বলিউডৰ পৰিচালকৰ চিন্তা বা পৰিচালনা শৈলীয়ে চিনেমাৰ মান নিম্ন কৰাৰ এটা উদাহৰণ যে "শ্বেহজাদা" সন্দেহ নাই। আন এটা উদাহৰণ --"কিছি কা ভাই কিছি কি জান"। ছলমান খানে অভিনয় কৰা চিনেমা। তামিল চিনেমা "বীৰাম"ৰ হিন্দী "ৰি-মেক"। শিৱৰ পৰিচালনৰে নিৰ্মিত তামিল চিনেমা খনৰ মূল চৰিত্ৰটোত অভিনয় কৰিছে অজিত কুমাৰে। ৪৫ কোটি টকা বাজেটৰ চিনেমা খনৰ আয় প্ৰায় ১৩০ কোটি টকা। ১৫০ কোটি টকা বাজেটৰ হিন্দী "ৰি-মেক" খনৰ কালেকশ্বন ৯৩ কোটি টকা (চিনেমা খন চিত্ৰগৃহলৈ আহিছে ২১ এপ্রিল ২০২৩। আজি ২৮ এপ্ৰিল।)। সন্দেহ নাই কালেকশ্বন আৰু বৃদ্ধি হ'ব। কিন্তু সিমান বৃদ্ধি হোৱাৰ আশা নাই, বলিউডৰ বেপাৰী সকলে যিমান আশা কৰিছিল। আশা কৰিছিল শ্বহৰুখ খানৰ "পাঠান"ৰ পৰ্যায়ৰ ব্যৱসায় কৰিব। (শ্বাহৰুখ খানে অভিনয় কৰা ২৪০ কোটি টকা বাজেটৰ "পাঠান"ৰ কালেকশ্বন প্ৰায় ১০৫০ কোটি টকা।) এই "হিন্দী ৰি-মেক" খনৰ চিত্ৰনাট্য, পৰিচালনা শৈলী মূল তামিল খনৰ দৰে নহয়। পৰিৱৰ্তন স্পষ্ট। ৰূপালী গল্পটো কিছু সলনি কৰিছে। দক্ষিণ ভাৰতৰ বজাৰ খনৰ কথা মনত ৰাখি জগপতি বাবু, ভেকটেশ, ৰাম চৰণ, পূজা হেগড়ে, মালবিকা শর্মা আদি তামিল-তেলেগু চিনেমাৰ অভিনেতা-অভিনেত্ৰীক লৈ চৰিত্ৰ নিৰ্মাণ কৰিছে। এই "ৰি-মেক" খনত পৰিচালক ফৰহাদ ছামজিৰ চমক স্পষ্ট; কিন্তু মূল তামিল খনৰহে চৰিত্ৰ নিৰ্মাণ আৰু মেকিং কৌশল দৰ্শকক বেছিকৈ চুব পৰা।
--আমি মন কৰিছোঁ, তামিল, তেলেগু চিনেমাৰ পৰিচালকে সাধাৰণ মানৰ কামৰ মাজতো "অসাধাৰণ কিবা এটা" দিবলৈ চেষ্টা কৰে। বা সাধাৰণ মানৰ চিনে কৰ্মৰ মাজত নতুন চিনে চিন্তাৰে দৰ্শকক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰে। বিপৰীতে বলিউডী চিনেমা বলিউডী চিনেমা নায়কৰ চৰিত্ৰত অভিনয় কৰা অভিনেতা গৰাকীৰ ইমেজেৰে বান্ধি নিৰ্দিষ্ট ট্ৰেকটোত পেলাই লৈ ৰূপালী গল্পটোক গতি দিয়ে। (আৰু আছে😊)
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন