আভিজিৎ ভট্টাচাৰ্যই নাটক লিখিব নালাগে!
"তুমবিন"ৰ নাট্যৰূপো ভ্ৰাম্যমাণ থিয়েটাৰত মঞ্চস্থ হৈছিল। নাট্যকাৰ কিন্তু অভিজিৎ ভট্টাচাৰ্য নহয়।
-----------------------
ভ্ৰাম্যমাণ থিয়েটাৰৰ নাট্য চৰ্চাৰ পৰিবেশ নষ্ট কৰিছে নাট্যকাৰ গৰাকীয়ে! "চিণ্ডিকেট" কৰিছে নাট্যকাৰ গৰাকীয়ে! দক্ষিণ ভাৰতৰ চিনেমাৰ পৰা "কপি" কৰি নাটক লিখে নাট্যকাৰ গৰাকীয়! --এনে ধৰণৰ আৰু ধেৰ অভিযোগ নাট্যকাৰ গৰাকীৰ বিৰূদ্ধে। 📌অভিযোগ কৰা সকলৰ মাজত সেই সকলো
আছে, যি সকলে এসময়ত নাট্যকাৰ গৰাকীৰ
নাটকক "পেকেজ" (এই প্ৰংগত নিশ্চয় চৰ্চা
কৰিম)-ত প্ৰশংসা কৰিছিল।
অভিযোগ কৰা সকলৰ মাজত সেই সকলো
আছে, যি সকল ভ্ৰাম্যমাণ থিয়েটাৰৰ
প্ৰযোজকে এসময়ত "অভিজিতৰ
নাটক নহলে থিয়েটাৰ চলোৱা অসম্ভৱ"
বুলিছিল।
অভিযোগ কৰা সকলৰ মাজত সেই সকলো
আছে, যি সকলে এসময়ত আনৰ সহায়ত
নাটক লিখি এটকাও মাননী নোলোৱাকৈ
ভ্ৰাম্যমাণ থিয়েটাৰত মঞ্চস্থ কৰোৱাইছিল।
অভিযোগ কৰা সকলৰ মাজত সেই গৰাকীও আছে, যি গৰাকীয়ে এসময়ত নাটক নোচোৱাকৈও ভ্ৰাম্যমাণ থিয়েটাৰৰ নাটকৰ "সমালোচনা" লিখিছিল।
--এই খিনিতে স্পষ্ট কৰি দিয়াৰ প্ৰয়োজন অনুভৱ কৰিছোঁ, অভিজিত ভট্টাচাৰ্যৰ নাটক "দৰা হব কোন" আছিল "পৰদেশ" নামৰ বলিউডৰ চিনেমা এখনৰ নাট্যৰূপ। এয়া কোনো নতুন কথা নাছিল। বলিউডৰ চিনেমা, বাংলা চিনেমাৰ (আৰু নাটক) নাট্যৰূপ, আমি দেখাৰে পৰা গতানুগতিক কথা। "মাটিৰ ঘৰ"ৰ দৰে জনপ্ৰিয় বাংলা নাটক হুবাহু অনুবাদ কৰি "মৌলিক নাটক" বুলি মঞ্চস্থ কৰাৰ উদাহৰণো আছে। তথাপি অভিজিত ভট্টাচাৰ্যৰ নাটক "দৰা হব কোন" আমি সহজ ভাৱে লোৱা নাছিলো।
--কিয়?
কাৰণ "নাটক সমালোচক অভিজিৎ ভট্টাচাৰ্য"ই সহজ ভাৱে লোৱা নাছিল। ( -হয়, আভিজিত ভট্টাচাৰ্যৰ আন এটা "পৰিচয়" দক্ষ নাটক সমালোচক। আমাৰ ধাৰণাত।) "দৰা হব কোন"ৰ দৰে নাট্যকৰ্ম সমৰ্থন কৰা নাছিল; আৰু সমৰ্থন নকৰা ধৰণৰ নাট্যকৰ্ম নিজে কৰিছিল। "সমালোচক অভিজিৎ ভট্টাচাৰ্য" আৰু "নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্য" দুটা বিপৰীত বিন্দুত কিয়? (ক্ৰমশঃ)
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন