২ ছেপ্টেম্বৰ। অভিনেতা, লেখক, পৰিচালক কুলদা কুমাৰ ভট্টাচাৰ্যক সম্বৰ্ধনা জনালে "সূর্য"ই, ৬৯ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা পোৱা বাবে। বঁটা পাইছে হাতী বন্ধু তথ্য চিত্ৰ খনৰ বাবে ধাৰাভাষ্যকাৰ শিতানত। এই সম্বৰ্ধনা অনুষ্ঠানত দুগৰাকী ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰাপ্ত পৰিচালকৰ দুই চিনেকৰ্ম প্ৰদৰ্শন কৰে-- কৃপাল কলিতাৰ তথ্যচিত্ৰ হাতী বন্ধু আৰু দীপ চৌধুৰীৰ পৰিচালনাৰে নিৰ্মিট চুটি চিনেমা কেফে ষ্টৰীটেলাৰ ।
কৃপাল কলিতাক আমি ব্ৰিজ পৰিচালনাৰ বাবে মুকলি মনেৰে প্ৰশংসা কৰিব পৰা নাছিলোঁ। চিনেমেটিক কাৰবাৰে আমাক আকৰ্ষণ কৰিব পৰা নাছিল, বিপৰীতে "হাতী বন্ধু"ৰ চিনেমেটিক কাৰবাৰে (Cinematic techniques), কেমেৰা ডিজাইনে আমাৰ মন-মগজু চুই গ'ল। আলোড়িত কৰি গ'ল। তথ্যচিত্ৰ খনৰ লেখক-সম্পাদকো কৃপাল কলিতা। গতিকে আমি এনেদৰে ক'ব পাৰোঁ-- কৃপালৰ অসাধাৰণ, পৰিপাটি চিনেকৰ্ম "হাতী বন্ধু" (Friends of Elephant.)। সৌন্দৰ্য বঢ়াইছে অমৃত প্ৰীতমে শব্দ সম্পাদনা (ছাউণ্ড ডিজাইন আৰু মিক্সিং)-ৰে। (তথ্যচিত্ৰ খনৰ সকলো দিশ মনত ৰাখি চৰ্চা কৰিম যথা স্থানত।)
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন