চিনেমাৰ সংখ্যা বঢ়িছে! অসমীয়া চিনেমাৰ। আৰু সংখ্যা বাঢ়িছে বাবেই 'অনুৰ' প্ৰতি দৰ্শকৰ আগ্ৰহ বাঢ়ি থকা সময়তে চিত্ৰগৃহলি আনিছিল 'ডাক্তৰ বেজবৰুৱা-২'। (এয়া শেহতীয়া উদিহৰণ। ২০২২ বৰ্ষটোত চিত্ৰগৃহলৈ অনা, অনাত হেতা-ওপৰা লগোৱা অসমীয়া চিনেমাৰ ধেৰ উদাহৰণ আছে। 'সময়'ৰ অজুহাতত ওপৰা-উপৰিকৈ চিত্ৰগৃহলৈ অনাৰ বাবে অসমীয়া চিনেমাৰ ব্যৱসায়ৰ সম্ভাৱনা কমাৰ উদাহৰণো আছে।) 'ডাক্তৰ বেজবৰুৱা-২'ৰ (পৰিচালক: নিপন গোস্বামী চিত্ৰগৃহলৈ: ৩ফেব্ৰুৱাৰী) ব্যৱসায়িক কেন্দ্ৰীক চৰ্চাৰ বাবে, সেই সময়ত 'অনুৰ'ৰ প্ৰতি দৰ্শকৰ আগ্ৰহ বঢ়া দিশটো আঁৰতে থাকি গৈছিল। 'অনুৰ' (পৰিচালক: মঞ্জুল বৰুৱা চিত্ৰগৃহলৈ: ২৭ জানুৱাৰী) আজিৰ তাৰিখতো প্ৰদৰ্শন হৈ আছে। হৈ থকাৰ খবৰ পাই আছোঁ। 'ডক্তৰ বেজবৰুৱা-২' শেহতীয়া খবৰ (ব্যৱসায়ৰ ৰেকৰ্ডৰ খবৰ) আমি পোৱা নাই। ইমান খিনি খবৰ অৱশ্যেই পাইছোঁ--, 'ডক্তৰ বেজবৰুৱা-২'ৰ box office collection 'ৰত্নাকৰ'তকৈ কম।
'ডক্তৰ বেজবৰুৱা-২', 'অনুৰ'ৰ লগতে ২০১৩ বৰ্ষটোৰ প্ৰথম চাৰাটা মাহত অহা অসমীয়া চিনেমা কেইখন হ'ল-- 'কমলা কুঁৱৰী' (পৰিচালক: পৰমানন্দ ৰাজবংশী চিত্ৰগৃহলৈ: ৬ জানুৱাৰী), 'ব্লেক এণ্ড হোৱাইট' (পৰিচালক: ধনজিৎ দাস চিত্ৰগৃহলৈ: ২৪ ফেব্ৰুৱাৰী), 'দিছপুৰত গাভৰু' (পৰিচালক: এম এম ৰহমান, আসীম বৈশ্য চিত্ৰগৃহলৈ: ৩মাৰ্চ), 'কৃষ্ণলীলা' (পৰিচালক: ড° ৰুক্মিণী বৰা চিত্ৰগৃহলৈ: ৩ মাৰ্চ), 'অৰ্জুন' (পৰিচালক:ৰজনী বৰ্মন
চিত্ৰগৃহলৈ: ৭ এপ্ৰিল)। ইয়াৰে 'ব্লেক এণ্ড হোৱাইট'ৰ বাবে সমস্যা হৈছিল চিত্ৰগৃহ। চিত্ৰগৃহ অধিকাৰ কৰি আছিল আন এখন অসমীয়া চিনেমাই। --হয়, 'ডক্তৰ বেজবৰুৱা-২' চিনেমা খনে। হয়তো চিত্ৰগৃহৰ সমস্যাৰ বাবে এটা সপ্তাহতে প্ৰযোজক পক্ষই স্থানীয় বজাৰৰ পৰা আঁতৰাই নিনিলে 'ব্লেক এণ্ড হোৱাইট'ৰ ব্যৱসায় কিছু উন্নত হ'ল হেতেন!
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন