"প্ৰদ্যুতৰ চিনেমা" --প্ৰদ্যুৎ কুমাৰ ডেকাৰ পৰিচলনাৰে নিৰ্মিত প্ৰথম খন চিনেমাৰ আলোচনা বা সমালোচনাৰ শিৰোনাম এনেদৰে দিছিলোঁ। দিয়াৰ কাৰণ-- চিনেমা খনৰ পৰিচালনা শৈলী। পৰিচালকে কেমেৰাৰ ভাষা প্ৰয়োগ, গল্প কোৱাৰ (দেখুওৱাৰ) নতুন বাট কাটিছিল। চিনেমা খনৰ নামো গতানুগতিক নাছিল-- "ধুনীয়া তিৰোতাবোৰ" (২০০৯)। পৰৱৰ্তী সময়ত প্ৰদ্যুতৰ আৰু আৰু তিনিখন চিনেমা চাইছোঁ-- "সমীৰণ বৰুৱা আহি আছে" (২০১২), "সূৰ্যাস্ত" (২০১৩), "গল্পৰ শেষ নাই" (তিনিটা গল্পৰ চিনেমা। এটা গল্পৰ পৰিচালক প্ৰদ্যুৎ কুমাৰ ডেকা)। আৰু অলপতে চালোঁ-- "The Government Servant"। পৰিচালক গৰাকীৰ সপ্তম খন চিনেমা। চিনেমা খন চাই থকা সময়ত আমাৰ মনলৈ অহা প্ৰথমটো প্ৰশ্ন-- এই খন প্ৰদ্যুত কুমাৰ ডেকাৰ পৰিচালনা নে? মনলৈ অহা দ্বিতীয়টো প্ৰশ্ন-- এই খন তথ্যচিত্ৰ নেকি? শেষত আনুভৱ: উপন্যাস এখন দৰ্শকক দেখুৱাব-শুনাব খুজিছে পৰিচালকে।
--হয়, জয়ন্ত মাধৱ বৰাৰ "মায়ং-যাদুৰ দেশৰ গোপন গাথা" উপন্যাস খনৰ চিত্ৰৰূপ "The Government Servant"। চিত্ৰনাট্য: জয়ন্ত মাধৱ বৰা আৰু চিনেমা খনৰ পৰিচালক প্ৰদ্যুৎ কুমাৰ ডেকাৰ। এখন অতি দুৰ্বল চিত্ৰনাট্য; আৰু এই দুৰ্বল চিত্ৰনাট্য খনেই চিনেমা খনৰ প্ৰধান দুৰ্বলতা। সংলাপ লেখোতাৰ "চিনেমা জ্ঞান" --শূন্য।
(আৰু আছে)
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন