যোৱা দুমাহে চিনেমা চাইছোঁ, ৫০-৬০ খন অসমীয়া, অসমীয়া ভাষাৰ চিনেমা। আজিও চালো ৭খন, বিশেষ প্ৰকল্প এটাৰ কথা মনত ৰাখি।
--আজি চোৱা ৭ খনৰ ভিতৰত, ৩খনৰ পৰিচালক হীৰেন বৰা। চিনেমা তিনিখন: ক্ষোভ, সীমা-the Untold Story , বাঁহী।
>>>>>>>>>>>>>>>>>>
হীৰেন বৰাৰ সপক্ষে, বিপক্ষে / ২ ।। – উৎপল মেনা https://rupaliparda.com/archives/27235
>>>>>>>>>>>>>>>>>>
🔴 ভাল লাগিল (ভাল নলগাৰ পূৰ্বে):
📌সীমা-the Untold Story চিনেমা খনৰ ভাল লগা দিশ-- জৰ্জ বেকাৰ আৰু ডাঃ জাহানাৰা বেগমৰ অভিনয়। দুই অভিনয় শিল্পী "চৰিত্ৰ"লৈ ৰূপান্তৰ হৈছে, বাস্তৱ অভিনয় (real acting)-ৰে। চিনেমা খনৰ একমাত্ৰ আলংকাৰ এই "চৰিত্ৰ" দুটা।
📌বাঁহী চিনেমা খনৰো দুটা চৰিত্ৰৰ নিৰ্মাণ কাৰ্য পৰিপাটি। চৰিত্ৰ দুটা পৰিচালকে নিৰ্মান কৰিছে অলক নাথ, বৰষা ৰাণী বিষয়াক লৈ। জমিদাৰ আৰু জমিদাৰৰ পত্নীৰ চৰিত্ৰত ক্ৰমে অলক নাথ, বৰষাই কৰা অভিনয় চিনেমা খনৰ সম্পদ। বিশেষকৈ বিশেষ ইমেজেৰে দৰ্শকৰ "জনপ্ৰিয় নায়িকা"ৰ তালিকাত থকা বৰষাই ইমেজ মুক্তহৈ কৰা অভিনয়ৰ প্ৰসংগত এনেদৰে কব পাৰি-- সম্ভৱ হৈছে অভিনেত্ৰী গৰাকীৰ অভিনয় ক্ষমতাৰ বাবে। (আৰু আছে)
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন