সরাসরি প্রধান সামগ্রীতে চলে যান

হোমৱ'ৰ্ক আৰু ভাৰতীয় শিশু চিনেমা প্ৰসংগ/১

আৰু এখন শিশু অসমীয়া চিনেমা। 
আজি শুভ মহুৰৎ অনুষ্ঠান হৈ যোৱা চিনেমা খনৰ নাম-- "হোমৱ'ৰ্ক"। নামতেই বিষয়বস্তু স্পষ্ট। 
পৰিচালক: অচিন্ত শংকৰ।
>>>>>>>>>>

📌অসমীয়া শিশু চিনেমাৰ বাট মুকলি কৰিছিল গৌৰী বৰ্মনে। "অকন" (১৯৮০) নামৰ চিনেমা খনেৰে। পৰিচালকৰ কাহিনীৰ আধাৰত চিত্ৰনাট্য লিখিছিল নিৰোদ চৌধুৰীয়ে। (এই চিনেমা খনে শিশু চিনেমাৰ চেঞ্চৰ চাৰ্টিফিকেট লাভ কৰা নাছিল বাবে "শিশু চিনেমা"ৰ তালিকাত নাৰাখিম নে?)
"হোমৱ'ৰ্ক"ৰ মুল চৰিত্ৰত অভিনয় কৰিব সূৰ্যাংগ জীউ মাৰ্ঘেৰিটাই। সূৰ্যাংগ আভিনেত্ৰী গায়ত্ৰী মহন্ত-সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটাৰ পুত্ৰ।
----------------------------------

আন এখন শিশু অসমীয়া চিনেমা-- "গৰখীয়া" (১৯৯০)। হেমেন দাসৰ পৰিচালনা। হোমেন বৰগোহাঞিৰ একে নামৰ গল্পৰ ৰূপালী গল্প।
এই একেটা বছৰতে চিত্ৰগৃহলৈ আহিছিল আন এখন শিশু চিনেমা-- "অবুজ বেদনা'। গুণসিন্ধু হাজৰিকাৰ পৰিচলনা। ইয়াৰ পাছৰ সময় চোৱাত নিৰ্মাণ হয় ব্ৰজেন বৰা পৰিচালিৰে "শ্ৰীমান মাইমন", জাহ্নু বৰুৱাৰ পৰিচালনাৰে "তৰা" (২০০৪/ চিলড্ৰেনছ ফিল্ম ছ'ছায়টি, ইণ্ডিয়াৰ প্ৰযোজনা।), ৰতন শীল শৰ্মাৰ পৰিচালনাৰে  "মাৰ্কশ্বিট" (২০১৮), হীৰেণ বৰাৰ পৰিচালনাৰে  "ক্ষোভ" (২০১৭), খঞ্জন কিশোৰ নাথৰ "চোৰ" (২০১৬), সঞ্জীৱ হাজৰিকাৰ পৰিচালনাৰ নিৰ্মিত "বকুল ফুলৰ দৰে" (২০২৩)।
                       📌(*অবুজ বেদনা, *তৰা --শিশু                             চিনেমা। 
                         আমাৰ মনলৈ অহা প্ৰশ্ন-- ব্ৰজেন                           বৰুৱাৰ  "মুকুতা", জাহ্নু বৰুৱাৰ
                       "পখী", "কনিকাৰ ৰামধেনু", উৎপল
                        বৰপূজাৰীৰ "ঈশ্বু", বিশ্বজিৎ বৰা                           "বুম্বা ৰাইড" কিয় শিশু চিনেমা                                নহয়?)
প্ৰাথমিক চিনেকৰ্ম: মুনিন বৰুৱাৰ সৈতে অচিন্ত
---------------------
আহিছো অচিন্ত শংকৰৰ "হোমৱ'ৰ্ক"লৈ। 
অচিন্তৰ চিনেকৰ্ম চাইছো। চিনেক্ষমতা থকা পৰিচালক। পৰিশ্ৰম কৰা, কৰিবপৰা চিনেকৰ্মী। 
পৰিচালক গৰাকীৰ চিনকৰ্ম অনেক, পৰিচালনা কৰা চিনেমাৰ সংখ্যা এক-- "প্ৰতিঘাত" (২০১৯)। স্থানীয় বজাৰত সফলতা আশা কৰিব পৰা চিনেমা। কিন্তু পৰিচালক গৰাকীৰ বাবে, চিনেমা খনৰ বাবে "সময়" ঠিক নাছিল! চিনেমা খনে বাণিজ্যিক গতি লোৱাৰ সময়তে "কা আন্দোলন" আৰম্ভ হৈছিল। আৰু তাৰ পাছতে "লকডাউন সময়"। সেই সময়ত চিনেমাৰ, অসমীয়া চিনেমাৰ যিমান ক্ষতি হৈছিল,তাতকৈ বেছি ক্ষতি হৈছিল-- অচিন্তৰ। (চিনে কেৰিয়াৰ আৰম্ভ হৈছিল হে! আৰম্ভনীতে --উজুটি। লেং মাৰিলে "সময়ে"!)
--স্বাভাৱিকতে হতাশ হৈছিল অচিন্ত শংকৰ। চিনেমাৰ কাম হাতত লোৱা নছিল। আমাৰ ধাৰণা আছিল, অচিন্তই যেতিয়া চিনেমাৰ কাম হাতত ল'ব, নিশ্চয় "প্ৰতিঘাত"ৰ দৰেই (শৈলী, বিষয়বস্তু) ল'ব। কিন্তু ল'লে সম্পূৰ্ণ বেলেগ শৈলী, বিষয়বস্তুৰ চিনেমা। (ব্যাখ্যাৰ প্ৰয়োজন আছে জানো-- "হোমৱ'ৰ্ক" শিশু চিনেমা যেতিয়া পৰিচালনা শৈলী, বিষয়বস্তু "প্ৰতিঘাত"ৰ ওচৰৰ নহব।)
--আচিন্তই এনে সময়ত শিশু চিনেমা খনৰ কাম হাতত ল'লে, যিটো সময়ত "প্ৰতিঘাত" শৈলীৰ অসমীয়া চিনেমা এখনে (শ্ৰী ৰঘুপতি") স্থানীয় বজাৰত দপদপাই আছে। 
ইয়াৰ কাৰণ?
আমি ব্যাখ্যা কৰিব পাৰো এনেদৰে-- বজাৰ চিন্তাতকৈ চিনে চিন্তাক গুৰুত্ব দিয়া চিনেকৰ্মী অচিন্ত। হয়তো চিনেমাৰে সামাজিক দায়বদ্ধতা পালনৰ স্বাৰ্থত লৈছে "হোমৱ'ৰ্ক"। (ক্ৰমশঃ)

মন্তব্যসমূহ

এই ব্লগটি থেকে জনপ্রিয় পোস্টগুলি

চিনেমাৰ জুবিন

জুবিন গাৰ্গ অভিনেতা নাছিল। "অভিনেতা জুবিন" নিৰ্মাণ কৰিছিল বা নিৰ্মাণ কৰাইছিল। "গায়ক ইমেজ"ৰ পৰা "নায়ক ইমেজ"ৰ মাজত বন্দী হব পাৰিছিল "মনযায়"ত। এম মণিৰামৰ পৰিচালনাৰে নিৰ্মান কৰা অসমীয়া চিনেমা "মনযায়"ত মানৱৰ চৰিত্ৰত দৰ্শকে, চিত্ৰৰসিকে গ্ৰহণ কৰিছে। চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ২০০৮ চনত। বিশ্লেষণ কৰিলে স্পষ্ট হয়-- মানৱ কিন্তু "জুবিন"ৰ পৰা মুক্ত নাছিল। মানৱে কথা কৈছিল (সংলাপ প্ৰক্ষেপন কৰিছিল) জুবিনৰ দৰে। চেহেৰা-শৰীৰ ভাষাতো মানৱ "জুবিন"ৰ পৰা মুক্ত নহয়। তথাপি চিত্ৰৰসিকে জুবিনৰ অভিনয় গ্ৰহণ কৰিছে। মুনিন বৰুৱাৰ "দীনবন্ধু" (২০০৪)-ৰ বিপুলকো দৰ্শকে গ্ৰহণ কৰিছে। চৰিত্ৰ দুটাৰ মাজত দূৰত্ব অতি কম। কিন্তু বিপুলতকৈ মানৱ বেছি উজ্বল। "চৰিত্ৰ" দুটাক চিত্ৰৰসিকে ইতিবাচক সহাৰি দিয়াৰ প্ৰাথমিক কাৰণ-- cinematic acting, যাক আমি বাস্তবিক অভিনয় (realistic acting) বুলিব পাৰোঁ। আমাৰ ধাৰণা-- জুবিনে সততে (যদিওবা চিনেমা পৰিচিলকৰ মাধ্যম) "জুবিন"ৰ মাজতে থাকি "চৰিত্ৰ"ক গতি দিয়ে বা পৰিচালকক চৰিত্ৰ নিৰ্মাণত স...

নৈ কথা | চিনেচৰ্চা

‘নৈ কথা’ এখন অসমীয়া চিনেমা। ড° পঙ্কজ বৰাৰ পৰিচালনা। চিনেমা খনৰ কাহিনী ৰেখাৰ মূল বিন্দু এজন মাচুৱৈ। নাম-- তিলেশ্বৰ, তিলো। নৈপৰীয়া তিলোৰ চালিকা শক্তি, সংসাৰ চলোৱাৰ শক্তি নৈ খনত থকা মাছ কেইটা। তিলোৰ বাবে সমস্যা-- নৈ খনত মাছ কমি আহিছে। আৰু দিনটোৰ পৰিশ্ৰমৰ মূৰকত পোৱা মাছ কেইটাত উচিৎ দাম নিদয়ে, গ্ৰাহকে আগ্ৰহ নেদেখুৱাই।  [বিপৰীতে গ্ৰাহকৰ-- চালানী মাছ, ব্ৰইলাৰ মুৰ্গী প্ৰতিহে! পৰিচালকে কেমেৰাৰ ফ্ৰেমত একেলগে তিলোৰ স্থানীয় নৈৰ মাছৰ, চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ "দোকান" তিনিখন ৰাখিছে। দেখুৱাইছে-- চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ নিৰ্দিষ্ট দাম দিবলৈ ক্ৰেতাই আপত্তি নকৰে, বিপৰীতে তিলোৰ সৈতে কিমান যে দৰ-দাম কেন্দ্ৰিক কথা! চিত্ৰায়ণ--  বাস্তৱিক। পৰিপাটি-- কেমেৰাৰ ভাষা প্ৰয়োগ, যিমান প্ৰয়োজন সিমান সাহিত্যৰ ভাষা ব্যৱহাৰ।]  তিলোৰ ঘৰ নচলে! দুই এমা ডিমা সন্তান আৰু পত্নী বাসন্তীক লৈ তিলোৰ সংসাৰ। প্ৰয়োজনীয় দৈনন্দিন সামগ্ৰী আনোতে আনোতে মহাজনৰ দোকানত "বাকী" বাঢ়ি গৈ আছে।  তিলো হ'তৰ  সমস্যা [সমস্যা কেৱল তিলোৰ নহয়, নৈ পৰীয়া মাচুৱৈৰ। এই দিশটো পৰিচালক পৰিপাটিকৈ স্পষ্ট কৰিছে, কাহিনীৰ গতি...

হেৰোৱা ছন্দ | পূৰ্বালোকন

আৰু এখন চিনেমা-- জাহ্নু বৰুৱাৰ। আৰু এটা গীত-- ইবচন লাল বৰুৱাৰ। কথা-সুৰ-সংগীত ইবচন লাল বৰুৱাৰ।  " দামি গহনা পিন্ধি হাঁহিছা  হাঁহিটিয়েই চোন এটি গহনা  গহনা বুলি ধাতু কিনিছা  কিনিব জানো হাঁহি পাৰিবা পাৰা যদি সুৰ তুমি ঢালিবা  ঢালি গভীৰৰ সঁচা তৰঙ্গ  অঙ্গ ভেদি গান কঁপিব  কঁপি উঠিব হেৰোৱা ছন্দ..." চিনেমাৰ গীত।  চিনেমাৰ নাম: হেৰোৱা ছন্দ।  জাহ্নু বৰুৱাৰ চিনেমা। (জাহ্নু বৰুৱাৰ চিনেমা মানেই মনত ৰৈ যোৱা চিনে-চিন্তা, চুই যোৱা চিনে-সৌন্দৰ্য।) জাহ্নু বৰুৱাৰ বাবে ইয়াৰ পূৰ্বে ইবচন লাল বৰুৱাই নিৰ্মাণ কৰিছিল (নিজৰ কথা, সুৰেৰে) -- "বিষুৱ ৰেখা নাপাওঁ দেখা ভৰিৰ তলত দুখন ধৰা এখন আকাশ আকাশ ফালি মেঘৰ বিবাদ… মোৰ ভগা খিৰিকী পোহৰ দিয়া খিৰিকী মোৰ ভগা খিৰিকী দুৱাৰ খোলা খিৰিকী …" (চিনেমা : ভগা খিৰিকী) পূৰ্বৰ গীতটোৰ দৰে "হেৰোৱা ছন্দ"ৰ বাবে নিৰ্মাণ কৰা গীতটোও চিনে-সৌন্দৰ্যৰে ভৰপূৰ, আমাৰ অনুভৱত। আমাৰ ধাৰণাত গীতটোৰ কথা-সুৰ, গায়কীত চিনেমা খনৰ "কাহিনী" আছে, বিষয়-বস্তু আছে। গীতটোত ব্যৱহাৰ কৰিছে ঊষা উত্থুপ আৰু অনিন্দিতা পলৰ কণ্ঠ। সম্ভৱতঃ ৰূপালী গল্পটোৰ মূল ...