"বঁটা"ৰ দোকানৰ কথা শুনিছিলোঁ! '"বঁটা" ক্ৰয়ৰ কথা স্পষ্ট কৰিছিল অভিনেতা ঋষি কাপুৰে। এতিয়া লাহে লাহে স্পষ্ট হৈ আছে-- "বঁটা" পোৱাৰ বাবে "ডিজাইন"ও কৰা হয়। এই প্ৰসংগ পাছলৈ ৰাখি "চিনেমা সমালোচক" প্ৰসংগলৈ আহিছোঁ। প্ৰসংগ ক্ৰমে এগৰাকী চিনেমা আলোচকে (যি গৰাকীক বহুতে সমালোচক বুলি কয়) কৈছিল-- "মই অসমীয়া চিনেমাৰ সমালোচনা লিখিব নোৱাৰো।" কাৰণ? আসমীয়া চিনেমাৰ পৰিচালক সকলক লগ পায়ে থাকে। এই গৰাকী চিনেমা আলোচক কিন্তু জাহ্নু বৰুৱা, মুনিন বৰুৱাৰ চিনেমাক লৈ কঠোৰ আছিল। এন আলোচকৰ পৰা-- অসমীয়া দৰ্শকে কেনে ধৰণৰ অসমীয়া চিনেমা পছন্দ কৰে? এই প্ৰশ্নৰ শুদ্ধ চৰ্চা আশা নকৰায়ে ভাল।
দ্বিতীয় কথা-- চিনেমা আলোচক, চিনেমা সমালোচক সকলৰ পৰা "চিনেমাৰ শুদ্ধ বজাৰ বিশ্লেষণ" সম্ভৱ নহয়। সম্ভৱ হ'লে আগ শাৰীৰৰ নিৰ্মাতা সকলৰ এখনো চিনেমা ফ্লপ নহ'ল হেতেন। তেলেগু, তামিল, হিন্দী আদি চিনেমাৰ নিৰ্মাতা সকলে "বজাৰ অধ্যয়ণ" কৰোৱাই বিশেষ এজেঞ্চিৰ সহায়ত। আগশাৰীৰ নিৰ্মাতা সকলে বিশেষ গোট গঠন কৰি লয়, "বজাৰ অধ্যয়ণ'ৰ বাবে। "Cinesprint" নামৰ আলোচনী খনত পঢ়িছিলোঁ-- "চিনেমাৰ বজাৰ অধ্যয়ণ মূলতঃ দুটা দিশৰে কৰা হয়। প্ৰথম দিশ-- বজাৰত কেনেধৰণৰ বিষয়বস্তুৰ, শৈলীৰ চিনেমা চলি আছে। চলি থকা চিনেমাক শৈলী কেন্দ্ৰীক তিনিটা, বিষয়বস্তু কেন্দ্ৰীক তিনিটা ভাগত ভগোৱা হয়।
দ্বিতীয়টো দিশ-- বিশেষ বিষয় কেন্দ্ৰীক চিন্তাৰে বজাৰ অধ্যয়ণ আৰু বজাৰৰ সন্ধান কৰা হয়। ধৰি লওক এখন ক্ৰিকেট খেল বিষয়ৰ চিনেমাৰ কাম নিৰ্মাতাই হাতত লৈছে। "বজাৰ অধ্যয়ণ"ত গুৰুত্ব দিয়া হয়-- যি কেইখন বজাৰত তামিল চিনেমা চলে, সেই বজাৰ কেইখন বজাৰত ক্ৰিকেট কেন্দ্ৰীক চিনেমাৰ গুৰুত্ব কিমান, আৰু নিৰ্দিষ্ট বজাৰ কেইখনৰ বাহিৰত ক্ৰিকেট কেন্দ্ৰীক চিনেমা চলাব পৰা "নতুন বজাৰ" আছে নেকি? --ভাৰতৰ, আৰু হলিউডৰো আগশাৰীৰ নিৰ্মাতা সকলে "বজাৰ অধ্যয়ণ"ৰ পাছতহে চিনেমাৰ বাজেট স্থিৰ কৰে। (আৰু আছে 😊)
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন