স্পৃহা। ইচ্ছা-- মানুহৰ জীৱনৰ চালিকা শক্তিৰ এটা বিন্দু। এই বিন্দুটোৰ পৰা মানৱৰ গতি। বিশুদ্ধ, নিভাজ স্পৃহা-- মানৱৰ (আন দহ জনৰ দৰে!)।জীৱনৰ গতি দ্ৰুত কৰাৰ কথা মনলৈ আহে মনৱৰ। উচ্চাকাঙ্খাৰ জখলা বগায়। ইচ্ছাৰ বিপৰীত বিন্দুত ঠিয় হৈ জীৱনটো "ৰচনা" কৰি লয়। কিন্তু মুক্ত হব নোৱাৰে মনৰ স্পৃহাৰ পৰা। --আমাৰ ধাৰণাত এয়াই "বিচ্যুত-বিলাপ"। নিৰঞ্জন ভূঞাৰ শেহতীয়া নাট্যকৰ্ম। মৌলিক নহয়, মাৰাঠী নাট্যকাৰ হৰ্ষদ চাল্পেৰ হিন্দি নাটক "ভটকে গজল"ৰ
অভিযোজনা। "ভটকে গজল"ৰ বুনিয়াদ মাৰাঠী কবি ডঃ সচ্চিদানন্দ যোশীৰ কবিতা।
নাটক খনৰ ৰচনা শৈলীয়ে আমাক উচ্চমানৰ বুলি কোৱাৰ সুযোগ নিদিলে। বিপৰীত পৰিচালনা শৈলী বা ডিজাইন (director's design) পৰিপাটি, বিশেষকৈ নাটক খনৰ শেষৰ দৃশ্যটো মন-মগজু চুই যোৱা। পৰিচালকক সহায় কৰিছে ৰক্তোৎপল দিকু ভৰদ্বাজৰ সংগীত আৰু ভৰত চুতীয়াৰ পোহৰ প্ৰয়োগে। এই দুটা দিশে ঢাকি ৰখিছে স্পৃহা (মনিষা মজিন্দাৰ বৰুৱা), মানৱ (ধনজিৎ শৰ্মা) চৰিত্ৰ দুটাত কৰা আবেগহীন অভিনয়। এই দুই চৰিত্ৰৰ বিপৰীত বিন্দুত-- ৰচনা (ৰিমা বৰুৱা) চৰিত্ৰটোৰ স্বাভাৱিক সংলাপ প্ৰক্ষেপণ, স্বাভাৱিক অভিনয় (real acting)। স্পন্দনৰ চৰিত্ৰত অনিল হালৈয়ে কৰা অভিনয়ে নাটকৰ গতি নিৰ্মাণত পৰিচালকক সহায় কৰিছে।

মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন