সরাসরি প্রধান সামগ্রীতে চলে যান

"সঙ্গীতশ্ৰী প্ৰভাত শৰ্মা উদগনি বঁটা-২০২৩": মাজুলীৰ অচ্যুত কুমাৰ নাথলৈ

"সঙ্গীতশ্ৰী প্ৰভাত শৰ্মা উদগনি বঁটা-২০২৩": মাজুলীৰ অচ্যুত কুমাৰ নাথলৈ


জীৱিত কালতে শিল্পীক যৎকিঞ্চিত সন্মান জনোৱাৰ উদ্দেশ্যে লোক সঙ্গীতৰ আজীৱন সাধক প্ৰভাত শৰ্মাৰ কায়িক বৰ্তমানত প্ৰকাশন গোষ্ঠী চিত্ৰাচলে ২০১৮ চনৰে পৰা প্ৰদান কৰি আহিছিল ‘সঙ্গীতশ্ৰী প্ৰভাত শৰ্মা উদগনি বঁটা’। শিল্পী গৰাকীৰ জন্ম তিথি ৭ জুলাইৰ দিনটোতে প্ৰতি বছৰে সংশ্লিষ্ট বঁটা প্ৰাপকৰ নাম ঘোষণা কৰা হৈছিল। সঙ্গীতশ্ৰী প্ৰভাত শৰ্মা উদগনি বঁটা সমিতিয়ে  শিল্পী গৰাকীৰ স্মৃতি ৰক্ষাৰ্থে কায়িকভাৱে অবৰ্তমানতো এই বঁটা প্ৰদান অব্যাহত ৰাখিছে। 

বিশেষকৈ লোক সঙ্গীতৰ সাধনাত ব্ৰতী নৱ প্ৰজন্মক উদগনি দিয়াই এই বটা প্ৰদানৰ মুখ্য উদ্দেশ্য। ২০২৩ বৰ্ষৰ এই বঁটাৰ বাবে সংগীতশিল্পী তৰালি শৰ্মা, লেখক-সাংবাদিক উৎপল মেনা, আৰু সাংবাদিক কৃষ্ণ ভূঞাৰ নেতৃত্বত বিশেষ জুৰী মণ্ডলীয়ে মাজুলীৰ   অচ্যুত কুমাৰ নাথক নিৰ্বাচন কৰিছে। আজি এই বঁটা  ৰাজনৈতিক বিশ্লেষক, লেখক মানস কুমাৰ মহন্তই ঘোষণা কৰাৰ পূৰ্বে গুৱাহাটী প্ৰেছ ক্লাবত  অনুষ্ঠিত হয় এক গীত-মাতৰ অনুষ্ঠান -- "প্ৰভাত স্মৰণ"। লোক সংগীতৰ শিল্পী হীৰক জ্যোতি শৰ্মাই আঁত ধৰা অনুষ্ঠানটোত অংশ লয় চিনেমা পৰিচালক মঞ্জু বৰা, মঞ্জুল বৰুৱা, ধীৰাজ কাশ্যপ, সাংবাদিক সঞ্জীৱ কুমাৰ ফুকন আদিৰ লগতে "সন্তান" চিনেমাৰ পৰিচালক অমৰ পাঠকৰ পুত্ৰ কুমাৰজিৎ পাঠকে। 

গাম্ভীৰ্যপূৰ্ণ আজিৰ অনুষ্ঠানত  প্ৰভাত শৰ্মাৰে থকা ঘনিষ্ঠতা আৰু সান্নিধ্যক সোৱঁৰি চমুকৈ বক্তব্য আগবঢ়ায়। বাঁহী বাদনৰে প্ৰভাত শৰ্মাৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে শিল্পী পৰমেশ্বৰ বসুমতাৰীয়ে। অনুষ্ঠানত শিল্পী প্ৰভাত শৰ্মাক 'সংগীতশ্ৰী' উপাধি প্ৰদানৰ আৰঁৰ কাহিনী সুন্দৰকৈ তুলি ধৰে সাহিত্য সভাৰ মাণিক আহমেদে।আহমেদে প্ৰভাত শৰ্মাৰ নামত এটা বঁটা প্ৰৱৰ্ত্তনৰ বাবে চৰকাৰৰ প্ৰতি আহ্বান জনায়। আজিৰ স্মৃতিচাৰন অনুষ্ঠানত মনপৰশা দ্বৈত বাঁহী বাদনৰে অনুষ্ঠানৰ সৌষ্ঠব বঢ়ায় প্ৰয়াত প্ৰভাত শৰ্মাৰ দুই ছাত্ৰ-ছাত্ৰী ক্ৰমে হিমাংশু বণিয়া আৰু গীতিকা তালুকদাৰে।

গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ যোৱা 'প্ৰভাতী স্মৰণ' দৰাচলতে আছিল গধুৰ আৰু গাম্ভীৰ্যপূৰ্ণ।


📌থোৰতে অচ্যুত কুমাৰ নাথৰ বিষয়ে: 

মাজুলীৰ বৰগুৰি গাঁৱৰ গজেন নাথ আৰু অমিয়া নাথৰ পুত্ৰ অচ্যুত কুমাৰ নাথ। ৬ বছৰ বয়সৰ পৰাই গুৰু সংস্কৃতিৰ প্ৰতি এক অনন্য টান আছে অচ্যুতৰ। ৬ বছৰ বয়সৰ পৰাই ভাওনা, সংগীতৰ চৰ্চা আৰম্ভ কৰা অচ্যুতে ২০১৫ত নাৰায়ণপুৰত লাভ কৰিছিল শিশু পাঠক সন্মান। ৬ বছৰ বয়সতে জিভাৰ আগত আছিল শ্ৰীমদ্ভাৱগতৰ প্ৰতিটো শ্লোক। সুন্দৰ ভাগৱত পাঠেৰে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ খুব কম বয়সতে জনপ্ৰিয় হৈ পৰিল অচ্যুত কুমাৰ নাথ। ভাগৱত পাঠ, ভাওনাৰ গীত, বৰগীত, লোকগীত শুদ্ধ ৰূপত পৰিৱেশন কৰাৰ লগতে অচ্যুতে সুন্দৰকৈ বজাব জানে দেৱবাদ্য। লোকসংগীতৰ ক্ষেত্ৰখনত যথেষ্ট দখল আছে এই ২০ বছৰীয়া যুৱকজনৰ। তাৰ উমান কেইবাবাৰো দিছে অচ্যুতে। ২০১৪ত অসম ভিত্তিত বৰগীত প্ৰতিযোগিতাত প্ৰথম, ২০১৫ত অসম মইনা পাৰিজাতত জ্যোতি সংগীতত প্ৰথম, ২০১৯ত অসম ভিত্তিত অনুষ্ঠিত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাত দ্বিতীয়, ২০২১ত DY365ৰ জনপ্ৰিয় ৰিয়েলিটী শ্ব’ আকাশ চুবৰ মন ছিজন 5ৰ ছেমি ফাইনেলিষ্ট, ২০২২ত ওদালগুৰি কেন্দ্ৰীয় ৰঙালী বিহু প্ৰতিযোগিতাত বিহু কোঁৱৰ সন্মান লাভ কৰিছে অচ্যুতে। অসমৰ জনপ্ৰিয় বিহু দল ভৰালীপৰীয়া বিহু দলৰ মূল কণ্ঠশিল্পী অচ্যুত। ভাওনাৰ জনপ্ৰিয় দোহাৰ ৰূপেৰেও জনাজাত হৈছে অচ্যুত কুমাৰ নাথ। ২০২৩ত মুক্তি লাভ কৰা যুৰীয়া পেঁপা বিহু গীতটোৰ বাবে বিহু মঞ্চত জনপ্ৰিয় হৈ পৰিছিল এই যুৱকজন। মাজুলীৰ ৰাস মহোৎসৱৰ মুখ্য কণ্ঠশিল্পী অচ্যুত কুমাৰ নাথ।

মন্তব্যসমূহ

Other posts

চিনেবোদ্ধা, চিনেযোদ্ধা আৰু অসমীয়া 'চিনেমা নোচোৱা' সীমান্ত শেখৰ /২

উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? ৰাজ্যৰ লগতে দেশ-বিদেশৰ চিনেমাৰ অনুভৱ থকা এই নাম কেইটা উদাহৰণ মাত্ৰ। 'চিনেমা' জনা ( নিৰ্মাণ, বজাৰ, মহোৎসৱ ইত্যাদিৰ দখল থকা) লোকৰ আকাল অসমত আছে বুলি নাভাবো। এই কথা স্পষ্ট 'অসমীয়া চিনেমা'ৰ 'উন্নয়ন'ৰ বাবে অসমীয়া চিনেমাৰ লগতে 'দেশ-বিদেশৰ চিনেমা' জানিব লগিব। অধ্যয়ণ কৰিব লাগিব অধ্যক্ষ গৰাকীয়ে।  ( যদি অধ্যক্ষ গৰাকীৰ কাম কেৱল চহী কৰা, তেতিয়া হ'লে বেলেগ কথা! তেতিয়া আমি জানিব বিছাৰিম-- অধ্যক্ষ গৰাকীয়ে কাৰ নিৰ্দেশত চহী কৰে?) চৰ্চ হৈছে --অধ্যক্ষৰ আসনত বহুওৱা সীমান্ত শেখৰে কোনোবা ইণ্টাৰভিউত হেনো কৈছিল অসমীয়া চিনেমা নাচাওঁ বুলি! যদি এয়া সত্য, স্বাভাবিকতে কব লাগিব --অসমীয়া চিনেমা নোচোৱা অধ্যক্ষ এগৰাকীৰ নেতৃত্বত অসমীয়া চিনেমাৰ উত...

ভূপেন হাজৰিকা, চিনেমা আৰু চিনেমাৰ জাল /৯

Bhupen Hazarika "এৰা বাটৰ সুৰ"-এ চিনে অভিজ্ঞতা দিলে ভূপেন হাজৰিকাক। চিত্ৰৰসিকে ভাল পালে, চিনেমা আলোচকেও প্ৰশংসা কৰিলে-- সেয়াই আছিল প্ৰথম চিনেকৰ্মৰ সুখ। দুখ-- ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ "সুখ" আশা কৰিছিল, নাপালে। নপোৱাৰ বাবে আছৰিত হৈছিল, চিনেমা খনৰ দৰ্শক হোৱা চিনেমা আলোচক সকলো। কলিকতাৰ আলোচক সকলৰ ওচৰত ভৃপেন হাজৰিকাই নিজৰ মনৰ চিনেসুখ প্ৰকাশ কৰিছিল এনেদৰে-- "ছবি ভাল পোৱা সকলে ভাল পাইছে, আপোনালোকে ভাল পাইছে। আপোনালোকৰ ভাল পোৱাই মোৰ সুখ বঢ়াইছে। আৰু ছবি কৰিবলৈ সাহস দিছে। আৰু ছবি কৰিম। 'এৰা বাটৰ সুৰ'ৰ দৰে নহয়, কিছু বেলেগ। 'এৰা বাটৰ সুৰ'-এ শিকালে, যি শিকালে সেই খিনিৰে বেলেগ কৰিম।" (উৎস: চিত্ৰবাণী, সম্পাদক: গৌৰ চট্টোপধ্যায়) প্ৰথম পৰিচালনাৰ প্ৰায় ৪ বছৰ পাছত হাতত ল'লে দ্বিতীয় খন অসমীয়া চিনেমাৰ কাম। ("মোৰ মগজুত খেলালে, মই এখন অসমীয়া ছবি কৰিম। কিন্তু মই কিন্তু নলওঁ। 'এৰাবাটৰ সুৰখন পৰীক্ষামূলক আছিল, কাহিনী নাছিল। গতিশীল সমূহ এটাই বুটলি লোৱা অভিজ্ঞতাখিনিয়েই 'এৰাবাটৰ সুৰ। এইবাৰ মই ক্লাছিক বস্তু, এটা লোৱাৰ কথা ভাবিলোঁ, যিটো গাঁৱ...

গীতটো আৰু এবাৰ শুনাবানে?

assamese singer by: Utpal Mena মহাশ্বেতাই গাইছিল-- "অস্ত আকাশৰে সপোন ৰহণ সানি ক্লান্ত লুইতৰে হেঙুলীয়া পানী। বৈয়ে যায়, বৈয়ে যায়, বৈয়ে যায়..." মঞ্চলৈ উঠি আহিয়ে স্বনামধন্য ভাৰতীয় সৰোদবাদক তথা শাস্ত্রীয় সঙ্গীতজ্ঞ আমজাদ আলী খানে কৈছিল, মহাশ্বেতা গীতটো আৰু এবাৰ শুনাবানে? শুনাইছিল। তন্ময় হৈ শুনিছিল সংগীত নক্ষত্ৰই। ২৪ ছেপ্টেম্বৰ। নতুন দিল্লীৰ শ্ৰীমন্ত শংকৰদেৱ ভৱনত মোৰ ভূপেন হাজৰিকা প্ৰকল্পৰ দ্বিতীয় খণ্ড "Bhupen Hazarika Volume II"  উন্মোচন কৰিছিল সংগীত নক্ষত্ৰ আমজাদ আলী খানে। এই অনুষ্ঠান মুকলি কৰা হৈছিল মহাশ্বেতাই গোৱা "ভূপেন্দ্ৰ সংগীত"টোৰে।  এই যে গীতটো গাইছিল তাৰ আগলৈকে মহাশ্বেতা নামৰ গায়িকা গৰাকীক আমিয়ো জনা নাছিলোঁ। শুনিছিলো মাত্ৰ। ইউটিউবত। কিন্তু ইমান সুন্দৰ সাংগীতিক অনুভৱ কৰা নাছিলোঁ, মঞ্চত "অস্ত আকাশৰে সপোন..." শুনাৰ আগলৈকে। ১৯৫৮ চনতে সুধাকণ্ঠই শব্দ-সুৰেৰে ৰচনা কৰা এই গীতত আকৌ এবাৰ অনুভৱ কৰিছিলোঁ "লুইতৰ অস্ত ৰবিৰ সৌন্দৰ্য", "দুয়ো পাৰে কত মানুহ, কত যে ইতিহাস", "জীৱনৰে দিগন্ত অপাৰ" ইত্যাদি। পাছত মহাশ্বেতাক সুধিছিলোঁ--...

The Seventh String

" The Seventh String by: Utpal Mena "The Seventh String" (দ্যা চেভেন্থ ষ্ট্ৰিং) --নাট্যকৰ্মী বাহাৰুল ইছলামৰ চিনেকৰ্ম। চিনেমা খনৰ লেখক বৰ্ষা বাহাৰ। নাট্যকৰ্মী বাহাৰুল ইছলামৰ তনয়া বৰ্ষা বাহাৰে ইংৰাজিত লিখা এটা চুটি গল্প চিনেমা খনৰ শিপা। --চিনেমা খনত লেখক বৰ্ষা বাহাৰ এটা "চৰিত্ৰ'লৈ ৰূপান্তৰ হৈছে, যিটো "চৰিত্ৰ" (নিষ্ঠা কাশ্যপ) চিনেমা খনৰ মূল বিন্দু, যিটো বিন্দুৰ সৰল ৰৈখিক গতিয়ে আকাৰ দিছে এটা কাহিনীৰ। "বাস্তৱবাদ"ৰ ওচৰৰ কাহিনী, বাস্তৱ অভিনয় (realistic acting) -ৰে নিৰ্মাণ কৰা ৰূপালী গল্পৰ। শীৰ্ষ বিন্দু (climax)-ৰ পৰা গতি কৰিছে নিষ্ঠা কাশ্যপ বিন্দুটো। নিষ্ঠাই মৃত্যু বিচাৰিছে। হাতৰ শিৰা কাটি চৰম সিদ্ধান্ত লোৱাৰ চেষ্টা নিষ্ঠাৰ। এই প্ৰথম বিন্দুটো পৰিচালকে ঠিয় কৰাইছে কেমেৰাৰ ভাষাৰে। কাট কাট-- কেইটা মান শ্বটেৰে। চিনেমেটিক কাৰবাৰত --উত্তেজনা। দৰ্শকক ভাবিবলৈ সময় দিয়া নাই। উত্তেজনাৰ মাজত সোমাবলৈ বাধ্য-- দৰ্শক। আৰু যেতিয়া দৰ্শক উত্তেজনাৰ পৰা মুক্ত হৈছে কাহিনীয়ে আকাৰ লৈ গতি কৰিছে। কাহিনীয়ে দৰ্শকক বন্দী কৰিছে। --ৰূপালী গল্পটো আৰম্ভ হৈছে মুম্বাইত। লো...