অসমীয়া ভাষাৰ চিনেমাৰ কাম চলি আছে,
অসমীয়া চিনেমাৰ কমো চলি আছে।
চিত্ৰগ্ৰহণ সম্পূৰ্ণ হোৱা দুখন অসমীয়া চিনেমা-- ধীৰাজ কাশ্যপৰ "চং",
হিমজ্যোতি তালুকদাৰৰ "তাৰিখ"।
(পৰিচালনা শৈলী ভিন্ন, কাহিনী-বিষয়বস্তুই
নিয়ন্ত্ৰণ কৰা পৰিচালনা শৈলী। পৰিচালনা
শৈলী তামিল-তেলেগু চিনেমাৰ পৰিচালনা
শৈলীৰে বান্ধখোৱা নহয়।
আমি এনেদৰে ব্যখ্যা কৰিব পাৰো,"জয়মতী"
ৰে আৰম্ভ হোৱা, "গঙা চিলনীৰ পাখী",
"হালধীয়া চৰায়ে বাওধান খায়" আদিয়ে
মজবুট কৰা বুনিয়াদত ঠিয় হৈ পৰিচালনা
কৰা চিনেমা-- "মোহমুক্তি", "লোকবন্ধু"।
আৰু "ইটো সিটো বহুতো"ৰ শৈলীক
আগবঢ়াই নিয়া পৰিচালনা-- "ধন
কুবেৰৰ ধন"। )
"চং" --চিনেমা খনৰ নামতে স্পষ্ট হৈ আছে বিষয়বস্তু। ঢুলীয়া সংস্কৃতিৰ এটা অংগ-- চং। অভিনয় কৌশল, হাস্য-ব্যংগ কৌতুকেৰে আগবঢ়াই নিয়ে কাহিনী। ঢোলৰ বাজনা, কুস্তিু, খেল-ধেমালি, চাৰ্কাচ, কেৰিকচাৰ আৰু চং কৰা ঢুলীয়া শিল্পী সকলক ক'ব পাৰি-- স্বভাৱ শিল্পী (An artist by nature)। নিজৰ অভিনয় শৈলী, সংলাপ, সাজসজ্জা-ৰূপসজ্জা ইত্যাদি নিজে নিয়ন্ত্ৰণ কৰে। পৰিচালক, চিত্ৰনাট্যকাৰ ধীৰাজ কাশ্যপক এই বিশেষ শিল্প কৰ্মই বিশেষ ভাৱে আকৰ্ষণ কৰিছিল শৈশৱতে। শৈশৱ কালত জন্মস্থান বকোত ঢুলীয়াৰ চং চাইছিল। মনৰ মাজত ৰৈ গৈছিল সেই স্বভাৱ শিল্পী সকলৰ বিশেষকৈ হাস্য ৰস ভৰা অভিনয়। সময়ত যেতিয়া চিনেমা পৰিচালনাৰ সৈতে জড়িত হ'ল, সেই বিষয়টোই মনত তাগিতা দিলে, কিবা এটা কৰাৰ, চিনেমা মাধ্যমটোৰে। মনৰ তাগিদাই পৰিচালক গৰাকীক "চং শিল্পী" সকলৰ ওচৰলৈ নিলে, অধ্যয়ণত ব্যস্ত হ'ল। শিল্পী সকলৰ জীৱন শৈলীৰ মাজত কাহিনীও পালে। আৰু চং শিল্প-চং শিল্পীয়ে ৰূপালী গল্পৰ আকাৰ ল'লে।
"কাহিনী লিখিবলৈ মই কল্পনাৰ আশ্ৰয় লোৱা নাই। শিল্পী সকলক ওচৰৰ পৰা পোৱাৰ পাছত তেওঁলোকৰ মাজতে কাহিনী পাইছিলোঁ। সেই বাস্তৱ কাহিনীক বাস্তৱ পৰিবেশত বাস্তৱ অভিনয়ৰে কেমেৰাত ধৰি ৰাখিছোঁ। তথ্যচিত্ৰ পৰ্যায়ত ৰখা নাই, কাহিনীৰ মাজেৰে চং শিল্পৰ ধাৰণা দিবলৈ চেষ্টা কৰিছোঁ।" --আমাক কৈছিল ধীৰাজ কাশ্যপে।
--চিনেমা খনত অভিনয় কৰিছে ভাস্কৰ মিশ্ৰ, চিন্ময় ৰাজকুমাৰ, প্ৰতিভা ঠাকুৰীয়া, মিনাক্ষী কলিতা, গোপাল কলিতা, কৈলাশ শৰ্মা, নিৰেণ তালূকদাৰ, ডঃ অৱনি দাস, ডঃ নগেন দাস, মুকুল কুমাৰ বিশ্বাস আদিয়ে।
প্ৰযোজনা: বিমল আগৰৱালা, সহযোগী: সবিতা আগৰৱালা, বিভা কলিতা।
চিনেমাটোগ্রাফি: নৱ কুমাৰ দাস, সহযোগী: শৰৎ বৈশ্য।
কলা নিৰ্দেশনা: শংকৰ দাস।
শব্দ গ্ৰহণ: বলেন পাঠক, ডি কি কাশ্যপ।
মুখ্য সহকাৰী পৰিচালক: লোহিত দত্ত।
সম্পাদনা: ভাস্কৰ জ্যোতি ভূঞা।
"কাহিনী লিখিবলৈ মই কল্পনাৰ আশ্ৰয় লোৱা নাই। শিল্পী সকলক ওচৰৰ পৰা পোৱাৰ পাছত তেওঁলোকৰ মাজতে কাহিনী পাইছিলোঁ। সেই বাস্তৱ কাহিনীক বাস্তৱ পৰিবেশত বাস্তৱ অভিনয়ৰে কেমেৰাত ধৰি ৰাখিছোঁ। তথ্যচিত্ৰ পৰ্যায়ত ৰখা নাই, কাহিনীৰ মাজেৰে চং শিল্পৰ ধাৰণা দিবলৈ চেষ্টা কৰিছোঁ।" --আমাক কৈছিল ধীৰাজ কাশ্যপে।
--চিনেমা খনত অভিনয় কৰিছে ভাস্কৰ মিশ্ৰ, চিন্ময় ৰাজকুমাৰ, প্ৰতিভা ঠাকুৰীয়া, মিনাক্ষী কলিতা, গোপাল কলিতা, কৈলাশ শৰ্মা, নিৰেণ তালূকদাৰ, ডঃ অৱনি দাস, ডঃ নগেন দাস, মুকুল কুমাৰ বিশ্বাস আদিয়ে।
প্ৰযোজনা: বিমল আগৰৱালা, সহযোগী: সবিতা আগৰৱালা, বিভা কলিতা।
চিনেমাটোগ্রাফি: নৱ কুমাৰ দাস, সহযোগী: শৰৎ বৈশ্য।
কলা নিৰ্দেশনা: শংকৰ দাস।
শব্দ গ্ৰহণ: বলেন পাঠক, ডি কি কাশ্যপ।
মুখ্য সহকাৰী পৰিচালক: লোহিত দত্ত।
সম্পাদনা: ভাস্কৰ জ্যোতি ভূঞা।
হিমজ্যোতি তালুকদাৰৰ পৰিচালনাৰে নিৰ্মিত অসমীয়া চিনেমা: কেলেণ্ডাৰ।
("কেলেণ্ডাৰ"ও তামিল-তেলেগু চিনেমাৰ
পৰিচালনা শৈলীৰে বান্ধ খোৱা নহয়।
অসমীয়া ৰূপালী গল্প কোৱাৰ এটা বিশেষ
বাট কাটিছিল ভৱেন্দ্ৰ নাথ শইকীয়াই। সেই
বিশেষ বাটেৰে আগবঢ়া হিমজ্যোতি
তালুকদাৰৰ পৰিচালনা।)
আমি আশা কৰিব পাৰো-- "চং", "তাৰিখ" দুখন "ভাল অসমীয়া চিনেমা"ৰ তালিকাত ৰাখিব পৰা চিনেমা হ'ব। কামৰূপীয়া ঢুলীয়া সংস্কৃতিৰ এটা অংগ চং। এই বিষয়বস্তুক কেন্দ্ৰ কৰি ধীৰাজ কাশ্যপে চিনেমা খনৰ কাহিনী, চিত্ৰনাট্য ৰচনা কৰিছে। চিনেমা খনৰ চিত্ৰায়ণ বাস্তৱৰ ওচৰত থাকি কৰিছে। চিনেমা খনৰ মূল চৰিত্ৰ নিৰ্মাণ কৰিছে ঢুলীয়া সংস্কৃতিৰ কৰ্মীক লৈ। আমাৰ ধাৰণাত-- এটা পৰিপাটি কাহিনীৰ মাজেৰে চিত্ৰৰসিক "চং সংস্কৃতি" অনুভৱ কৰাৰ সুযোগ পাব!
আৰু আমাৰ ধাৰণাত-- "তাৰিখ"ও পৰিপাটি চিনেকৰ্ম হব, "কলেণ্ডাৰ"ৰ দৰে।
চিত্ৰগ্ৰহণ চলি আছে আন এখন অসমীয়া চিনেমা "ৱাইড এংগোল" (WIDE ANGLE) -ৰ। জয়ন্ত নাথৰ পৰিচালনা। ড° নগেন শইকীয়াৰ এটি গল্পৰ আধাৰত চিত্ৰনাট্য লিখিছে পংকজজ্যোতি ভূঞাই। আমাৰ ধৰণাত "ইন্দ্ৰ-মালতী", "চিৰাজ", "ডক্তৰ বেজবৰুৱা", "আজলী নবৌ", "বোৱাৰী" আদিয়ে মজবুট কৰা অসমীয়া চিনেমাৰ ধাৰাটোৰ চিনেমা হব-- "ৱাইড এংগোল"। অভিনয়ত: তপন দাসে, জুবিন গাৰ্গ, অপৰ্ণা দত্ত চৌধুৰী , পবিত্ৰ বৰুৱা , জলি লস্কৰ আদি। জুবিন গাৰ্গে গোৱা দুটা গীতো (কথা: জেতবন বৰুৱা, মৃগেন বৰকটকী) থাকিব চিনেমা খনত।
--বিপৰীতে তামিল,তেলেগু, বলিউড শৈলীৰেও কেইবা খনো অসমীয়া ভাষাৰ চিনেমাৰ কাম চলি আছে, চিত্ৰগৃহত প্ৰদৰ্শনৰ সাজু কৰা হৈছে। (ক্ৰমশ:)assamese cinema by : utpal mena
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন