এই ধাৰণা শুদ্ধ নহয়-- নেতিবাচক প্রচাৰে (Negative publicity) চিনেমাক বক্স অ'ফিচ (box office) বৈতৰণী পাৰ কৰায়। আৰু এই ধাৰণাও শুদ্ধ নহয়-- চিনেমাৰ বাণিজ্যত ক্ষতি কৰে। শুদ্ধ-- নেতিবাচক প্রচাৰে চিনেমা এখনক "দৰ্শক" (মানুহ)-ৰ মাজলৈ লৈ যায়। এনেদৰে"দৰ্শক"ৰ মাজলৈ যোৱা প্ৰতি খন চিনেমা যে বক্স অ'ফিছত সফল হব তেনে কোনো কথা নাই। সৰহ সংখ্যক টিকট ক্ৰয় কৰা দৰ্শকৰ পছন্দৰ হ'লেহে চিনেমা এখনৰ বক্স অ'ফিচ সফলতা সম্ভৱ।
কথাটো আমি এনেদৰে ক'ব পাৰোঁ-- নেতিবাচক প্রচাৰে চিনেমা এখনৰ প্ৰচাৰত সহায় হ'ব পাৰে, স্থানীয় বজাৰত সফল কৰাব নোৱাৰে-- যদিহে চিনেমা খনৰ নিৰ্মাণ শৈলীয়ে "much viewers" -ক সন্তুষ্ট কৰিব নোৱাৰে।
"অভিনেতা যতীন বৰা"ৰ ক্ষেত্ৰত "স্থানীয়
বজাৰ"ত চিনেমাৰ সফলতা প্ৰসংগটো অন্য
ধৰণে বিশ্লেষণ কৰিব পাৰো।
বিভিন্ন মাধ্যমত হোৱা নেতিবাচক প্রচাৰে "দৰ্শক"ৰ মাজলৈ এই খবৰ লৈ গৈছে-- যতীন বৰাৰ আৰু এখন চিনেমা চিত্ৰগৃহলৈ আহিব, 'ৰাঘৱ' নামেৰে। এই খবৰে স্বাভাৱিকতে চিত্ৰগৃহলৈ টানি আনিব "যতীন প্ৰেমী" সকলক।
"হিয়া দিয়া নিয়া"ৰ সফলতাৰ পাছৰে পৰা মুনিন বৰুৱাই যতীন বৰাক লৈ চৰিত্ৰ নিৰ্মাণত গুৰুত্ব দিছিল। সফলো হৈছিল। সফলতাই যতীন বৰাৰ গুৰূত্ব বঢ়াইছিল অসমীয়া চিনেমাৰ ক্ষেত্ৰ খনত। (গুৰুত্ব আজিৰ তাৰিখতো আছে।) আৰু এই "গুৰূত্ব"ই নিৰ্মাণ কৰিছিল-- "যতীন ইমেজ", "যতীন গ্লেমাৰ"। আৰু আজিৰ তাৰিখতো এই "ইমেজ", "গ্লেমাৰ" -এ চিত্ৰগৃহলৈ একাং দৰ্শকক যে টানি আনে সন্দেহ নাই। এই খিনিতে এনেদৰেও ক'ব লাগিব-- "ইমেজ", "গ্লেমাৰ"-এ টানিহে আনে, চিত্ৰগৃহত বহুৱাই নাৰাখে। দৰ্শক তেতিয়াহে বহে (চিনেমা খন চাবলৈ দুই-তিনিবাৰ আহে), যেতিয়া চিনেকৰ্ম বহুৱাই ৰাখিব পৰা স্তৰৰ হয়। --আমাৰ ধাৰণাত "ৰাঘৱ" বহুৱাই ৰাখিব পৰা স্তৰৰ হ'ব। আমাৰ এই ধাৰণাৰ বুনিয়াদ "ৰত্নাকৰ"। (ক্ৰমশঃ)
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন