এখন চিনেমা। তেলেগু ভাষাৰ। "আলা বৈকুণ্ঠপুৰমুলু" --২০২০ চনত চিত্ৰগৃহলৈ অহা চিনেমা খনৰ নাম। ত্রিবিক্রম শ্রীনিবাসৰ পৰিচালা। ১০০ কোটি টকা বাজেটৰ এই চিনেমা খনৰ আয় ২৮০ কোটি টকা। --এই চিনেমা খনৰে "ৰি-মেক" ৰোহিত ধাৱনৰ পৰিচালনাৰে নিৰ্মিত "শ্বেহজাদা"। ২০২৩ বৰ্ষত চিত্ৰগৃহলৈ অহা ৬৫ কোটি টকা বাজেটৰ এই হিন্দী চিনেমা খনৰ কালেকচন প্ৰায় ৪৮ কোটি টকা মাত্ৰ। এই বাণিজ্যিক বিফলতাৰ কাৰণ? কাৰণ এইটো নহয়--, দৰ্শকে তেলেগুৰ লগতে হিন্দী আৰু আন্যান্য ভাষালৈ ডাব কৰা ৰূপালী গল্পটো উপভোগ কৰিছে, গতিকে সেই একেটা ৰূপালী গল্প পুনৰ উপভোগ নকৰাতো স্বাভাৱিক কথা! বিফলতাৰ কাৰণ পৰিচালনা শৈলী, চৰিত্ৰ নিৰ্মাণৰ পৰা সংগীতলৈ স্পষ্ট হোৱা দুৰ্বলতা। তেলেগু খনৰ (সংলাপ, গল্পৰ মসৃন গতি, সংগীত সৌন্দৰ্য, চৰিত্ৰ ইত্যাদিৰ পৰ্যায়) নাপালে "শ্বেহজাদা"ই।
--চিনেমা খনৰ নায়ক (মূল চৰিত্ৰ) বান্টু। তেলেগু খনৰ চৰিত্ৰটো নিৰ্মাণ কৰিছে আল্লু অর্জুনক লৈ। হিন্দী খনৰ চৰিত্ৰটো নিৰ্মাণ কৰিছে কাৰ্তিক আৰয়নক লৈ। হিন্দী খনত বাণ্টু কেৱল "কমেডি হিৰো" বৃত্তটোতে ৰৈ গ'ল। চিনেমা খনত মাৰপিটৰ দৃশ্যক গুৰুত্ব দিছে। "কমেডি হিৰো"ৰ মাৰপিট "কমেডি"ৰ পৰ্যায়তে থাকিল বা পৰিচালকে ৰাখিলে। বিপৰীতে তেলেগু খনত "কমেডি হিৰো"ক "ৰাফ এণ্ড টাফ হিৰো"লৈ ৰূপান্তৰ কৰি পৰিচালকে চৰিত্ৰটোৰ বিশ্বাস যোগ্যতা বঢ়াইছে। পৰিচালকৰ বাবে এয়া সম্ভৱ হৈছে অভিনেতা আল্লু অৰ্জুনৰ অভিনয় ক্ষমতা আৰু বিশেষ ব্যক্তিত্বৰ বাবে। সাহিত্যৰ ভাষাৰে স্পষ্ট কৰি দিয়া হৈছে চৰিত্ৰটো স্মাৰ্ট, সত্যবাদী, সাহসী, স্পষ্টবাদী আৰু কঠোৰ পৰিশ্ৰমী। দৰ্শকে তেলেগু চিনেমা খনৰ বাণ্টুক তেনেদৰেই অনুভৱ কৰিছে। বিপৰীতে হিন্দী চিনেমা খনৰ স্মাৰ্ট, সত্যবাদী, সাহসী, স্পষ্টবাদী আৰু কঠোৰ পৰিশ্ৰমী বাণ্টুক দৰ্শকে শুনিলেহে, নেদেখিলে।
--কেৱল বাণ্টু চৰিত্ৰটোৱে নহয়, আন কেইটা চৰিত্ৰও তেলেগু খনতকৈ হিন্দী খনত দুৰ্বল। উল্লখ কৰিব পাৰি বাল্মীকি চৰিত্ৰটো। মুৰালি শর্মাক লৈ তেলুগু চিনেমা খনত নিৰ্মাণ কৰা চৰিত্ৰটোৰ ওচৰ চপাব নোৱাৰিলে পৰেশ ৰাৱলক লৈ হিন্দী চিনেমা খনত নিৰ্মাণ কৰা চৰিত্ৰটো। তেনেদৰে জয়ৰাম, যশোদা আদি চৰিত্ৰৰ কথাও ক'ব পাৰি। ক'ব পাৰি— তেলেগু খনৰ চৰিত্ৰ কেইটা "বাস্তৱ"ৰ (realistic acting-ৰে নিৰ্মিত) ওচৰৰ।
ক'ব নোৱাৰি— হিন্দী খনৰ চৰিত্ৰ কেইটাক "বাস্তৱ"ৰ ওচৰৰ।
আনহাতে গীত "ডিজাইন" বাস্তৱসম্মত নহয় যদিও মন চুই যোৱা, তেলেগু চিনেমা খনৰ। বিশেষ ভাৱে উল্লেখ কৰিব পাৰি "সীত্তৰলা ছিৰাপাডু..." গীতটোৰ প্ৰয়োগ আৰু চিত্ৰায়ণ। (আৰু আছে 😊)
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন