চৰ্চাত যতীন বৰা।
চৰ্চাত যতীন বৰাৰ তৃতীয় পৰিচালনা-- "ৰাঘৱ"।
"চৰ্চা" স্বাভাৱিক।
অস্বাভাৱিক "চৰ্চ কৌশল"।
--হয়, কৌশল।
সন্দেহ নাই, অসমীয়া চিনেমাৰ সৈতে প্ৰত্যক্ষ ভাবে জড়িত একাংশ আছে এই "কৌশল" প্ৰয়োগত। উদ্দেশ্য এটায়ে-- যতীন বৰাৰ "ৰাঘৱ" ব্যৱসায়িক দিশত সফল হব নালাগে।
--কিয় সফল হ'ব নালাগে?
(এটা চেটেলাইট চেনেলে সামাজিক মাধ্যমত হোৱা "চৰ্চা" প্ৰচাৰ কৰিছিল। তাৰ পৰায়ে অনুমান কৰি লৈছোঁ।)
--"কা আন্দোলন"ৰ সময়ত যতীন বৰাইৰ "ৰাইজ'ৰ পক্ষত ঠিয় নিদিলে! (এই যুক্তিয়ে আমাৰ মনলৈ এনে ধৰণৰ ভাৱো আনে, এয়া প্ৰচাৰ কৌশল নহয়তো!)
--"কা আন্দোলন"ৰ পাছত "ৰাইজ"ৰ ৰাজনৈতিক সিদ্ধান্ত কি আছিল, কোনে আন্দোলনটোক কেনেনেদৰে নিয়ন্ত্ৰণ কৰিলে, কোনে কোনে নিজৰ নিজৰ ৰাজনৈতিক বাট মুকলি কৰি ল'লে ইত্যাদি কথা মনত ৰাখি চৰ্চা কৰাৰ ধেৰ বাট আছে, যুক্তি আছে। কিন্তু "অসমীয়া চিনেমা" কেন্দ্ৰীক চৰ্চাৰ সৈতে এইবোৰৰ কোনো সম্পৰ্ক নাই। যেনেদৰে সম্পৰ্ক নাই "ৰাঘৱ" চিনেকৰ্মৰ।
--এই খিনিত স্পষ্ট দিছোঁ, "মিছন চাইনা", "ৰত্নাকৰ", "শ্ৰী ৰঘুপতি" আদি অসমীয়া চিনেমাৰ পৰিচালনা শৈলী আমাৰ পছন্দৰ নহয়। কিন্তু "স্থানীয় বজাৰ" সফল এই চিনেমা কেইখনে যে অসমীয়া ভাষাৰ চিনেমাৰ বজাৰ বহল কৰিছে সন্দেহ নাই। আমাৰ ধাৰণাত "ৰাঘৱ"-এও স্থানীয় বজাৰত ভাল ব্যৱসায় কৰাৰ সম্ভাৱনা আছে। এই যে স্থানীয় বজাৰত ভাল ব্যৱসায় কৰাৰ সম্ভাৱনা আছে এইটোৱে একাংশ 'চিনেকৰ্মী'ৰ বাবে মূৰৰ বিষ। যি সকলে "'ৰাঘৱ' চাব নালাগে" আভিযান আৰম্ভ কৰিছে, সেই সকলৰ মাজত এই 'চিনেকৰ্মী' সকলো আছে। (ক্ৰমশঃ ...স্পষ্ট হ'ব সকলো কথা।)
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন