সরাসরি প্রধান সামগ্রীতে চলে যান

চিত্ৰনাট্য সাজু!

চিত্ৰনাট্য সাজু। কাইলৈৰ পৰা শ্বুটিং কৰিম। আপোনাক চিনেমা খন অহা সপ্তাহত দেখুৱাম।' কথা মতেই কাম। নিৰ্দিষ্ট দিনৰ নিৰ্দিষ্ট সময়ত পৰিচালক গৰাকীয়ে চিনেমা খন দেখুৱালে। মাত্ৰ তিনিটা চৰিত্ৰৰ ৰূপালী গল্প। 'কথাছবি'। মাজে মজে কেমেৰা পেন কৰে। বেছি ভাগ সময়ে কেমেৰা স্থিৰ , অস্থিৰ চৰিত্ৰই সংলাপ কৈ গৈছে। সংলাপৰ নামত শব্দ কিছুমান। ' ( থিয়েটাৰ ) চিনেমা অব দ্য  এবছার্ড' বুলিয়ো কব নোৱাৰি। পৰিচালক গৰাকীয়ে ক'লে -- 'আজি কালি এনেধৰণৰ সংলাপৰ চিনেমা চলিছে। মানে বিদেশৰ চলচ্চিত্ৰ মহোৎসৱত বঁটা পায়। আমি পামেই।' পৰিচালক গৰাকীৰ নাম অলকেশ বৰুৱা। অলকেশৰ আত্মবিশ্বাসত আনন্দ অনুভৱ কৰিলো।শুভেচ্ছা জনলো -- বঁটা পাওক , আশা পূৰণ হওক! কিন্তু 'বঁটাৰ বাবে চিনেমা' কথাটো সহজ ভাবে লব নোৱাৰিলো। চিনেমা খন চোৱাৰ পিছত অলকেশে ক'লে -- 'চিনেমা খন কেৱল বঁটা পোৱাৰ আশাত কৰিছো। চিত্ৰগৃহত 'ৰত্নাকৰ'ৰ দৰে চিনেমা চলে। গতিকে চিত্ৰগৃহত দিয়াৰ কথা ভবা নাই।আজি কালি প্ৰতিমাহেও চিনেমাৰ 'অনলাইন' প্ৰতিযোগীতা হয়। গতিকে এটা হলেও বঁটা পাম। বঁটা পোৱাৰ পিছত টিভি - কাকতত আমাৰ চিনেমাৰ চৰ্চা হোৱাৰ পিছত আমাক আৰু একো নালাগে। আমাৰ চিনেমা দৰ্শকৰ বাবে নহয় , সমালোচকৰ বাবেও নহয় , কেৱল বঁটাৰ বাবে।' -- এতিয়া আহিছো আটাইতকৈ 'চিন্তা'ৰ বিষয়টোলৈ। চিনেমা খনৰ নিৰ্মাণ পৰ্বলৈ। অলকেশৰ কথাত স্পষ্ট -- বিশ্বৰ বঁটা প্ৰাপ্ত চিনেমাৰ বিষয়বস্তু , শ্বট আদি চিনেমা খনত ব্যৱহাৰ কৰিছে। 'মই সৃষ্টি কৰা নাই , নিৰ্মাণ কৰিছো। অলপতে মই বঁটা পোৱা অসমীয়া চিনেমা এখন চাইছো। চিনেমা খন চাই থকাৰ সময়ত 'ভিলেজ ৰকষ্টাৰ্ছ'ৰ কথা মনলৈ আহিছে , 'সাগৰলৈ বহু দূৰ'ৰ বিষ্ণু খাৰঘৰীয়াই যে দলং খন ভাঙিব আহে সেই মূহুৰ্তটো মনলৈ আহে , দুখন মান ইৰাকৰ চিনেমাৰ কথা মনলৈ আহে। পৰিচালকৰ মৌলিক চিন্তা বুলিবলৈ একো নাই। এই অসমীয়া চিনেমা খনে যদি বঁটাৰ পিছত বঁটা পাব পাৰে ,মই নাপাম কিয়?' --  প্ৰশ্নৰ যুক্তি আছে। কিন্তু এনে ধৰণৰ চিনেচিন্তাই অসমীয়া চিনেমাৰ উত্তৰণত সহায় নকৰে , পিছুৱাই নিব। এনে ধৰণৰ চিনেচিন্তাই অসমীয়া চিনেমাৰ ক্ষতি কৰিব এই কাৰণেই , এনে চিনেচিন্তাৰে কাম কৰি আছে কেইবাজনো 'অলকেশ বৰুৱা'ই। ইয়াৰ কাৰণ ভুল 'প্ৰযোজিত' চিনেচৰ্চা। মাহে - তিনি মাহে হোৱা অনলাইন চলচ্চিত্ৰ উৎসৱ বা মহোৎসৱ , তৃতীয় - দ্বিতীয় - প্ৰথম শ্ৰেণীৰ চলচ্চিত্ৰ মহোৎসৱ প্ৰচাৰ মাধ্যমত একাকাৰ হৈছে। যিখন চিনেমাৰ বঁটাৰ সংখ্যা বেছি , বেছি চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শণত হৈছে সেই খনেকে 'শ্ৰেষ্ঠ চিনেমা'ৰ তালিকাত ৰাখি চৰ্চাৰ পৰিবেশ গঢ়ি তোলা হৈছে। আৰু এনে পৰিবেশে উৎসাহ দিছে  'অলকেশ' হতক। 'অলকেশ' হতৰ চিনেশক্তি নথকা নহয়। কিন্তু ভুল চিনেচৰ্চাৰ চিকাৰ যে হৈছে সন্দেহ নাই ।
                 **************

শেহতীয়া ভাবে সাধাৰণ চিনেকৰ্মক প্ৰচাৰ মাধ্যমৰ সহায়ত অসাধাৰণ চিনেকৰ্মৰ তালিকাভুক্ত কৰা হৈছে ' বঁটা ' কেন্দ্ৰীক চৰ্চাৰে । আজিৰ তাৰিখত ' বঁটা প্ৰাপ্ত চিনেমা মানেই সাৰ্থক চিনেমা ' ধাৰণা নিৰ্মাণ হৈছে একাংশ চতুৰ  ' পৰিচালক - প্ৰযোজক'ৰ প্ৰযোজনাত । চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শন হোৱা মানেই অসাধাৰণ চিনেমাৰ তালিকাত ৰাখি ' সংবাদ ' নিৰ্মাণৰ অলিখিত নিয়ম পালনৰ প্ৰতিযোগীতা আৰম্ভ হৈছে । স্বাভাবিকতে এনে ধাৰণা, নিয়মে  ক্ষতি কৰিছে চিনেমাৰ ,অসমীয়া চিনেমাৰ । -- হয় , দেশ - বিদেশৰ ১৮ - ২০ খন চলচ্চিত্ৰ মহোৎসৱ আছে , যি কেইখনত প্ৰদৰ্শন হ'লে , বঁটা পালে সাৰ্থক চিনেকৰ্ম  নোচোৱাকৈয়ে কব পাৰি । দেশ - বিদশৰ এই ১৮ - ২০ টা চলচ্চিত্ৰ মহোৎসৱত অসমীয়া চিনেমা প্ৰদৰ্শন হৈছে কেইখন ? -- দেশ - বিদেশৰ কেইবাখনো চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শন হোৱা , বঁটা পোৱা ৭ লাখ টকা বাজেটৰ ' হালধীয়া চৰায়ে বাঁও ধান খায় ' -এ ১ কোটি টকাৰো বেছি ব্যৱসায় কৰিছিল । ১৯ ৮৭ - ১৯৮৮   চনত । শেহতীয়া ভাবে ২৫ - ৫০ টা চলচ্চিত্ৰ মহোৎসৱ ' জয় ' কৰা অসমীয়া চিনেমা কেইখনে ১০ হাজাৰো টকা ব্যৱসায় কৰিব পৰা নাই কিয় ? -- এই যে পৰা নাই , ইয়াতেই স্পষ্ট হৈ আছে শেহতীয়া ভাবে মহোৎসৱ ' জয় ' কৰা চিনেমা কেইখনৰ মানৰ মান । এনে ' জয় 'ৰ প্ৰচাৰ পৰ্বই যে অসমীয়া চিনেমাৰক্ ক্ষতি কৰিছে ব্যাখ্যাৰ প্ৰয়োজন আছে জানো ! -- যদি অসমতো ' কলিকতা ফিল্ম ছোচাইটি 'ৰ দৰে সাধাৰণ চিনেমাক অসাধাৰণ কৰা  কাৰ্যৰ বিৰূদ্ধে ঠিয় হোৱা কনো চিনেসংস্থা থাকিল হেতেন !

মন্তব্যসমূহ

Other posts

চিনেবোদ্ধা, চিনেযোদ্ধা আৰু অসমীয়া 'চিনেমা নোচোৱা' সীমান্ত শেখৰ /২

উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? ৰাজ্যৰ লগতে দেশ-বিদেশৰ চিনেমাৰ অনুভৱ থকা এই নাম কেইটা উদাহৰণ মাত্ৰ। 'চিনেমা' জনা ( নিৰ্মাণ, বজাৰ, মহোৎসৱ ইত্যাদিৰ দখল থকা) লোকৰ আকাল অসমত আছে বুলি নাভাবো। এই কথা স্পষ্ট 'অসমীয়া চিনেমা'ৰ 'উন্নয়ন'ৰ বাবে অসমীয়া চিনেমাৰ লগতে 'দেশ-বিদেশৰ চিনেমা' জানিব লগিব। অধ্যয়ণ কৰিব লাগিব অধ্যক্ষ গৰাকীয়ে।  ( যদি অধ্যক্ষ গৰাকীৰ কাম কেৱল চহী কৰা, তেতিয়া হ'লে বেলেগ কথা! তেতিয়া আমি জানিব বিছাৰিম-- অধ্যক্ষ গৰাকীয়ে কাৰ নিৰ্দেশত চহী কৰে?) চৰ্চ হৈছে --অধ্যক্ষৰ আসনত বহুওৱা সীমান্ত শেখৰে কোনোবা ইণ্টাৰভিউত হেনো কৈছিল অসমীয়া চিনেমা নাচাওঁ বুলি! যদি এয়া সত্য, স্বাভাবিকতে কব লাগিব --অসমীয়া চিনেমা নোচোৱা অধ্যক্ষ এগৰাকীৰ নেতৃত্বত অসমীয়া চিনেমাৰ উত...

ভূপেন হাজৰিকা, চিনেমা আৰু চিনেমাৰ জাল /৯

Bhupen Hazarika "এৰা বাটৰ সুৰ"-এ চিনে অভিজ্ঞতা দিলে ভূপেন হাজৰিকাক। চিত্ৰৰসিকে ভাল পালে, চিনেমা আলোচকেও প্ৰশংসা কৰিলে-- সেয়াই আছিল প্ৰথম চিনেকৰ্মৰ সুখ। দুখ-- ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ "সুখ" আশা কৰিছিল, নাপালে। নপোৱাৰ বাবে আছৰিত হৈছিল, চিনেমা খনৰ দৰ্শক হোৱা চিনেমা আলোচক সকলো। কলিকতাৰ আলোচক সকলৰ ওচৰত ভৃপেন হাজৰিকাই নিজৰ মনৰ চিনেসুখ প্ৰকাশ কৰিছিল এনেদৰে-- "ছবি ভাল পোৱা সকলে ভাল পাইছে, আপোনালোকে ভাল পাইছে। আপোনালোকৰ ভাল পোৱাই মোৰ সুখ বঢ়াইছে। আৰু ছবি কৰিবলৈ সাহস দিছে। আৰু ছবি কৰিম। 'এৰা বাটৰ সুৰ'ৰ দৰে নহয়, কিছু বেলেগ। 'এৰা বাটৰ সুৰ'-এ শিকালে, যি শিকালে সেই খিনিৰে বেলেগ কৰিম।" (উৎস: চিত্ৰবাণী, সম্পাদক: গৌৰ চট্টোপধ্যায়) প্ৰথম পৰিচালনাৰ প্ৰায় ৪ বছৰ পাছত হাতত ল'লে দ্বিতীয় খন অসমীয়া চিনেমাৰ কাম। ("মোৰ মগজুত খেলালে, মই এখন অসমীয়া ছবি কৰিম। কিন্তু মই কিন্তু নলওঁ। 'এৰাবাটৰ সুৰখন পৰীক্ষামূলক আছিল, কাহিনী নাছিল। গতিশীল সমূহ এটাই বুটলি লোৱা অভিজ্ঞতাখিনিয়েই 'এৰাবাটৰ সুৰ। এইবাৰ মই ক্লাছিক বস্তু, এটা লোৱাৰ কথা ভাবিলোঁ, যিটো গাঁৱ...

গীতটো আৰু এবাৰ শুনাবানে?

assamese singer by: Utpal Mena মহাশ্বেতাই গাইছিল-- "অস্ত আকাশৰে সপোন ৰহণ সানি ক্লান্ত লুইতৰে হেঙুলীয়া পানী। বৈয়ে যায়, বৈয়ে যায়, বৈয়ে যায়..." মঞ্চলৈ উঠি আহিয়ে স্বনামধন্য ভাৰতীয় সৰোদবাদক তথা শাস্ত্রীয় সঙ্গীতজ্ঞ আমজাদ আলী খানে কৈছিল, মহাশ্বেতা গীতটো আৰু এবাৰ শুনাবানে? শুনাইছিল। তন্ময় হৈ শুনিছিল সংগীত নক্ষত্ৰই। ২৪ ছেপ্টেম্বৰ। নতুন দিল্লীৰ শ্ৰীমন্ত শংকৰদেৱ ভৱনত মোৰ ভূপেন হাজৰিকা প্ৰকল্পৰ দ্বিতীয় খণ্ড "Bhupen Hazarika Volume II"  উন্মোচন কৰিছিল সংগীত নক্ষত্ৰ আমজাদ আলী খানে। এই অনুষ্ঠান মুকলি কৰা হৈছিল মহাশ্বেতাই গোৱা "ভূপেন্দ্ৰ সংগীত"টোৰে।  এই যে গীতটো গাইছিল তাৰ আগলৈকে মহাশ্বেতা নামৰ গায়িকা গৰাকীক আমিয়ো জনা নাছিলোঁ। শুনিছিলো মাত্ৰ। ইউটিউবত। কিন্তু ইমান সুন্দৰ সাংগীতিক অনুভৱ কৰা নাছিলোঁ, মঞ্চত "অস্ত আকাশৰে সপোন..." শুনাৰ আগলৈকে। ১৯৫৮ চনতে সুধাকণ্ঠই শব্দ-সুৰেৰে ৰচনা কৰা এই গীতত আকৌ এবাৰ অনুভৱ কৰিছিলোঁ "লুইতৰ অস্ত ৰবিৰ সৌন্দৰ্য", "দুয়ো পাৰে কত মানুহ, কত যে ইতিহাস", "জীৱনৰে দিগন্ত অপাৰ" ইত্যাদি। পাছত মহাশ্বেতাক সুধিছিলোঁ--...

The Seventh String

" The Seventh String by: Utpal Mena "The Seventh String" (দ্যা চেভেন্থ ষ্ট্ৰিং) --নাট্যকৰ্মী বাহাৰুল ইছলামৰ চিনেকৰ্ম। চিনেমা খনৰ লেখক বৰ্ষা বাহাৰ। নাট্যকৰ্মী বাহাৰুল ইছলামৰ তনয়া বৰ্ষা বাহাৰে ইংৰাজিত লিখা এটা চুটি গল্প চিনেমা খনৰ শিপা। --চিনেমা খনত লেখক বৰ্ষা বাহাৰ এটা "চৰিত্ৰ'লৈ ৰূপান্তৰ হৈছে, যিটো "চৰিত্ৰ" (নিষ্ঠা কাশ্যপ) চিনেমা খনৰ মূল বিন্দু, যিটো বিন্দুৰ সৰল ৰৈখিক গতিয়ে আকাৰ দিছে এটা কাহিনীৰ। "বাস্তৱবাদ"ৰ ওচৰৰ কাহিনী, বাস্তৱ অভিনয় (realistic acting) -ৰে নিৰ্মাণ কৰা ৰূপালী গল্পৰ। শীৰ্ষ বিন্দু (climax)-ৰ পৰা গতি কৰিছে নিষ্ঠা কাশ্যপ বিন্দুটো। নিষ্ঠাই মৃত্যু বিচাৰিছে। হাতৰ শিৰা কাটি চৰম সিদ্ধান্ত লোৱাৰ চেষ্টা নিষ্ঠাৰ। এই প্ৰথম বিন্দুটো পৰিচালকে ঠিয় কৰাইছে কেমেৰাৰ ভাষাৰে। কাট কাট-- কেইটা মান শ্বটেৰে। চিনেমেটিক কাৰবাৰত --উত্তেজনা। দৰ্শকক ভাবিবলৈ সময় দিয়া নাই। উত্তেজনাৰ মাজত সোমাবলৈ বাধ্য-- দৰ্শক। আৰু যেতিয়া দৰ্শক উত্তেজনাৰ পৰা মুক্ত হৈছে কাহিনীয়ে আকাৰ লৈ গতি কৰিছে। কাহিনীয়ে দৰ্শকক বন্দী কৰিছে। --ৰূপালী গল্পটো আৰম্ভ হৈছে মুম্বাইত। লো...