সরাসরি প্রধান সামগ্রীতে চলে যান

box office records...

box office records -- চৰ্চাৰ বিষয়। বাণিজ্যিক দিশত চিনেমা এখনে ভাল ফল দেখুৱালেই চৰ্চালৈ আহে। চৰ্চা "বিজ্ঞাপন"লৈ ৰূপান্তৰ হয়। "বিজ্ঞাপন" খবৰৰ দৰে প্ৰচাৰ হয়।
box office collection-ৰ লগত একাকাৰ হয় box office records --অজ্ঞতাৰ বাবে বা আৰ্থিক কাৰণত।
       📌box office records (হিন্দী চিনেমা)
             ১। Hum Aapke Hain Koun..!
                  Release Date: 5 Aug 1994
                  Verdic: All Time Blockbuster
                  Adjusted Gross: 9,73,11,80,340
              ২। Bahubali 2 - The Conclusion
                   Release Date: 28 Apr 2017
                   Verdic: All Time Blockbuster
                   Adjusted Gross: 7,08,99,00,000
               ৩। Gadar - Ek Prem Katha
                    Release Date: 15 Jun 2001
                    Verdic: All Time Blockbuster
                    Adjusted Gross: 6,65,38,89,610
                 ৪। Dilwale Dulhania Le Jayenge
                      Release Date: 20 Oct 1995
                      Verdic: All Time Blockbuster
                      Adjusted Gross: 6,31,15,44,470
                  ৫। Raja Hindustani
                       Release Date: 11 Nov 1996
                       Verdic: All Time Blockbuster
                       Adjusted Gross: 5,39,10,80,750
মন কৰক-- এই তালিকা খনত "ৰেকৰ্ড" কেন্দ্ৰীক চৰ্চা হোৱা "পাঠান" আদি চিনেমা নাই।
📌box office collection (অসমীয়া চিনেমা) 
         ১। ৰত্নাকৰ >> ৯.২৩ কোটি টকা (২০১৯)
*100 rupees in 2019 are equivalent to 122.69 rupees in 2023.
         ২। মিছন চাইনা >> ৬.০৭ কোটি টকা (২০১৭)
*100 rupees in 2017 are equivalent to 138.52 rupees in 2023.
         ৩। ডক্তৰ বেজবৰুৱা-২ >> ৫.৫ কোটি টকা (২০২৩)
          
         ৪। কাঞ্চনজংঘা >> ৫.১২ কোটি টকা (২০১৯)
*100 rupees in 2019 are equivalent to 122.69 rupees in 2023.
         ৫। ৰামধেনু >> ২.০৪ কোটি টকা (২০১১)
*100 rupees in 2017 are equivalent to 138.52 rupees in 2023.
         * শ্ৰী ৰঘুপতি >> ০০০০ কোটি টকা (২০২৩)
"শ্ৰী ৰঘুপতি"ৰ box office collection বৰ্তমান চৰ্চাত। চৰ্চা মতে, প্ৰথম সপ্তাহত ৩.৩ কোটি টকা (*২৪জুনৰ সংযোজন: চৰ্চা মতে, +৭ কোটি টকা। *২৬ জুনৰ সংযোজন: ২১ দিনত বক্স অফিচত সংগ্ৰহ কৰিলে ১০+ কোটি টকা )। 
অসমৰ একাংশ সংবাদ মাধ্যমৰ মতে, এয়া       
        "বহুদিনৰ মূৰত আন এখন অসমীয়া চিনেমাৰ ধামাকা। চিনেমা খনে  "ভংগ কৰিলে পূৰ্বৰ  অভিলেখ।" 
"ধামাকা" হয়; কিন্তু "অভিলেখ" নহয়।
               (যেনেদৰে "ধামাকা" দিয়া শ্বাহৰুখ খান 
               অভিনীত "পাঠান" বাণিজ্যিক    অভিলেখৰ 
               ৫ খন হিন্দী চিনেমাৰ তালিকাত নাই।)
(ক্ৰমশ:)

মন্তব্যসমূহ

এই ব্লগটি থেকে জনপ্রিয় পোস্টগুলি

চিনেমাৰ জুবিন

জুবিন গাৰ্গ অভিনেতা নাছিল। "অভিনেতা জুবিন" নিৰ্মাণ কৰিছিল বা নিৰ্মাণ কৰাইছিল। "গায়ক ইমেজ"ৰ পৰা "নায়ক ইমেজ"ৰ মাজত বন্দী হব পাৰিছিল "মনযায়"ত। এম মণিৰামৰ পৰিচালনাৰে নিৰ্মান কৰা অসমীয়া চিনেমা "মনযায়"ত মানৱৰ চৰিত্ৰত দৰ্শকে, চিত্ৰৰসিকে গ্ৰহণ কৰিছে। চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ২০০৮ চনত। বিশ্লেষণ কৰিলে স্পষ্ট হয়-- মানৱ কিন্তু "জুবিন"ৰ পৰা মুক্ত নাছিল। মানৱে কথা কৈছিল (সংলাপ প্ৰক্ষেপন কৰিছিল) জুবিনৰ দৰে। চেহেৰা-শৰীৰ ভাষাতো মানৱ "জুবিন"ৰ পৰা মুক্ত নহয়। তথাপি চিত্ৰৰসিকে জুবিনৰ অভিনয় গ্ৰহণ কৰিছে। মুনিন বৰুৱাৰ "দীনবন্ধু" (২০০৪)-ৰ বিপুলকো দৰ্শকে গ্ৰহণ কৰিছে। চৰিত্ৰ দুটাৰ মাজত দূৰত্ব অতি কম। কিন্তু বিপুলতকৈ মানৱ বেছি উজ্বল। "চৰিত্ৰ" দুটাক চিত্ৰৰসিকে ইতিবাচক সহাৰি দিয়াৰ প্ৰাথমিক কাৰণ-- cinematic acting, যাক আমি বাস্তবিক অভিনয় (realistic acting) বুলিব পাৰোঁ। আমাৰ ধাৰণা-- জুবিনে সততে (যদিওবা চিনেমা পৰিচিলকৰ মাধ্যম) "জুবিন"ৰ মাজতে থাকি "চৰিত্ৰ"ক গতি দিয়ে বা পৰিচালকক চৰিত্ৰ নিৰ্মাণত স...

নৈ কথা | চিনেচৰ্চা

‘নৈ কথা’ এখন অসমীয়া চিনেমা। ড° পঙ্কজ বৰাৰ পৰিচালনা। চিনেমা খনৰ কাহিনী ৰেখাৰ মূল বিন্দু এজন মাচুৱৈ। নাম-- তিলেশ্বৰ, তিলো। নৈপৰীয়া তিলোৰ চালিকা শক্তি, সংসাৰ চলোৱাৰ শক্তি নৈ খনত থকা মাছ কেইটা। তিলোৰ বাবে সমস্যা-- নৈ খনত মাছ কমি আহিছে। আৰু দিনটোৰ পৰিশ্ৰমৰ মূৰকত পোৱা মাছ কেইটাত উচিৎ দাম নিদয়ে, গ্ৰাহকে আগ্ৰহ নেদেখুৱাই।  [বিপৰীতে গ্ৰাহকৰ-- চালানী মাছ, ব্ৰইলাৰ মুৰ্গী প্ৰতিহে! পৰিচালকে কেমেৰাৰ ফ্ৰেমত একেলগে তিলোৰ স্থানীয় নৈৰ মাছৰ, চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ "দোকান" তিনিখন ৰাখিছে। দেখুৱাইছে-- চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ নিৰ্দিষ্ট দাম দিবলৈ ক্ৰেতাই আপত্তি নকৰে, বিপৰীতে তিলোৰ সৈতে কিমান যে দৰ-দাম কেন্দ্ৰিক কথা! চিত্ৰায়ণ--  বাস্তৱিক। পৰিপাটি-- কেমেৰাৰ ভাষা প্ৰয়োগ, যিমান প্ৰয়োজন সিমান সাহিত্যৰ ভাষা ব্যৱহাৰ।]  তিলোৰ ঘৰ নচলে! দুই এমা ডিমা সন্তান আৰু পত্নী বাসন্তীক লৈ তিলোৰ সংসাৰ। প্ৰয়োজনীয় দৈনন্দিন সামগ্ৰী আনোতে আনোতে মহাজনৰ দোকানত "বাকী" বাঢ়ি গৈ আছে।  তিলো হ'তৰ  সমস্যা [সমস্যা কেৱল তিলোৰ নহয়, নৈ পৰীয়া মাচুৱৈৰ। এই দিশটো পৰিচালক পৰিপাটিকৈ স্পষ্ট কৰিছে, কাহিনীৰ গতি...

হেৰোৱা ছন্দ | পূৰ্বালোকন

আৰু এখন চিনেমা-- জাহ্নু বৰুৱাৰ। আৰু এটা গীত-- ইবচন লাল বৰুৱাৰ। কথা-সুৰ-সংগীত ইবচন লাল বৰুৱাৰ।  " দামি গহনা পিন্ধি হাঁহিছা  হাঁহিটিয়েই চোন এটি গহনা  গহনা বুলি ধাতু কিনিছা  কিনিব জানো হাঁহি পাৰিবা পাৰা যদি সুৰ তুমি ঢালিবা  ঢালি গভীৰৰ সঁচা তৰঙ্গ  অঙ্গ ভেদি গান কঁপিব  কঁপি উঠিব হেৰোৱা ছন্দ..." চিনেমাৰ গীত।  চিনেমাৰ নাম: হেৰোৱা ছন্দ।  জাহ্নু বৰুৱাৰ চিনেমা। (জাহ্নু বৰুৱাৰ চিনেমা মানেই মনত ৰৈ যোৱা চিনে-চিন্তা, চুই যোৱা চিনে-সৌন্দৰ্য।) জাহ্নু বৰুৱাৰ বাবে ইয়াৰ পূৰ্বে ইবচন লাল বৰুৱাই নিৰ্মাণ কৰিছিল (নিজৰ কথা, সুৰেৰে) -- "বিষুৱ ৰেখা নাপাওঁ দেখা ভৰিৰ তলত দুখন ধৰা এখন আকাশ আকাশ ফালি মেঘৰ বিবাদ… মোৰ ভগা খিৰিকী পোহৰ দিয়া খিৰিকী মোৰ ভগা খিৰিকী দুৱাৰ খোলা খিৰিকী …" (চিনেমা : ভগা খিৰিকী) পূৰ্বৰ গীতটোৰ দৰে "হেৰোৱা ছন্দ"ৰ বাবে নিৰ্মাণ কৰা গীতটোও চিনে-সৌন্দৰ্যৰে ভৰপূৰ, আমাৰ অনুভৱত। আমাৰ ধাৰণাত গীতটোৰ কথা-সুৰ, গায়কীত চিনেমা খনৰ "কাহিনী" আছে, বিষয়-বস্তু আছে। গীতটোত ব্যৱহাৰ কৰিছে ঊষা উত্থুপ আৰু অনিন্দিতা পলৰ কণ্ঠ। সম্ভৱতঃ ৰূপালী গল্পটোৰ মূল ...