ASFFDC -ৰ আমন্ত্ৰণত যোৱা ১৬ ছেপ্টেম্বৰত উপস্থিত আছিলোঁ অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত অনুষ্ঠিত "সুমধুৰ আবেলি"। স্থান: তাজ ভিভান্টা। চৰ্চা হৈছিল অসমীয়া চিনেমা আৰু অসমৰ শিল্পীৰ সমস্যা প্ৰসংগ।
চৰ্চাৰ মুল বিষয় আছিল--
1.OTT Platform
2. Promotion of Mobile Digital Film Screening
3. Safety, Security & Welfare of Film Fraternity
4. Infrastructural support
5. Financial support
6. Policy support
7. Summarization by Hon'ble Minister
8. National Anthem
সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰা, শিক্ষামন্ত্ৰী ৰণোজ পেগু আৰু স্বাস্থ্য তথা বিজ্ঞান - প্ৰযুক্তিবিদ্যা বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত। প্ৰথম কথা-- তিনিজনকৈ কেবিনেট মন্ত্ৰীয়ে সময় দিছে। মন দি চিনেকৰ্মী, নাট্যকৰ্মীৰ কথা শুনিছে। আমি এনেদৰে ক'ব পাৰোঁ-- চৰকাৰে কিছু সদিচ্ছা দেখুৱাইছে! আশা কৰিব পৰাকৈ। (আশাৰ মাজতো নিৰাশা-- বিশেষ অনুষ্ঠানটোত "চিনেমা-নাটক" জনা মানুহতকৈ নজনা মানুহৰ সংখ্যা বেছি। দুই-একে "বিষয়"ৰ বাহিৰৰ কথা ক'লে। দুই-একে মাৰাঠী, ইৰানৰ কথা কৈ ভুল তথ্য দিলে। দুই-একে চিনেমাৰ বজাৰ, অসমীয়া চিনেমা চিত্ৰগৃহলৈ অহা প্ৰসংগত অৰ্থহীন কথা ক'লে।) কিন্তু উপস্থিত থকা "চিনেমাৰ মানুহ" ব্যৰ্থ নিৰ্দিষ্ট বাট দেখুৱাত। বিষয় বস্তু ঠিক কৰি দিয়াৰ পাছতো বাৰে বাৰে আঁতৰি কথা কৈছে, সৰহ সংখ্যকে।
আমাৰ ধাৰণাত "মিনি চিত্ৰগৃহ" প্ৰসংগতো গোটেই আলোচনাতে "OTT Platform" -ৰে ঢাকি ৰাখিবলৈ চেষ্টা কৰা হৈছে।
"OTT Platform" হওক। কিন্তু আগতে অসমৰ বিভিন্ন প্ৰান্তত সৰু চিত্ৰগৃহ নিৰ্মাণত গুৰুত্ব দিয়ক। (ক্ৰমশঃ)
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন