বিখ্যাত ঘৰটোৰ ১০০ বছৰ। লতাশিল খেল পথাৰৰ পৰা দেখা বলিউডৰ চিনেমাৰ চেট যেন লগা ঘৰটোৰ ১০০ বছৰ। ১৯২৩ চনৰ আজিৰ দিনটোতে লতাশিল খেল পথাৰৰ পূব দিশত থকা সুদৃশ্য অসম আৰ্হিৰ ঘৰটোৰ দুৱাৰ মুকলি কৰিছিল। নিজে ডিজাইন কৰি ঘৰটো নিৰ্মান কৰোইছিল বাইহাটা চাৰিআলিৰ বিহদিয়া গাঁওৰ অভিযন্তা প্ৰয়াত চন্দ্ৰধৰ বৰুৱাই।
প্ৰায় ১৫বছৰ পাছত আজি আকৌ ঘৰটোৰ ভিতৰলৈ গৈছিলোঁ।
২০০৮ চনৰ কোনো এটা দিনত তৃতীয় বাৰৰ বাবে ঘৰটোৰ ভিতৰলৈ গৈছিলোঁ, "অসমীয়া প্ৰতিদিন" কাকতৰ সেই সময়ৰ সম্পাদক অজিত কুমাৰ ভূঞাৰ নিৰ্দেশত। ("অসমীয়া প্ৰতিদিন"ত কাম কৰাৰ সময়ত সম্পাদক অজিত কুমাৰ ভূঞাই মোক চাৰিটা দায়িত্ব দিছিল-- ১। প্ৰতি শুকুৰবাৰে প্ৰকাশ পোৱা সংগীত-নাটক-চিনেমা কেন্দ্ৰীক পৃষ্ঠাটো সম্পাদনা, ২। প্ৰতি দেওবাৰে প্ৰকাশ পোৱা "সম্ভাৰ" সম্পাদনাত সহায় কৰা, ৩। প্ৰতি ধুধবাৰে প্ৰকাশ পাব পৰাকৈ শিল্পীৰ পৰিয়াল কেন্দ্ৰীক লেখা এটা যুগুত কৰা, ৪। প্ৰয়োজনত প্ৰথম পৃষ্ঠাৰ বাবে প্ৰতিবেদন লিখা।) ঘৰটোৰ "শিল্পী" কেইগৰাকীক জনাৰ বাবে। সেই বিশেষ দিনটোত ৰমেনদাই কৈ গৈছিল, মই "নোট" কৰি গৈছিলোঁ। আৰু নিৰ্দিষ্ট দিনত প্ৰকাশ পাইছিল-- "বৰুৱাৰ সংসাৰ"। মোৰ বাবে ভাল লগা খবৰটো হ'ল, এই একে নামেৰে এখন তথ্যচিত্ৰ পৰিচালনা কৰিছে চিনেমা সমালোচক, চিনেমা পৰিচালক-লেখক উৎপল বৰপূজাৰীয়ে। (স্পষ্ট কৰি দিছোঁ-- মই তথ্যচিত্ৰ খনৰ সৈতে কোনো প্ৰকাৰে জড়িত নহও।
"বৰুৱাৰ সংসাৰ" (The House of Baruas) অহা ২২ নৱেম্বৰ তাৰিখে গোৱাত ৫৪তম আন্ত:ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, ভাৰত-ৰ ইন্ডিয়ান পেনোৰামা শাখাত তথ্যচিত্ৰ খনৰ বিশ্ব প্ৰীমিয়াৰ হ'ব। আজি সেই বিখ্যাত ঘৰটোৰ চৌহদত তথ্যচিত্ৰৰ পোষ্টাৰ, ট্ৰেইলাৰ উন্মোচন কৰে ঘৰটোৰ বাসিন্দা ৰমেন বৰুৱা আৰু দ্বীপেন বৰুৱাই। ৭১ মিনিটৰ এই তথ্যচিত্ৰখনি সাংস্কৃতিক অনুষ্ঠান সূৰ্য্য আৰু জেমিনী ফুকন প্ৰডাকচনৰ বেনাৰত নিৰ্মাণ কৰিছে নয়ন প্ৰসাদ, জেমিনী ফুকন আৰু দিব্যজ্যোতি চহৰীয়াই। মুখ্য সহ পৰিচালক ভাস্কৰজ্যোতি দাস, চিনেমাটোগ্ৰাফ ঋতুৰাজ শিৱমৰ, সম্পাদক কৰিছে ঝুলনকৃষ্ণ মহন্তই, চাউণ্ড ডিজাইনাৰ আৰু মিক্সিং ইঞ্জিনীয়াৰ দেৱজিৎ গায়ন আৰু গৱেষক তথা সহকাৰী পৰিচালক মনস্বিনী মহন্ত।)
কাঠ, ইকৰা, গোবৰ-মাটিৰে সজোৱা এই ঘৰটোৰ বাসিন্দা সকলৰ প্ৰিয় বিষয় আছিল সংগীত, নাটক, চিনেমা। প্ৰতিদিনে স্বাভাৱিকতে ঘৰটোত চৰ্চাৰ বিষয় আছিল "প্ৰিয় বিষয়"। খেলৰো আলোচনা হৈছিল। ঘৰটোৰ বাসিন্দা নিপ বৰুৱাই ফুটবল খেলিছিল। আন এগৰাকী বাসিন্দা দ্বীপেন বৰুৱা ক্ৰিকেটাৰ। ৰঞ্জী ট্ৰফীৰ খেলতো অংশ লৈছিল। (ক্ৰমশঃ)
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন