প্ৰসংগ: নাহিদ।
প্ৰথম কথা-- ভুল "জুৰী" সকলৰ, যি সকলে শ্ৰেষ্ঠ গায়িকাৰ শিতানত নাহিদক নিৰ্বাচন কৰিছিল। যি কেইখন চিনেমাৰ পৰা শ্ৰেষ্ঠ চিনেমা ইত্যাদি নিৰ্বচন কৰা হৈছে, সেই তালিকা খন জুৰি সকলক কেইবা দিনো আগতে দিয়া হৈছিল। "চিনেমা" কেইখন "অধ্যয়ন" কৰি ল'ব নালাগিছিল নে?
ভিন্ন "চৰ্চা"ই এই ধাৰণাও আমাক দিছে-- নিৰ্দিষ্ট গীতটো নিৰ্দিষ্ট ৮ জনীয়া জুৰী মেম্বাৰে শুনা নাছিল। এই "খেলি মেলি বাচনি"ৰ বাবে ৰাজ্যিক চলচ্চিত্ৰ উন্নয়ন নিগম বা বিভাগটোৰ অধ্যক্ষ সীমান্ত শেখৰৰ দোষ মুক্ত।--৮ জনীয়া জুৰীয়ে চিল মাৰি দিয়া ফলাফলৰ খামটো বিভাগীয় মন্ত্ৰীয়ে সংবাদ মাধ্যমৰ আগত খোলা নাই জানো!
অষ্টম ৰাজ্যিক চলচ্চিত্ৰ বঁটাৰ এগৰাকী "জুৰী"য়ে সামাজিক মাধ্যমত লিখিছে-- "নিজে বঁটা নাপালে ষড়যন্ত্ৰত নামিব নাপায় । সংবাদমহলকো বিপথে পৰিচালিত কৰিব নাপায় । বঁটা পাবলৈ আবেদনো কৰিব লাগিব । আবেদন পত্ৰ ভালদৰে পুৰাবও জানিব লাগিব।" এই পোষ্টটোৰ তলত আন এগৰাকী "জুৰী"ৰ মন্তব্য --"... নমিনেচন ফৰ্মত প্ৰযোজক-পৰিচালকে আফ্ৰিনৰ নাম দিছে।" --এই যে মন্তব্য দিছে, মন্তব্য দিয়া গৰাকীক ২০১৯ বৰ্ষৰ "জুৰী" বুলি বঁটা প্ৰদান কৰা মঞ্চত চিনাকী কৰি দিয়া হৈছিল। নাহিদ কেন্দ্ৰীক খেলি মেলি ২০১৮ বৰ্ষৰ। "মন্তব্য"টোৱে প্ৰশ্নৰ এটা দিশ মুকলি কৰিছে-- "জুৰী" সকলৰ মাজৰ "বৰ্ষ বিভাজন" দেখাতহে নেকি? এই প্ৰশ্নটোৱে আৰু কেইবাটাও বঁটা কেন্দ্ৰীক প্ৰশ্নৰ বাট মুকলি কৰি দিছে। (এই প্ৰসংগ পাছলৈ ৰাখিছোঁ।)
whatsapp -ত এগৰাকী "জুৰী" যদুমনি দত্তক সুধিছিলোঁ, নাহিদ কেন্দ্ৰীক খেলি মেলিৰ বাবে "জুৰী" দোষী নহয় নে! "জুৰী" গৰাকীৰ মতে, "Director of a film is the captain.",
"Jury follow rules & regulations"
"জুৰীৰ উপৰত chairman থাকে।" --এতিয়া কথাটো আমি এনেদৰে বুজিম নেকি--, "জুৰী"য়ে ভুল কৰা নাই, জুৰী বোৰ্ডৰ অধ্যক্ষই কৰিছে! আৰু বুজিম, "জুৰী"ৰ আসনত বহিবলৈ "চিনেমা" নাজানিলেও হয়! বোৰ্ডৰ অধ্যক্ষৰ সৈতে বহি থাকিবলৈহে "জুৰী সদস্য"! আৰুনো কি ক'ম!
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন