তেওঁৰে আছিল।" --ঋষি কাপুৰে লিখিছিল।
এনে ধৰনৰ আৰু বহু কথা সময়ে সময়ে চৰ্চা হৈছে, ভিন্ন মাধ্যমত।
--আমাৰ এই চৰ্চা আগবঢ়াম, চৰ্চলৈ অহা "বঁটা ক্ৰয়-বিক্ৰয়"ৰ দুৱাৰো মুকলি কৰি যাম।
অসমতো "বঁটাৰ দোকান" কেন্দ্ৰীক চৰ্চা নোহোৱা নহয়। এনে ধৰণৰ চৰ্চাও মন কৰিছোঁ-- এক বিশেষ "লবী"ৰ নিয়ন্ত্ৰণত অসমৰ, অসম কেন্দ্ৰীক "চিনেমাৰ বঁটা"। আনকি "জুৰী" নিৰ্বাচন প্ৰক্ৰিয়া বিশেষ "লবী"ৰ নিয়ন্ত্ৰণত। ৬৮ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা কৰাৰ আগে আগে "অসমৰ জুৰী" কেন্দ্ৰীক চৰ্চা হৈছিল। অসমৰ পৰা যোৱা জুৰী গৰাকীৰ "চিনে অভিজ্ঞতা"ক প্ৰশ্ন উত্থাপন হৈছিল, চৰ্চা হৈছিল-- অসমৰ "বিশেষ লবী"য়ে "বিশেষ চিনেমা" এখনৰ স্বাৰ্থত দুখন মান অসমীয়া চিনেমাত অভিনয় কৰ, মঞ্চাভিনেত্ৰী গৰাকীক "জুৰী"ৰ আসনত বহুৱাবলৈ "ৰাজনীতি" কৰিছিল, সফল হৈছিল।
এই "বিশেষ লবী"টোৰ বিৰূদ্ধে একাংশ পৰিচালক-প্ৰযোজকে মাত নমতা নহয়। এগৰাকী প্ৰযোজকে (*প্ৰযোজক গৰাকীৰ লেখাটো আমাৰ হাতত পৰিলে ইয়াত সংযোগ কৰি দিম। লেখাটো আমি বিছাৰি পোৱা নাই। প্ৰযোজক গৰাকীয়ে দিম বুলিছে।) দুগৰাকী ব্যক্তিৰ "নাম" উল্লেখ লিখিছিল-- তেওঁ লোকৰ সৈতে সম্পৰ্ক ভালে ৰাখিব লাগে, ঘৰত গৈ চিনেমা দেখুৱাব লাগে। অন্যথা আমাৰ চিনেমাৰ পাছত লাগি যায়, বিভিন্ন "বঁটা" চলচ্চিত্ৰ মহোৎসৱৰ বাট বন্ধ কৰাত।
--এই "চৰ্চা" কিমান সত্য? চৰ্চা কৰিম, আমাৰ শেহতীয়া "অভিজ্ঞতা"ৰে, আমাৰ হাতত থকা তথ্যৰে। চৰ্চা কৰিম "বঁটা" প্ৰদানৰ পূৰ্বে, নিৰ্বাচনৰ পূৰ্বে "জুৰী"ৰ নাম চৰ্চালৈ অহা প্ৰসংগও। (আৰু আছে😊)
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন