বহু বহু 'সময়'ৰ পাছত জিতুলদাৰ, জিতুল সোণোৱালৰ গীত শুনিলোঁ-- মঞ্চত গোৱা গীত। আমাৰ মনত সেউজ হৈ থকা 'অ' মৰমী লগৰী, আছা বুকু জুৰি...', 'প্ৰথম দেখাতেই ভাবিছিলোঁ...' আদি গীত আকৌ গালে অলপতে, বিহু মঞ্চত। মনত অকনো সন্দেহ নৰখাকৈ ক'ব পাৰি-- জীতুল সোণোৱালৰ এই সাংগীতিক প্ৰত্যাৱৰ্তন এই বহাগৰ শ্ৰেষ্ঠ উপহাৰ। এই বহাগৰ মঞ্চতেই নহয়, জিতুলদাই আকৌ গীত গীত গাওক, নতুন নতুন গীত-সংগীতৰো সৃষ্টি কৰক, অহা সময় দিয়ক কেৱল গীত-সংগীতক! অহা সময় খৰছ কৰক কেৱল সংগীত চৰ্চাত, সংগীত কৰ্মত।
উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? ৰাজ্যৰ লগতে দেশ-বিদেশৰ চিনেমাৰ অনুভৱ থকা এই নাম কেইটা উদাহৰণ মাত্ৰ। 'চিনেমা' জনা ( নিৰ্মাণ, বজাৰ, মহোৎসৱ ইত্যাদিৰ দখল থকা) লোকৰ আকাল অসমত আছে বুলি নাভাবো। এই কথা স্পষ্ট 'অসমীয়া চিনেমা'ৰ 'উন্নয়ন'ৰ বাবে অসমীয়া চিনেমাৰ লগতে 'দেশ-বিদেশৰ চিনেমা' জানিব লগিব। অধ্যয়ণ কৰিব লাগিব অধ্যক্ষ গৰাকীয়ে। ( যদি অধ্যক্ষ গৰাকীৰ কাম কেৱল চহী কৰা, তেতিয়া হ'লে বেলেগ কথা! তেতিয়া আমি জানিব বিছাৰিম-- অধ্যক্ষ গৰাকীয়ে কাৰ নিৰ্দেশত চহী কৰে?) চৰ্চ হৈছে --অধ্যক্ষৰ আসনত বহুওৱা সীমান্ত শেখৰে কোনোবা ইণ্টাৰভিউত হেনো কৈছিল অসমীয়া চিনেমা নাচাওঁ বুলি! যদি এয়া সত্য, স্বাভাবিকতে কব লাগিব --অসমীয়া চিনেমা নোচোৱা অধ্যক্ষ এগৰাকীৰ নেতৃত্বত অসমীয়া চিনেমাৰ উত...
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন