সরাসরি প্রধান সামগ্রীতে চলে যান

বেতাল বলিউড/১

এখন চিনেমা। তেলেগু ভাষাৰ। "আলা বৈকুণ্ঠপুৰমুলু" --২০২০ চনত চিত্ৰগৃহলৈ অহা চিনেমা খনৰ নাম। ত্রিবিক্রম শ্রীনিবাসৰ পৰিচালা। ১০০ কোটি টকা বাজেটৰ এই চিনেমা খনৰ আয় ২৮০ কোটি টকা। --এই চিনেমা খনৰে "ৰি-মেক" ৰোহিত ধাৱনৰ পৰিচালনাৰে নিৰ্মিত "শ্বেহজাদা"। ২০২৩ বৰ্ষত চিত্ৰগৃহলৈ অহা ৬৫ কোটি টকা বাজেটৰ এই হিন্দী চিনেমা খনৰ কালেকচন প্ৰায় ৪৮ কোটি টকা মাত্ৰ। এই বাণিজ্যিক বিফলতাৰ কাৰণ? কাৰণ এইটো নহয়--, দৰ্শকে তেলেগুৰ লগতে হিন্দী আৰু আন্যান্য ভাষালৈ ডাব কৰা ৰূপালী গল্পটো উপভোগ কৰিছে, গতিকে সেই একেটা ৰূপালী গল্প পুনৰ উপভোগ নকৰাতো স্বাভাৱিক কথা! বিফলতাৰ কাৰণ পৰিচালনা শৈলী, চৰিত্ৰ নিৰ্মাণৰ পৰা সংগীতলৈ স্পষ্ট হোৱা দুৰ্বলতা। তেলেগু খনৰ (সংলাপ, গল্পৰ মসৃন গতি, সংগীত সৌন্দৰ্য, চৰিত্ৰ ইত্যাদিৰ পৰ্যায়) নাপালে "শ্বেহজাদা"ই।
--চিনেমা খনৰ নায়ক (মূল চৰিত্ৰ) বান্টু। তেলেগু খনৰ চৰিত্ৰটো নিৰ্মাণ কৰিছে আল্লু অর্জুনক লৈ। হিন্দী খনৰ চৰিত্ৰটো নিৰ্মাণ কৰিছে কাৰ্তিক আৰয়নক লৈ। হিন্দী খনত বাণ্টু কেৱল "কমেডি হিৰো" বৃত্তটোতে ৰৈ গ'ল। চিনেমা খনত মাৰপিটৰ দৃশ্যক গুৰুত্ব দিছে। "কমেডি হিৰো"ৰ মাৰপিট "কমেডি"ৰ পৰ্যায়তে থাকিল বা পৰিচালকে ৰাখিলে। বিপৰীতে তেলেগু খনত "কমেডি হিৰো"ক "ৰাফ এণ্ড টাফ হিৰো"লৈ ৰূপান্তৰ কৰি পৰিচালকে চৰিত্ৰটোৰ বিশ্বাস যোগ্যতা বঢ়াইছে। পৰিচালকৰ বাবে এয়া সম্ভৱ হৈছে অভিনেতা আল্লু অৰ্জুনৰ অভিনয় ক্ষমতা আৰু বিশেষ ব্যক্তিত্বৰ বাবে। সাহিত্যৰ ভাষাৰে স্পষ্ট কৰি দিয়া হৈছে চৰিত্ৰটো স্মাৰ্ট, সত্যবাদী, সাহসী, স্পষ্টবাদী আৰু কঠোৰ পৰিশ্ৰমী। দৰ্শকে তেলেগু চিনেমা খনৰ বাণ্টুক তেনেদৰেই অনুভৱ কৰিছে। বিপৰীতে হিন্দী চিনেমা খনৰ  স্মাৰ্ট, সত্যবাদী, সাহসী, স্পষ্টবাদী আৰু কঠোৰ পৰিশ্ৰমী বাণ্টুক দৰ্শকে শুনিলেহে, নেদেখিলে।
--কেৱল বাণ্টু চৰিত্ৰটোৱে নহয়, আন কেইটা চৰিত্ৰও তেলেগু খনতকৈ হিন্দী খনত দুৰ্বল। উল্লখ কৰিব পাৰি  বাল্মীকি চৰিত্ৰটো। মুৰালি শর্মাক লৈ তেলুগু চিনেমা খনত নিৰ্মাণ কৰা চৰিত্ৰটোৰ ওচৰ চপাব নোৱাৰিলে পৰেশ ৰাৱলক লৈ হিন্দী চিনেমা খনত নিৰ্মাণ কৰা চৰিত্ৰটো। তেনেদৰে জয়ৰাম, যশোদা আদি চৰিত্ৰৰ কথাও ক'ব পাৰি। ক'ব পাৰি— তেলেগু খনৰ চৰিত্ৰ কেইটা "বাস্তৱ"ৰ (realistic acting-ৰে নিৰ্মিত) ওচৰৰ। 
ক'ব নোৱাৰি— হিন্দী খনৰ চৰিত্ৰ কেইটাক "বাস্তৱ"ৰ ওচৰৰ।
আনহাতে গীত "ডিজাইন" বাস্তৱসম্মত নহয় যদিও মন চুই যোৱা, তেলেগু চিনেমা খনৰ। বিশেষ ভাৱে উল্লেখ কৰিব পাৰি "সীত্তৰলা ছিৰাপাডু..." গীতটোৰ প্ৰয়োগ আৰু চিত্ৰায়ণ। (আৰু আছে 😊)

মন্তব্যসমূহ

এই ব্লগটি থেকে জনপ্রিয় পোস্টগুলি

চিনেমাৰ জুবিন

জুবিন গাৰ্গ অভিনেতা নাছিল। "অভিনেতা জুবিন" নিৰ্মাণ কৰিছিল বা নিৰ্মাণ কৰাইছিল। "গায়ক ইমেজ"ৰ পৰা "নায়ক ইমেজ"ৰ মাজত বন্দী হব পাৰিছিল "মনযায়"ত। এম মণিৰামৰ পৰিচালনাৰে নিৰ্মান কৰা অসমীয়া চিনেমা "মনযায়"ত মানৱৰ চৰিত্ৰত দৰ্শকে, চিত্ৰৰসিকে গ্ৰহণ কৰিছে। চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ২০০৮ চনত। বিশ্লেষণ কৰিলে স্পষ্ট হয়-- মানৱ কিন্তু "জুবিন"ৰ পৰা মুক্ত নাছিল। মানৱে কথা কৈছিল (সংলাপ প্ৰক্ষেপন কৰিছিল) জুবিনৰ দৰে। চেহেৰা-শৰীৰ ভাষাতো মানৱ "জুবিন"ৰ পৰা মুক্ত নহয়। তথাপি চিত্ৰৰসিকে জুবিনৰ অভিনয় গ্ৰহণ কৰিছে। মুনিন বৰুৱাৰ "দীনবন্ধু" (২০০৪)-ৰ বিপুলকো দৰ্শকে গ্ৰহণ কৰিছে। চৰিত্ৰ দুটাৰ মাজত দূৰত্ব অতি কম। কিন্তু বিপুলতকৈ মানৱ বেছি উজ্বল। "চৰিত্ৰ" দুটাক চিত্ৰৰসিকে ইতিবাচক সহাৰি দিয়াৰ প্ৰাথমিক কাৰণ-- cinematic acting, যাক আমি বাস্তবিক অভিনয় (realistic acting) বুলিব পাৰোঁ। আমাৰ ধাৰণা-- জুবিনে সততে (যদিওবা চিনেমা পৰিচিলকৰ মাধ্যম) "জুবিন"ৰ মাজতে থাকি "চৰিত্ৰ"ক গতি দিয়ে বা পৰিচালকক চৰিত্ৰ নিৰ্মাণত স...

নৈ কথা | চিনেচৰ্চা

‘নৈ কথা’ এখন অসমীয়া চিনেমা। ড° পঙ্কজ বৰাৰ পৰিচালনা। চিনেমা খনৰ কাহিনী ৰেখাৰ মূল বিন্দু এজন মাচুৱৈ। নাম-- তিলেশ্বৰ, তিলো। নৈপৰীয়া তিলোৰ চালিকা শক্তি, সংসাৰ চলোৱাৰ শক্তি নৈ খনত থকা মাছ কেইটা। তিলোৰ বাবে সমস্যা-- নৈ খনত মাছ কমি আহিছে। আৰু দিনটোৰ পৰিশ্ৰমৰ মূৰকত পোৱা মাছ কেইটাত উচিৎ দাম নিদয়ে, গ্ৰাহকে আগ্ৰহ নেদেখুৱাই।  [বিপৰীতে গ্ৰাহকৰ-- চালানী মাছ, ব্ৰইলাৰ মুৰ্গী প্ৰতিহে! পৰিচালকে কেমেৰাৰ ফ্ৰেমত একেলগে তিলোৰ স্থানীয় নৈৰ মাছৰ, চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ "দোকান" তিনিখন ৰাখিছে। দেখুৱাইছে-- চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ নিৰ্দিষ্ট দাম দিবলৈ ক্ৰেতাই আপত্তি নকৰে, বিপৰীতে তিলোৰ সৈতে কিমান যে দৰ-দাম কেন্দ্ৰিক কথা! চিত্ৰায়ণ--  বাস্তৱিক। পৰিপাটি-- কেমেৰাৰ ভাষা প্ৰয়োগ, যিমান প্ৰয়োজন সিমান সাহিত্যৰ ভাষা ব্যৱহাৰ।]  তিলোৰ ঘৰ নচলে! দুই এমা ডিমা সন্তান আৰু পত্নী বাসন্তীক লৈ তিলোৰ সংসাৰ। প্ৰয়োজনীয় দৈনন্দিন সামগ্ৰী আনোতে আনোতে মহাজনৰ দোকানত "বাকী" বাঢ়ি গৈ আছে।  তিলো হ'তৰ  সমস্যা [সমস্যা কেৱল তিলোৰ নহয়, নৈ পৰীয়া মাচুৱৈৰ। এই দিশটো পৰিচালক পৰিপাটিকৈ স্পষ্ট কৰিছে, কাহিনীৰ গতি...

হেৰোৱা ছন্দ | পূৰ্বালোকন

আৰু এখন চিনেমা-- জাহ্নু বৰুৱাৰ। আৰু এটা গীত-- ইবচন লাল বৰুৱাৰ। কথা-সুৰ-সংগীত ইবচন লাল বৰুৱাৰ।  " দামি গহনা পিন্ধি হাঁহিছা  হাঁহিটিয়েই চোন এটি গহনা  গহনা বুলি ধাতু কিনিছা  কিনিব জানো হাঁহি পাৰিবা পাৰা যদি সুৰ তুমি ঢালিবা  ঢালি গভীৰৰ সঁচা তৰঙ্গ  অঙ্গ ভেদি গান কঁপিব  কঁপি উঠিব হেৰোৱা ছন্দ..." চিনেমাৰ গীত।  চিনেমাৰ নাম: হেৰোৱা ছন্দ।  জাহ্নু বৰুৱাৰ চিনেমা। (জাহ্নু বৰুৱাৰ চিনেমা মানেই মনত ৰৈ যোৱা চিনে-চিন্তা, চুই যোৱা চিনে-সৌন্দৰ্য।) জাহ্নু বৰুৱাৰ বাবে ইয়াৰ পূৰ্বে ইবচন লাল বৰুৱাই নিৰ্মাণ কৰিছিল (নিজৰ কথা, সুৰেৰে) -- "বিষুৱ ৰেখা নাপাওঁ দেখা ভৰিৰ তলত দুখন ধৰা এখন আকাশ আকাশ ফালি মেঘৰ বিবাদ… মোৰ ভগা খিৰিকী পোহৰ দিয়া খিৰিকী মোৰ ভগা খিৰিকী দুৱাৰ খোলা খিৰিকী …" (চিনেমা : ভগা খিৰিকী) পূৰ্বৰ গীতটোৰ দৰে "হেৰোৱা ছন্দ"ৰ বাবে নিৰ্মাণ কৰা গীতটোও চিনে-সৌন্দৰ্যৰে ভৰপূৰ, আমাৰ অনুভৱত। আমাৰ ধাৰণাত গীতটোৰ কথা-সুৰ, গায়কীত চিনেমা খনৰ "কাহিনী" আছে, বিষয়-বস্তু আছে। গীতটোত ব্যৱহাৰ কৰিছে ঊষা উত্থুপ আৰু অনিন্দিতা পলৰ কণ্ঠ। সম্ভৱতঃ ৰূপালী গল্পটোৰ মূল ...