আলোচনী খনৰ নাম ৰাখিছিলোঁ-- "চিত্ৰবন"।
মোৰ নাছিল, নামটো দিছিল কবি হীৰেন ভট্টাচাৰ্যই।
"চিত্ৰবন"ৰ প্ৰথম সংখ্যা...
>>>>>>>>>>>>>>>>>>>>>>>
কবি হীৰেন ভট্টাচাৰ্যই চিনেমা-নাটক-সংগীত ইত্যাদি কেন্দ্ৰীক আলোচনী "চিত্ৰবন" সম্পাদনা কৰিছিল, প্ৰকাশ কৰিছিল। প্ৰথম সংখ্যাটো প্ৰকাশ পাইছিল মাৰ্চ ১৯৫৬-ত। --হীৰেন ভট্টাচাৰ্যাৰ সেই "চিত্ৰবন" মন-মগজুত লৈ আমি আগবঢ়িছিলোঁ [আমি মানে, মই আৰূ সঞ্জীৱ শৰ্মা। সঞ্জীৱ শৰ্মাই ২০০১ চনৰ ১১ ছেপ্টেম্বৰত আৰম্ভ কৰিছিল অসমৰ প্ৰথমটো চিনেমাৰ website (অসমীয়া, খাচী, ইংৰাজী ভাষাৰ) rupaliparda.com (বিশেষ দিনটোত মুকলি কৰিছিল সুধাকণ্ঠ ভূপেন হাজৰিকাই)। প্ৰায় এটা বছৰ website -টোৰ সম্পাদকৰ দায়িত্বত আছিলোঁ, সেই সময় চোৱাতে চিনেমা কেন্দ্ৰীক আলোচনী এখন প্ৰকাশৰ কথা কৈছিল সঞ্জীৱ শৰ্মাই।] আমি কিছু আগবাঢ়িছিলোঁ। কিন্তু সম্ভৱ নহ'ল। সম্ভৱ হ'ল ১৫ জানুৱাৰী ২০১৮ -ত (মুখ্য সম্পাদক: উৎপল মেনা, সম্পাদক: তফিক উদ্দিন আহমেদ, প্ৰকাশক: প্ৰতিবিম্ব পাব্লিকেচন)। লকডাউনৰ সময়ত আমাৰ "চিত্ৰবন"ক আৰ্থিক সমস্যাই চুলে; আৰু প্ৰকাশ কৰিব পৰা নগ'ল।
হীৰেণ ভট্টাচাৰ্যৰ সম্পাদনাত প্ৰকাশ পোৱা "চিত্ৰবন"ৰো প্ৰকাশ বন্ধ হৈছিল আৰ্থিক সযস্যাৰ বাবে। --এই খিনিতে আমি উল্লেখ কৰিব পাৰো, "চিত্ৰবন" প্ৰথম খন অসমীয়া ভাষাত প্ৰকাশ পোৱা সাংস্কৃতিক আলোচনী। --পৰৱৰ্তী সময়ত প্ৰকাশ পোৱা চিনেমা কেন্দ্ৰীক, অসমীয়া সাংস্কৃতিক আলোচনীৰ তালিকা খন এনে ধৰণৰ: মনোৰঞ্জন, ৰূপম, আনন্দ সংবাদ, ৰূপকাৰ, অৱকাশ, চিত্ৰবাণী, চিত্ৰ সংবাদ, চিত্ৰদূত, দাপোন আদি। (ক্ৰমশঃ)
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন