যতীন বৰা "অভিনয়ৰ মানুহ"।
"অভিনয়"ৰে টকা উপাৰ্জন কৰে। আৰু সেই উপাৰ্জন চিনেমা নিৰ্মাণত খৰচ কৰে।
যতীন বৰাৰ প্ৰথম পৰিচালনা "আধিনায়ক" (২০০৬) প্ৰযোজনা কৰিছিল লিখন চমুৱাই। দ্বিতীয়, তৃতীয় পৰিচালনাৰ প্ৰযোজক যতীন বৰা আৰু বৰাৰ পত্নী, অভিনেত্ৰী নৱনীতা শৰ্মা। যদি বৰা দম্পতিৰ দ্বিতীয় প্ৰযোজনা সফল হয়, সফলতাৰ ধনেৰে তৃতীয় এখন অসমীয়া চিনেমা নিৰ্মাণ কৰিব সন্দেহ নাই। গতিকে চিনেমা খন আমি কিয় নাচাম!
📌 ( --হয়, যদি চিনেকৰ্ম হজম কৰিব পৰা
স্তৰৰ
হোৱা নাই, তেতিয়া স্বাভাবিকতে দৰ্শকৈ
নাচাব। কিন্তু চিনেমা খন চিত্ৰগৃহলৈ অহাৰ
পূৰ্বে "চাব নালাগে" বুলি "প্ৰচাৰ" কৰিব
কিয়? আৰু "প্ৰচাৰ"ত অসমীয়া চিনেকৰ্মী
এচামেও হাত-উজান দিব কিয়? আজিৰ
তাৰিখতে এই বোৰ প্ৰশ্নৰ উত্তৰৰ সন্ধান কৰা
উচিৎ!
আমাৰ মনলৈ আহিছে-- "অসমীয়া চিনেমা"
বনাম "অসমীয়া চিনেমা"ৰ সংঘাত
দিনকেইটা। এখন অসমীয়া চিনেমাৰ
"মানুহে" প'ষ্টাৰ ফালিছিল আন এখন
অসমীয়া চিনেমাৰ "মানুহে"। সেই সময়ৰ
সেই সংঘাতে ক্ষতি কৰিছিল অসমীয়া
চিনেমাৰ, কেৱল অসমীয়া চিনেমাৰ।
আৰু আজি যে যতীন বৰাৰ চিনেমা "চাব
নালাগে প্ৰচাৰ" একাংশই চলাই আছে, এই
"প্ৰচাৰে"ও অসমীয়া চিনেমাৰে ক্ষতি কৰিব।
কেনেকৈ? --এই চৰ্চা পাচলৈ ৰাখিছো।)
এয়া অস্পষ্ট নহয়-- চিনেমাৰ বাবেও চিনেমা নিৰ্মাণ কৰিব লাগিব, চিনেআৰ্টৰ বাবেও চিনেকৰ্ম হব লাগিব আৰু "স্থানীয় বজাৰ"ত সফল হোৱা চিনেমাও বঢ়াব লাগিব। "বজাৰ সফলতা"ৰ আঁতৰত থাকি চিনেকৰ্মৰ ধাৰাবাহিকতা ৰক্ষা সম্ভৱ নহয়। (ক্ৰমশঃ)
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন