সরাসরি প্রধান সামগ্রীতে চলে যান

"মানুহক প্ৰথম পৰিচয় মাতৃভাষাৰে দিব লাগে..."

টাবেন টামুক-- মানুহ জনৰ নাম। পাছিঘাটৰ এখন গাওঁ টেবোত ঘৰ মানুহ জনৰ। কিছু দিন পূৰ্বে পাছিঘাটত উন্মোচন হৈছিল আমাৰ সম্পাদনাত প্ৰকাশ পোৱা #Bhupen_Hazarika_vol_lll গ্ৰন্থ খন। অনুষ্ঠানটো পৰিপাটিকৈ আয়োজন কৰাত আগভাগ লৈছিল মাৰ্টিনে। এদিন মাৰ্টিনে লৈ গ'ল তেওঁলোকৰ ঘৰলৈ। নিশা ৮ মান বজাত। নিৰ্জন ঘৰ। মাৰ্টিন আৰু মাক-দেউতাক থাকে। সেই সময়ত মাক আছিল চাংঘৰত, খোৱা-লোৱাত ব্যস্ত! দেউতাক টাবেন টামুক ব্যস্ত, আপঙৰ সোৱাদ লৈ, নিজৰ সৈতে। ("নিজৰ লগতে ব্যস্ত আছোঁ দে, নিজৰ সৈতে কথা পাতি আছোঁ! তয়ো এবাতি লবি নেকি!" --আমি গৈ ওচৰত ঠিয় হোৱাত, মাটিত বহি থকাৰ পৰা উঠিছিল। আৰু কৈছিল টাবেন টামুকে।) 
আমাৰ সৈতে যোৱা হৰিয়ে সুধিছিল টাবেন টামুকক, হিন্দীত-- "ভালে আছে..."। 
টাবেন টামুকে খং কৰিছিল। কৈছিল-- "মানুহক প্ৰথম পৰিচয় মাতৃভাষাৰে দিব লাগে। তই যাৰ সৈতে কথা পাতিছ, সি যদি তোৰ মাতৃভাষা নুবুজে তেতিয়াহে হিন্দী বা ইংৰাজী ক'ব লাগে। তহতে আৰু ইংৰাজী মিডিয়ামহে! হিন্দী কথা কৈ তহতে নিজকে ডাঙৰ মানুহ বুলি ভাৱ! তহতৰ বাবেই অসমীয়া ভাষাটো এদিন হেৰাই থাকিব! যিদিনা হেৰাই থাকিব, সেই দিনা বুজিবি--, মাতৃভাষা হেৰাই থকাৰ দুখ! তেতিয়া আৰু দুখ কৰি লাভ নহব! ..."

মই অসমীয়াতে কথা পাতিছিলোঁ। টাবেন টামুক সন্তুষ্ট হৈছিল। মোক সাৱতি ধৰিছিল। কৈছিল-- "অসমীয়া ভাষাটো ধৰি ৰাখিবি। আমি হেৰুৱালো। অসমীয়া মাধ্যমত পঢ়িছিলোঁ। লাহে লাহে অসমীয়া মাধ্যমৰ স্কুলবোৰ নোহোৱা হ'ল। অৰুণাচলৰ মানুহে ইংৰাজী, হিন্দীত কথা কবলৈ বাধ্য হ'ল। আমাৰ ভাষা অসমীয়া হৈ থাকিলে আমি বেছি উন্নতি কৰিব পাৰিলো হয়। এতিয়া আমাৰ বেছি ভাগ ল'ৰা-ছোৱালীয়ে নিজৰ ভাষা মানে, ইংৰাজী-হিন্দী বুলিয়ে জানে! তই আমাৰ ইয়াৰে ল'ৰা-ছোৱালীৰ লগত অসমীয়াত কথা পাতিবি। সিহতে অসমীয়া বুজে। অসমৰ পৰা অহা মানুহ খিনিয়ে আমাৰ ল'ৰা-ছোৱালীৰ সৈতে অসমীয়াত কথা পাতিলেহে অসমীয়া ভাষাটো ভালদৰে শিকিব!"
 (মাৰ্টিনৰ সৈত আমি ইংৰাজী বা হিন্দীত কথা পতিছিলোঁ। টাবেন টামুক লগ পোৱাৰ পাছৰে পৰা মাৰ্টিনৰ সৈতে অসমীয়াত কথা পাতিছিলোঁ। 
মাৰ্টিনে অসমীয়া বুজে, মাৰ্টিনে আমাক চিনাকী কৰি দিয়া প্ৰতি গৰাকীয়ে অসমীয়া বুজে, অসমীয়া ক'ব পাৰে।)
অসমীয়া ভাষা, গীত, ভূপেন হাজৰিকা ইত্যাদি বিষয়ত কথা পাতি আমি টাবেন টামুকৰ ঘৰৰ পৰা উভতিছিলো। টাবেন টামুকে কৈছিল-- "আৰু আহিবি! মোৰ ঘৰলৈ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, হৃষিকেশ গোস্বামী, কৃষ্ণমণি চুটিয়া আহি থাকে! তয়ো আহি থাকিবি।
(টাবেন টামুক মানুহ জনক মোৰ ভাল লাগিছিল। মনলৈ ভাৱ আহিছিল-- এনে মানুহক শ্ৰদ্ধা জনোৱা উচিৎ! আৰু পাছ দিনা শ্ৰদ্ধা জনাইছিলোঁ মোৰ "Bhupen Hazarika vol lll" -ৰ উন্মোচনী অনুষ্ঠানত।) 

মন্তব্যসমূহ

Other posts

চিনেবোদ্ধা, চিনেযোদ্ধা আৰু অসমীয়া 'চিনেমা নোচোৱা' সীমান্ত শেখৰ /২

উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? ৰাজ্যৰ লগতে দেশ-বিদেশৰ চিনেমাৰ অনুভৱ থকা এই নাম কেইটা উদাহৰণ মাত্ৰ। 'চিনেমা' জনা ( নিৰ্মাণ, বজাৰ, মহোৎসৱ ইত্যাদিৰ দখল থকা) লোকৰ আকাল অসমত আছে বুলি নাভাবো। এই কথা স্পষ্ট 'অসমীয়া চিনেমা'ৰ 'উন্নয়ন'ৰ বাবে অসমীয়া চিনেমাৰ লগতে 'দেশ-বিদেশৰ চিনেমা' জানিব লগিব। অধ্যয়ণ কৰিব লাগিব অধ্যক্ষ গৰাকীয়ে।  ( যদি অধ্যক্ষ গৰাকীৰ কাম কেৱল চহী কৰা, তেতিয়া হ'লে বেলেগ কথা! তেতিয়া আমি জানিব বিছাৰিম-- অধ্যক্ষ গৰাকীয়ে কাৰ নিৰ্দেশত চহী কৰে?) চৰ্চ হৈছে --অধ্যক্ষৰ আসনত বহুওৱা সীমান্ত শেখৰে কোনোবা ইণ্টাৰভিউত হেনো কৈছিল অসমীয়া চিনেমা নাচাওঁ বুলি! যদি এয়া সত্য, স্বাভাবিকতে কব লাগিব --অসমীয়া চিনেমা নোচোৱা অধ্যক্ষ এগৰাকীৰ নেতৃত্বত অসমীয়া চিনেমাৰ উত...

ভূপেন হাজৰিকা, চিনেমা আৰু চিনেমাৰ জাল /৯

Bhupen Hazarika "এৰা বাটৰ সুৰ"-এ চিনে অভিজ্ঞতা দিলে ভূপেন হাজৰিকাক। চিত্ৰৰসিকে ভাল পালে, চিনেমা আলোচকেও প্ৰশংসা কৰিলে-- সেয়াই আছিল প্ৰথম চিনেকৰ্মৰ সুখ। দুখ-- ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ "সুখ" আশা কৰিছিল, নাপালে। নপোৱাৰ বাবে আছৰিত হৈছিল, চিনেমা খনৰ দৰ্শক হোৱা চিনেমা আলোচক সকলো। কলিকতাৰ আলোচক সকলৰ ওচৰত ভৃপেন হাজৰিকাই নিজৰ মনৰ চিনেসুখ প্ৰকাশ কৰিছিল এনেদৰে-- "ছবি ভাল পোৱা সকলে ভাল পাইছে, আপোনালোকে ভাল পাইছে। আপোনালোকৰ ভাল পোৱাই মোৰ সুখ বঢ়াইছে। আৰু ছবি কৰিবলৈ সাহস দিছে। আৰু ছবি কৰিম। 'এৰা বাটৰ সুৰ'ৰ দৰে নহয়, কিছু বেলেগ। 'এৰা বাটৰ সুৰ'-এ শিকালে, যি শিকালে সেই খিনিৰে বেলেগ কৰিম।" (উৎস: চিত্ৰবাণী, সম্পাদক: গৌৰ চট্টোপধ্যায়) প্ৰথম পৰিচালনাৰ প্ৰায় ৪ বছৰ পাছত হাতত ল'লে দ্বিতীয় খন অসমীয়া চিনেমাৰ কাম। ("মোৰ মগজুত খেলালে, মই এখন অসমীয়া ছবি কৰিম। কিন্তু মই কিন্তু নলওঁ। 'এৰাবাটৰ সুৰখন পৰীক্ষামূলক আছিল, কাহিনী নাছিল। গতিশীল সমূহ এটাই বুটলি লোৱা অভিজ্ঞতাখিনিয়েই 'এৰাবাটৰ সুৰ। এইবাৰ মই ক্লাছিক বস্তু, এটা লোৱাৰ কথা ভাবিলোঁ, যিটো গাঁৱ...

গীতটো আৰু এবাৰ শুনাবানে?

assamese singer by: Utpal Mena মহাশ্বেতাই গাইছিল-- "অস্ত আকাশৰে সপোন ৰহণ সানি ক্লান্ত লুইতৰে হেঙুলীয়া পানী। বৈয়ে যায়, বৈয়ে যায়, বৈয়ে যায়..." মঞ্চলৈ উঠি আহিয়ে স্বনামধন্য ভাৰতীয় সৰোদবাদক তথা শাস্ত্রীয় সঙ্গীতজ্ঞ আমজাদ আলী খানে কৈছিল, মহাশ্বেতা গীতটো আৰু এবাৰ শুনাবানে? শুনাইছিল। তন্ময় হৈ শুনিছিল সংগীত নক্ষত্ৰই। ২৪ ছেপ্টেম্বৰ। নতুন দিল্লীৰ শ্ৰীমন্ত শংকৰদেৱ ভৱনত মোৰ ভূপেন হাজৰিকা প্ৰকল্পৰ দ্বিতীয় খণ্ড "Bhupen Hazarika Volume II"  উন্মোচন কৰিছিল সংগীত নক্ষত্ৰ আমজাদ আলী খানে। এই অনুষ্ঠান মুকলি কৰা হৈছিল মহাশ্বেতাই গোৱা "ভূপেন্দ্ৰ সংগীত"টোৰে।  এই যে গীতটো গাইছিল তাৰ আগলৈকে মহাশ্বেতা নামৰ গায়িকা গৰাকীক আমিয়ো জনা নাছিলোঁ। শুনিছিলো মাত্ৰ। ইউটিউবত। কিন্তু ইমান সুন্দৰ সাংগীতিক অনুভৱ কৰা নাছিলোঁ, মঞ্চত "অস্ত আকাশৰে সপোন..." শুনাৰ আগলৈকে। ১৯৫৮ চনতে সুধাকণ্ঠই শব্দ-সুৰেৰে ৰচনা কৰা এই গীতত আকৌ এবাৰ অনুভৱ কৰিছিলোঁ "লুইতৰ অস্ত ৰবিৰ সৌন্দৰ্য", "দুয়ো পাৰে কত মানুহ, কত যে ইতিহাস", "জীৱনৰে দিগন্ত অপাৰ" ইত্যাদি। পাছত মহাশ্বেতাক সুধিছিলোঁ--...

The Seventh String

" The Seventh String by: Utpal Mena "The Seventh String" (দ্যা চেভেন্থ ষ্ট্ৰিং) --নাট্যকৰ্মী বাহাৰুল ইছলামৰ চিনেকৰ্ম। চিনেমা খনৰ লেখক বৰ্ষা বাহাৰ। নাট্যকৰ্মী বাহাৰুল ইছলামৰ তনয়া বৰ্ষা বাহাৰে ইংৰাজিত লিখা এটা চুটি গল্প চিনেমা খনৰ শিপা। --চিনেমা খনত লেখক বৰ্ষা বাহাৰ এটা "চৰিত্ৰ'লৈ ৰূপান্তৰ হৈছে, যিটো "চৰিত্ৰ" (নিষ্ঠা কাশ্যপ) চিনেমা খনৰ মূল বিন্দু, যিটো বিন্দুৰ সৰল ৰৈখিক গতিয়ে আকাৰ দিছে এটা কাহিনীৰ। "বাস্তৱবাদ"ৰ ওচৰৰ কাহিনী, বাস্তৱ অভিনয় (realistic acting) -ৰে নিৰ্মাণ কৰা ৰূপালী গল্পৰ। শীৰ্ষ বিন্দু (climax)-ৰ পৰা গতি কৰিছে নিষ্ঠা কাশ্যপ বিন্দুটো। নিষ্ঠাই মৃত্যু বিচাৰিছে। হাতৰ শিৰা কাটি চৰম সিদ্ধান্ত লোৱাৰ চেষ্টা নিষ্ঠাৰ। এই প্ৰথম বিন্দুটো পৰিচালকে ঠিয় কৰাইছে কেমেৰাৰ ভাষাৰে। কাট কাট-- কেইটা মান শ্বটেৰে। চিনেমেটিক কাৰবাৰত --উত্তেজনা। দৰ্শকক ভাবিবলৈ সময় দিয়া নাই। উত্তেজনাৰ মাজত সোমাবলৈ বাধ্য-- দৰ্শক। আৰু যেতিয়া দৰ্শক উত্তেজনাৰ পৰা মুক্ত হৈছে কাহিনীয়ে আকাৰ লৈ গতি কৰিছে। কাহিনীয়ে দৰ্শকক বন্দী কৰিছে। --ৰূপালী গল্পটো আৰম্ভ হৈছে মুম্বাইত। লো...