সরাসরি প্রধান সামগ্রীতে চলে যান

হোমৱ'ৰ্ক আৰু ভাৰতীয় শিশু চিনেমা প্ৰসংগ/২

"হোমৱ'ৰ্ক" --ফ্ল'ৰত। 
আমি অপেক্ষাত-- শিশু কেন্দ্ৰীক চিনমাৰ বৃত্তৰ মাজতে বন্দী হৈ নাথাকি, শিশু-কিশোৰে বিনোদন দিব পৰা, শিক্ষা লব পৰা এখন চিনেমাৰ। 
আমাৰ ধাৰণা-- অচিন্ত শংকৰে হতাশ নকৰে!

📌শিশু-কিশোৰে ভাল পোৱা চিনেমা!
কেনে ধৰণৰ চিনেমা পছন্দ কৰে শিশু-কিশোৰে?
এটা সমীক্ষাত প্ৰকাশ-- ভাৰতৰ শিশু-কিশোৰৰ পছন্দৰে শীৰ্ষ স্থানত থকা ভাৰতীয় চিনেমা খন-- "মিষ্টাৰ ইণ্ডিয়া" (২৫ মে ১৯৮৭)। শেখৰ কাপুৰৰ পৰিচালনা। সেই সময়ত চিনেমা খনে ব্যৱসায় কৰিছিল ১.১৫ কোটি টকা (100 rupees in 1987 are equivalent to 1,229.78 rupees in 2023.)। সমীক্ষাত প্ৰকাশ-- চিনেমা খনৰ ৮৩% শতাংশ দৰ্শক শিশু-কিশোৰ। 
আন কেইখন মান শিশু-কিশোৰে পছন্দ কৰা ভাৰতীয় চিনেমা: 
                           ২। ষ্টেনলি কা ডাব্বা
(পৰিচালক: অমল গুপ্তে/ ১৩ মে, ২০১১)
                            ৩। ছোটা ছিপাহি (পৰিচালক: জয়শ্ৰী কানাল/ ৫২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ, শ্ৰেষ্ঠ শিশু শিল্পীৰ শিতানত/ ১৫ অক্তোবৰ ২০০৫)
                            ৪। ৰাইনো (পৰিচালক: শশংক শংকৰ/ ২ মাৰ্চ ১৯৮৭/ অসমৰ গড় কেন্দ্ৰীক কাহিনী।)
                            ৫। আই এম কালাম (পৰিচালক: নীলা মাধব পাণ্ডা/ ৫ আগস্ট, ২০১১)
                            ৬। চিল্লাৰ পার্টি (পৰিচালক: বিকাশ বহল, নিতেশ তিৱাৰী/ ৮ জুলাই, ২০১১)
                            ৭। তাৰে জমিন পৰ (পৰিচালক: আমিৰ খান/ ৭ এপ্ৰিল ২০০৯)
                            ৮। ব'ম ব'ম বোলে (পৰিচালক: প্রিয়দর্শন/ ইৰাণী ছবি ' Children Of Heavens ' ৰ আনুষ্ঠানিক অভিযোজন/ ১৪ মে, ২০১০)
                            ৯। ৰা-ৱান (পৰিচালক: অনুভৱ সিনহা/ ২৬ অক্টোবর, ২০১)
                            ১০। হাৱা হাৱাই (পৰিচালক: অমল গুপ্তে/ ৯ মে' ২০১৪)
                            ১১। ছোটা ছেটন (পৰিচালক: জিজো পুনুছ/ ১৯৯৮)
                            ১২। মুঝছে দস্তী কৰোগে (পৰিচালক: গোপী দেশাই/ ১৯৯২)
                            ১৩। ভূতনাথ (পৰিচালক: বিবেক শর্মা/ ৯ মে, ২০০৮)
                            ১৪। জজন্তৰাম মমন্তৰাম (পৰিচালক: সৌমিত্ৰ ৰানাডে/ ৩০ মে’ ২০০৩)
                            ১৫। কই মিল গয়া (পৰিচালক: ৰাকেশ ৰোশন/ ৮ আগষ্ট ২০০৩)
--এই চিনেমা কেইখনলৈ মন কৰক! 
বিষয়বস্তু ভিন্ন, কাহিনী কোৱাৰ শৈলী ভিন্ন। দুটা দিশ স্পষ্ট (১) শিশু-কিশোৰে বিনোদনৰ বাবে চিনেমা চায়, (২) নিজকে অনুভৱ কৰা, কল্পনা কৰিব পৰা চিনেমা খন পছন্দ কৰে। (ক্ৰমশঃ)
                            

মন্তব্যসমূহ

এই ব্লগটি থেকে জনপ্রিয় পোস্টগুলি

চিনেমাৰ জুবিন

জুবিন গাৰ্গ অভিনেতা নাছিল। "অভিনেতা জুবিন" নিৰ্মাণ কৰিছিল বা নিৰ্মাণ কৰাইছিল। "গায়ক ইমেজ"ৰ পৰা "নায়ক ইমেজ"ৰ মাজত বন্দী হব পাৰিছিল "মনযায়"ত। এম মণিৰামৰ পৰিচালনাৰে নিৰ্মান কৰা অসমীয়া চিনেমা "মনযায়"ত মানৱৰ চৰিত্ৰত দৰ্শকে, চিত্ৰৰসিকে গ্ৰহণ কৰিছে। চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ২০০৮ চনত। বিশ্লেষণ কৰিলে স্পষ্ট হয়-- মানৱ কিন্তু "জুবিন"ৰ পৰা মুক্ত নাছিল। মানৱে কথা কৈছিল (সংলাপ প্ৰক্ষেপন কৰিছিল) জুবিনৰ দৰে। চেহেৰা-শৰীৰ ভাষাতো মানৱ "জুবিন"ৰ পৰা মুক্ত নহয়। তথাপি চিত্ৰৰসিকে জুবিনৰ অভিনয় গ্ৰহণ কৰিছে। মুনিন বৰুৱাৰ "দীনবন্ধু" (২০০৪)-ৰ বিপুলকো দৰ্শকে গ্ৰহণ কৰিছে। চৰিত্ৰ দুটাৰ মাজত দূৰত্ব অতি কম। কিন্তু বিপুলতকৈ মানৱ বেছি উজ্বল। "চৰিত্ৰ" দুটাক চিত্ৰৰসিকে ইতিবাচক সহাৰি দিয়াৰ প্ৰাথমিক কাৰণ-- cinematic acting, যাক আমি বাস্তবিক অভিনয় (realistic acting) বুলিব পাৰোঁ। আমাৰ ধাৰণা-- জুবিনে সততে (যদিওবা চিনেমা পৰিচিলকৰ মাধ্যম) "জুবিন"ৰ মাজতে থাকি "চৰিত্ৰ"ক গতি দিয়ে বা পৰিচালকক চৰিত্ৰ নিৰ্মাণত স...

নৈ কথা | চিনেচৰ্চা

‘নৈ কথা’ এখন অসমীয়া চিনেমা। ড° পঙ্কজ বৰাৰ পৰিচালনা। চিনেমা খনৰ কাহিনী ৰেখাৰ মূল বিন্দু এজন মাচুৱৈ। নাম-- তিলেশ্বৰ, তিলো। নৈপৰীয়া তিলোৰ চালিকা শক্তি, সংসাৰ চলোৱাৰ শক্তি নৈ খনত থকা মাছ কেইটা। তিলোৰ বাবে সমস্যা-- নৈ খনত মাছ কমি আহিছে। আৰু দিনটোৰ পৰিশ্ৰমৰ মূৰকত পোৱা মাছ কেইটাত উচিৎ দাম নিদয়ে, গ্ৰাহকে আগ্ৰহ নেদেখুৱাই।  [বিপৰীতে গ্ৰাহকৰ-- চালানী মাছ, ব্ৰইলাৰ মুৰ্গী প্ৰতিহে! পৰিচালকে কেমেৰাৰ ফ্ৰেমত একেলগে তিলোৰ স্থানীয় নৈৰ মাছৰ, চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ "দোকান" তিনিখন ৰাখিছে। দেখুৱাইছে-- চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ নিৰ্দিষ্ট দাম দিবলৈ ক্ৰেতাই আপত্তি নকৰে, বিপৰীতে তিলোৰ সৈতে কিমান যে দৰ-দাম কেন্দ্ৰিক কথা! চিত্ৰায়ণ--  বাস্তৱিক। পৰিপাটি-- কেমেৰাৰ ভাষা প্ৰয়োগ, যিমান প্ৰয়োজন সিমান সাহিত্যৰ ভাষা ব্যৱহাৰ।]  তিলোৰ ঘৰ নচলে! দুই এমা ডিমা সন্তান আৰু পত্নী বাসন্তীক লৈ তিলোৰ সংসাৰ। প্ৰয়োজনীয় দৈনন্দিন সামগ্ৰী আনোতে আনোতে মহাজনৰ দোকানত "বাকী" বাঢ়ি গৈ আছে।  তিলো হ'তৰ  সমস্যা [সমস্যা কেৱল তিলোৰ নহয়, নৈ পৰীয়া মাচুৱৈৰ। এই দিশটো পৰিচালক পৰিপাটিকৈ স্পষ্ট কৰিছে, কাহিনীৰ গতি...

হেৰোৱা ছন্দ | পূৰ্বালোকন

আৰু এখন চিনেমা-- জাহ্নু বৰুৱাৰ। আৰু এটা গীত-- ইবচন লাল বৰুৱাৰ। কথা-সুৰ-সংগীত ইবচন লাল বৰুৱাৰ।  " দামি গহনা পিন্ধি হাঁহিছা  হাঁহিটিয়েই চোন এটি গহনা  গহনা বুলি ধাতু কিনিছা  কিনিব জানো হাঁহি পাৰিবা পাৰা যদি সুৰ তুমি ঢালিবা  ঢালি গভীৰৰ সঁচা তৰঙ্গ  অঙ্গ ভেদি গান কঁপিব  কঁপি উঠিব হেৰোৱা ছন্দ..." চিনেমাৰ গীত।  চিনেমাৰ নাম: হেৰোৱা ছন্দ।  জাহ্নু বৰুৱাৰ চিনেমা। (জাহ্নু বৰুৱাৰ চিনেমা মানেই মনত ৰৈ যোৱা চিনে-চিন্তা, চুই যোৱা চিনে-সৌন্দৰ্য।) জাহ্নু বৰুৱাৰ বাবে ইয়াৰ পূৰ্বে ইবচন লাল বৰুৱাই নিৰ্মাণ কৰিছিল (নিজৰ কথা, সুৰেৰে) -- "বিষুৱ ৰেখা নাপাওঁ দেখা ভৰিৰ তলত দুখন ধৰা এখন আকাশ আকাশ ফালি মেঘৰ বিবাদ… মোৰ ভগা খিৰিকী পোহৰ দিয়া খিৰিকী মোৰ ভগা খিৰিকী দুৱাৰ খোলা খিৰিকী …" (চিনেমা : ভগা খিৰিকী) পূৰ্বৰ গীতটোৰ দৰে "হেৰোৱা ছন্দ"ৰ বাবে নিৰ্মাণ কৰা গীতটোও চিনে-সৌন্দৰ্যৰে ভৰপূৰ, আমাৰ অনুভৱত। আমাৰ ধাৰণাত গীতটোৰ কথা-সুৰ, গায়কীত চিনেমা খনৰ "কাহিনী" আছে, বিষয়-বস্তু আছে। গীতটোত ব্যৱহাৰ কৰিছে ঊষা উত্থুপ আৰু অনিন্দিতা পলৰ কণ্ঠ। সম্ভৱতঃ ৰূপালী গল্পটোৰ মূল ...