সরাসরি প্রধান সামগ্রীতে চলে যান

Wide angle: এখন নতুন অসমীয়া চিনেমা--উৎপল মেনা


জয়ন্ত নাথ-- সংগীতৰ মানুহ। কণ্ঠশিল্পী,  সংগীত পৰিচালক, গীতিকাৰ। ধ্ৰুৱতৰা ,অগ্নিগড়,প্ৰতিদান, বৰদৈচিলা, যখিনী, ৰিস্কাৱালা, উৰ্বশী আদি চিনেমাৰ বাবে গীত গাইছে। ৰিস্কাৱালা, হৃদয় কঁপোৱা গান আদি চিনেমাৰ সংগীত পৰিচালনা কৰিছে। --এয়া প্ৰথম পৰিচয়।
শ্ৰব্যৰ পাছত দৃশ্য মাধ্যমৰ কামত ব্যস্ত হয়, ১৯৮৭ চনত চিত্ৰগৃহলৈ অহা অসমীয়া চিনেমা "প্ৰতিদান"ৰ সহ-পৰিচালক হিচাবে। তাৰ পাছত আৰু এঘাৰ খন অসমীয়া চিনেমাত পৰিচালকক পৰিচালনাত সহায় কৰাৰ অভিজ্ঞতাৰে হাতত লয় স্বাধীন পৰিচালনাৰে-- "হৃদয় কঁপোৱা গান" (চিত্ৰগৃহলৈ:
১৬ জানুৱাৰী ২০০৪)। দ্বিতীয় পৰিচালনা-- অসমীয়া, ছাদ্ৰী ভাষাৰ "কৰমা কে ৰাতি" ( চিত্ৰগৃহলৈ:১২ জুলাই ২০১৩)। আৰু দীৰ্ঘদিন পাছত পৰিচালক গৰাকীয়ে হাতত লৈছে তৃতীয় খন চিনেমা-- "ৱাইড এংগোল" (Wide angle)। 
wide-angle lens ৰে পৰিচালকে চিনেমা খনৰ কাহিনীটো চাব বিচাৰিছে নেকি? 
--নে প্ৰতীকী অৰ্থত ব্যৱহাৰ কৰিছে?
--চিনেমা খন চিত্ৰগৃহলৈ আহিলে স্পষ্ট হ'ৰ!
পৰিচালকে আশা কৰিছে চিনেমা খনৰ কাম সম্পূৰ্ণ হ'ব এই বৰ্ষৰ ডিচেম্বৰৰ ভিতৰত। গতিকে আশা কৰিব পাৰো, ২০২৪ বৰ্ষৰ প্ৰথম ভাগত চিনেমা খন চিত্ৰগৃহলৈ আহিব।
"স্বাৱলম্বন মিডিয়া এন্ড এন্টাৰটেইনমেন্টৰ' বেনাৰত (প্ৰযোজক: দেবজ্যোতি বৰা , সহ প্ৰযোজক: অৰিনী গগৈ বৰা) নিৰ্মাণ হোৱা "ৱাইড এংগোল"ৰ চিত্ৰগ্ৰহণৰ কাম ইতিমধ্যে শেষ হৈছে।  নগেন শইকীয়াৰ গল্পৰ আধাৰত চিত্ৰনাট্য লিখিছে পংকজজ্যোতি ভূঞাই। যোৰহাট , গোলাঘাট , নুমলীগড় আদি বিভিন্ন লোকেচনত দৃশ্যগ্ৰহন কৰা চিনেমা খনৰ মুখ্য চৰিত্ৰটোত অভিনয় কৰিছে তপন দাসে। অন্যন্য চৰিত্ৰত: ৰাজীব গোস্বামী , গীতাবলী ৰাজকুমাৰী , দীপাংকৰ ৰয় , অপৰ্না দত্ত চৌধুৰী , জুবিন গাৰ্গ, জলি লস্কৰ , ধ্যানী মহন আদিয়ে।
চিত্ৰগ্ৰহন কৰে সুমন দুৱৰাৰ। 
সংগীত: স্বাভাৱিকতে চিনেমা খনৰ পৰিচালক জয়ন্ত নাথৰ। 
সম্পাদনা: দেবজিত দত্তৰ।
ৰূপসজ্জা: বিশ্ব কলিতাৰ। 
মুখ্য সহকাৰী পৰিচালক: দিপক নাথ।

মন্তব্যসমূহ

এই ব্লগটি থেকে জনপ্রিয় পোস্টগুলি

চিনেমাৰ জুবিন

জুবিন গাৰ্গ অভিনেতা নাছিল। "অভিনেতা জুবিন" নিৰ্মাণ কৰিছিল বা নিৰ্মাণ কৰাইছিল। "গায়ক ইমেজ"ৰ পৰা "নায়ক ইমেজ"ৰ মাজত বন্দী হব পাৰিছিল "মনযায়"ত। এম মণিৰামৰ পৰিচালনাৰে নিৰ্মান কৰা অসমীয়া চিনেমা "মনযায়"ত মানৱৰ চৰিত্ৰত দৰ্শকে, চিত্ৰৰসিকে গ্ৰহণ কৰিছে। চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ২০০৮ চনত। বিশ্লেষণ কৰিলে স্পষ্ট হয়-- মানৱ কিন্তু "জুবিন"ৰ পৰা মুক্ত নাছিল। মানৱে কথা কৈছিল (সংলাপ প্ৰক্ষেপন কৰিছিল) জুবিনৰ দৰে। চেহেৰা-শৰীৰ ভাষাতো মানৱ "জুবিন"ৰ পৰা মুক্ত নহয়। তথাপি চিত্ৰৰসিকে জুবিনৰ অভিনয় গ্ৰহণ কৰিছে। মুনিন বৰুৱাৰ "দীনবন্ধু" (২০০৪)-ৰ বিপুলকো দৰ্শকে গ্ৰহণ কৰিছে। চৰিত্ৰ দুটাৰ মাজত দূৰত্ব অতি কম। কিন্তু বিপুলতকৈ মানৱ বেছি উজ্বল। "চৰিত্ৰ" দুটাক চিত্ৰৰসিকে ইতিবাচক সহাৰি দিয়াৰ প্ৰাথমিক কাৰণ-- cinematic acting, যাক আমি বাস্তবিক অভিনয় (realistic acting) বুলিব পাৰোঁ। আমাৰ ধাৰণা-- জুবিনে সততে (যদিওবা চিনেমা পৰিচিলকৰ মাধ্যম) "জুবিন"ৰ মাজতে থাকি "চৰিত্ৰ"ক গতি দিয়ে বা পৰিচালকক চৰিত্ৰ নিৰ্মাণত স...

নৈ কথা | চিনেচৰ্চা

‘নৈ কথা’ এখন অসমীয়া চিনেমা। ড° পঙ্কজ বৰাৰ পৰিচালনা। চিনেমা খনৰ কাহিনী ৰেখাৰ মূল বিন্দু এজন মাচুৱৈ। নাম-- তিলেশ্বৰ, তিলো। নৈপৰীয়া তিলোৰ চালিকা শক্তি, সংসাৰ চলোৱাৰ শক্তি নৈ খনত থকা মাছ কেইটা। তিলোৰ বাবে সমস্যা-- নৈ খনত মাছ কমি আহিছে। আৰু দিনটোৰ পৰিশ্ৰমৰ মূৰকত পোৱা মাছ কেইটাত উচিৎ দাম নিদয়ে, গ্ৰাহকে আগ্ৰহ নেদেখুৱাই।  [বিপৰীতে গ্ৰাহকৰ-- চালানী মাছ, ব্ৰইলাৰ মুৰ্গী প্ৰতিহে! পৰিচালকে কেমেৰাৰ ফ্ৰেমত একেলগে তিলোৰ স্থানীয় নৈৰ মাছৰ, চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ "দোকান" তিনিখন ৰাখিছে। দেখুৱাইছে-- চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ নিৰ্দিষ্ট দাম দিবলৈ ক্ৰেতাই আপত্তি নকৰে, বিপৰীতে তিলোৰ সৈতে কিমান যে দৰ-দাম কেন্দ্ৰিক কথা! চিত্ৰায়ণ--  বাস্তৱিক। পৰিপাটি-- কেমেৰাৰ ভাষা প্ৰয়োগ, যিমান প্ৰয়োজন সিমান সাহিত্যৰ ভাষা ব্যৱহাৰ।]  তিলোৰ ঘৰ নচলে! দুই এমা ডিমা সন্তান আৰু পত্নী বাসন্তীক লৈ তিলোৰ সংসাৰ। প্ৰয়োজনীয় দৈনন্দিন সামগ্ৰী আনোতে আনোতে মহাজনৰ দোকানত "বাকী" বাঢ়ি গৈ আছে।  তিলো হ'তৰ  সমস্যা [সমস্যা কেৱল তিলোৰ নহয়, নৈ পৰীয়া মাচুৱৈৰ। এই দিশটো পৰিচালক পৰিপাটিকৈ স্পষ্ট কৰিছে, কাহিনীৰ গতি...

হেৰোৱা ছন্দ | পূৰ্বালোকন

আৰু এখন চিনেমা-- জাহ্নু বৰুৱাৰ। আৰু এটা গীত-- ইবচন লাল বৰুৱাৰ। কথা-সুৰ-সংগীত ইবচন লাল বৰুৱাৰ।  " দামি গহনা পিন্ধি হাঁহিছা  হাঁহিটিয়েই চোন এটি গহনা  গহনা বুলি ধাতু কিনিছা  কিনিব জানো হাঁহি পাৰিবা পাৰা যদি সুৰ তুমি ঢালিবা  ঢালি গভীৰৰ সঁচা তৰঙ্গ  অঙ্গ ভেদি গান কঁপিব  কঁপি উঠিব হেৰোৱা ছন্দ..." চিনেমাৰ গীত।  চিনেমাৰ নাম: হেৰোৱা ছন্দ।  জাহ্নু বৰুৱাৰ চিনেমা। (জাহ্নু বৰুৱাৰ চিনেমা মানেই মনত ৰৈ যোৱা চিনে-চিন্তা, চুই যোৱা চিনে-সৌন্দৰ্য।) জাহ্নু বৰুৱাৰ বাবে ইয়াৰ পূৰ্বে ইবচন লাল বৰুৱাই নিৰ্মাণ কৰিছিল (নিজৰ কথা, সুৰেৰে) -- "বিষুৱ ৰেখা নাপাওঁ দেখা ভৰিৰ তলত দুখন ধৰা এখন আকাশ আকাশ ফালি মেঘৰ বিবাদ… মোৰ ভগা খিৰিকী পোহৰ দিয়া খিৰিকী মোৰ ভগা খিৰিকী দুৱাৰ খোলা খিৰিকী …" (চিনেমা : ভগা খিৰিকী) পূৰ্বৰ গীতটোৰ দৰে "হেৰোৱা ছন্দ"ৰ বাবে নিৰ্মাণ কৰা গীতটোও চিনে-সৌন্দৰ্যৰে ভৰপূৰ, আমাৰ অনুভৱত। আমাৰ ধাৰণাত গীতটোৰ কথা-সুৰ, গায়কীত চিনেমা খনৰ "কাহিনী" আছে, বিষয়-বস্তু আছে। গীতটোত ব্যৱহাৰ কৰিছে ঊষা উত্থুপ আৰু অনিন্দিতা পলৰ কণ্ঠ। সম্ভৱতঃ ৰূপালী গল্পটোৰ মূল ...